কোনো ৰাজনৈতিক দল বা ব্যক্তি মুছলমান সম্প্ৰদায়ৰ মচীহা হ'ব নোৱাৰে: শ্বেহলা ৰছিদ

Story by  atv | Posted by  [email protected] • 1 d ago
শ্বেহলা ৰছিদ আৰু তেওঁৰ কিতাপ ৰ'ল মডেল
শ্বেহলা ৰছিদ আৰু তেওঁৰ কিতাপ ৰ'ল মডেল
 
আৱাজ-দ্য ভইচ ব্যুৰ
 
"মোৰ মতে কিছুমান বিষয় বা সমস্যা সময়ৰ লগে লগে পৰিৱৰ্তন হয়। এটা সময়ত কোনোবাই সমস্যাৰ ওপৰত গুৰুত্ব দিছিল। আনহাতে, আন এটা পৰ্যায়ত কোনোবাই অনুভৱ কৰে যে, সমাধান বিচাৰি উলিওৱাটোৱেই উত্তম উপায়। আজি মই মুছলমান সম্প্ৰদায়ৰ উন্নয়নৰ কথা চিন্তা কৰিব বিচাৰিছো, স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আমি (মুছলমান) কিয় পিছ পৰি আছো, সেয়া সঁচাকৈয়ে চিন্তনীয় কথা।" -এগৰাকী সক্ৰিয় ছাত্ৰীৰ পৰা 'ৰ'ল মডেল' নামৰ গ্ৰন্থখনৰ লেখিকালৈ পৰিণত হোৱা শ্বেহলা ৰছিদে 'আৱাজ-দ্য ভইচ'ৰ মুখ্য সম্পাদক অতিৰ খানৰ সৈতে হোৱা এক  সাক্ষাৎকাৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰতি তেওঁৰ পৰিৱৰ্তিত মনোভাৱ সন্দৰ্ভত এইদৰে কয়।
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক মুকলিমূৰীয়া বাৰ্তালাপত কাশ্মীৰৰ যুৱ সমাজকৰ্মী তথা লেখিকা শ্বেহলা ৰছিদে ৰাজনীতি, মুছলমান, শিক্ষা ইত্যাদিকে ধৰি সকলো বিষয়ৰ ওপৰত মন্তব্য ৰাখে। শেহতীয়াকৈ মুক্তি পোৱা শ্বেহলা ৰছিদৰ 'ৰ'ল মডেলছ' (Role Models) নামৰ গ্ৰন্থখনত সফল মুছলমান ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰা হৈছে।
 
আৱাজ-দ্য ভইচৰ মুখ্য সম্পাদক আতিৰ খানৰ সৈতে এক বাৰ্তালাপত শ্বেহলা ৰছিদ
 
অতি অপ্ৰত্যাশিত ব্যক্তিৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ জনসাধাৰণৰ পৰা গ্ৰন্থখনে অপৰিসীম সমৰ্থন লাভ কৰা বুলি উল্লেখ কৰি ৰছিদে কয়, “এই ধাৰণাটোৰ সকলোৱে শলাগ লৈছে। নতুন প্ৰজন্মই এই কিতাপখন ভাল পাইছে।"
 
কিতাপখন আশানুৰূপভাৱে বিক্ৰী হৈছে; মুখে মুখে ইয়াৰ প্ৰচাৰ হৈছে আৰু মানুহে কিতাপখনৰ ওপৰত যথেষ্ট সমালোচনা লিখিছে। মুছলমানসকলে কিয় আগবাঢ়িব পৰা নাই আৰু এতিয়াও পিছপৰি আছে, এই প্ৰশ্নৰ উত্তৰত শ্বেহলা ৰছিদে কয় যে, মুছলমানসকলে নিজে সৃষ্টি কৰি লোৱা মানসিক বাধাসমূহ অতিক্ৰম কৰিব লাগিব আৰু দ্বিতীয়তে, সম্প্ৰদায়টোৰ উন্নয়নত মনোনিৱেশ কৰিব লাগিব।
ৰ'ল মডেলৰ লেখিকা শ্বেহলা ৰছিদ
 
