ইউনুছ আলভি, নুহ (হাৰিয়ানা)
মৌলানা ছাদ কান্ধলৱীৰ প্ৰাৰ্থনাৰে (দোৱা) সামৰণি পৰে মেৱাটৰ ভূমিত অনুষ্ঠিত হোৱা তিনিদিনীয়া তবলিগী জামাতৰ ঐতিহাসিক সমাৱেশ। এই উপলক্ষে লাখ লাখ মুছলমানক সম্বোধন কৰি ইছলামৰ মৌলিক শিক্ষা, সামাজিক দায়বদ্ধতা আৰু জাতিৰ প্ৰতি আনুগত্যৰ বাৰ্তা প্ৰদান কৰা হয়।
তবলিগী জামাতৰ এই বৃহৎ সমাবেশত মৌলানা ছাদে কয় যে ইছলাম শান্তি আৰু ভাতৃত্ববোধৰ ধৰ্ম, যিয়ে কোনো কাৰণতে দেশৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ অনুমতি নিদিয়ে। তেওঁ স্পষ্টকৈ কয় যে এজন প্ৰকৃত মুছলমানে কোনো কাৰণতে আইন ভংগ কৰিব নোৱাৰে বা দেশৰ বিৰুদ্ধে কোনো কাম কৰিব নোৱাৰে।
লগতে তেওঁ মুছলমান সমাজক ধৰ্মৰ নীতি অনুসৰণ কৰি সমাজত ভাল আৰু শান্তিৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।
নুহত অনুষ্ঠিত বৃহৎ সমাবেশৰ দৃশ্য
ধৰ্মৰ মৌলিক দায়িত্বৰ ওপৰত গুৰুত্ব দিয়া মৌলানা ছাদে নিজৰ বক্তব্যত নমাজ, ৰোজা, জাকাত আৰু হজৰ দৰে ইছলামিক স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, এজন নিখুঁত মুছলমান হ’ল হজৰত মহম্মদৰ (ছ:) দ্বাৰা দেখুওৱা পথ সম্পূৰ্ণৰূপে অনুসৰণ কৰা।
তেওঁ যুক্তি দি কয় যে, "যদি জোতা চিলাই কৰিব বিচাৰে তেন্তে মুচিৰ ওচৰলৈ যাব লাগিব। একেদৰে হিদায়ত (সংশোধন) বিচাৰিলে মছজিদত গৈ নামাজ আদায় কৰিব লাগিব আৰু আল্লাহ আৰু ৰচুলে (ছ:) প্ৰদৰ্শন কৰা আদর্শৰে আগবাঢ়িব লাগিব।"
তেওঁ কয় যে যিসকলে পিতৃ-মাতৃৰ আজ্ঞা অমান্য কৰে তেওঁলোকক আল্লাহে কেতিয়াও ক্ষমা নকৰে। যিসকলে ইচ্ছাকৃতভাৱে নামাজ এৰি দিয়ে বা নপঢ়ে, তেওঁলোকৰ বাবে কোৰান আৰু হাদিছত কঠোৰ শাস্তিৰ ভৱিষ্যদ্বাণী কৰা হৈছে।
মৌলানা ছাদে সমবেত মুছলমানসকলক সম্বোধন কৰা সময়ৰ দৃশ্য
মহিলা আৰু শিশুৰ ইছলামিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি মৌলানা ছাদে মুছলমান মাতৃ-ভগ্নীসকলক ইছলামৰ শিক্ষা প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে কন্যা সন্তানক ইছলামিক শিক্ষাৰে শিক্ষিত কৰা উচিত আৰু মুছলমানসকলে সন্তানক মছজিদলৈ লৈ গৈ ধৰ্মৰ মূল কথাবোৰ শিকাব লাগে।
