বিবাহিত মহিলাৰ ভৰণ-পোষণ মৌলিক অধিকাৰ: উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Story by  atv | Posted by  [email protected] • 18 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
চাহাবুদ্দিন আহমেদ

আমাৰ দেশত বিয়াৰ পাছত মহিলাসকলে সাংসাৰিক জীৱনত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। বিয়াৰ পাছত পত্নীৰূপে স্বামীৰ পৰিচৰ্যা, শাহু-শহুৰৰ দায়িত্ব, সন্তান জন্ম দিয়া, সন্তান ডাঙৰ-দীঘল কৰা, ঘৰ চলোৱা আদি কৰি মূল বিষয়সমূহত এক অপৰিহাৰ্য অংগ হৈ পৰে। ভাৰতীয় সংস্কৃতিত মহিলাসকলৰ এনে অৱদানৰ বাবে মহিলাসকলক উচ্চস্থানত আসন দিয়া হয় যদিও সময়ৰ লগে লগে বহুতে ইয়াক পণ্য সামগ্ৰীৰূপে ব্যৱহাৰ কৰিবলৈ লৈছে।
 
এই ক্ষেত্ৰত একাংশ মহিলাইয়ো নাৰীবাদৰ নামত হাত উজান দিয়া পৰিলক্ষিত হৈছে। প্রতিটো ধর্মতে নাৰীক উচ্চস্থান দি আহিছে। নাৰী সমাজৰ অপৰিহাৰ্য ভূমিকা আৰু ত্যাগৰ ওপৰত গুৰুত্ব দিয়া হৈছে প্রতিটো ধর্মতে। অলপতে আমাৰ দেশৰ শীর্ষ বিচাৰপীঠ উচ্চতম ন্যায়ালয়ে মহিলাৰ অধিকাৰ সন্দৰ্ভত গুৰুত্বপূর্ণ ৰায়দান কৰিছে।  
 
মহম্মদ আব্দুল ছামাদ নামৰ লোক এজনে উচ্চতম ন্যায়ালয়ত পাৰিবাৰিক আদালতে দিয়া এক নির্দেশৰ বিৰুদ্ধে আপীল কৰিছিল। ছামাদে যুক্তি দাঙি ধৰিছিল যে, বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাসকলে ১৯৮৬ৰ আইনখনৰ আশ্রয় ল'ব লাগে। যিখন আইনক তেওঁ দাবী কৰিছিল যে, চি আৰ পিচিৰ ১২৫ নম্বৰ ধাৰাতকৈ উক্ত আইনখন অধিক গ্রহণযোগ্য আইন। উচ্চতম ন্যায়ালয়ে তেওঁৰ এই আপীল খাৰিজ কৰি এক ঐতিহাসিক ৰায় প্রদান কৰে। উল্লেখ্য যে আবেদনকাৰী ছামাজেক পাৰিবাৰিক আদালতে নিজৰ বিবাহ বিচ্ছেদ হোৱা পত্নীক মহিলী ২০ হেজাৰকৈ ভাট্টা দিবলৈ নির্দেশ দিছিল। 
 

প্ৰতিনিধিত্বমূলক ফটো
 
ইয়াৰ প্ৰত্যুত্তৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰথনা আৰু ন্যায়ধীশ জর্জ মাছিহক লৈ গঠিত বিচাৰপীঠে প্ৰদান কৰা ৰায়দানে মুছলমান মহিলাসকলৰ সবলীকৰণৰ দিশত এক যুগান্তকাৰী পদক্ষেপে নহয়, আন ধৰ্মৰ মহিলাসকলৰ বাবেও আছিল মাইলৰ খুঁটিস্বৰূপ। এই ৰায়দানত বিচাৰপীঠখনে কয় যে, বিবাহ বিচ্ছেদ হোৱা মহিলাসকলে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ ধাৰা ১২৫ৰ অধীনত জীৱিকাৰ ধন বিচৰাৰ অধিকাৰী। 
 
এই সন্দৰ্ভত ন্যায়াধীশ নাগাৰথনাই কয়, 'আমি ইয়াৰদ্বাৰা এই বৃহৎ সিদ্ধান্ত লৈ অপৰাধমূলক আবেদন খাৰিজ কৰিছো যে, ১২৫ নম্বৰ ধাৰা কেৱল বিবাহিতা মহিলাৰ বাবে নহয়, সকলো মহিলাৰ বাবে প্রযোজ্য হ'ব।' এইক্ষেত্রত এই ৰায়দানৰ দ্বাৰা ৰক্ষণাবেক্ষণৰ অধিকাৰ ধৰ্মীয় বিষয়ৰ সীমাবদ্ধতাক অতিক্রম কৰি সকলো বিবাহিতা মহিলাৰ বাবে লিংগ সমতা আৰু আৰ্থিক সুৰক্ষাৰ নীতিক শক্তিশালী কৰা বুলি বিবেচিত হৈছে। শীর্ষ আদালতৰ ন্যায়াধীশদ্বয়ে গৃহিণীসকলে কৰা অপৰিহাৰ্য ভূমিকা আৰু ত্যাগৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতীয় পুৰুষসকলক তেওঁলোকৰ পত্নীৰ ওপৰত আবেগিক আৰু আর্থিক নির্ভৰশীলতাক চিনি পাবলৈ আহ্বান জনায়। 

