হজৰত নিজামুদ্দিন দৰগাহত পৰম্পৰাগত চাদৰ আগবঢ়াই পাকিস্তানী কূটনীতিবিদে

Story by  atv | Posted by  [email protected] • 2 h ago
হজৰত নিজামুদ্দিন দৰগাহত পৰম্পৰাগত চাদৰ আগবঢ়াইছে পাকিস্তানী কূটনীতিবিদ ছাদ আহমদ ৱাৰাইচে
হজৰত নিজামুদ্দিন দৰগাহত পৰম্পৰাগত চাদৰ আগবঢ়াইছে পাকিস্তানী কূটনীতিবিদ ছাদ আহমদ ৱাৰাইচে
 
নতুন দিল্লী

ভাৰতস্থিত পাকিস্তানৰ চাৰ্জ ডি এফেয়াৰ্ছ (Charge d' Affaires) ছাদ আহমদ ৱাৰাইচে দিল্লীৰ চুফী সন্ত হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহত পাকিস্তানৰ চৰকাৰ আৰু জনসাধাৰণৰ হৈ পৰম্পৰাগত চাদৰ অৰ্পণ কৰে।
 
ৱাৰাইচে চুফী সন্তজনৰ চলি থকা ৭২১ সংখ্যক মৃত্যুৰ বাৰ্ষিকী উৰ্ছ অনুষ্ঠানত অংশগ্ৰহণ কৰি হজৰত নিজামুদ্দিনৰ দৰগাহৰ মিউছলিয়ামত নামাজ পঢ়ে। চাৰ্জ ডি এফেয়াৰ্ছ আৰু পাকিস্তানী তীৰ্থযাত্ৰীসকলক এই মন্দিৰত আদৰণি জনায় ছাজ্জাদাহ নাছিন দেৱান তাহিৰ নিজামীয়ে। পাকিস্তান চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে যে অংশগ্ৰহণকাৰীসকলে দোৱা আগবঢ়াই পাকিস্তানৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়।
একেটা চৌহদৰ ভিতৰতে অৱস্থিত হজৰত আমিৰ খুছৰোৰ দৰগাহতো পাকিস্তানৰ কূটনীতিবিদ ৱাৰাইচে শ্ৰদ্ধাঞ্জলি জনায়। ছাজ্জাদা নাছিনে পাকিস্তানী কূটনীতিবিদ আৰু পাকিস্তানী তীৰ্থযাত্ৰী গোটৰ নেতাৰ দস্তাৰবন্দি (পাগুৰি বন্ধা অনুষ্ঠান) পালন কৰে।
 
দিল্লীৰ হজৰত নিজামুদ্দিন আউলিয়াৰ পাঁচ দিনীয়া উৰ্ছত অংশগ্ৰহণ কৰিবলৈ আহিছে প্ৰায় ৮২ গৰাকী হজযাত্ৰী। এই উপলক্ষে ভাষণ দি ৱাৰাইচে ইছলামৰ নীতি অনুসৰি সাৰ্বজনীন ভাতৃত্ববোধ, প্ৰেম আৰু সহনশীলতাৰ পোষকতা কৰে আৰু এই ক্ষেত্ৰত চুফী সন্তসকলৰ ভূমিকাক সন্মান জনায়।


শেহতীয়া খবৰ