লাডলাপুৰঃ ধৰ্মীয় পৰিচয় নথকা কৰ্ণাটকৰ এখন বিশেষ গাঁও

Story by  atv | Posted by  Munni Begum • 2 d ago
পাহাৰৰ চূড়াত অৱস্থিত সম্প্ৰীতিৰ প্ৰতীকস্বৰূপ দৰগাহটো
পাহাৰৰ চূড়াত অৱস্থিত সম্প্ৰীতিৰ প্ৰতীকস্বৰূপ দৰগাহটো
 
মনজিৎ কলিতা
 
কথিত আছে, সেই স্থানত অৰ্চনা কৰিলে মনোবাঞ্চা পূৰণ হয়৷ পাহাৰৰ মাজত দণ্ডায়মান অদৃষ্টই জাতি-ধৰ্মৰ বিভাজন নকৰে৷ ঐশ্বৰিক বিধান অনুসৰি দিয়ে আশীৰ্বাদ৷ ভক্তৰ মনৰ ইচ্ছা পূৰণৰ অৰ্থে পাহাৰৰ মাজত সদা বিৰাজমান হৈ থাকে ঈশ্বৰ৷
 
বিশেষ পাহাৰটো আছে কৰ্ণাটকৰ কালাবুৰ্গি জিলাত৷ ৱাডিয়াৰ বংশৰ ৰাজত্বস্থলীত আছে এটা বিশেষ পাহাৰ৷ সেই স্থানতে আছে এখন গাঁও৷ লাডলাপুৰ নামৰ গাঁওখনৰ এটা মূৰত পাহাৰলানিৰ মাজতে থকা উপাসনাস্থলীৰ আছে স্বকীয় বৈশিষ্ট৷ এই আৰাধনাস্থলী কোনো বিশেষ ধৰ্মাৱলম্বীৰ বাবে নহয়৷ প্ৰকৃতিৰ দানস্বৰূপ উপাসনাস্থলী হৈছে সৰ্বধৰ্মীয়৷
 
প্ৰবাদ অনুযায়ী প্ৰাচীন কালত সেই স্থানতে সমাধিস্থ কৰা হৈছিল ছুফী সাধক হাজী ছাৰৱাৰক৷ সন্ত ধৰ্মগুৰুলে কালাবুৰ্গি জিলাৰ পৰাই ভক্তক দিছিল শান্তিৰ দীক্ষা৷ গতিকে ইহলীলা সম্বৰণৰ পিছত পাহাৰৰ শৃংগৰ মাজভাগতে তেওঁক সমাধিস্থ কৰিছিল উপাসকে৷ কিন্তু হাজী ছাৰৱাৰৰ দৰগাহ পিছলৈ কেৱল ইছলাম ধৰ্মাৱলম্বীৰে হৈ নাথাকিল৷ সন্তৰ আদৰ্শ সাৰোগত কৰি ভক্তই বিগত শতিকাতে সকলোৰে বাবে মুকলি কৰি দিলে দৰগাহৰ দ্বাৰ৷
 
হিন্দু-মুছলমান সকলোৱে ইয়াত আগবঢ়াই নৈবেদ্য
 
সেই বিশেষ দিনধৰি আজিপৰ্যন্ত হিন্দু-মুছলমান সকলোৱেই কালাবুৰ্গিৰ পাহাৰীয়া দৰগাহত কৰি আহিছে উপাসনা৷ সৰ্বধৰ্মীয় দৰগাহৰ চৌপাশে সম্প্ৰতি জনবসতি আৰম্ভ হৈছে৷ বিশেষ স্থানৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত্বত আছে নালৱাৰ নামৰ হিন্দুপ্ৰধান গাঁওখন৷ একেদৰে ৯ কিলোমিটাৰ দূৰত অৱস্থিত ৱাদি নামৰ মুছলমানৰ গাঁও৷ কিন্তু সেই এলেকাটোত কোনেও কাহানিও নিবিচাৰে কাৰোৰে ধৰ্মীয় পৰিচয়৷ সকলো মাত্ৰ নিজৰ চিনাকি দিয়ে মানুহ হিচাপে৷ হাজী ছৰৱাৰৰ দৰগাহত নৈবেদ্য অৰ্পণ কৰিবলৈ প্ৰতিদিনে কালাবুৰ্গিত সমৱেত হয় হাজাৰোধিক লোক৷ সেই দৰগাহৰ নিৰ্দিষ্ট স্থানত হিন্দুৱে জ্বলাই চাকি৷ সেইদৰেই মুছলমানেও মম প্ৰজ্জ্বলন কৰি মনোকামনা পূৰ্ণ কৰাৰ প্ৰাৰ্থনা কৰে৷ দাক্ষিণাত্যৰ ৰাজ্যখনৰ দৰগাহটোৱে যুগে যুগে প্ৰচাৰ কৰি আহিছে সম্প্ৰীতিৰ বাণী৷
 