শীর্ষ আদালতৰ বিচাৰপীঠখনে কয়, 'কিছুমান স্বামীয়ে এই কথাত সচেতন নহয় যে, এগৰাকী গৃহিণী পত্নী আবেগিক আৰু অন্যান্য দিশত তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল। ভাৰতীয় পুৰুষে পৰিয়ালৰ বাবে গৃহিণীসকলে কৰা অপৰিহাৰ্য ভূমিকা আৰু ত্যাগক চিনি পোৱাৰ সময় আহি পৰিছে।' এই ৰায়দানে এক শক্তিশালী বার্তা প্ৰেৰণৰ লগতে এইটো স্পষ্ট কৰি দিছে যে, ভৰণ-পোষণ দান-বৰঙণিৰ বিষয় নহয়, বৰঞ্চ সকলো বিবাহিত মহিলাৰ মৌলিক অধিকাৰ। ই বিবাহ বিচ্ছেদ হোৱা মহিলাসকলৰ বাবে আর্থিক স্থিতিশীলতা নিশ্চিত কৰে, তেওঁলোকক প্রাপ্য মর্যাদা আৰু সম্মান-প্রদান কৰে। তদুপৰি ইয়াৰ দ্বাৰা লিংগ নিৰপেক্ষ চি আৰ পিচিৰ অধীনত ব্যক্তিগত আইনসমূহে এগৰাকী মহিলাৰ সকাহৰ অধিকাৰক ক্ষতিগ্রস্ত কৰিব নোৱাৰে। 
 
ভাৰতৰ উচ্চতম ন্যায়ালয়
 
এই ঐতিহাসিক ৰায়যোগে উচ্চতম ন্যায়ালয়ে এগৰাকী মহিলাৰ ভৰণ-পোষণৰ অধিকাৰ চি আৰ পিচি সন্নিবিষ্ট কৰি স্পষ্ট কৰি দিছে যে, এই ৰায়ে ব্যক্তিগত আইনক অতিক্রম কৰে বা ব্যক্তিগত আইনক নস্যাৎ কৰে। সেয়ে এই সিদ্ধান্তৰ একতা বজাই ৰাখিবলৈ ধৰ্মগুৰু আৰু ধর্মীয় জনগোষ্ঠীৰ নেতাসকলে ব্যক্তিগত আইনৰ দোহাই দি ইয়াৰ তাৎপর্য লঘু কৰাৰ পৰা বিৰত থকাটো উচিত।
 
এই ক্ষেত্রত মুছলমান মহিলাসকলেও ন্যায় আৰু সমতাৰ দিশত এক পদক্ষেপ হিচাপে উদ্যাপন কৰা উচিত, যাতে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হয় আৰু তেওঁলোকৰ কণ্ঠ স্পষ্টৰূপত প্রতিফলিত হয়। মূলতঃ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান মুছলমান মহিলাসকলৰ বাবে আশাৰ ৰেখা।
 
তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ প্রয়োজনীয় আইনী সহায়ৰ দ্বাৰা নিজকে শক্তিশালী কৰিব পাৰে। ই এক প্রগতিশীল পদক্ষেপ, যিয়ে লিংগ সমতা আৰু ন্যায়ক প্ৰসাৰিত কৰে, যিয়ে ধর্ম নির্বিশেষে সকলো মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে জাতিটোৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিব পাৰে।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে সদায় মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত ঐতিহাসিক ৰায়দান কৰি আহিছে। বিশেষকৈ বিবাহ বিচ্ছেদিত মহিলাসকলৰ ক্ষেত্রত। এই ক্ষেত্রত ঐতিহাসিক শ্বাহবানু গোচৰৰ উল্লেখ কৰিব পাৰি। ১৯৮৫ৰ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান আছিল ভাৰতীয় উপ-মহাদেশৰ বাবে এক ঐতিহাসিক নির্দেশনা।
 
একাংশ মুছলমান মহিলা (প্ৰতিনিধিত্বমূলক ফটো)
 
উল্লেখ্য যে, ১৯৮৫ৰ উক্ত ৰায়দানত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছিল যে চি আৰ পিচিৰ ১২৫ নম্বৰ ধাৰা সকলোৰে বাবে প্রযোজ্য, ধর্ম নির্বিশেষে কিন্তু পৰৱৰ্তী সময়ত এই প্রগতিশীল ৰায়দান মুছলিম মহিলা (বিবাহ বিচ্ছেদৰ ওপৰত অধিকাৰ সুৰক্ষা) আইন, ১৯৮৬ৰ দ্বাৰা লঘু কৰি পেলোৱা হৈছিল, য'ত কোৱা হৈছিল যে, এগৰাকী মুছলমান মহিলাই বিবাহ বিচ্ছেদৰ ৯০ দিন পাছতহে 'ঈদ্দাত'ৰ সময়ছোৱাতহে ভৰণ-পোষণ বিচাৰিব পাৰে। 

২০০১ চনত উচ্চতম ন্যায়ালয়ে ১৯৮৬ৰ আইনখনৰ সাংবিধানিক বৈধতাক সমর্থন কৰিছিল যদিও স্পষ্ট কৰি দিছিল যে, এজন পুৰুষৰ বিবাহ বিচ্ছেদ হোৱা পত্নীক ভৰণ-পোষণ দিয়াৰ বাধ্যবাধকতা তেতিয়ালৈকে বিস্তৃত হৈ থাকে, যেতিয়ালৈকে মহিলাগৰাকীয়ে পুনৰ বিবাহত নবহে বা নিজকে পোহপাল দিব নোৱাৰে। ফলত উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান বিবাহ বিচ্ছেদ হোৱা মহিলাৰ ধৰ্ম নির্বিশেষে চিআৰপিচিৰ অধীনত জীৱিকা বিচৰাৰ অধিকাৰ আৰু এই অধিকাৰক সুদৃঢ় কৰি তোলা।