মহাকুম্ভলৈ যোৱা ৪০ হিন্দু ভক্তক নিজৰ ঘৰত আশ্ৰয় দিলে কাশীৰ এটা মুছলমান পৰিয়ালে

Story by  atv | Posted by  [email protected] • 9 h ago
কাশীৰ চেলিম মাৰ্চেণ্ট চাহাব (সোঁমাজত)ৰ সৈতে দুগৰাকী হিন্দু ভক্ত
কাশীৰ চেলিম মাৰ্চেণ্ট চাহাব (সোঁমাজত)ৰ সৈতে দুগৰাকী হিন্দু ভক্ত
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী

অসহিষ্ণুতা আৰু ঘৃণাক সম্পূৰ্ণৰূপে দূৰত ৰাখি কাশীৰ এজন মুছলমান ব্যক্তিয়ে মৰম, ভালপোৱা আৰু উদাৰতাৰ অনুপম নিদৰ্শন দাঙি ধৰিছে। প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলালৈ গৈ বিপদত পৰা প্ৰায় ৪০ জন হিন্দু লোকক তেওঁ নিজৰ ঘৰত আশ্ৰয় দি ভাৰতৰ একতা, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ সংস্কৃতিক পুনৰ উদ্ভাসিত কৰিছে। এই ব্যক্তিজন হৈছে কাশীৰ বাসিন্দা চেলিম মাৰ্চেণ্ট চাহাব। তেওঁ হিন্দু লোকসকলৰ থকা-খোৱাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে সকলো সু-ব্যৱস্থা কৰি মানৱতাৰ পৰিচয় দাঙি ধৰে।
 
প্ৰয়াগৰাজত চলি থকা মহা কুম্ভত দিনক দিনে বৃদ্ধি পাইছে ভক্তৰ ভিৰ। পবিত্ৰ গংগাত স্নান কৰিবলৈ মহা কুম্ভত কোটি কোটি লোকে ভিৰ কৰিছে। দেশ-বিদেশৰ পৰ্যটকসকলে কাশী অভিমুখে গৈ বেনাৰসৰ ঘাট পৰিদৰ্শন কৰিছে। এনে পৰিস্থিতিত কাশীৰ বাসিন্দা চেলিম মাৰ্চেণ্ট চাহাবে যেতিয়া দেখিলে যে ইয়াৰ হোটেলত মানুহ থকাৰ কোনো ব্যৱস্থা নাই, তেতিয়া তেওঁ নিজৰ ঘৰত হিন্দু ভক্তসকলক আশ্ৰয় দিয়াৰ সিদ্ধান্ত লয়।
 
হাৰিয়ানা আৰু ৰাজস্থানৰ হিন্দু পৰিয়ালসমূহে চেলিম মাৰ্চেণ্টৰ ঘৰত ভালদৰে সময় কটায় আৰু হিন্দু-মুছলমান ঐক্যৰ নিদৰ্শন দাঙি ধৰে। যি সময়ত সকলোতে ঘৃণাৰ পৰিৱেশ বিৰাজ কৰিছে, তেনে সময়ত এইবোৰ ঐক্য-সংহতিৰ ঘটনাই আমাক সোঁৱৰাই দিয়ে যে আমি ভাৰতীয়, য’ত আমি সকলোৱে একেলগে বাস কৰোঁ আৰু ইয়াত মানৱতাক আটাইতকৈ ডাঙৰ ধৰ্ম বুলি বিশ্বাস কৰা হয়।
 
চেলিম মাৰ্চেণ্টৰ ঘৰত আশ্ৰয় লোৱা একাংশ হিন্দু লোক
 
হিছাৰৰ পৰা অহা এজন শিল্পীয়ে কয় যে কাশীত কোনো হোটেলত থাকিবলৈ ঠাই নোপোৱাত তেওঁ অতিশয় বিচলিত হৈছিল। তাৰ পিছত তেওঁ চেলিম মাৰ্চেণ্টৰ ঘৰত থকাৰ সুবিধা পাইছিল। "মই এই কথাটোত অতিশয় সুখী যে তেওঁলোকে আমাৰ সেৱা আৰু সন্মানৰ বাবে কোনো ক্ৰুটি ৰখা নাছিল আৰু এয়াই হৈছে ভাৰতৰ ঐক্যৰ প্ৰকৃত ছবি।"-শিল্পীজনে কয়।
 
হিছাৰৰ পৰা অহা আন হিন্দু ভক্তই কয় যে, "গাড়ীৰ পৰা নামি আমি ইয়াত চেলিম ভাইৰ পত্নীক লগ পাইছিলো, যাক আমি আমাৰ সমস্যাৰ কথা ক’লোঁ, তাৰ পিছত চেলিম ভাইৰ পৰিয়ালে লগে লগে আমাক সহায় কৰি তেওঁলোকৰ ঘৰত আশ্ৰয় দিলে। তেতিয়ালৈকে আমি নাজানিছিলো যে এই মানুহবোৰ মুছলমান। এই বিষয়ে জানিবলৈ পাই ক্ষন্তেক সময়ৰ বাবে আমাৰ হৃদয়খন অলপ অস্থিৰ হৈ পৰিল। কিন্তু তেওঁলোকৰ সন্মান আৰু আতিথ্য দেখি আমি নিশ্চিত হ’লোঁ যে মানৱতা সৰ্বোচ্চ আৰু ভাৰতত এতিয়াও প্ৰেম আৰু দয়াৰ স্থান আছে।"
 
তেওঁ পুনৰ কয় যে যি সময়ত দেশত বিভাজনৰ নামত ৰাজনীতি আৰু ঘৃণাৰ বজাৰ পূৰ্ণ গতিত চলি আছে, তেনে সময়ত এনে এক আন্তৰিক দৃশ্য দেখি মই আনন্দিত হৈছো। আমি ইয়াত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিলো। 
 
হোটেল নাপাই চেলিম মাৰ্চেণ্টৰ ঘৰত আশ্ৰয় লোৱা এগৰাকী ব্যক্তি 
 
ৰাজস্থানৰ পৰা অহা লোকসকলেও কয় যে চেলিম ভাইৰ পৰিয়ালে আমাৰ সমস্যাৰ কথা গম পোৱাৰ লগে লগে তেওঁৰ পুত্ৰ-কন্যা আৰু পত্নীয়ে আমাৰ বাবে সকলো ব্যৱস্থা কৰিছিল। কোনো ক্ৰুটি নৰখাকৈ তেওঁলোকে আমাৰ সৰু-বৰ সকলো সমস্যা দূৰ কৰি আমাক উষ্ম আতিথ্য প্ৰদান কৰে। তেওঁলোকৰ তাত থাকিয়ে আমি কাশীৰ মন্দিৰবোৰ ভ্ৰমণ কৰিছিলো।
 
আন এগৰাকী হিন্দু লোকে কয় যে চেলিম ভাইয়ে যদি আমাক তেওঁৰ ঘৰত স্থান নিদিলেহেঁতেন, তেন্তে আমাৰ যাত্ৰা সফল নহ’লহেঁতেন। চেলিম ভাইৰ বাবেই আমি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহ’ল। আমাৰ লগত ল’ৰা-ছোৱালী আৰু মহিলাও আছিল। আমি ৪০ জন ব্যক্তি বুলি কোৱাৰ পিছতো তেওঁলোকে আমাক আন্তৰিকতাৰে আদৰণি জনায়। তেওঁৰ ইয়াৰ বিনিময়ত আমাৰ পৰা কোনো ধনো লোৱা নাই।