হাজী ছাৰৱাৰৰ দৰগাহত প্ৰাৰ্থনা কৰিবলৈ ভিন্ন প্ৰান্তৰ পৰা সমৱেত লোকসকলক পাৰ্যমানে শুশ্ৰুষা কৰে লাডলাপুৰ গাঁওখনৰ জনতাই৷ তেওঁলোকে ভক্তসকলক ঘৰৰ আলহী হিচাপেই গণ্য কৰে৷ সেয়ে দৰগাহ দৰ্শনৰ সময়ত দূৰণিৰ ভক্তও অসুবিধাৰ সন্মুখীন নহয়৷ প্ৰশাসনৰ সহায় নোলোৱাকৈ স্থানীয় জনতাই দীৰ্ঘদিনে ভক্তৰ ভিৰ নিয়ন্ত্ৰণ কৰি আহিছে৷ তদুপৰি এই দৰগাহত চাদৰ আগবঢ়ালে মনোকামনা পূৰ্ণ হয় বুলিও আছে আছে পুৰণি প্ৰবাদ৷ সেয়ে সমগ্ৰ বছৰজুৰি দৰগাহত অব্যাহত থাকে জনসমাগম৷
 
কিন্তু বছৰৰ বিশেষ সময়ত লোকে-লোকাৰণ্য হৈ পৰে লাডলাপুৰ৷ পাহাৰৰ মাজত উপৱিষ্ট ঈশ্বৰৰ সাধনাৰ বাবে এপ্ৰিলৰ পৰা সৰ্বাধিক ভিৰ হয়৷ সেই সময়ত উছৱমুখৰ হৈ পৰে লাডলাপুৰৰ পৰিৱেশ৷ এপ্ৰিলৰ পৰা মে’ৰ ভিতৰত লাডলাপুৰত অনুষ্ঠিত হয় উৰুছ উৎসৱ৷ কিন্তু পাহাৰৰ মাজত অনুষ্ঠিত উৰুছৰ আনঠাইৰ ধৰ্মীয় উৎসৱৰ সৈতে মিল নাই৷ এই উৰুছ কোনো ইছলামধৰ্মীয় উছৱো নহয়৷ লাডলাপুৰৰ পাহাৰৰ মাজত অনুষ্ঠিত উৎসৱত উপাসনাৰ বাবে সকলো ধৰ্মৰ লোকেই সমানে লাভ কৰে অধিকাৰ৷ দীঘলীয়াকৈ আয়োজিত অনুষ্ঠানৰ সময়তো কিন্তু ভিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষী নিয়োগৰ প্ৰয়োজন নহয়৷
 
স্থানীয় লোকেই উৰুছৰ সময়ত হোৱা ভিৰ বছৰ বছৰজুৰি নিয়ন্ত্ৰণ কৰি আহিছে৷ লাডলাপুৰৰ পাহাৰৰ মাজত আৰাধনাৰ বাবে সমৱেত হিন্দু-মুছলমান-খ্ৰীষ্টান-জৈন-বৌদ্ধ ধৰ্মাৱলম্বীক প্ৰশাসনে কেৱল পিয়াহৰ পানীটুপিৰ যোগান ধৰে৷ আন সকলো ধৰণেৰে অতিথিসেৱা কৰে স্থানীয় জনতাই৷ এই পদ্ধতিয়েই বহুবছৰজুৰি অব্যাহত আছে লাডলাপুৰ গাঁৱত৷ যিহেতু পাহাৰীয়া এলেকাত যাত্ৰাও কষ্টকৰ হয় সেয়ে বয়োবৃদ্ধ দৰ্শনাৰ্থীক সহায় কৰে স্থানীয় ডেকা-গাভৰুৱে৷ বিগত সময়ত ভক্তৰ সমাগম বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত দৰগাহত একাধিক নিৰ্মাণ কাৰ্য সম্পন্ন হৈছে৷ সৰ্বধৰ্মীয় ঈশ্বৰৰ আশিস গ্ৰহণৰ বাবে সমৱেত ভক্তই দিয়া দানেৰে সুন্দৰকৈ সজাই তোলা হৈছে হাজী ছৰৱাৰৰ দৰগাহ৷
 
ছুফী সাধক হাজী ছাৰৱাৰৰ দৰগাহত ভক্তৰ উপাসনা
 
বিগত সময়ত পাহাৰ আৰোহণৰ বাবে কষ্ট পোৱা দূৰণিৰ দৰ্শনাৰ্থীক সহায় কৰিবলৈ এইবাৰো সাজু হৈ আছে স্থানীয় লোক৷ সৰ্বধৰ্মীয় দৰগাহটো পৰিচালনাৰ বাবে গঠিত সমিতিখনতো কেৱল এটা ধৰ্মৰেই লোক নাই৷ লাডলাপুৰৰ উপৰি নালৱাৰ লগতে ৱাদি গাঁৱৰ জনতা গঠিত হৈ দৰগাহ পৰিচালনা সমিতি গঠন কৰিছে৷ তেওঁলোকে নিৰ্বাচন কৰিছে দৰগাহৰ কোষাধ্যক্ষ৷ যি দৰগাহৰ বিত্তীয় দিশ পৰ্যৱেক্ষণ কৰিছে৷
 
স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি উৰুছৰ সময়ত বিদেশী ভক্তও অঞ্চলটোত সমৱেত হয়৷ দেশৰ কেবাখনো ৰাজ্যৰ হিন্দু-মুছলমানে লাডলাপুৰৰ পৰিৱেশ কৰি তোলে আনন্দময়৷ সেই উছৱৰ সময়ত সকলোৱে নিজৰ আৰাধনা পদ্ধতি অনুসৰি ঈশ্বৰক উপাসনা কৰে৷ নিৰ্দিষ্ট স্থানত হিন্দুসকলে কৰে পূজা-পাঠ অথবা নাম-কীৰ্তন৷ একেদৰে মুছলমান জনতায়ো নিজা উপাসনা পদ্ধতিৰে অদৃষ্টক আহ্বান কৰে৷
 
এইদৰেই কালাবুৰ্গি জিলাৰ লাডলাপুৰৰ পৰা শতিকাজুৰি প্ৰবাহিত হৈ আছে সম্প্ৰীতিৰ বতৰা৷ সাম্প্ৰদায়িকতাৰ পৰা বহুযোজন আঁতৰি থকা জনতাৰ মনত মানুহৰ ধৰ্ম বিচাৰ কৰাটোও অন্যায়৷ তেওঁলোকে মাত্ৰ ভাবে- মানুহ অমৃতৰ সন্তান৷ দৈৱিক শক্তিৰে প্ৰভাৱিত গাঁৱখনৰ আদিম অধিবাসীয়েও নকৰে ধৰ্ম বিভাজন৷ দৰগাহৰ পৱিত্ৰতাই অমলিন কৰি ৰাখে স্থানীয় লোকৰ মনবোৰ৷ তেওঁলোকে সদায় কাষতে বিচাৰে ঈশ্বৰৰূপী মানুহক৷
 
(লেখক এজন ব্ল’গাৰ)


শেহতীয়া খবৰ