অসমত ১৭ হাজাৰ বিঘা ৱাকফ ভূমিক লৈ ব্যাপক দুৰ্নীতি: অধিবক্তা নেকিবুৰ জামান

Story by  Ariful Islam | Posted by  Munni Begum • 13 d ago
অসম ৱাকফ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ তথা জেষ্ঠ অধিবক্তা নেকিবুৰ জামান
অসম ৱাকফ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ তথা জেষ্ঠ অধিবক্তা নেকিবুৰ জামান
 
আৰিফুল ইছলাম / গুৱাহাটী
 
যিসময়ত ৱাকফ ব'ৰ্ড সংশোধনী বিধেয়ক ২০২৪ ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক বিৰোধীয়ে তীব্ৰ সমালোচনাৰে থকা সৰকা কৰিছে, সেই একেই সময়তে অসম ৱাকফ ব'ৰ্ডত এক শোচনীয় অৱস্থাই বিৰাজ কৰিছে। অসমৰ বৃহৎ ৱাকফ সম্পত্তিৰ উচিত ব্যৱহাৰ হোৱা নাই বুলি বিভিন্ন সময়ত বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছে।
 
ৱাকফৰ সম্পত্তি হ’ল মূলতঃ মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় বা দাতব্য কামত উচৰ্গা কৰা সম্পত্তি। সময়ৰ লগে লগে এই সম্পত্তিসমূহৰ অপব্যৱহাৰক লৈ উদ্বেগ সৃষ্টি হৈছে। বিৰোধীৰ তীব্ৰ সমালোচনাৰ পিছতো ৱাকফ ব'ৰ্ডৰ সম্পত্তিসমূহ স্বচ্ছ আৰু দক্ষতাৰে চম্ভালিবৰ বাবে এই সংশোধনীৰ প্ৰয়োজনবোধ কৰা হৈছে  বুলি  চৰকাৰী কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
 
অসম ৱাকফ ব'ৰ্ড
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত অসমৰ ৱাকফ ব'ৰ্ডৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে সোধাত এই ব'ৰ্ডৰে প্ৰাক্তন অধ্যক্ষ নেকিবুৰ জামানে কয়;  "ৱাকফক দুটা ভাগত বিভক্ত কৰা হৈছে। ইয়াৰে প্ৰথম ভাগটো হৈছে ৱাকফ-ই আউলাদ আৰু দ্বিতীয়  ভাগটো হৈছে ৱাকফ-ই ফিটাহ বিলিল্লাহ। ৱাকফ-ই আউলাদ হৈছে ৱাকাফ সম্পত্তিৰ গৰাকীৰ পৰিয়ালৰ সৈতে ৱাকফ ব'ৰ্ডক জড়িত কৰি ৰাখে আৰু ৱাকফৰ সম্পত্তিৰ পৰা তেওঁলোকে যি ৰাজহ  উপাৰ্জন কৰে, তাৰ পৰা ৭% ৱাকফ ব'ৰ্ডে লাভ কৰে। একেদৰে ৱাকফ-ই ফিটাহ বিলিল্লাহৰ অৰ্থ হৈছে  ৱাকাফ সম্পত্তিৰ গৰাকীয়ে গোটেই সম্পত্তি ৱাকফ ব'ৰ্ডক দি যায়। সেই সম্পত্তিত ৱাকফ ব'ৰ্ডৰ অজ্ঞাতে গৰাকীয়ে কোনো ধৰনৰ ধ্বংস তথা পুনৰ্গঠনৰ কাম কৰিব নোৱাৰে। এতিয়া কথাটো হ'ল অসমৰ যিখন ৱাকফ ব'ৰ্ড আছে, ইয়াৰ বিষয়ে মানুহ ইমানো জ্ঞাত নহয়। ৱাকফ ব'ৰ্ডৰ মূল কাম হৈছে, পিছপৰি থকা মানুহৰ উন্নয়নৰ কাৰণে আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, মহাবিদ্যালয়, মছজিদ, মাদ্ৰাছাক সহায় কৰা।" 
 
জেষ্ঠ অধিবক্তা জামানে কয় যে অসমত প্ৰায় ১৭ হাজাৰ বিঘা ৱাকাফ ভূমি আছে।  বৰাক ভেলীৰ চাহ বাগিছাও এই ভূমিৰ অন্তৰ্গত হৈ আছে। শিলচৰ, গুৱাহাটীৰ ফাঁচী বজাৰ, লাখটকীয়া, পানবজাৰ আদি সকলো ঠাইতে ৱাকফৰ পৰা  যি  ৰাজহ আহিব লাগিছিল, সেয়া অহা নাই। কিয়নো ৰাজহৰ ক্ষেত্ৰত অবাধ দূৰ্নীতি চলি আছে। ২০১৭ চনত মই দুবছৰৰ বাবে ৱাকাফ ব'ৰ্ডৰ অধ্যক্ষৰ দ্বায়িত্ব  গ্ৰহণ কৰিছিলো। তেতিয়া মই বহুবাৰ এই দূৰ্নীতিৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে উল্লেখ কৰিছিলো। কিন্তু এই দূৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত কোনো ধৰনৰ বিহিত ব্যৱস্থা গ্ৰহন কৰা দেখা নগ'ল। এতিয়া ২০২৪ চন পাৰ হবলৈ হ'ল কিন্তু এতিয়ালৈকে ব'ৰ্ডখনে গঠন কৰিব পৰা নাই। ইয়াৰ কাৰণটো কি নাজানো?  
 
