মহাৰাষ্ট্ৰত গণেশ বিসৰ্জন অনুষ্ঠানৰ বাবে মুছলমান সমাজে স্থগিত ৰাখিলে মিলাদ-উন-নবীৰ শোভাযাত্ৰা

Story by  atv | Posted by  [email protected] • 6 d ago
মহাৰাষ্ট্ৰত গণেশ বিসৰ্জনৰ শোভাযাত্ৰা
মহাৰাষ্ট্ৰত গণেশ বিসৰ্জনৰ শোভাযাত্ৰা
 
ফজল পাঠান/পুনে

ইছলামৰ প্ৰতিষ্ঠাপক হজৰত মহম্মদৰ জন্ম জয়ন্তী মিলাদ-উন-নবী উপলক্ষে মহাৰাষ্ট্ৰৰ বহু প্ৰান্তৰ মুছলমান সমূদায়ে ৰাজপথত শোভাযাত্ৰা উলিওৱাৰ কথা আছিল। কিন্তু এই শোভাযাত্ৰাই গণেশ বিসৰ্জন অনুষ্ঠানত যাতে কোনো বাধাৰ সৃষ্টি নকৰে, সেয়া নিশ্চিত কৰিবলৈ মুছলমান ধৰ্মাৱলম্বী লোকসকলে মিলাদ-উন-নবীৰ পৰম্পৰাগত শোভাযাত্ৰা স্থগিত ৰাখিছে।
 
উল্লেখ্য যে, যোৱা দুবছৰৰ দৰে এইবাৰো অনন্ত চতুৰ্দশী, ১০ দিনীয়া গণেশোৎসৱ আৰু ঈদ মিলাদ-উন-নবিৰ অন্তিম দিন একেদিনাই পৰিছ। এই দুয়োটা উৎসৱ মহাৰাষ্ট্ৰত অতি উৎসাহেৰে পালন কৰা হয়। দুয়োটা উৎসৱৰ সাদৃশ্য হ’ল এই দিনকেইটাত বৃহৎ শোভাযাত্ৰা উলিওৱা হয়। 
 
স্থানীয় হিন্দুসকলৰ উৎসৱ আহাৰৰ অমাৱস্যাৰ দিনা বাকলিৰ ঈদ উপলক্ষে এটা পশু বলি দিয়াৰ অনুষ্ঠানটোও পিছুৱাই দিয়াৰ উদাৰ সিদ্ধান্ত লৈছে মুছলমানসকলে। সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ পুনেৰ মুছলমান সম্প্ৰদায়ৰ হিলাল চিৰাট কমিটীয়ে মিলাদ শোভাযাত্ৰা ২১ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। ১৬ ছেপ্টেম্বৰত তেওঁলোকে ঈদ মিলাদ-ই-নবী অনুষ্ঠুপীয়াকৈ পালন কৰিব। মুছলমান সমাজৰ এই সিদ্ধান্তক সকলো শ্ৰেণীৰ জনসাধাৰণে শলাগ লৈছে। আৰক্ষী-প্ৰশাসনেও ইয়াক আদৰণি জনাইছে।
 
শ্ৰীনগৰত মিলাদ উন নবী শোভাযাত্ৰা উলিওৱাৰ মুহূৰ্তত একাংশ মুছলমান
 
উল্লেখ্য যে, আগন্তুক ১৬ ছেপ্টেম্বৰত মুছলমান সমাজে ঈদ-উন-মিলাদ-উন-নবী উদযাপন কৰাৰ বিপৰীতে ১৭ ছেপ্তেম্বৰতত অনন্ত চতুৰ্দশী উপলক্ষে হিন্দুসকলে গণপতি বিসৰ্জনৰ বাবে শোভাযাত্ৰা কৰি ওলাই আহিব। এনে পৰিস্থিতিত একে সময়তে দুয়োটা সম্প্ৰদায়ৰ শোভাযাত্ৰা উলিওৱাটো সম্ভৱ নহয়। মহানগৰীত শান্তি আৰু ঐক্য বজাই ৰাখিবলৈ আৰক্ষীয়ে ছিৰাট কমিটীক শোভাযাত্ৰা আগবঢ়াই নিবলৈ অনুৰোধ জনাইছিল।
 
