আৱাজ দ্য ভইচ ব্যুৰ'
বিশিষ্ট মুছলমান নাগৰিকেৰে গঠিত চিটিজেনছ ফৰ ফ্ৰেটাৰ্নিটি (Citizens for Fraternity) নামৰ গ্ৰুপটোৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মূৰব্বী মোহন ভাগৱতৰ শেহতীয়া এক মন্তব্যক ভূয়সী প্ৰশংসা কৰিছে। দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ নাজিব জং, ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশী, লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) জমিৰ উদ্দিন শ্বাহ (অৱসৰপ্ৰাপ্ত), প্ৰাক্তন সাংসদ শ্বাহিদ ছিদ্দিকী আৰু ছৈয়দ শ্বেৰৱানীকে ধৰি বিশিষ্ট মুছলমান নাগৰিকৰ দলটোৱে মন্দিৰ-মছজিদ বিবাদৰ অন্ত পেলোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আগবঢ়োৱা বক্তব্যৰ বাবে মোহন ভাগৱতক প্ৰশংসা কৰি এখন মুকলি পত্ৰ লিখিছে।
সদস্যসকলে লিখিছে "আপোনাৰ মতামতত আমি অত্যন্ত সন্তুষ্ট। আপোনাৰ বক্তব্য কেৱল ভাৰতীয় মুছলমানসকলৰ বাবেই নহয়, সমগ্ৰ দেশ আৰু বিশ্বৰ সকলো কল্যাণকামী লোকৰ বাবেও আশাৰ কিৰণ।" উল্লেখ্য যে, পুনেত মোহন ভাগৱতৰ বক্তব্যৰ কথা উল্লেখ কৰি চিঠিখনত ইয়াক সমাজত প্ৰচলিত সাম্প্ৰদায়িক উত্তেজনা হ্ৰাস কৰি একতাৰ পৰিৱেশৰ প্ৰসাৰ ঘটোৱা বুলি অভিহিত কৰা হৈছে।
সাম্প্রতিক সময়ত সমাজৰ এটা শ্রেণীয়ে ভাৰতীয় মুছলমানসকলৰ বিৰুদ্ধে যি বিভাজনকাৰী বক্তব্য আৰু ঘটনা সংঘটিত কৰিছে, সেই সন্দর্ভত পত্ৰখনত গভীৰ উদ্বেগ প্রকাশ কৰা হৈছে৷ এই ঘটনাক দেশৰ সামাজিক পৰিৱেশৰ বাবে ক্ষতিকাৰক বুলি অভিহিত কৰি সদস্যসকলে কয় যে এনে ঘটনাই গুৰুতৰ সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰে।
চিটিজেনছ ফৰ ফ্ৰেটাৰ্নিটিৰ সদস্যসকলে লিখিছে, "আপোনাৰ এই বক্তব্য আমাৰ দেশৰ ভেটিত আক্ৰমণ কৰাসকলৰ বাবে এক পথ প্ৰদৰ্শক হিচাপে প্ৰমাণিত হ'ব।" আৰ এছ এছৰ মুৰব্বীগৰাকীৰ এই বক্তব্যই দুষ্ট চক্ৰৰ ঘৃণা বিয়পোৱা ঘটনাসমূহ বন্ধ কৰিব আৰু শান্তি-সম্প্ৰীতিৰ পৰিৱেশ ঘূৰি অহাত সহায় কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে।
চিটিজেন্স ফৰ ফ্ৰেটাৰ্নিটিয়ে চিঠিখনত গুৰুত্ব আৰোপ কৰিছে যে গংগা-জামুনি তহজীব আৰু ভাৰতৰ ধৰ্মনিৰপেক্ষ ভেটি শক্তিশালী কৰাটো সকলো নাগৰিকৰ দায়িত্ব। তেওঁলোকে ভাগৱতক তেওঁৰ কথাখিনি বাস্তৱত প্ৰয়োগ কৰি সমাজত ঐক্য আৰু ভাতৃত্ববোধৰ প্ৰসাৰৰ বাবে পদক্ষেপ ল’বলৈ অনুৰোধ জনায়। এই পত্ৰখনক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা গৈছে, য’ত দেশৰ মুছলমান আৰু অন্যান্য সম্প্ৰদায়ৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সম্প্ৰীতি বৃদ্ধিৰ আহ্বান জনোৱা হৈছে। চিটিজেনছ ফৰ ফ্ৰেটাৰ্নিটিৰ সদস্যসকলৰ এই পদক্ষেপ দেশৰ সামাজিক ঐক্য আৰু শান্তিৰ বাবে এক ইতিবাচক প্ৰচেষ্টা।
আশা কৰা হৈছে যে এই আলোচনাই দেশৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশক শক্তিশালী কৰি তুলিব আৰু প্ৰতিজন ভাৰতীয়ক গৌৰৱ অনুভৱ কৰা এখন সৰ্বাংগসুন্দৰ ভাৰত গঢ়িবলৈ সকলোকে অনুপ্ৰাণিত কৰিব।
উল্লেখ্য যে, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত "ৰাম মন্দিৰ সদৃশ" বিবাদ উত্তাল কৰি তোলাৰ বাবে উচ্চাকাংক্ষী হিন্দু নেতাসকলক কঠোৰ সমালোচনা কৰিছিল। বৃহস্পতিবাৰে তেওঁ কৈছিল যে ভাৰতক সৰ্বাংগীনতা আৰু সমন্বয়ৰ আদৰ্শ হিচাপে দাঙি ধৰিব লাগে। ভাৰতৰ বহুত্ববাদী সমাজৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে স্বামী ৰামকৃষ্ণন মিছনত বৰদিন পালন কৰা হয় বুলি উল্লেখ কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে "আমি হিন্দু হোৱাৰ বাবেহে এইধৰণৰ উদাৰ কাম কৰিব পাৰো। আন ধৰ্মৰ ভগৱানক অসন্মান কৰাটো কেতিয়াও হিন্দুৰ সংস্কৃতি নহয়।"
‘আমি দীৰ্ঘদিন ধৰি একতা, সম্প্ৰীতি আৰু মিলা-প্ৰীতিৰে জীয়াই আছো। যদি আমি এই সম্প্ৰীতি বিশ্ববাসীক প্ৰদান কৰিব বিচাৰো তেন্তে ইয়াৰ আৰ্হি তৈয়াৰ কৰিব লাগিব। ৰাম মন্দিৰ নিৰ্মাণৰ পিছত একাংশই ভাবে যে নতুন ঠাইত একেধৰণৰ বিতৰ্ক উত্থাপন কৰি হিন্দুৰ নেতা হ’ব পাৰে। এইটো গ্ৰহণযোগ্য নহয়।’- মোহন ভাগৱতে এইদৰে কয়।
আনহাতে ইছলামিক পণ্ডিত, জমিয়ত উলেমাৰ বিষয়ববীয়া তথা তেজপুৰস্থিত ইছলামিক অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ সভাপতি মৌলানা নুৰুল আমিন কাছিমিয়ে কয়; আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ এই মন্তব্য গুৰুত্বপূৰ্ণ আৰু সলাগিবলগীয়া। তেওঁৰ এই মন্তব্য আদৰণীয় এই মন্তব্যই ভাৰতীয় আন্তঃধৰ্মীয় ঐতিহ্য আৰু সংহতিৰ বাবে সহায়ক হ'ব। এনেধৰণৰ কথাবোৰে ভাৰতবৰ্ষত সকলো ধৰ্মৰ লোকসকলক মিলাপ্ৰীতিৰে বসবাস কৰা সাহস যোগাব। ঘৃণাৰ ৰাজনীতি কৰাসকলৰ বাবে এয়া এক উচিত প্ৰত্যুত্তৰ বুলি মই ভাবো। মোহন ভাগৱত ডাঙৰীয়াৰ এই মন্তব্যই ভৱিষ্যতেও সকলোৰে মাজত মিলাপ্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰখাত সহায় কৰিব বুলি মই ভাবোঁ।"