ডাঃ ৰেচমা ৰেহমান
"মুছলমান চালক নাথাকিলে গুৱাহাটীৰ গতি লেহেমীয়া হৈ পৰে।" এই বক্তব্যটো অতিৰঞ্জিত যেন লাগিব পাৰে, কিন্তু গুৱাহাটীৰ বাট-পথত দিনে নিশাই চলি থকা যান-বাহন আৰু তাৰ ভিতৰত বহি থকা পৰিশ্ৰমী লোকসকলৰ কাহিনীয়ে এই সত্যৰ সাক্ষ্য দাঙি ধৰে।
অসমৰ সৰ্ববৃহৎ চহৰ তথা উত্তৰ-পূব ভাৰতৰ বাণিজ্যিক আৰু শৈক্ষিক কেন্দ্ৰ গুৱাহাটীত মানুহৰ জীৱন-যাত্ৰা খুৱ দ্ৰুতগতিৰে চলি থাকে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এই গতি বজাই ৰখা আৰু প্ৰতিটো ঋতু আৰু প্ৰতিটো পৰিস্থিতিত আপোনাক গন্তব্যস্থানলৈ লৈ যোৱা মানুহবোৰ প্ৰকৃতাৰ্থত কোন?
গুৱাহাটীত প্ৰতিদিনে প্ৰায় ৮ হাজাৰ মুছলমান চালক ৰাজপথলৈ ওলাই থাকে টেক্সি, অটো, বাছ, ৰেপিডো, উবেৰ বা ব্যক্তিগত বাহন লৈ। এই মানুহবোৰ কেৱল চালক নহয়, লাখ লাখ মানুহৰ দৈনন্দিন জীৱনৰ অংশ। তেওঁলোকে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ, কৰ্মচাৰীক কাৰ্যালয়লৈ, ৰোগীক চিকিৎসালয়লৈ আৰু পৰ্যটকক মন্দিৰলৈ লৈ যায়।
এই চালকসকলৰ অধিকাংশই অসমৰ গ্ৰামাঞ্চল, পাহাৰীয়া অঞ্চল আৰু সীমান্তৱৰ্তী জিলা যেনে বৰপেটা, ধুবুৰী, নগাঁও, গোৱালপাৰা আৰু কৰিমগঞ্জৰ পৰা আহে। এয়া কেৱল কৰ্মসংস্থাপনৰ উৎস নহয়, আত্মনিৰ্ভৰশীলতা আৰু মৰ্যাদাৰে জীয়াই থকাৰ এক পথো।
গুৱাহাটীৰ ৰাজপথত কেব চলাই জীৱন নিৰ্বাহ কৰা এগৰাকী চালক
গুৱাহাটীৰ চালক মুফাজ্জুল হুছেইনে কয় যে ইয়াত ৭৫%তকৈ অধিক চালকে নিজাকৈ বাহন চলায়। “এয়া কেৱল পেছা নহয়, ই এটা ব্যৱসায়। ইয়াত আমাৰ কোনো বছ নাই, আমি নিজে নিজৰ ভৱিষ্যতৰ সৃষ্টিকৰ্তা। ইয়াত এজন চালকৰ গড় আয় প্ৰতিমাহে ৪০,০০০ৰ পৰা ৫০,০০০ টকা, যিটো উৎসৱ বা পৰ্যটনৰ সময়ত আৰু অধিক বৃদ্ধি পায়। যিসকলে মদ বা জুৱাৰ আসক্তিৰ পৰা আঁতৰি থাকে, তেওঁলোকে এই বৃত্তিৰ জৰিয়তে ঘৰ, মাটি আৰু শিশুৰ বাবে ভাল শিক্ষাৰ পথো সম্ভৱ।”
উল্লেখ্য যে, গুৱাহাটীত গাড়ী চলোৱাৰ বাবে কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই। অনুজ্ঞাপত্ৰ আৰু প্ৰশিক্ষণকে ধৰি সৰু বিনিয়োগেৰে কেৰিয়াৰ আৰম্ভ কৰিব পাৰি। ইয়াৰ দ্বাৰা কম শিক্ষিত কিন্তু কঠোৰ পৰিশ্ৰমী যুৱক-যুৱতীসকলে সকাহ লাভ কৰে। এই শ্ৰেণীৰ চালকসকলে অসমৰ পৰম্পৰাগত বৃত্তি যেনে কৃষি, পশুপালন আৰু হস্তশিল্পৰ পৰা ওলাই আহিছে আৰু আধুনিক চহৰখনক কৰ্মসংস্থাপনৰ সুযোগ হিচাপে গ্ৰহণ কৰিছে।
