শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু হিংসাৰ দাগ নোহোৱা কৰিবলৈ একত্ৰিত হ'ল নাগপুৰবাসী

Story by  atv | Posted by  [email protected] • 7 d ago
প্ৰাক্তন বিধায়ক অনিছ আহমেদ, ভানৰাই ফাউণ্ডেশ্যনৰ সভাপতি ড০ গিৰিশ গান্ধী আৰু জামাত-ই-ইছলামী হিন্দৰ মহাৰাষ্ট্ৰৰ সভাপতি মৌলানা ইলিয়াছ খান ফালাহী (বাওঁফালৰ পৰা সোঁফাললৈ)
প্ৰাক্তন বিধায়ক অনিছ আহমেদ, ভানৰাই ফাউণ্ডেশ্যনৰ সভাপতি ড০ গিৰিশ গান্ধী আৰু জামাত-ই-ইছলামী হিন্দৰ মহাৰাষ্ট্ৰৰ সভাপতি মৌলানা ইলিয়াছ খান ফালাহী (বাওঁফালৰ পৰা সোঁফাললৈ)
 
আৱাজ-দ্য ভইচ ব্যুৰ/পুনে
 
নাগপুৰত শেহতীয়াকৈ সংঘটিত ধৰ্মীয় সংঘাত সন্দৰ্ভত প্ৰাক্তন বিধায়ক আনিছ আহমেদে কয়, "মোৰ ২৫ বছৰীয়া ৰাজনৈতিক জীৱনত নাগপুৰত ধৰ্মভিত্তিক উত্তেজনাৰ এইটোৱেই প্ৰথম ঘটনা। ইয়াৰ মুছলমানসকলে কেৱল শিৱাজী জয়ন্তীতে নহয়, ৰাম নৱমী উত্‍সৱতো উলহ-মালহেৰে অংশ লয়।"
 
আহমেদে ঘোষণা কৰে যে তেওঁ আৰু আন সতীৰ্থসকলে বিভিন্ন দলৰ ৰাজনৈতিক কৰ্মীসকলক জড়িত কৰি একত্ৰিত হৈছে আৰু সমন্বয় ৰক্ষাৰ বাবে শান্তি সমিতি গঠন কৰাৰ কাম কৰি আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয় আৰু সকলো ধৰ্মৰ লোকে ভ্ৰমণ কৰা হজৰত তাজুদ্দিন বাবাৰ পূজনীয় দৰগাহ থকা নাগপুৰত গভীৰ শিপাই থকা হিন্দু-মুছলমান ঐক্যৰ এক গৌৰৱগাথা আছে।
 
শেহতীয়াকৈ সংঘটিত হোৱা দাঙ্গা সত্ত্বেও নাগপুৰৰ নাগৰিকসকল ইয়াত বছৰ বছৰ ধৰি চলি অহা শান্তি আৰু সম্প্ৰীতিৰ প্ৰতি আশাবাদী হৈ আছে। নাগৰিকসকলে মনত পেলাইছে যে তেওঁলোকৰ চহৰত ইয়াৰ পূৰ্বে কেতিয়াও ধৰ্মীয় অশান্তিৰ সৃষ্টি হোৱা নাছিল। ১৯৯২ চনত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়তো আনকি এই অঞ্চলটো শান্ত-সমাহিত হৈ আছিল। এইদৰে শেহতীয়া দাঙ্গাই কেৱল নাগপুৰৰ বাসিন্দাকে নহয়, সমগ্ৰ মহাৰাষ্ট্ৰ ৰাজ্যখনকে স্তম্ভিত কৰি তুলিছে।
 
পবিত্ৰ ৰমজান মাহত সংঘটিত এই দাঙ্গাক দ্ৰুতভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে জাৰি কৰা সান্ধ্য আইন ক্ষতিগ্ৰস্ত এঘাৰটা অঞ্চলৰ ভিতৰত ৯টা অঞ্চলত ইতিমধ্যে শিথিল কৰা হৈছে। এই কাণ্ডই সাধাৰণ শান্তিপ্ৰেমী ৰাইজৰ মন-মগজু জোকাৰি গৈছে আৰু হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ বাসিন্দাসকলে তাৎক্ষণিকভাৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সম্প্ৰীতি আৰু আস্থা ঘূৰাই আনিবলৈ আগবাঢ়ি আহিছে।
 
ফেডাৰেচন অৱ অৰ্গেনাইজেচনছ ফৰ ছ’চিয়েল জাষ্টিচ, চেকুলাৰিজম এণ্ড ডেম’ক্ৰেচিৰ সদস্যসকল
 
