মহৰম বিশেষ: দিল্লীৰ জগদীশ প্ৰসাদে উৎকণ্ঠাৰে ৰৈ আছে তাজিয়া নিৰ্মাণ কৰিবলৈ

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ইমৰাণ খান / নতুন দিল্লী
 
ইছলামিক বৰ্ষপঞ্জী অনুসৰি 'মহৰম'ক বছৰৰ প্ৰথম মাহ হিচাপে গণ্য কৰা হয়। আজি পহিলা মহৰম আৰু সেয়েহে আজি বিশ্বজুৰি মুছলমান ধৰ্মালম্বী লোকসকলে ইছলামিক নৱবৰ্ষক (১৪৪৬ চনৰ হিজৰী) আদৰণি জনাইছে। চলিত বৰ্ষত মহৰমৰ দশম দিনটো ১৭ জুলাইত পৰিছে। যিটো দিনত কাৰবালা (ইৰাক)ৰ যুদ্ধত পুৰুষ আৰু মহিলাৰে গঠিত হজৰত মহম্মদৰ নাতি ইমাম হুছেইন আৰু তেওঁৰ সৈন্যবাহিনীৰ শ্বহীদ হৈছিল। সেয়েহে তেওঁলোকৰ স্মৃতিত এই দিনটো শোকৰ দিন হিচাপে পালন কৰা হয়।       
 
ইছলামিক নৱবৰ্ষৰ প্ৰথম মাহ মহৰম আৰম্ভ হোৱাৰ লগে লগে জগদীশ প্ৰসাদে তেওঁৰ অঞ্চল পূব দিল্লীৰ ২৭ নং ব্লকৰ ত্ৰিলোক পুৰী অঞ্চলত মহৰমৰ শোভাযাত্ৰাৰ প্ৰস্তুতিত যোগদান কৰাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁ আৱাজ-দ্য ভইছ'ক জনোৱা মতে, তেওঁ সৰুৰে পৰাই মহৰমৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি তাজিয়া নিৰ্মান কৰি আহিছে।  
 
জগদীশ প্ৰসাদ আৰু তেওঁৰ পিতৃ কৃষণ লাল
 
উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ পৰা অহা জগদীশ প্ৰসাদে জনোৱা মতে, তেওঁ শৈশৱৰ পৰাই মহৰম আৰু তাজিয়াৰ সৈতে জড়িত হৈ আহিছে। ছিয়া মুছলমানসকলে মহৰমৰ ১০ তাৰিখৰ দিনটো শোকৰ দিন হিচাপে পালন কৰে আৰু ছিয়া মুছলমানসকলে কৰা আছুৰা শোভাযাত্ৰাতো তেওঁ যোগদান কৰি আহিছে।      
 
প্ৰসাদে কয়, মই কেতিয়াও হিন্দু আৰু মুছলমানৰ মাজত কোনো পাৰ্থক্য কৰি অহা নাই। কিয়নো মই মুছলমান লোকসকলৰ মাজতে ডাঙৰ-দীঘল হৈছো। হোলী, দীপাৱলী, ঈদ, মহৰম আদি প্ৰতিটো উৎসৱে মোৰ বাবে সুখ আৰু মনোৰঞ্জনৰ মাধ্যম হৈ আহিছে। আমাৰ দেউতা কিষাণ লালে আমাক কোনো উৎসৱত অংশগ্ৰহণ কৰিবলৈ কেতিয়াও বাধা দিয়া নাছিল। আনকি তেওঁ প্ৰতিটো উৎসৱত মুছলমান চুবুৰীয়াৰ ঘৰলৈ যোৱাৰ বাবে উৎসাহী আছিল।   
 
তেওঁ কয় যে, দেউতাই ১৯৯০ চনত গাঁও এৰি ত্ৰিলোক পুৰীৰ ২৭ নং ব্লকত বসতি স্থাপন কৰিছিল আৰু তাতেই তেওঁ এখন কিতাপৰ দোকান স্থাপন কৰিছিল। দেউতাৰ কামত সহায় কৰাৰ বাবে তেওঁৰ দোকানতে মইও কাম কৰা আৰম্ভ কৰিলোঁ আৰু আজিলৈকে কৰি আছো।
 
জগদীশ প্ৰসাদে কয় যে, তেওঁলোক দিল্লীলৈ অহাৰ সময়ত তেওঁলোকৰ ঘৰৰ সন্মুখত এখন ইমামবাৰা (মজলিছৰ স্থান) দেখিছিল। তেওঁ কয়, "সেই সময়ত ইমামবাৰাখন অতি সৰু আছিল। এতিয়া ক্ৰমান্বয়ে ইয়াৰ পৰিসৰ বৃদ্ধি পাইছে৷ ইয়াৰ পূৰ্বে আছুৰাৰ দিনা কেৱল মাত্ৰ এটা সৰু শোভাযাত্ৰাহে উলিওৱা হৈছিল। আৰু মই এই শোক শোভাযাত্ৰাবোৰৰ সৈতে নিয়মীয়াকৈ যোগদান কৰাৰ ওপৰিও তাজিয়া নিৰ্মান কৰাটো যোগদান কৰিছিলোঁ।"    
 
ভাৰতত মহৰমৰ শোভাযাত্ৰাৰ চিত্ৰ অংকন কৰা এখন ব্ৰিটিছ যুগৰ ছবি (সৌজন্য: ডন)
 
তেওঁ কয়, "মই গাঁৱত তাজিয়া নিৰ্মান কৰিবলৈ সৰু বাঁহৰ লাঠি ব্যৱহাৰ কৰিছিলো। মই ইয়াতো একেটা কামে কৰোঁ। মই তাজিয়া নিৰ্মান কৰিবলৈ বিভিন্ন ৰঙৰ কাপোৰ বা পলিথিন কেনেদৰে ব্যৱহাৰ কৰিব লাগে নাজানো, কিন্তু মই তাজিয়াক ভাল দেখা কৰিবলৈ আনক সহায় কৰো।"  
 
মোৰ বন্ধু ৰবি আৰু কাছিম আলীয়ে সিদ্ধান্ত লৈছিল যে, আমি প্ৰতি মহৰমত মানুহৰ পৰা চান্দা সংগ্ৰহ কৰিম যাতে আমিও ডাঙৰ তাজিয়া নিৰ্মান কৰিব পাৰো। ৰবি আৰু মই হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ পৰা তাজিয়াৰ বাবে চান্দা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰম্ভণিতে কম সংখ্যক লোকে দান দিছিল, যদিও এতিয়া প্ৰায় ৫০ টা পৰিয়ালে যোগদান কৰিছে।      
 
ত্ৰিলোক পুৰীৰ ২৭টা ব্লকত মাত্ৰ কেইঘৰমানহে ছিয়া মুছলমান লোক আছে, যাৰ বাবে মহৰমৰ শোভাযাত্ৰাত বৰ বিশেষ ভিৰ হোৱা দেখা নাযায়। সেয়ে ২৭টা ব্লকৰ তাজিয়া ছিয়া, চুন্নী আৰু হিন্দু সম্প্ৰদায়ৰ লোকসকলে কঢ়িয়াই লৈ ফুৰে। ত্ৰিলোক পুৰী ২৭ নং ব্লকৰ মহৰম কমিটীৰ মুৰব্বী ইন্তেজাৰ হুছেইনে আৱাজক জনায় যে, ১৯৮০ চনত ত্ৰিলোক পুৰী ২৭ নং ব্লকত মহৰম শোভাযাত্ৰা আৰম্ভ হৈছিল। ইন্তেজাৰ হুছেইন দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ পৰিদৰ্শক আৰু তেওঁৱে এই শোভাযাত্ৰাৰ উদ্যোগ লৈছিল।   
 
ছিয়া মুছলমানসকলে মহৰম পালন কৰা এক দৃশ্য
 
ইন্তেজাৰ হুছেইনে কয় যে, আৰম্ভণিতে মাত্ৰ কেইজনমান ছিয়া সম্প্ৰদায়ৰ লোক আছিল, গতিকে মহৰম পালন কৰা হৈছিল যদিও কোনো শোভাযাত্ৰা উলিওৱা হোৱা নাছিল। ক্ৰমান্বয়ে আমি এটা সৰু শোভাযাত্ৰাৰে আৰম্ভ কৰিলোঁ আৰু লাহে লাহে এই যাত্ৰাত বহুতে যোগদান কৰিলে আৰু শোভাযাত্ৰাটোৰ পৰিসৰ বৃদ্ধি হৈ গৈ থাকিল। 
 
ইন্তেজাৰ হুছেইনে কয় যে আমি শোভাযাত্ৰাত কোনো খেল অনুষ্ঠিত কৰা নাছিলো, আমি শান্তিপূৰ্ণভাৱে শোভাযাত্ৰা উলিয়াইছিলো। প্ৰতিটো শিতানৰ মানুহেও আমাৰ ইমামবাৰা (মজলিছৰ স্থান)ৰ সম্প্ৰসাৰণত সহায় কৰি আহিছে। 
 
ত্ৰিলোক পুৰী ২৭ ব্লকৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা ময়ুৰ ৱিহাৰ ফেজ ১ ৰ মাজেৰে পাৰ হৈ কোটলা কাৰবালাত অন্ত পৰে। আমাৰ শোভাযাত্ৰাত আৰক্ষীৰ উপস্থিতি প্ৰায়ে নাই বুলিয়ে কব পাৰি। ইয়াৰ মূল কাৰণ হৈছে, ইয়াত কোনো ধৰনৰ অস্ত্ৰৰ প্ৰদৰ্শন কৰা নহয়। আৰু এই কাৰনে আমাৰ তাজিয়াত হিন্দু ধৰ্মালম্বী লোকেও যোগদান কৰি আহিছে।