"ৱাকাফ ব'ৰ্ডৰ বহু বিষয়া তথা এক বিশেষ চক্ৰই লুট-পাট চলাৰ ওপৰিও অবৈধভাৱে নিযুক্তিও দিয়া হৈ আহিছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ কোনো ভূমিকা গ্ৰহণ কৰা দেখা নাই।  ২০১৩ চনত এই আইনখন ৰূপায়ন কৰা হৈছিল আৰু ২০১৪ চনৰ ভিতৰত কাৰ্যকৰী হব লাগিছিল। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কাৰ্যকৰী হল যদিও অসমত আজি পৰ্যন্ত হৈ নুঠিল। যিটো হব লাগিছিল, কিয়নো এই আইনখনত এনে কিছুমান কঠোৰ নিৰ্দেশনা আছিল য'ত ৱাকফ ব'ৰ্ডে নিজস্বভাৱে কাম নোৱাৰে। মইয়ো জানো নিয়ম নবহুৱাকৈ কোনো আইন কাৰ্যকৰী কৰিব নোৱাৰে, সেয়েহে মই নিজে চৰকাৰৰ সৈতে  আলোচনা কৰি নিয়ম  দদাখিল কৰিছিলো। কিন্তু একো লাভ নহ'ল",  জেষ্ঠ অধিবক্তা জামানে কয়।
 
মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে দৰগাহৰ প্ৰতিনিধি দল
 
জেষ্ঠ অধিবক্তা জামানে কয়, "অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈয়ে কংগ্ৰেছৰ দিনত অসম বিধানসভাত তদন্তৰ বাবে এখন হাউচ কমিটি গঠন কৰিছিল । হাউচ কমিটিয়ে ৰাজ্যৰ বিভিন্ন ঠাইলৈ গৈ নথি পত্ৰসমূহ পুনৰীক্ষণ কৰিছিল আৰু পিছত বিধানসভাত এখন ৰিপোৰ্ট দাখিল কৰিছিল। কিন্তু অতি পৰিতাপৰ কথা যে আজিলৈ এই ৰিপোৰ্ট ওলাই নাহিল। যাৰ পৰিনতিতে  সম্প্ৰতিও ৱাকফ ব'ৰ্ডৰ নামত লাখ লাখ টকা লুণ্ঠন চলি আছে, ফাঁচী বজাৰৰ বহু সম্পত্তি লীজত দিছে। এই গোটেই প্ৰক্ৰিয়াটো এক বিশেষ শক্তিয়ে সহায় কৰি আহিছে। চৰকাৰৰ হেমাহী আৰু নিৰ্লিপ্ততাৰ বাবে বৰ্তমান ৱাকফ ব'ৰ্ডে কাম কৰিব পৰা নাই।"
 
কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষত ৱাকফ সম্পত্তিত চলা অনিয়মৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰো দৃষ্টিগোচৰ হৈছে। ভাৰতত ৱাকফৰ সম্পত্তিৰ পৰিচালনা আৰু শাসন ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ৱাকফ সংশোধনী বিধেয়ক ২০২৪ ৰ কথা চিন্তা-চৰ্চা কৰা হৈছিল। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বিৰোধীৰ তীব্ৰ আপত্তি আৰু হুলস্থুলৰ মাজতে ৮ আগষ্টত লোকসভাত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰিছিল। আনহাতে, বিৰোধীয়ে এই বিধেয়কখন অসাংবিধানিক আৰু মুছলমানৰ ধৰ্মীয় স্বাধীনতাত হস্তক্ষেপ কৰা বুলি আপত্তিও কৰিছিল। দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত নৰেন্দ্ৰ মোদী চৰকাৰে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ সহমতৰ বাবে প্ৰেৰণ কৰিছিল।
 