দিল্লী, মুম্বাই, চেন্নাই আদি চহৰৰ দৰে গুৱাহাটীত মেট্ৰ' ৰেল সেৱা নাই বাবে এতিয়াও ইয়াত পৰিবহণৰ মূল আহিলা হৈছে ব্যক্তিগত বাহনৰ নেটৱৰ্ক। আজিও এই মহানগৰীৰ জনসাধাৰণৰ প্ৰথম পছন্দ হৈছে উবেৰ, ৰেপিডো, অটো, টেক্সি, অথবা মিনিবাছ। এই সমগ্ৰ পৰিবহণ নেটৱৰ্কৰ নেতৃত্ব দিছে মুছলমান চালকসকলে। তেওঁলোকে পুৱাৰ পৰা নিশালৈ চহৰখনৰ প্ৰতিটো চুকক সংযোগ কৰিবলৈ কাম কৰে।
গুৱাহাটীৰ আন এগৰাকী মুছলমান গাড়ী চালক
সেয়ে, ঈদ, ৰমজান আদিৰ দৰে ইছলাম ধৰ্মীয় উৎসৱৰ সময়ত গুৱাহাটীৰ গতি হঠাতে লেহেমীয়া হৈ পৰে। ঈদৰ সময়ত মানুহে কেব বুকিং কৰে, কিন্তু ড্ৰাইভাৰ পোৱা নাযায়। বাহনবোৰৰ বাবে যাত্ৰীসকলে শাৰী পাতি থাকে। এই পৰিস্থিতিয়ে এটা সামাজিক বাস্তৱতাক প্ৰতিফলিত কৰি তুলিছে, যিটো আমি প্ৰায়ে আওকাণ কৰো যে মুছলমান চালক অবিহনে গুৱাহাটীৰ পৰিবহণ ব্যৱস্থা স্তব্ধ।
চহৰৰ বিভিন্ন প্ৰান্তত যেনে বেলতলা, পল্টন বজাৰ, নাৰেংগী আদি অঞ্চলত চালক সন্থাসমূহ সক্ৰিয় হৈ আছে আৰু তেওঁলোকৰ কাৰ্যালয় আছে। এই সংস্থাসমূহে চালকৰ অধিকাৰ, সুৰক্ষা আৰু প্ৰয়োজনৰ দিশত কাম কৰে। দুৰ্ঘটনা, আৰক্ষী-প্ৰশাসনৰ সৈতে সংঘাত বা পাৰস্পৰিক বিবাদ – প্ৰতিটো বিষয়তে সংস্থাৰ ভূমিকা অতি প্ৰশংসনীয়।
গাড়ী চলাই গুৱাহাটীবাসীৰ যাতায়ত ব্যৱস্থালৈ অৰিহণা আগবঢ়োৱা এগৰাকী চালক
গুৱাহাটীৰ ৯৫% চালক অসমৰ যদিও বিহাৰ আৰু অন্যান্য হিন্দীভাষী ৰাজ্যৰ একাংশ চালকসকল পৰ্যটন খণ্ডৰ সৈতে জড়িত। এই লোকসকলে বিশেষকৈ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা পৰ্যটকসকলক সেৱা আগবঢ়ায়, যিসকলে সমগ্ৰ দেশৰ পৰা আৰু বিদেশৰ পৰা আহে। তেওঁলোকৰ হিন্দী কোৱাৰ ক্ষমতাই এই খণ্ডত উন্নত সেৱা আগবঢ়োৱাত সহায় কৰে।
গুৱাহাটীৰ মুছলমান চালকৰ কাহিনী কেৱল কৰ্মসংস্থাপনৰ কাহিনী নহয়, এজন দায়িত্বশীল নাগৰিকৰ ভূমিকা পালনৰো কাহিনী। তেঁওলোকে সমাজক সংযোগ কৰে, সমাজৰ গতি বজাই ৰাখে আৰু জীৱনটো সহজ কৰি তোলে। আজি যেতিয়া ধৰ্মৰ নামত সামাজিক মেৰুকৰণ চলি আছে, তেতিয়া এই কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে - "সমাজ এখন সুষমভাৱে চলিবলৈ প্ৰতিজন ব্যক্তিৰ অৱদান প্ৰয়োজনীয়, সেয়া যি ধৰ্ম বা যি জাতিৰেই নহওক কিয়।"
(লেখক ড° ৰেশমা ৰহমান ইউ এছ টি এমৰ সহকাৰী অধ্যাপিকা আৰু গৱেষক)