চহৰখনৰ দুটা গোটৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ পাছতো ফেডাৰেচন অৱ অৰ্গেনাইজেচনছ ফৰ ছ’চিয়েল জাষ্টিচ, চেকুলাৰীজম এণ্ড ডেম’ক্ৰেচিয়ে নাগৰিকসকলক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে। এই সংস্থাটোৱে মহাৰাষ্ট্ৰ বিশেষকৈ নাগপুৰত ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰসাৰৰ বাবে বিশেষ পদক্ষেপ চলায়। 
 
উল্লেখ্য যে, নাগপুৰৰ শান্তিপূৰ্ণ সহাৱস্থানৰ এক দীৰ্ঘ ইতিহাস আছে। মাৰাঠা যোদ্ধা ছত্ৰপতি শিৱাজী মহাৰাজেও যুদ্ধত হাৰ মনা আফজল খানৰ শেষকৃত্য সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি আৰু মৰ্যাদাৰে চলাবলৈ নিৰ্দেশ দিছিল। এই চহকী ঐতিহ্যৰ আলোকত ঔৰংজেবৰ দৰে ব্যক্তিক লৈ অশান্তিৰ সৃষ্টি কৰাটো নিশ্চয় বিপথে পৰিচালিত যেন লাগে।
 
সংগঠনটোৰ সদস্য অমিতাভ পাৱাড়ে কয় যে আমাৰ ফেডাৰেচনৰ হৈ আমি নাগৰিকসকলক শান্তিৰ বাবে আবেদন জনাইছো আৰু অঞ্চলটোত শান্তিৰ পৰিৱেশ উভতাই আনিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। ফেডাৰেচনৰ আন এজন সদস্য জগজিৎ সিঙে কয়, ‘নাগপুৰত সামাজিক সম্প্ৰীতি অটুট ৰখা আৰু বিভাজনকাৰী ৰাজনীতিক বিদায় জনাবলৈ আমাৰ ফেডাৰেচনে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিব। এই চহৰৰ ঐক্যৰ মনোভাৱ ৰক্ষা কৰিবলৈ আমাৰ সকলো সদস্যই নিজৰ ঘৰ আৰু বাহনত বগা পতাকা উত্তোলন কৰিব, আৰু আমি নাগৰিকসকলক আমাৰ সৈতে যোগদান কৰিবলৈ উৎসাহিত কৰিম।”
 
উল্লেখ্য যে, ১৯৬৭ চনৰ পিছত নাগপুৰত এয়া প্ৰথমটো ধৰ্মীয় সংঘাতৰ ঘটনা। বিজয় বাৰছে কয়, "আমি ফেডাৰেচনৰ হৈ শান্তিৰ আহ্বান জনাইছো। এই উত্তেজনাপূৰ্ণ সময়ত সকলোৱে শান্তি ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগিব।" পণ্ডিত যশৱন্ত তেলাঙে কয় যে এনে মুহূৰ্তত প্ৰতিজন নাগৰিকে সতৰ্কতাৰে কথা কোৱাৰ দায়িত্ব পালন কৰিব লাগিব। 
 
নাগপুৰত আইন-শৃংখলাৰ তদাৰক কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে
 
ফেডাৰেচনৰ হৈ ভাষণ দি নাগপুৰৰ সমাজকৰ্মী গৌতম কাম্বলে কয়, আমি শান্তিৰ পথত বিশ্বাস কৰোঁ আৰু সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছো। তেওঁ কয় যে সংবিধানে সকলো নাগৰিককে সম-অধিকাৰ প্ৰদান কৰে, সকলো ভাৰতীয়কে শিকাইছে যে তেওঁলোক ভাই-ভনী। দেশখনক একত্ৰিত কৰি ৰখাটো সকলোৰে কৰ্তব্য।
 
মহানগৰীৰ বিশিষ্ট সমাজকৰ্মী ডাঃ আনোৱাৰ ছিদ্দিকীয়ে কয় যে, উৰাবাতৰিয়ে যাতে পৰিস্থিতি আৰু বেয়া নকৰে, সেয়া সকলোৱে নিশ্চিত কৰিব লাগিব। ঘৃণাৰ বীজ সিঁচিলে তিতা ফলহে হ’ব—এই কথা মনত ৰাখিব লাগিব। প্ৰশাসনেও এই পৰিস্থিতি চম্ভালিবলৈ সঠিক স্থিতি গ্ৰহণ কৰিব লাগিব।
 
সংগঠনটোৰ আন এগৰাকী সদস্য জ্ঞানেশ্বৰ ৰক্ষকে কয় যে নাগপুৰৰ সদিচ্ছাৰ পৰম্পৰা অটুট ৰখা আৰু ইতিবাচক বাৰ্তা বিয়পোৱাৰ বাবে আমি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছো আৰু আৰক্ষীক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছো।