আশা খোছা / নতুন দিল্লী
পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যা থকা দেশখন হৈছে ভাৰতবৰ্ষ। জনসংখ্যাৰ ফলত ভাৰতবৰ্ষত বিভিন্ন সমস্যা দেখা যায়। তাৰে ভিতৰত এক অতি গুৰুত্বপূৰ্ণ সমস্যা হৈছে নিবনুৱা সমস্যা। পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যা থকাৰ পিছতো ভাৰতবৰ্ষত চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক অধিক সন্তান জন্ম দিয়াত সহায় কৰিবলৈ ধন আগবঢ়াইছে। সেই সম্প্ৰদায়টো হৈছে পাৰ্চী সম্প্ৰদায়। তেওঁলোক মূলতঃ ইৰাণৰ আৰু ভাৰতৰ এটা অতি সৰু গোট। বছৰ বছৰ ধৰি এই সম্প্ৰদায়টোৰ সংখ্যা দ্ৰুতগতিত কমি আহিছে আৰু এতিয়া এই সম্প্ৰদায়টো একেবাৰে নোহোৱা হোৱাৰ আশংকা কৰা হৈছে।
পাৰ্চী সম্প্ৰদায়টোক সহায় কৰিবলৈ ভাৰত চৰকাৰে প্ৰায় ২০ বছৰ পূৰ্বে "জিয়ো পাৰ্চী" (Jiyo Parsi) নামৰ এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছিল। এই কাৰ্যসূচীয়ে পাৰ্চী দম্পতীক আইভিএফ (টেষ্ট টিউব বেবী), চেৰ’গেচি (অন্য মহিলাৰ গৰ্ভত থকা কেঁচুৱা), আৰু কেঁচুৱা জন্ম দিয়াত সহায় কৰাৰ অন্যান্য উপায়ৰ দৰে ব্যয়বহুল চিকিৎসাৰ বাবে ধন দি সন্তান জন্ম দিয়াত সহায় কৰে। এই কাৰ্যসূচীত দম্পতীক সন্তান জন্ম দিয়া আৰু পৰিয়ালৰ বৃদ্ধ সদস্যৰ যত্ন লোৱাত সহায় কৰিবলৈও ধন দিয়া হয়।
পাৰ্চীসকলে নৱবৰ্ষ বা নৱৰোজ উদযাপন কৰাৰ এক দৃশ্য
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ৰূপায়ন কৰা এই আঁচনিখনৰ লক্ষ্য হৈছে পাৰ্ছী সম্প্ৰদায়ৰ অস্বাভাৱিক জনসংখ্যা হ্ৰাসক ৰোধ কৰা। এই পৰ্যন্ত এই কাৰ্যসূচীৰ জৰিয়তে ৪০০ টা পাৰ্চী কেঁচুৱা জন্ম হৈছে। এইটো এটা ভাল খবৰ হ’লেও পাৰ্চী সম্প্ৰদায়টো বিলুপ্ত হোৱাত বাধা দিবলৈ এতিয়াও যথেষ্ট হোৱা নাই। সম্প্ৰদায়টোৰ জনসংখ্যা সুস্থিৰ কৰি ৰাখিবলৈ প্ৰতিগৰাকী পাৰ্চী মহিলাই গড়ে কমেও ২টা সন্তান জন্ম দিব লাগিব, কিন্তু বৰ্তমানলৈ তেওঁলোকে এই সংখ্যাত উপনীত হোৱা নাই।