শান্তি আৰু ঐক্যৰ উদ্দেশ্য ১৯ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈ অনুষ্ঠিত এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ মুছলমানে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ বাবে ২১ একৰ মাটিত পাণ্ডেল স্থাপন কৰা হৈছিল, ১০০ একৰ মাটিত বহাৰ ব্যৱস্থা কৰা হৈছিল, ৮০ একৰ মাটিত পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছিল আৰু ৪৫০০ৰো অধিক টেণ্ট স্থাপন কৰা হৈছিল। সকলোতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উন্নত ব্যৱস্থা, স্বাস্থ্য শিবিৰ, গা ধোঁৱা আৰু শৌচ পেচাব আৰু খোৱা-লোৱাৰ সুন্দৰ ব্যৱস্থা কৰা হৈছিল।
এই অনুষ্ঠানত প্ৰশাসনেও সক্ৰিয় সহযোগিতা আগবঢ়ায়। বৃহৎ সমাবেশত উপস্থিত আছিল এছ পি বিজয় প্ৰতাপ সিং, এছ ডি এম, ডি এছ পি ফিৰোজপুৰ ঝিৰকাকে ধৰি আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকল। ড্ৰোন, স্বাস্থ্য শিবিৰ, যান-বাহন নিয়ন্ত্ৰণ আদিৰ জৰিয়তে পৰিপাতিৰ মাজেৰে অনুষ্ঠানটো সুকলমে অনুষ্ঠিত কৰা হৈছিল।
নুহৰ সমাবেশত একত্ৰিত হোৱা লোকসকল
এই অনুষ্ঠানত মেৱাট বিজেপিৰ জিলা সভাপতি সুৰেন্দ্ৰ সিং ওৰফে পিণ্টুৱেও অংশগ্ৰহণ কৰে। তেওঁ কয়, "মই ইয়ালৈ মানুহ হিচাপে আহিছো, আমাৰ মাজত ধৰ্মীয় সীমা থাকিব নালাগে, থকাটো উচিত নহয়। আমি ইজনে সিজনৰ ধৰ্ম আৰু বিশ্বাসক সন্মান কৰা উচিত।"
উল্লেখযোগ্য যে, ১৯২৬ চনত দিল্লীৰ নিজামুদ্দিনত মৌলানা ইলিয়াছ কান্ধলবীয়ে প্ৰতিষ্ঠা কৰিছিল তবলিগী জামাত। ইয়াৰ উদ্দেশ্য হৈছে মুছলমানসকলক ইছলামৰ প্ৰকৃত শিক্ষালৈ ঘূৰাই অনা। এই জামাত ছয় বিষয়বস্তুৰ ওপৰত নিৰ্ধাৰিত। যেনে কলিমা, নমাজ, ইলম আৰু জিকৰ, ইক্ৰাম-ই-মুছলিম, ইখলাছ-ই-নিয়াত আৰু দাৱাত-এ-তাবলিগ।
তবলিগী জামাতৰ লোকসকলে নিজৰ সাংসাৰিক ব্যস্ততাৰ পৰা সময় উলিয়াই ৩ দিন, ৪০ দিন বা ৪ মাহৰ বাবে দাৱাত-ই-ইমানী বা দাৱাত-এ-তবলিগৰ যাত্ৰাত ওলাই যায়। এই লোকসকলে নিজৰ খৰছত ভ্ৰমণ কৰে, মছজিদত থাকে আৰু ইছলামিক শিক্ষা আৰু আদর্শৰ প্ৰচাৰ কৰে।
তিনিদিনীয়া এই দীঘলীয়া অনুষ্ঠানৰ অন্তিম দিনটোত মৌলানা ছাদে আৱেগিকভাৱে প্ৰাৰ্থনা (দোৱা) কৰি সমগ্ৰ দেশতে শান্তি, ন্যায় আৰু মানৱতাৰ বাবে আল্লাহৰ ৰহমত বিচাৰিছিল। তেওঁ কয় যে এই সমাবেশৰ জৰিয়তে মেৱাট বিবাদতকৈ বেছি ধৰ্ম, ভাতৃত্ববোধ আৰু ইছলামিক ঐক্যৰ নিদৰ্শন হ’ব পাৰে।