কলকাতাত তিনিদিনীয়াকৈ আয়োজিত জছন-ই-হাবিব উদ্বোধন কৰিলে নাছিৰুদ্দিন শ্বাহে

Story by  atv | Posted by  [email protected] • 14 d ago
কলকাতাত তিনিদিনীয়াকৈ আয়োজিত জছন-ই-হাবিব উদ্বোধন কৰিলে নাছিৰুদ্দিন শ্বাহে
কলকাতাত তিনিদিনীয়াকৈ আয়োজিত জছন-ই-হাবিব উদ্বোধন কৰিলে নাছিৰুদ্দিন শ্বাহে
 
জয়নাৰায়ণ প্ৰসাদ / কলকাতা

হিন্দুস্তানী থিয়েটাৰৰ বিখ্যাত নাট্যকাৰ হবিব তনবীৰৰ ১০০ বছৰ (১৯২৩-২০২৪) সম্পূৰ্ণ হোৱাৰ উপলক্ষে শেহতীয়াকৈ মহানগৰ কলকাতাত তিনিদিনীয়া ‘হাবিব-ই-জছন’ উদযাপন কৰা হয়। অনুষ্ঠানত প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহ, তেওঁৰ পত্নী অভিনেত্ৰী ৰত্ন পাঠক শ্বাহ, হাবিব তনবীৰৰ কন্যা থুমৰি গায়িকা নাগিন তনবীৰ, লেখক অঞ্জুম কাত্যল আৰু বিখ্যাত সম্প্ৰচাৰ সাংবাদিক চৈয়দ মহম্মদ ইৰফানকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
 
৩০ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত অনুষ্ঠানটো চাবলগীয়া আছিল, য’ত ফটো প্ৰদৰ্শনী, গ্ৰন্থ উন্মোচনী, পেনেল আলোচনা, সংগীত পৰিবেশন, ‘নয়া থিয়েটাৰ’ যুগৰ গীত, মাষ্টাৰক্লাছ আৰু নাট্যকাৰ হবিব তনবীৰৰ সৈতে জড়িত হবিবনামা আদি অনুষ্ঠান পৰিৱেশন কৰা হয়। তিনিদিনীয়া এই অনুষ্ঠানৰ নাম আছিল ‘দেখ ৰাহে হায় নয়ন’। অনুষ্ঠানটো ‘কলকাতা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি’ (কেচিচি)ৰ উদ্যোগত আয়োজন কৰা হৈছে।
 
‘জছন-ই-হাবিব’ উদ্বোধন কৰে অভিনেতা নাছিৰুদ্দিন শ্বাহে। তেওঁ এই সমাৱেশৰ মুখ্য অতিথিও আছিল। এই উপলক্ষে নাছিৰুদ্দিন শ্বাহে কোনো ভাষণ দিয়া নাছিল যদিও বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে। তাৰ পিছত ক্ৰমাগতভাৱে অনুষ্ঠানসমূহ আৰম্ভ হয়।
 
এই উপলক্ষে নাট্যকাৰ হাবিব তনবীৰৰ সৈতে জড়িত ফটো প্ৰদৰ্শনীখন চাবলৈ বিপুল জনসমাগমৰ সৃষ্টি হয়। ‘নয়া থিয়েটাৰ’ৰ পুৰণি যুগৰ হাবিব তনবীৰ চাহেবৰ ছবিসমূহ সচাঁকৈয়ে উপভোগ্য আছিল। 
 
 
উদ্বোধনী অনুষ্ঠানৰ লগে লগে প্ৰথম দিনাই ‘হবিব তনবীৰ আৰু থিয়েটাৰত তেওঁৰ উত্তৰাধিকাৰ’ বিষয়ক এখন ইংৰাজী গ্ৰন্থ উন্মোচন কৰা হয়। সাহিত্যিক অঞ্জুম কাত্যল আৰু জাভেদ মালিকৰ সম্পাদনাত এই গ্ৰন্থখন উন্মোচন হোৱাৰ পাছত ইয়াৰ ওপৰত বিস্তৃত আলোচনা হয়, য’ত অভিনেতা/পৰিচালক দেনিশ হুছেইন, অঞ্জুম কাত্যলকে ধৰি অন্যান্য শিল্পীয়ে অংশগ্ৰহণ কৰে।
 
‘জছন-ই-হাবিব’ৰ প্ৰথম দিনটোত হাবিব তনবীৰৰ কন্যা ৬০ বছৰীয়া নাগিন তনবীৰে পিতৃৰ স্মৃতিত কিছু গীত গায়। ইয়াৰ ভিতৰত আছিল ছত্তীশগড়ী লোকগীত, গজল আৰু অতুল প্ৰসাদৰ দ্বাৰা লিখা এটা পুৰণি বাংলা গীত। নাগীন তনবীৰৰ সুৰীয়া কণ্ঠ শুনি শ্ৰোতা/দৰ্শক মন্ত্ৰমুগ্ধ হৈ পৰে।
 
সেইদিনা সন্ধিয়া ‘হবিবনামা’ৰো মঞ্চস্থ কৰা হয়। ডেনিছ হুছেইনৰ পৰিচালিত এই নাটকখন হাবিব তনবীৰ চাহেবৰ জীৱনৰ আধাৰত নিৰ্মিত আৰু ‘হোশ্ৰুবা ৰেপাৰ্টৰী’ৰ দ্বাৰা উপস্থাপন কৰা হয়। ইয়াৰ পূৰ্বে দৰ্শকক হাবিব চাহেবৰ ‘নয়া থিয়েটাৰ’ যুগৰ গীতৰ সৈতে পৰিচয় কৰাই দিয়া হয়। 
 
 
তিনিদিনীয়া এই অনুষ্ঠানত এক কাৰ্যসূচী মাষ্টাৰক্লাছৰো আয়োজন কৰা হয়, য’ত অভিনেতা নাছিৰুদ্দিন শ্বাহে অভিনয়ৰ জটিলতাসমূহ বুজাই দিয়ে। সেইদিনা সন্ধিয়া ‘মই দেখাৰ দৰে হাবিব তনবীৰ’ শীৰ্ষক আন এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। ইয়াত হাবিব তনবীৰৰ কন্যা নাগীন তনবীৰে পিতৃৰ সৈতে জড়িত কাহিনী বৰ্ণনা কৰিছিল।
 
এইটো আছিল এক আমোদজনক অনুষ্ঠান, যিটো শুনিলে হাবিব চাহেবৰ স্মৃতিবোৰ জীৱন্ত হৈ উঠে। এইদৰে তিনিদিন কেনেকৈ পাৰ হ’ল আমি গমেই পোৱা নাছিলো। ‘হাবিব-ই-জাছন’ সঁচাকৈয়ে হবিব তনবীৰ চাহেবক চিনি পোৱা আৰু বুজাৰ এক গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় অনুষ্ঠান আছিল।