ইউনুছ আলভি/ নুহ, মেৱাট (হাৰিয়ানা)
হাৰিয়ানাৰ নুহ জিলাৰ এখন মুছলমান সংখ্যাগৰিষ্ঠ গাঁৱত সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছে এগৰাকী হিন্দু মহিলা চৰপঞ্চ (গাঁৱৰ মুৰব্বী)। তেওঁ হৈছে ৩০ বছৰীয়া নিশা চৌহান। ১৫ জনীয়া নিৰ্বাচিত প্ৰতিনিধিৰ ভোটৰ জৰিয়তে তেওঁ হাৰিয়ানাৰ নুহ জিলাৰ পুনহানা ব্লকৰ পৰা তেওঁ বিজয়ী হয়।
ব্লকটোৰ অন্তৰ্গত চিৰ’লি নামৰ গাঁওখনৰ জনসংখ্যা হৈছে ৩২৯৫ গৰাকী। ইয়াৰে মাত্ৰ ২৫০ জন ভোটাৰ হিন্দু। গাঁওখনৰ বাসিন্দাসকল হৈছে মেও মুছলমান। আমোদজনক কথাটো হ’ল মেৱাট অঞ্চলৰ নুহ জিলা দেশৰ সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ ভিতৰত অন্যতম। ইয়াৰ উপৰিও এবছৰৰ পূৰ্বে এই অঞ্চলত ধৰ্মীয় শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কৰা ঘটনাৰ ফলত সাম্প্ৰদায়িক উত্তেজনা আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল।
যোৱা ২ এপ্ৰিলত পঞ্চায়তখনৰ ১৫ গৰাকী ৱাৰ্ড সদস্য (পঞ্চ)ই নিশা চৌহানক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰে। ৱাৰ্ড সদস্যসকলৰ ভিতৰত ৮ গৰাকী হৈছে মহিলা। মুছলমান সংখ্যাগৰিষ্ঠ গাঁৱত এগৰাকী হিন্দু মহিলা চৰপঞ্চ হিচাপে নিৰ্বাচিত হোৱাটো হয়তো প্ৰথম দৃষ্টান্ত। চিৰ’লি পঞ্চায়তৰ চৰপঞ্চৰ আসন মহিলাৰ বাবে সংৰক্ষিত। ২০২২ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত সাহানা নামৰ এগৰাকী মহিলাই বিজয়ী হৈছিল। কিন্তু শৈক্ষিক নথি-পত্ৰ ভুৱা বুলি ধৰা পৰাত পিছত তেওঁক বৰ্খাস্ত কৰা হৈছিল।
গাঁওবাসীয়ে ২০২৪ চনৰ মাৰ্চ মাহত ৰেখছিনাক ভাৰপ্ৰাপ্ত চৰপঞ্চ হিচাপে নিযুক্তি দিয়ে। কিন্তু তেওঁৰ কাম-কাজত সদস্যসকল অসন্তুষ্ট হোৱাৰ বাবে তেওঁকো বৰ্খাস্ত কৰা হয় আৰু ফেব্ৰুৱাৰী মাহত নিৰ্বাচিত প্ৰতিনিধি সংস্থাই (পঞ্চে) তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত কৰে।
সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱাৰ পিছত নিশা চৌহানে কয়, "এই নিৰ্বাচন কেৱল মোৰ জয় নহয়, বৰঞ্চ মেৱাটৰ গংগা-জামুনি তেহজীবৰো জয়। ইয়াত হিন্দু আৰু মুছলমানৰ মাজত সদায় ভাতৃত্ববোধৰ সম্পৰ্ক আছে। মোৰ লক্ষ্য হৈছে পঞ্চায়তৰ প্ৰতিটো খণ্ডলৈ উন্নয়ন কঢ়িয়াই অনা। চৌহানৰ নির্বাচনক সমর্থন কৰা প্রাক্তন চৰপঞ্চ আশ্রফ আলী (৫০) য়ে কয়, “আমি আশা কৰিছো যে নিশা চৌহানে গাঁওখনৰ উন্নয়নত নতুন অভিলেখ গঢ়িব৷ ইয়াত ধৰ্মৰ ভিত্তিত কোনো বৈষম্য নাই। মানুহে উৎসাহেৰে ইজনে সিজনৰ ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।”
সাম্প্ৰদায়িক উত্তেজনা আৰু উন্নয়নৰ অভাৱত প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি অহা হাৰিয়ানাৰ নুহৰ দৰে জিলাৰ পৰা এনেধৰণৰ ইতিবাচক খবৰ প্ৰকাশ পোৱাটো অতিশয় আনন্দদায়ক। এই নিৰ্বাচনে দেখুৱাইছে যে সাধাৰণ জনতাই এতিয়াও পাৰস্পৰিক সমিলমিল আৰু উন্নয়ন পছন্দ কৰে।
বৰ্তমান নুহৰ অতিৰিক্ত দায়িত্বত থকা পুনহানা ব্লক উন্নয়ন আৰু পঞ্চায়ত বিষয়া শ্বমশ্বেৰ সিঙে পঞ্চায়তত গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি নিশ্চিত কৰে। এই সিদ্ধান্তক লৈ পঞ্চায়তৰ সকলো সদস্যই একমত হোৱা বুলিও তেওঁ কয়। ছাৰোলি গাঁৱৰ এই নিৰ্বাচনে ধৰ্ম আৰু জাতিৰ সীমাৰ বাহিৰলৈ গৈ ঐক্য, শান্তি আৰু উন্নয়নৰ কথা কোৱা ভাৰতৰ প্ৰতিচ্ছবি দাঙি ধৰিছে।