অভিষিক কুমাৰ সিং / ছাছাৰাম
যথেষ্টসংখ্যক মুছলমান জনসংখ্যা থকা বিহাৰৰ কাইমুৰ জিলাৰ এই সৰু গাঁওখনত ‘ছিয়াবৰ ৰাম চন্দ্ৰ কি জয়’ ধ্বনি প্ৰতিধ্বনিত হৈছে। ভগৱান ৰামৰ জীৱন আৰু ৰজা ৰাৱণৰ বিৰুদ্ধে ৰামচন্দ্ৰৰ বিজয়ক চিত্ৰিত কৰা ৯ দিনীয়া মঞ্চ অনুষ্ঠান ৰামলীলা ৰামলীলা উত্সৱ উপভোগ কৰি 'ৰাম চন্দ্ৰ কি জয়’ ধ্বনি দিয়া ব্যক্তিসকলৰ ভিতৰত অধিকাংশই হৈছে ইছলাম ধৰ্মাৱলম্বী।
এইদৰে সাতো অৱন্তী নামৰ গাঁওখন ধৰ্মৰ মাজত ঐক্যৰ প্ৰতীক হিচাপে জিলিক উঠিছে। কিয়নো মানুহে প্ৰতি বছৰে ৰামলীলা চাবলৈ বহু দূৰ-দূৰণিৰ পৰা ইয়ালৈ আহে। পাটনাৰ পৰা ১৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত গাঁওখনত ৰামলীলাৰ মঞ্চ স্থাপন কৰা হৈছে। বহু মুছলমান শিল্পীয়ে ৰামলীলাত চৰিত্ৰত অভিনয় কৰিছে আৰু আন কিছুমান অনুষ্ঠান আয়োজনৰ সৈতেও তেওঁলোক জড়িত হৈ আছে।
গাঁৱৰ বেছিভাগ মানুহেই নাট্যানুষ্ঠানৰ বিভিন্ন চৰিত্ৰৰ সংলাপ মনত ৰাখে। এনেকুৱা এক নাট্যানুষ্ঠানৰ পৰিচালক শ্বেইখ মুমতাজ আলীয়ে মঞ্চৰ পিছফালে হাতত মাইক লৈ চৰিত্ৰসমূহক তেওঁলোকৰ সংলাপৰ বিষয়ে বুজাই দিছে। দৃশ্যবোৰৰ মাজত তেওঁ মঞ্চলৈ আহি আৱাধি উপভাষাত লিখা ৰামচৰিত মানসৰ ‘চৌপাই’ আবৃত্তি কৰে।
তেওঁৰ ১৯ বছৰীয়া পুত্ৰ আকলীমে ৰামলীলাত ভগৱান ৰামৰ পত্নী সীতাৰ চৰিত্ৰত অভিনয় কৰিছে। গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ মতে, ১৯৮২ চনত তেতিয়াৰ সৰ্পঞ্চ জামালুদ্দিন আনছাৰী আৰু শিক্ষক নুৰুল আনছাৰীৰ প্ৰচেষ্টাত গাঁওখনত ৰামলীলা আৰম্ভ হৈছিল।
সীতা সয়ম্বৰৰ এক দৃশ্য
গাঁওবাসীয়ে কয় যে তেওঁলোকে ৰামচৰিতমানস আৰু ইয়াৰ শিক্ষাক সন্মান কৰে; বিশ্বাস কৰে যে ৰামচৰিতমানস আঁওৰালে ব্যক্তি, তেওঁৰ পৰিয়াল আৰু সমাজত ইতিবাচক পৰিৱৰ্তন আহে। ইংৰাজী কাকত হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদনত এই ৰামলীলাৰ পৃষ্ঠপোষক সুৰেশ সিঙে কয় যে তেওঁ গাঁওবাসীৰ এখন সভা আহ্বান কৰি ৰামলীলাৰ অনুষ্ঠান আয়োজনৰ ইচ্ছা প্ৰকাশ কৰে। “গাঁৱৰ মানুহে এই ধাৰণাটোক আদৰণি জনাইছিল আৰু সকলোৱে সহায় কৰিবলৈ সন্মত হৈছিল।”-তেওঁ কয়।