পৰিয়াল আৰু ব্যক্তিগত বিকাশক ৰাজনীতিৰ পৰা পৃথক কৰিব লাগিব বুলিও ৰছিদে উল্লেখ কৰে। “যদি আপুনি (মুছলমান সম্প্ৰদায়ক সম্বোধন কৰি) ভোট দিব বিচাৰে, তেন্তে নিজৰ পছন্দৰ দল এটাক ভোট দি থাকিব, কিন্তু কোনো দল বা ব্যক্তিৰ পৰা মচীহাৰ সৃষ্টি নকৰিব। নেহৰু-গান্ধী পৰিয়ালৰ কোনো সদস্য প্ৰধানমন্ত্ৰী নহ’লে আমি(মুছলমান সম্প্ৰদায়) একো লাভ কৰিব নোৱাৰিম বুলি ভবাটো সঠিক নহয়। আমি এই ধাৰণাটোৰ পৰা মুক্ত হ’ব লাগিব কাৰণ ভাৰত এখন মুক্ত দেশ। ই এখন মুকলি সমাজ য'ত সকলোৰে বাবে সুযোগ আছে। আপোনাৰ সম্প্ৰদায়ৰ বিকাশৰ লগতে আপোনাৰ ব্যক্তিগত বিকাশৰ ওপৰত গুৰুত্ব দিয়াটো ঠিকেই আছে৷ আমাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰি আমাৰ জীৱনৰ পৰিকল্পনা কিধৰণৰ হোৱা উচিত, সেয়া চিন্তা কৰিব লাগে। ইমানবোৰ ল’ৰা-ছোৱালীক আমি লালন-পালন কৰিব পাৰিম নে নাই? আমি মাত্ৰ এটা বা দুটা সন্তানৰ খৰচ বহন কৰিব পাৰোনে? আমি তেওঁলোকক মৌলিক শিক্ষা দিব পাৰিমনে? এই সকলোবোৰ কথা এই গ্ৰন্থখনত লিখা আছে।”-শ্বেহলা ৰছিদে কয়।
 
শ্বেহলা ৰছিদে কয় যে, আমি (মুছলমান) কিয় আমাৰ বীৰসকলক সন্মান আৰু গ্ৰহণ নকৰো, সেই কথা বুজিবলৈ তেওঁ ব্যৰ্থ। ‘আমি আমাৰ নায়কসকলক সন্মান কৰিব লাগিব, তেতিয়াহে বিশ্বই আমাক সন্মান কৰিব। মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছো। যিদিনা ড° এ পি জে আব্দুল কালামৰ মৃত্যু হৈছিল, সেইদিনা ইয়াকুব মেমন নামৰ এজন সন্ত্ৰকবাদীকো ফাঁচী দিয়া হৈছিল। যিহেতু ড° কালাম ভাৰতৰ এগৰাকী ৰাষ্ট্ৰপতি আছিল, সেয়েহে তেওঁক সম্পূৰ্ণ চৰকাৰী সন্মানেৰে শেষকৃত্য সম্পন্ন কৰা হৈছিল। কিন্তু কালামৰ মৃত্যুত মুছলমান সম্প্ৰদায়ে জিভাৱে দুখ প্ৰকাশ কৰিব লাগিছিল, সেইভাবে নকৰিলে। সাধাৰণ মুছলমান মানুহৰ ধাৰণা আছিল যে ড০ কালাম এজন মূৰ্তি পূজাৰী। এই ধাৰণা সঁচাকৈ  দুৰ্ভাগ্যজনক।”
কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক ৰ'ল মডেল উপহাৰ দিয়া সময়ত শ্বেহলা ৰছিদ
 
আন এক প্ৰশ্নৰ উত্তৰত শ্বেহলা ৰছিদে কয় যে, সামাজিক জীৱনত কেতিয়াবা বৈষম্যৰ সন্মুখীন হ’ব পাৰে। “এয়া সঁচা কথা, কিন্তু তাৰ বাবে আপুনি সমাজ ব্যৱস্থা আৰু চৰকাৰখনক সকলো ক্ষেত্ৰতে দায়ী কৰিব নোৱাৰে। এই বৈষম্য প্ৰশাসন ব্যৱস্থাৰ অংশ নহয়। ইয়াৰ এটা উদাহৰণ হ’ল যদি আপুনি ইউ পি এছ চি বা যিকোনো প্ৰতিষ্ঠানত আবেদন কৰে, তেন্তে আপোনাৰ নিৰ্বাচন স্বচ্ছভাৱে সম্পন্ন হয়। ইয়াৰ প্ৰমাণ হৈছে দৰিদ্ৰ পৰিয়ালৰ সন্তানে প্ৰতি বছৰে ইউ পি এছ চিত উত্তীৰ্ণ হৈ আই এ এছ বিষয়া হোৱাৰ কাহিনীসমূহ। যদি আপুনি আজি সিদ্ধান্ত লয় যে, মোৰ সন্তানে ভাৰতৰ শীৰ্ষ উকীল হ’ব বিচাৰে, তেন্তে তেওঁৰ সফলতা নিৰ্ভৰ কৰিব তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত। আমাৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰা এনে কোনো বাধা আমাৰ সমাজত নাই”।-তেওঁ কয়।
 