শেহতীয়াকৈ আৰক্ষীৰ যুটীয়া আয়ুক্ত ৰঞ্জন কুমাৰ শৰ্মাৰ সৈতে হিলাল চিৰাট সমিতিৰ বিষয়ববীয়াৰ এখন বৈঠক অনুষ্ঠিত হয়। সমিতিৰ সভাপতি মৌলানা গুলাম আহমেদ কাদ্ৰী আৰু উপ-সভাপতি মৌলানা নিজামুদ্দিন ফখৰুদ্দিনে এই বৈঠকত অংশগ্ৰহণ কৰে। আৰক্ষীৰ অনুৰোধমৰ্মে, চিৰাট কমিটীয়ে ঈদ উপলক্ষে উলিয়াব লগীয়া শোভাযাত্ৰা পিছুৱাই দিছে। এতিয়া এই শোভাযাত্ৰা ১৬ৰ পৰিৱৰ্তে ২১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।
 
এই সন্দৰ্ভত কথা পাতি সমিতিৰ সাধাৰণ সম্পাদক ৰফিউদ্দিন শ্বেইখে কয়, "নানা পেঠৰ মন্নু শ্বাহ মছজিদৰ পৰা পুৱা ৮ বজাত আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব। মৌলানা গুলাম আহমেদ কাদ্ৰীৰ নেতৃত্বত আৰম্ভ হ’বলগীয়া শোভাযাত্ৰা জামা মছজিদত বিয়লিৰ নামাজৰ পিছত অন্ত পৰিব।"
 
অল ইণ্ডিয়া চুন্নী জমিয়াতুল উলেমাৰ ৰাষ্ট্ৰীয় সভাপতি ছৈয়দ মইন মিঞাই কয়, “যদিও ঈদ-ই-মিলাদ ১৬ ছেপ্টেম্বৰত তথাপি শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ মুছলমান সমাজে দুদিন পিছত শোভাযাত্ৰা উলিওৱাৰ সিদ্ধান্ত লৈছে। ১৬ ছেপ্টেম্বৰত নবীৰ জন্ম বাৰ্ষিকী। সেইদিনা ঘৰ-দুৱাৰ আৰু মছজিদত সকলো কাৰ্যসূচী অনুষ্ঠিত হ’ব। কিন্তু ২১ ছেপ্টেম্বৰত ঈদ-ই-মিলাদৰ শোভাযাত্ৰা উলিওৱা হ’ব।"
 
মহাৰাষ্ট্ৰৰ পুনেত গণেশ বিসৰ্জনৰ শোভাযাত্ৰা
 
এই সন্দৰ্ভত মুম্বাইত খিলাফত সমিতিৰ উদ্যোগত এখন বৈঠকৰ আয়োজন কৰা হয়। এই সভাত মুছলমান উলেমা (ধৰ্মগুৰু) আৰু বিভিন্ন দলৰ সদস্যসকল উপস্থিত আছিল। বৈঠকৰ অন্তত এআইএমআইএমৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা প্ৰাক্তন বিধায়ক ৱাৰিছ পাথানে ৰাজ্য চৰকাৰক এদিনীয়া বন্ধ ঘোষণা কৰিবলৈ দাবী জনায়। এই শোভাযাত্ৰাত ডিজে ব্যৱহাৰৰ বিৰুদ্ধেও সিদ্ধান্ত গ্ৰহণ কৰে কমিটীয়ে।
 
সমাজত ভাতৃত্ববোধ বজাই ৰাখিবলৈ মুছলমান সমাজ আগবাঢ়ি অহা সিদ্ধান্তক আদৰণি জনাইছে জিলা দণ্ডাধীশ জিতেন্দ্ৰ পাপলকাৰে।