মন্দিৰ-মছজিদৰ বিবাদ আলোচনাৰ জৰিয়তে নিষ্পত্তি কৰাৰ প্ৰস্তাৱ মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ

Story by  atv | Posted by  [email protected] • 2 d ago
ভাৰতীয় মুছলমানৰ এক প্ৰতিনিধিত্বমূলক ফটো
ভাৰতীয় মুছলমানৰ এক প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

সাম্প্ৰদায়িক সম্প্ৰীতি আৰু প্ৰগতিৰ স্বাৰ্থত ধৰ্মীয় স্থানৰ মালিকীস্বত্বক লৈ হোৱা বিবাদত হিন্দু আৰু মুছলমানৰ মাজত আদালতৰ বাহিৰত নিষ্পত্তিৰ পোষকতা কৰিছে মুছলিম ৰাষ্ট্ৰীয় মঞ্চ (এম আৰ এম)ই। সংবাদ মাধ্যমৰ বাবে প্ৰকাশ কৰা এক বিবৃতিত এম আৰ এম-এ কয় যে “আদালতত পক্ষসমূহৰ মাজত য’তেই বিবাদ চলি থাকে, যিকোনো সভ্য সমাজৰ বাবে দুয়োটা পক্ষই ইজনে সিজনৰ লগত কথা পাতি আদালতৰ বাহিৰত নিষ্পত্তি হোৱাটো ভাল হ’ব।”
 
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুছলমান ইউনিট এম আৰ এম-এ এইদৰে বিবাদৰ নিষ্পত্তিৰ বাবে সাহসী উদ্যোগ লৈছে। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা সংবাদ মাধ্যম প্ৰভাৰী শ্বাহিদ ছাইদে কয় যে আদালত আটাইতকৈ গুৰুত্বপূৰ্ণ যদিও বিতৰ্কিত ধৰ্মীয় স্থানত আলোচনাৰ জৰিয়তে সমাধান বিচাৰি উলিয়াব লাগে। এইদৰে আমি দেশৰ ঐক্য, অখণ্ডতা, সম্প্ৰীতি, ভাতৃত্ববোধ, আৰু সম্প্ৰীতি বজাই ৰাখিব পাৰো আৰু ইয়াত কোনো পাৰস্পৰিক শত্ৰুতাও নাথাকে।
 
শেহতীয়াকৈ সংঘৰ মুৰব্বী মোহন ভাগৱতে ১৪২ কোটি জনসাধাৰণৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবে দিয়া বক্তব্যক সন্মান জনাবলৈ মুছলিম ৰাষ্ট্ৰীয় মঞ্চই দেশৰ মুছলমান ৰাইজক আহ্বান জনায়। মঞ্চই লগতে ভাৰতক উন্নয়নৰ পথত আগুৱাই নিয়াৰ দিশত উদাৰতা দেখুৱাবলৈ আৰু প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনায়। মুছলিম ৰাষ্ট্ৰীয় মঞ্চই ঘোষণা কৰে যে কাশী, মথুৰা, ছম্ভল আদি ঠাইত নিৰ্মাণ কৰা বিতৰ্কিত গাঁথনিসমূহ আলোচনাৰ অন্তত হিন্দু সমাজৰ হাতত গতাই দিব লাগে। ইয়াৰ সমান্তৰালকৈ যিবোৰ মছজিদত কোনো কাৰণত নামাজ পঢ়া নাই বা জনশূন্য হৈ পৰি আছে, সেইবোৰ মছজিদ মুছলমানক গতাই দিব লাগে।
ইছলামিক নীতিৰ ভিত্তিত মুছলিম ৰাষ্ট্ৰীয় মঞ্চই স্পষ্ট কৰি দিলে যে ইছলামত মূৰ্তি পূজা অনুমোদিত নহয়। ভঙা মূৰ্তি পোৱা বা মন্দিৰৰ অস্তিত্বৰ ঐতিহাসিক, সামাজিক বা প্ৰত্যক্ষ প্ৰমাণ পোৱা মছজিদত নামাজ পঢ়াটো ইছলামিক নীতি বিৰোধী। “কোৰান আৰু হাদীছৰ উদ্ধৃতি দি মঞ্চই কয় যে বলপূৰ্বকভাৱে দখল কৰা স্থানৰ ওপৰত নিৰ্মাণ কৰা মছজিদত প্ৰাৰ্থনা গ্ৰহণ কৰা নহয়।"-বিবৃতিটোত কোৱা হৈছে।
 
শুকুৰবাৰে অনুষ্ঠিত হোৱা মঞ্চৰ অনলাইন বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ কৰ্মী আৰু এম আৰ এমৰ সদস্যসকলে অংশগ্ৰহণ কৰে। সকলো বক্তাই ইছলামিক শিক্ষা আৰু ভাতৃত্ববোধৰ নীতি অনুসৰণ কৰি বিতৰ্কিত পূজাস্থলীসমূহ হিন্দু সমাজৰ হাতত গতাই দিয়াৰ পৰামৰ্শ আগবঢ়ায়। মন্দিৰ-মছজিদৰ বিবাদ আদালতৰ বাহিৰত নিষ্পত্তিৰ বাবে এম আৰ এমৰ প্ৰস্তাৱক সমৰ্থন কৰি মহম্মদ আফজালে কয়, “আমি সমাজত সমন্বয় অনাৰ লক্ষ্য ৰাখিছো। ভাৰতে আগবাঢ়ি যাবলৈ হ’লে আমি সামূহিক ঐক্য আৰু উন্নয়নৰ দিশত কাম কৰিব লাগিব।”
 
