ভাৰতীয় সেনা বাহিনীত অগ্নিবীৰ হিচাপে যোগদান বহু মুছলমান যুৱকৰ

Story by  atv | Posted by  Munni Begum • 3 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আছফাক কায়মখানী / জয়পুৰ
 
কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ছেপ্তেম্বৰৰ পৰা ভাৰতীয় সামৰিক বাহিনীত দেশৰ যুৱকসকলক মাত্ৰ ৪ বছৰৰ বাবে নিযুক্তি দিয়াৰ নতুন পদক্ষেপ অগ্নিপথ আঁচনি মুকলি কৰিছিল। ইয়াৰ অধীনত অগ্নিবীৰসকলক মাত্ৰ চাৰি বছৰৰ বাবে বাছনি কৰাক লৈ দেশৰ চৌদিশে আৰম্ভ হোৱা সমালোচনা আৰু বিতৰ্ক এতিয়াও অব্যাহত আছে। 
 
এনে সময়তো কিন্তু ৰাজস্থানৰ শ্বেখাৱতী অঞ্চলৰ কায়মখানী মুছলমান সম্প্ৰদায়ৰ যুৱকসকলৰ বাবে ভাৰতীয় সামৰিক বাহিনীত যোগদান কৰাটো কেৰিয়াৰৰ প্ৰথম পছন্দ হৈয়েই আছে। ইয়াৰে ভালেসংখ্যক যুৱকে শেহতীয়াকৈ অগ্নিপথ আঁচনিৰ জৰিয়তে ভাৰতীয় সেনাবাহিনীত অন্তৰ্ভুক্ত হৈছে।
 
ৰাজস্থানৰ শ্বেখাৱতী অঞ্চল আৰু আন কিছু অঞ্চলত বসতি স্থাপন কৰা মুছলমান কায়মখানী সম্প্ৰদায়টোৱে শিক্ষা, সমাজসেৱা আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সদায় স্বীকৃতি লাভ কৰি আহিছে। তেওঁলোকৰ আটাইতকৈ ডাঙৰ পৰিচয় হৈছে ভাৰতীয় সেনাবাহিনীত সম্প্ৰদায়টোৰ সক্ৰিয় অংশগ্ৰহণ, য’ত তেওঁলোকৰ বীৰত্ব আৰু সাহসৰ বহু কাহিনী শুনা যায়। এই সম্প্ৰদায়ে কেৱল কৃষিৰ ক্ষেত্ৰত অৰিহণা যোগোৱাই নহয়, আৰক্ষী আৰু সেনাৰ দৰে সেৱাতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁলোকৰ সম্প্ৰদায়ৰ বহু সদস্য ভাৰতীয় সেনাবাহিনীৰ উচ্চ পদবীত অধিষ্ঠিত হৈ আছে আৰু বহু ধৰণৰ সেনাৰ পদকো লাভ কৰিছে।
 
ভাৰতীয় সেনাবাহিনীলৈ অগ্নিবীৰ হিচাপে স্থান লাভ কৰা কায়মখানী সম্প্ৰদায়ৰ কেইগৰাকীমান যুৱক
 
শেহতীয়াকৈ ভাৰতীয় সেনাই ঘোষণা কৰা চূড়ান্ত বাছনি পৰীক্ষাৰ ফলাফলত শ্বেখাৱতী অঞ্চলৰ প্ৰায় এক ডজন যুৱকৰ নাম প্ৰকাশ পাইছে। তেওঁলোকক ভাৰতীয় সেনাৰ অগ্নিবীৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। এই যুৱকসকলৰ ভিতৰত আছে শ্বেখাৱতীৰ ঝুনঝুনু, চুৰু আদি অঞ্চলৰ বহু খ্যাতিসম্পন্ন পৰিয়ালৰ ল’ৰা। এই যুৱকসকলে কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰ জৰিয়তে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। 
 
ভাৰতীয় সেনাবাহিনীত অগ্নিবীৰ হিচাপে নিৰ্বাচিত হোৱা কেইজনমান যুৱক হ’লঃ সমীৰ খান ভাৰু (ঝুনঝুনু), ছেহবাজ খান ভাৰু (ঝুনঝুনু), ইনজামাম খান ভাৰু (ঝুনঝুনু); ইৰফান খান ঝৰিয়া (চুৰু), ছেহবাজ খান নয়া বাছ (চুৰু), আৰিফ খানৰ পুত্ৰ সাজিদ খান (ছাহজুছাৰ, চুৰু); ৰিজৱান/তয়াব খান টাই (ঝুনঝুনু), অয়্যান খান (ঝুনঝুনু), ইৰফান খান (ঝুনঝুনু), আহমেদ আলী খানৰ পুত্ৰ মাহফুজ খান (ছাহজুছাৰ, চুৰু), মনু খান (চুৰু); জাহীৰ খান, আৱেশ খান, সোয়াল খান (গংগিয়াসৰ, ঝুনঝুনু) ; ইমৰাণ খান, সাজিদ খান, নিজাম খান (বজৰংগসৰ, দিদৱানা) সোহিল খান, আৰবাজ খানৰ পুত্ৰ ইশাক খান হাবিলদাৰ (দৌদসৰ, দিদৱানা), সমীৰ খান (ছোটি বেৰী, দিদৱানা), ইৰফান খান (পিটিছাৰ, চুৰু) শ্বহীদ খান (চেইনপুৰা), আদিল খান (নুৱা, ঝুনঝুনু) আছিফ খান, লাকী খান, শ্বাকীল খান, নাছিৰ খান (ঝুনঝুনু, নগৌৰ, চুৰু) ফৰদিন খান, সমীৰ খান, চাহিল খান (ভদ্ৰা), মইন খান (চুৰু) আদি।
 