মুছলমানসকলৰ মাজত প্ৰচলিত ভুল ধাৰণা সম্পৰ্কে শ্বেহলা ৰছিদে কয়, যেতিয়া তেওঁ তেওঁৰ কিতাপখন লিখাৰ সময়ত লেফটেনেণ্ট জেনেৰেল আটা হাছনেইনৰ সাক্ষাৎকাৰ লৈছিল, তেতিয়া তেওঁ মুছলমান সমাজৰ মাজত প্ৰচলিত বহুতো ভুল ধাৰণাৰ কথা গম পাই আচৰিত হৈছিল। “মুছলমানৰ কোনো স্থান নথকা ভাৰতীয় সেনাবাহিনীত আটা হাছনেইন কেনেকৈ জেনেৰেল হ’ল বুলি এখন মাদ্ৰাছাৰ এজন ছাত্ৰই সোধা এটা প্ৰশ্ন শুনি তেওঁ খুৱ আচৰিত হৈছিল। আটাই  শিশুটিক সেনাবাহিনীৰ এই ভুল ধাৰণাটোৰ বিষয়ে সুধিলে, আৰু তেতিয়া তেওঁৰ মনত থকা ভুল ধাৰণাটোৰ পৰিসৰ ওলাই আহিল। শিশুটিয়ে বিশ্বাস কৰিছিল যে, সেনাবাহিনীত যোগদান কৰিলে মদ খোৱাটো বাধ্যতামূলক হৈ পৰে আৰু সেনাবাহিনীত হালাল মাংস পোৱা নাযায়।”-শ্বেহলা ৰছিদে কয়।
 
শ্বেহলা ৰছিদে ভাৰতীয় মুছলমানসকলক চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ কয়। ‘পাকিস্তানৰ এটা ছিয়া মছজিদৰ সন্মুখত প্ৰায় প্ৰতিদিনে বিস্ফোৰণ সংঘটিত হয়। মই মোৰ কিতাপত আৰু মোৰ সাক্ষাৎকাৰত এই কথা ক’বলৈ চেষ্টা কৰিছো যে, ভাৰত মুছলমানৰ বাবে নিৰাপদ স্থান, কাৰণ ইয়াত কোনেও আপোনাক ক’ব নোৱাৰে যে, আপুনি ছিয়া হ’লে এনেদৰে নামাজ পঢ়িব নোৱাৰিব, চুন্নী হ’লে এই কামটো কৰিব নোৱাৰিব। ইয়াত যি পন্থাই আপুনি অৱলম্বন নকৰক কিয়, সকলো মুক্ত। আহলে-হাদিছ মছজিদ পৃথক; আন কিছুমান সম্প্ৰদায়ৰ সুকীয়া মছজিদ আৰু ইমাম আছে। বাস্তৱতা হ’ল ভাৰত সকলোৰে বাবে সুৰক্ষিত। আপুনি আহমদীয়া হওঁক, ছিয়া, আগা খানী হওঁক, বা যিকোনো পন্থাৰ হওঁক। মুছলমানৰ বাবে সৃষ্টি কৰা দেশ পাকিস্তানলৈ এবাৰ চোৱা উচিত। তাত আহমদীয়াসকল কেতিয়াও প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে, সেনাবাহিনীত যোগদান কৰিব নোৱাৰে।”-সাক্ষাৎকাৰটোত শ্বেহলা ৰছিদে কয়।
'ৰ'ল মডেল' মুকলি কৰা সময়ৰ দৃশ্য
 
মজলিছ-ই-ইত্তহাদ-উল-মুছলিমিনৰ নেতা আছাদুদ্দিন ওৱাইছিৰ বিষয়ে তেওঁৰ মতামত সোধাত শ্বেহলাই কয়, “মই ওৱাইছি চাহাবক ভালপাওঁ আৰু তেওঁৰ ভাষণৰ পৰা বহু কথা শিকিবলৈ চেষ্টা কৰোঁ। সংসদত তেওঁৰ ভাষণবোৰ অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিব বিচৰা যুৱক-যুৱতীসকলে ওৱাইছি চাহাবৰ পৰা শিকিব লাগে বুলি মোৰ বিশ্বাস। মইও তেওঁৰ পৰা বহু কথা শিকিব পাৰোঁ। আটাইতকৈ ডাঙৰ কথাটো হ’ল মুছলমানে কাকো নেতা হিচাপে গ্ৰহণ নকৰে, কিন্তু ইয়াৰ বিপৰীতে ওৱাইছি চাহাবৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে। মই তেওঁক ভাল পাওঁ আৰু সকলোৱে তেওঁক ভাল পায়। আনকি হিন্দুসকলেও তেওঁক ভাল পায়, কাৰণ তেওঁৰ ভাষণবোৰ অতি শক্তিশালী।”
 
ওৱাইছিৰ কিছুমান বিতৰ্কিত বক্তব্যৰ সন্দৰ্ভত শ্বেহলা ৰছিদে কয় যে, কেতিয়াবা জিভা পিছলি যায়, ভুল সকলোৱে কৰে, আৰু আমি সকলোৱে মানুহ, মই ভাবোঁ যেতিয়া তেওঁ সংসদত 'জয় পেলেষ্টাইন' বুলি ধ্বনি দিছিল, তেতিয়া তেওঁ হয়তো জয় হিন্দ ক’বলৈ পাহৰি গৈছিল। তেওঁ ভোট পাই আছে নে নাই, সেয়া চোৱাটো জৰুৰী। এনে নহয় যে, তেওঁ কেৱল মুছলমানৰ পৰা ভোট পাইছে, তেওঁ হিন্দুৰ পৰাও ভোট পাইছে। তেওঁ কাম কৰি আছে। তেওঁ এজন আদৰ্শ ব্যক্তিও হয়।