 
আবু বাকাৰ নাকৱীয়ে কয় যে আমাৰ লক্ষ্য ইজনে সিজনৰ ধৰ্মক সন্মান কৰা। এই পদক্ষেপে প্ৰমাণ কৰে যে ভাৰতৰ মুছলমান সমাজে দেশৰ উন্নয়নৰ পথত সম্পূৰ্ণৰূপে সমৰ্পিত হৈ আছে। দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ আমি দেশৰ উন্নতিৰ বাবে কাম কৰা উচিত।
 
ছৈয়দ ৰাজা হুছেইন ৰিজৱীয়ে কয় যে আমাৰ সমাজখন সদায় শিপাৰ লগত সংযুক্ত হৈ থাকি আগবাঢ়ি যোৱাটো প্ৰয়োজন। ইৰফান কাচ্চৱীয়ে কয় যে  আমাৰ লক্ষ্য  সংঘৰ্ষ নহয়, সত্য আৰু সঠিক পথত একেলগে আগবাঢ়ি যোৱা। আমি এই পদক্ষেপক সমৰ্থন কৰোঁ কাৰণ ই আমাৰ সমাজত সদিচ্ছা আৰু ভাতৃত্ববোধৰ প্ৰসাৰ ঘটায়। যদি আমি মানি লওঁ তেন্তে ভাৰতীয় ঐক্যৰ দিশে আগবাঢ়ি যাব পাৰিম।

শ্বিৰাজ কুৰেশ্বীয়ে কয় যে ৰাষ্ট্ৰীয় মুছলিম মঞ্চই ভাৰতক সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ কৰি তোলাৰ দিশত এক সাহসী পদক্ষেপ লোৱাৰ চেষ্টা চলাইছে। আমি জোৰ দি কওঁ যে কোনো ধৰ্মীয় স্থান জোৰকৈ দখল কৰিব নালাগে। এইদৰে ঘৃণাৰ অন্ত পৰিব আৰু মানৱতা বৃদ্ধি পাব। মুছলিম ৰাষ্ট্ৰীয় মঞ্চই গ্ৰহণ কৰা এই পদক্ষেপে ভাৰতীয় সমাজত ঐক্য আৰু সন্মানৰ এক নতুন নিদৰ্শন দাঙি ধৰিব। সাম্প্ৰদায়িক উত্তেজনাৰ অন্ত পেলাবলৈ সকলো সম্প্ৰদায়ে নিজৰ ভূমিকা পালন কৰিব লাগিব, আৰু এই পদক্ষেপে ভাৰতক এখন সমৃদ্ধিশালী দেশ হিচাপে গঢ়ি তোলাত নিশ্চয় সহায় কৰিব।

Read More: মোহন ভাগৱতৰ শান্তি-সম্প্ৰীতিৰ বাৰ্তাক আদৰণি মুছলমান নাগৰিকৰ

 
মঞ্চৰ এই আহ্বানে বিভিন্ন মুছলমান সংগঠন, বুদ্ধিজীৱী, সমাজকৰ্মীৰ পৰা প্ৰবল সমৰ্থন লাভ কৰিছে। এই পদক্ষেপে ভাৰতত শান্তি আৰু ঐক্যৰ নতুন যুগৰ সূচনা কৰিব বুলি সকলোৱে বিশ্বাস কৰে, যিয়ে দেশক উন্নয়ন আৰু সম্প্ৰীতিৰ পথত আগুৱাই নিব। ঐতিহাসিক প্ৰমাণ, পৰম্পৰাগত আৰু প্ৰত্যক্ষ প্ৰমাণ, আৰু খননত পোৱা প্ৰমাণৰ ভিত্তিত বিবাদিত স্থানসমূহ হিন্দু সম্প্ৰদায়ক গতাই দিবলৈ দাবী জনোৱা হৈছে।
 
মুছলিম ৰাষ্ট্ৰীয় মঞ্চই ইছলামিক নীতি মানি চলিবলৈ আৰু বিতৰ্কিত বা আন ধৰ্মীয় স্থান ভাঙি নিৰ্মাণ কৰা স্থানত নামাজ নকৰিবলৈ মুছলমানসকলক আহ্বান জনোৱাৰ সিদ্ধান্ত লৈছে। মঞ্চই চৰকাৰক বিতৰ্কিত স্থানসমূহ সঠিক মালিকক পুনৰ ঘূৰাই দিবলৈ সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। ‘যদিহে কোনো বিষয় আলোচনাৰ জৰিয়তে সমাধান নহয়, তেতিয়াহে সকলোৱে আদালতৰ ৰায় মানি লোৱা উচিত।”-বিবৃতিটোত কোৱা হৈছে।