সেই সময়ত জলসিঞ্চন আৰু বিদ্যুতৰ সুবিধা নথকা দূৰ্গম গাঁৱখনত সম্পদ, মঞ্চ, সাজ-পোছাক, সজ্জা, অন্যান্য প্ৰয়োজনীয় বস্তুৰ ব্যৱস্থা কৰাটো সহজ নাছিল। তথাপিও আনছাৰীৰ দৰে ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰি বাৰ্ষিক উৎসৱ আৰম্ভ হোৱাৰ আগতেই বাৰাণসী আৰু ওচৰৰ ঠাইৰ পৰা অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী ক্ৰয় কৰিছিল।
১৯৮২ চনৰ প্ৰথমটো ৰামলীলা উত্সৱত খুৰ্ছিদ আলমে ৰামৰ চৰিত্ৰত অভিনয় কৰিছিল, আৰু জামালুদ্দিন আনছাৰীয়ে ৰাৱণৰ ভাতৃ কুম্ভকৰ্নৰ চৰিত্ৰত অভিনয় কৰিছিল। যুদ্ধ কলা বিশেষজ্ঞ খলিফা ছাদাৰুদ্দিন আনছাৰী আৰু শ্বাহাবুদ্দিন আনছাৰীয়ে পৰিচালনা আৰু তত্বাৱধান কৰিছিল যুদ্ধৰ দৃশ্য। প্ৰায় ৪২ বছৰৰ পাছতো তেওঁলোকে এই কামটো আগবঢ়াই লৈ গৈছে।
ৰামলীলাত উপস্থিত দৰ্শকৰ কমেও ৩৫ শতাংশ মুছলমান আৰু তেওঁলোকৰ অংশগ্ৰহণ প্ৰতি বছৰে বৃদ্ধি পাই আছে। এতিয়া চাৰি দশকৰ পাছত মুমতাজ আলীয়ে ৰামলীলা উত্সৱৰ পৰিচালকৰ দায়িত্ব গ্ৰহণ কৰিছে।
তৌকীৰ আনছাৰীয়ে কুম্ভকৰণৰ চৰিত্ৰত, আজাদ আনছাৰীয়ে সুমিত্ৰৰ চৰিত্ৰত আৰু ইমৰাণ আনছাৰীয়ে কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে আফজল আনছাৰীয়ে ভগৱান শিৱৰ চৰিত্ৰ ৰূপায়ন কৰি মঞ্চত উঠিছে। উত্তনপদ (কমেডিয়ান)ৰ চৰিত্ৰত নুৰুল হুদা আনছাৰীয়ে দৰ্শকক হাঁহিবলৈ বাধ্য কৰে। কেৱল বৃদ্ধসকলেই নহয়, মুছলমান শিশুসকলে আনন্দৰে ভগৱান ৰাম আৰু ৰাৱণৰ সৈন্যৰ ভূমিকা পালন কৰি আছে।
আহিন মাহত পষেকীয়াকৈ সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৭.৩০ বজালৈ অনুষ্ঠিত হোৱা ৰামলীলা উত্সৱৰ শেষৰ ফালে দশেৰাত ভগৱান ৰামৰ ৰাজ অভিষেক অনুষ্ঠান আয়োজন কৰা হয়। সুৰেশ সিঙে কয়, “দুয়োটা সম্প্ৰদায়ৰ লোকে প্ৰতি বছৰে এই অনুষ্ঠান আয়োজনত অৰিহণা যোগায়, আৰু সদায় নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে।”
গাঁৱৰ মানুহৰ বাবে সীতা হোৱা আকলীমে কয়, “গাঁৱৰ হিন্দুসকলে মহৰম আৰু ঈদ-মিলাদ উন নবী (হজৰত মহম্মদৰ জন্ম বাৰ্ষিকী) আয়োজন কৰাত সহায় কৰে। আমি ঈদ আৰু সকলো উৎসৱ একেলগে পালন কৰো। দেশৰ আন প্ৰান্তত সাম্প্ৰদায়িক ঘৃণাৰ খবৰ পঢ়ি আচৰিত হঁও। আমি যেতিয়া এজন সৰ্বশক্তিমানৰ সন্তান, তেনে পৰিস্থিতিত এজন মানুহে আন এজনক কেনেকৈ ঘৃণা কৰিব পাৰে?”