এই সংশোধনীৰ এটা উল্লেখযোগ্য উদ্দেশ্য হৈছে ৱাকফৰ সম্পত্তিৰ অবৈধ দখল আৰু বেদখল ৰোধ কৰা। এই সম্পত্তিসমূহৰ বহুখিনি অবৈধভাৱে গ্ৰহণ কৰা হৈছে, যাৰ ফলত উদ্দেশ্যপ্ৰণোদিত হিতাধিকাৰীসকলৰ লোকচান হৈছে। এই সংশোধনীৰ লক্ষ্য হৈছে কৰ্তৃপক্ষক এনে সম্পত্তি পুনৰ উদ্ধাৰ কৰিবলৈ ক্ষমতা প্ৰদান কৰা আৰু ইয়াক ইয়াৰ মূল উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰাটো নিশ্চিত কৰা।
 
দিল্লী ৱাকফ ব'ৰ্ড
 
ৱাকফ ব’ৰ্ড সংশোধনী আইন ২০২৪ সন্দৰ্ভত মুছলমান সম্প্ৰদায়ৰ সৈতে কথা পাতিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে এটা বিশেষ দল গঠন কৰিছে। সম্প্ৰদায়ৰ মতামত আৰু পৰামৰ্শ সংগ্ৰহৰ লক্ষ্য। সাতজন সদস্যৰে গঠিত এই দলটোৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু বিধেয়কখন পুনৰীক্ষণ কৰি থকা এখন সংসদীয় সমিতিৰ নেতাক প্ৰতিবেদন দিব।
 
এই দলৰ সদস্যসকলৰ ভিতৰত আছে, ছাদাব ছামছ (উত্তৰাখণ্ড ৱাকফ ব'ৰ্ডৰ অধ্যক্ষ), সনাৱাৰ পেটেল (মধ্যাপ্ৰদেশ ৱাকফ ব'ৰ্ডৰ অধ্যক্ষ), চৌধুৰী জাকিৰ হুছেইন (হাৰিয়ানা ৱাকফ ব'ৰ্ডৰ প্ৰশাসক), মহছিন লোকাণ্ডৱালা (গুজৰাট ৱাকফ ব'ৰ্ডৰ অধ্যক্ষ), মৌলানা হাবিব হাইদৰ (বিজেপি সংখ্যালঘু মঞ্চৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য), নাছিৰ হুছেইন (বিজেপি সংখ্যালঘু মঞ্চৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য), ৰাজবালি (হিমাচল প্ৰদেশ ৱাকফ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ)।
 
২০২৪ চনৰ ৩১ আগষ্টত গঠন কৰা এই দলটোৱে বিভিন্ন ৰাজ্যলৈ গৈ মুছলমান ধৰ্মগুৰুসকলৰ সৈতে সাক্ষাৎ কৰিব, তেওঁলোকৰ উদ্বেগ বুজিব আৰু বিধেয়কখনৰ বিষয়ে তেওঁলোকৰ পৰামৰ্শ সংগ্ৰহ কৰিব। এই সংশোধনী কিয় গুৰুত্বপূৰ্ণ আৰু ইয়াৰ দ্বাৰা সমাজখন কেনেদৰে উপকৃত হ’ব পাৰে সেই বিষয়েও দলটোৱে বুজাব।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ৱাকফ ব’ৰ্ড সংশোধনী বিধেয়কৰ কিছু বিৰোধিতা কৰা হৈছে। অৱশ্যে বিজেপি সংখ্যালঘু ফ্ৰণ্টৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকীয়ে উল্লেখ কৰে যে, বহু মুছলমান নেতাৰ লগত পৰামৰ্শ লোৱা হৈছে আৰু তেওঁলোকৰ এই বিধেয়কখনৰ কোনো সমস্যা নাই। তেওঁ লগতে কয় যে, বিজেপিয়ে ৱাকফৰ সম্পত্তি আৰু দৰিদ্ৰ মুছলমানৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছে। লগতে বিৰোধী দলসমূহে বিষয়টোক ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
 
বিধেয়কখন পৰ্যালোচনা কৰি থকা যুটীয়া সংসদীয় সমিতিয়ে জনসাধাৰণ, বেচৰকাৰী সংস্থা, বিশেষজ্ঞ আৰু অন্যান্য অংশীদাৰসকলৰ পৰাও মতামতৰ আশা কৰা হৈছে। বিজ্ঞাপনৰ ১৫ দিনৰ ভিতৰত মেইল বা ই-মেইলযোগে পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব।
 
ইতিমধ্যে যুটীয়া সংসদীয় কমিটিয়ে বিধেয়কখনৰ ওপৰত আলোচনা কৰাৰ লগতে বিভিন্ন গোটৰ মতামত সংগ্ৰহৰ বাবে বৈঠক আৰম্ভ কৰিছে। পৰৱৰ্তী বৈঠকসমূহ ৫ আৰু ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব, য’ত বিভিন্ন চৰকাৰী মন্ত্ৰালয় আৰু সংগঠনে নিজৰ মতামত ভাগ-বতৰা কৰিব।