গণতান্ত্ৰিক ভাৰতৰ মুছলমান -- বিশ্বৰ বাবে এক উজ্জ্বল আদৰ্শ

Story by  atv | Posted by  Munni Begum • 2 d ago
গণতান্ত্ৰিক ভাৰতৰ মুছলমান লোকসকল
গণতান্ত্ৰিক ভাৰতৰ মুছলমান লোকসকল
 
ডাঃ শুজাত আলী কোৱাড্ৰি
 
ভাৰতত গণতন্ত্ৰ এক সমৃদ্ধিশালী ক্ষেত্ৰ। ইয়াৰ কিছু আসোঁৱাহ থাকিলেও ভাৰতৰ গণতন্ত্ৰ সদায় সজীৱ হৈ থাকে। দীঘলীয়া দৌৰৰ ঘোঁৰাৰ দৰে ইও কেতিয়াবা ক্ষন্তেক সময়ৰ বাবে আত্মবিশ্লেষণৰ বাবে বিৰতি লয়, যদিও তাৰ পিছত পুনৰ গতি আৰম্ভ কৰে। জাতি, ধৰ্ম আৰু গাৰ ৰং নিৰ্বিশেষে গণতন্ত্ৰত সকলো নাগৰিকৰ বাবে স্থান আছে। ই গণতন্ত্ৰৰ মূল পথ প্ৰদৰ্শক। মুছলমানসকলৰ বাবে ই অধিক বিশেষ, কাৰণ ভাৰততহে তেওঁলোকে ৭৫ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত বসবাস কৰি আছে। 
 
পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ আৰু ম্যানমাৰৰ দৰে চুবুৰীয়া দেশসমূহত গণতন্ত্ৰ অস্থিৰ হয় অথবা গতিপথত থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। তেনে পৰিস্থিতিত ভাৰত সৱল ৰূপত আগবাঢ়িছে। ভাৰতীয় মুছলমানৰ গণতন্ত্ৰৰ অভিজ্ঞতা কিছু তিক্ততা আৰু হতাশাৰে ভৰা, যদিও তেওঁলোক ভাৰতৰ গণতন্ত্ৰৰ আটাইতকৈ আকাংক্ষিত ভোটাৰ। দৰাচলতে শেহতীয়া বছৰবোৰত মুছলমানসকলে সৱল কণ্ঠ আৰু আত্মবিশ্বাসেৰে সম্পূৰ্ণ সাংবিধানিক উপায়েৰে নিজৰ অধিকাৰ দাবী কৰা দেখা গৈছে।
 
যেতিয়া লোকসভা আৰু বিধানসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়, তেতিয়া মুছলমানসকলে সকলোতে আগ্ৰহেৰে অংশগ্ৰহণ কৰে। তেওঁলোকৰ ভোটৰ সংখ্যা ইমানেই বেছি হয় যে ৰাজনৈতিক দলসমূহে তেওঁলোকক আকৰ্ষিত কৰিবলৈ যতপৰোনাস্তি চেষ্টা চলায়। উত্তৰ ভাৰতত মুছলমানৰ ভোটৰ গুৰুত্বৰ বাবে তেওঁলোক সদায় সংবাদ মাধ্যমৰ প্ৰিয় বিষয় হৈ আহিছে। তেওঁলোকৰ ভোটদানৰ ধৰণ নিৰ্বাচনী বিশেষজ্ঞ আৰু গৱেষক পণ্ডিতৰো আলোচনাৰ বিষয় হৈ আহিছে।
 
বুদগামত ভোটদানৰ কৰ্মচাৰী আৰু ভোটাৰৰ সৈতে ১৫ খন দেশৰ দিল্লীস্থিত কূটনীতিবিদসকল
 
ভাৰতীয় গণতন্ত্ৰই সকলোকে সাঙুৰি লোৱাৰ অনন্য বৈশিষ্টৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে মুছলমান-প্ৰধান ৰাজনৈতিক দল ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আই ইউ এম এল) আৰু অল ইণ্ডিয়া মজলিছে ইত্তেহাদুল মুছলিমীন (এ আই এম আই এম)। তেওঁলোকে ভাৰতৰৰ ৰাজনীতিত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছে। লোকসভাত এই দুটা দলৰ চাৰিজন সাংসদ আছে। AIMIMৰ আছাদুদ্দিন ওৱাইছি বৰ্তমান সময়ৰ অন্যতম শক্তিশালী কণ্ঠস্বৰ থকা ৰাজনীতিবিদ। তেওঁ সংসদৰ মজিয়াত সম্পূৰ্ণ স্বাধীনতাৰে মুছলমান সমাজৰ বিভিন্ন বিষয় উত্থাপন কৰি আছে। 
 
ভাৰতৰ মুছলমানসকলে বছৰ বছৰ ধৰি কৰি অহাৰ দৰে আজিও নিজৰ অধিকাৰ সাব্যস্ত কৰি আছে। তেওঁলোকৰ অক্লান্ত মানসিকতাই ভাৰতীয় গণতন্ত্ৰক আৰু শক্তিশালী কৰিব আৰু বিশ্ববাসীক এই বাৰ্তা দিব যে ভাৰতীয়সকলে কেৱল গণতান্ত্ৰিক উপায়েৰেহে নিজৰ সমস্যা আৰু বিবাদসমূহ সমাধান কৰাৰ সামৰ্থ্য গঢ়ি তুলি ভৱিষ্যতৰ দিশত আগবাঢ়িছে। আমি ভাৰতীয় গণতন্ত্ৰৰ ওপৰত মুছলমানসকলৰ আস্থা আৰু আশাৰ বিষয়ে আলোচনা কৰি থকাৰ সময়তে, মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য (কেন্দ্ৰীয় শাসিত অঞ্চল) জম্মু-কাশ্মীৰত ১০ বছৰৰ পাছত প্ৰথমটো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। উপত্যকাটোৰ কাশ্মীৰী অৰ্থাৎ মুছলমানসকলে উৎসাহেৰে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভাগ লৈছে।
 
সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত তেওঁলোকে নিজৰ সকলো অভিযোগ উত্থাপন কৰিছে যদিও একে সময়তে তেওঁলোকৰ ভৱিষ্যতৰ বাবে নিৰ্ণায়ক হ’ব পৰা নিৰ্বাচনৰ ফলাফলৰ বাবেও তেওঁলোক যথেষ্ট আশাবাদী। এটা সময়ত হিংসাৰ বলি হোৱা লোকসকলে আজি নিজৰ ভোটৰ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ ওলাই অহাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে আশাব্যঞ্জক খবৰ হিচাপে পৰিগণিত হৈছে। কাশ্মীৰীয়ে প্ৰতিজন ভাৰতীয় মুছলমানক সোঁৱৰাই দিয়ে যে গণতন্ত্ৰত সমস্যা সমাধানৰ একমাত্ৰ পথ হ’ল আলোচনা আৰু তেওঁলোকৰ নেতাসকলক নিজৰ সমস্যাৰ প্ৰতি গুৰুত্ব দি সমাধানৰ পথ উলিওৱা। যদি নেতাসকলে তেওঁলোকে নিৰাশ কৰে, তেন্তে জনসাধাৰণে ভোটাৰ ক্ষমতা ব্যৱহাৰ কৰি তেওঁলোকক শাস্তি দিয়ক আৰু বিকল্প নেতাৰ সন্ধান কৰক।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইয়াৰ বাহিৰে আন কোনো উপায় নাই। দুষ্ট চক্ৰই সৃষ্টি কৰা কিছুমান চক্ৰান্তই কাশ্মীৰীসকলৰ বাবে কেৱল মাত্ৰ দুৰ্ভাগ্যহে কঢ়িয়াই আনিছে। কাশ্মীৰে এতিয়াও তেওঁলোকৰ আঘাতবোৰ এতিয়াও বুকুত কঢ়িয়াই লৈ ফুৰিছে। আশাকৰোঁ গণতন্ত্ৰই তেওঁলোকৰ এনে আঘাত নিৰাময়ৰ একমাত্ৰ উপায়।একেদৰে সাধাৰণ ভাৰতীয় মুছলমানসকলৰ বাবেও এটা সকিয়নি যে যদি তেওঁলোকে তেওঁলোকৰ ওপৰত হোৱা অন্যায়ৰ প্ৰতিশোধ ল’বলৈ অগণতান্ত্ৰিক উপায় অৱলম্বন কৰে, তেন্তে এইটো তেওঁলোকৰ বাবে এক মাৰাত্মক কৰ্কট ৰোগৰ দৰে, যিয়ে তেওঁলোকৰ ধ্বংস মাতি আনিব। যিহেতু ভাৰতৰ চুবুৰী ৰাষ্ট্ৰ নিজৰ সমস্যাক লৈ জৰ্জৰিত হৈ আছে,  তেনে ক্ষেত্ৰত বিদেশী শক্তিয়ে হয়তো আমাৰ কিছুমান মুছলমান যুৱকক ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে থিয় দিবলৈ প্ৰলোভিত কৰিব পাৰে।
 
তেনেকুৱা হ'লে পৰিস্থিতি অতি ভয়ংকৰ হ'ব। অতীতত এনেকুৱা পৰিস্থিতিয়ে বহু বিপথে পৰিচালিত যুৱকৰ মৃত্যুৰ কাৰণ আছিল আৰু তেওঁলোকৰ এনেকুৱা ভাৰত-বিৰোধী কাৰ্যকলাপে সমগ্ৰ মুছলমান সম্প্ৰদায়ক বদনামী কৰিছিল। 
বৰ্তমানৰ সময় আচলতে ভাৰতীয় মুছলমানসকলে দেশৰ প্ৰতিটো গণতান্ত্ৰিক কাৰ্যকলাপত আগভাগ ল’বলৈ পূৰ্ণতা লাভ কৰিছে। তেওঁলোকে যিটো ৰাজনৈতিক দলৰ অংশ হ'ব লাগে, তাৰ প্ৰতিটো শাখাতে সক্ৰিয় হ’ব লাগে। 
 
তেওঁলোকে সমাজসেৱা আৰু অন্যান্য গঠনমূলক কাম-কাজৰ উদ্ভাৱনী ধাৰণা উলিয়াব লাগিব। তেওঁলোকৰ উৎসৱত অংশ লৈ দেশবাসীৰ লগত মিলিব লাগিব আৰু নিজৰ নিজৰ উৎসৱলৈ নিমন্ত্ৰণ কৰিব লাগিব। কিছুসংখ্যক মুছলমানৰ বাবে এইখিনি কাম হয়তো অলপ কঠিন হ'ব পাৰে। কিন্তু তেওঁলোক কিমান আৰু সমাজত অকলশৰীয়াকৈ জীয়াই থাকিব। সকলোৰে অন্তত তেওঁলোকে ভাৰতীয় গণতন্ত্ৰৰ মূল্যবোধৰ সৈতে সংপৃক্ত হৈ জীয়াই থাকিব লাগিব আৰু গণতন্ত্ৰ দীৰ্ঘায়ু হোৱাৰ আশাৰ চাকি জ্বলাই ৰাখিব লাগিব।