তেওঁলোকৰ বাহিৰেও আন বহু যুৱকে সেনাবাহিনীত ইতিমধ্যে যোগদান কৰিছে আৰু তেওঁলোকৰ বীৰত্ব আৰু নিষ্ঠাই প্ৰমাণ কৰে যে কায়মখানী জনগোষ্ঠীয়ে দেশ সেৱাক সদায় অগ্ৰাধিকাৰ দি আহিছে। কায়মখানী সম্প্ৰদায়ৰ ইতিহাস অতি পুৰণি আৰু গৌৰৱময়। সম্প্ৰদায়ৰ লোকসকল দেশৰ স্বাধীনতা সংগ্ৰামত দেখুওৱা বীৰত্বৰ বাবে বিশেষভাৱে জনাজাত। এই জোৱানসকলে কেৱল দেশৰ সীমা ৰক্ষা কৰাই নহয়, স্বাধীনতা সংগ্ৰামতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ৰাজস্থানৰ শ্বেখাৱতী অঞ্চলৰ প্ৰতিখৰ পৰিয়ালতে বীৰ সেনাৰ কাহিনী সংলগ্ন হৈ আছে আৰু এই পৰম্পৰা এতিয়াও জীয়াই আছে। কায়মখানী সম্প্ৰদায়ত জন্ম লোৱা প্ৰতিজন যুৱকৰ দেশৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আৰু প্ৰেম আছে।
 
ভাৰতীয় সেনাবাহিনীলৈ অগ্নিবীৰ হিচাপে স্থান লাভ কৰা কায়মখানী সম্প্ৰদায়ৰ কেইগৰাকীমান যুৱক
 
তেওঁলোকে এই অনুভৱ তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ পৰাই পায়, য’ত দেশ সেৱাৰ মনোভাৱ আৰু সাহসৰ মনোভাৱ তেওঁলোকৰ ভিতৰত সৰুৰে পৰাই সোমাই থাকে। প্ৰতিটো ঘৰতে বীৰত্বৰ কাহিনী কোৱা হয়, যিয়ে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে।দেশলৈ আগবঢ়োৱা এই অৱদানৰ বাবে কায়মখানী সম্প্ৰদায় সদায় সন্মানিত হৈ থাকিব। কেৱল দেশৰ সীমান্ততে নহয়, যিকোনো যুদ্ধতো নিজৰ কৰ্তব্য পালন কৰিবলৈ সাজু কায়মখানী সম্প্ৰদায়ৰ যুৱকসকল। স্বাধীনতাৰ পিছৰে পৰা বহু যুদ্ধ আৰু সংঘাতত তেওঁলোকৰ অতুলনীয় ভূমিকা আছে। কায়মখানী জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে ভাৰতীয় সেনাবাহিনীত নিষ্ঠা আৰু ত্যাগেৰে সুনাম কঢ়িয়াইছে আৰু দেশৰ সেৱাত তেওঁলোক সদায় আগৰণুৱা হৈ আহিছে।
 
তেওঁলোকৰ সাহস, বীৰত্ব আৰু নিষ্ঠা আগন্তুক প্ৰজন্মৰ বাবে এক প্ৰেৰণা। যিসময়ত আজিৰ যুৱক-যুৱতীসকলে সহজ ধন আৰু আৰামদায়ক কেৰিয়াৰৰ প্ৰতি আকৃষ্ট হৈছে, সেই সময়তে কায়মখানী সম্প্ৰদায়ৰ যুৱচামে নিজৰ পুৰণি পৰম্পৰা ৰক্ষা কৰি ভাৰতীয় সেনালৈ অৱদান আগবঢ়াইছে, দেশ ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ই কেৱল সমাজৰ বাবে গৌৰৱৰ বিষয় নহয়, দেশৰ নিৰাপত্তা আৰু শক্তিৰ দিশতো অত্যন্ত গুৰুত্বপূৰ্ণ।