প্ৰতিটো পাৰ্ছী কেঁচুৱাৰ জন্ম কেৱল পৰিয়াল আৰু সমাজৰ বাবেই নহয়, চৰকাৰৰ বাবেও এক সুখৰ মুহূৰ্ত। চৰকাৰে পাৰ্ছী দম্পতীক চাৰি বছৰৰ বাবে প্ৰতিমাহে ৩ হাজাৰ টকা দি সন্তানৰ যত্ন লোৱাত সহায় কৰে। ইয়াৰ উপৰিও তেওঁলোকে পৰিয়ালসমূহক বৃদ্ধ সদস্যৰ যত্ন লোৱাত সহায় কৰিবলৈ ৪ হাজাৰ টকা আগবঢ়ায়, যাতে বয়োজ্যেষ্ঠসকলৰ যত্ন ল'বৰ বাবে দম্পতীয়ে সন্তান জন্ম নিদিয়াকৈ নাথাকে।
এতিয়ালৈকে ১১৫ টা দম্পতীয়ে এই আৰ্থিক সহায় লাভ কৰিছে। লোকপিয়ল অনুসৰি, ভাৰতত ১৯৪১ চনত ১১৪,০০০ জনসংখ্যা থকা পাৰ্ছী সম্প্ৰদায়ৰ জনসংখ্যা এতিয়া ৫৭,২৬৪ লৈ হ্ৰাস পাইছে। সম্প্ৰদায়টো সংকুচিত হৈ আহিছে, আৰু আগন্তুক দিনত বিলুপ্তি হৈ যাব পাৰে বুলিও চিন্তাৰ বিষয় হৈ পৰিছে। এই হ্ৰাস বন্ধ হোৱা বৰ্তমানলৈ ৰোধ হোৱা নাই, কিয়নো পাঁচ বছৰৰ তলৰ পাৰ্ছী শিশুৰ সংখ্যা মুঠ জনসংখ্যাৰ মাত্ৰ ৩.২% হে আছে। ইয়াৰ কাৰণ হ'ল, পৰ্যাপ্ত পৰিমাণৰ কেঁচুৱা জন্ম হোৱা নাই, আৰু বহু পাৰ্ছী লোক বয়সীয়াল হৈ পৰিছে, যাৰ ফলত পৰিস্থিতি আৰু বেয়া হৈ পৰিছে।
ইয়াৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল বহু যুৱ পাৰ্চী দম্পতীয়ে পৰিয়ালৰ বৃদ্ধ সদস্যৰ যত্ন লোৱাৰ দায়িত্ব লয়। ইয়াৰ ফলত তেওঁলোকৰ সন্তান জন্মৰ কথা চিন্তা কৰাটো কঠিন হৈ পৰে। এই সমস্যাত সহায় কৰিবলৈ চৰকাৰে দম্পতীক তেওঁলোকৰ বৃদ্ধ আত্মীয়ৰ যত্ন লোৱাত সহায় কৰিবলৈ ধন দিয়ে যাতে তেওঁলোকে পৰিয়াল বৃদ্ধি কৰাত মনোনিৱেশ কৰিব পাৰে। আন এটা ডাঙৰ কাৰণ হ’ল বহু পাৰ্ছী লোকে বিয়া হোৱা নাই অথবা সন্তান জন্ম দিয়াৰ পৰা বিৰত আছে। মুম্বাইৰ এজন সুপৰিচিত পাৰ্ছী সাংবাদিক বচ্চি কাৰকাৰীৰ মতে, বহু পাৰ্ছীলোক চিন্তিত যে তেওঁলোকৰ সম্প্ৰদায়ৰ লোকে আন্তঃধৰ্মীয় বিবাহ সম্পন্ন কৰাৰ পিছত সন্তানে অন্য সম্প্ৰদায়ৰ আওতাত আহিব পাৰে।
নৱবিবাহিত এহাল পাৰ্ছী দম্পতী
বৰ্তমান ৩৮% পাৰ্ছীয়ে সম্প্ৰদায়ৰ বাহিৰৰ লোকৰ সৈতে বিবাহপাশত আবদ্ধ হয়, আৰু এই সংখ্যা বৃদ্ধি পাই আছে। ইয়াৰ উপৰিও ৫০ বছৰ বয়সলৈকে প্ৰতি ১০ গৰাকী পাৰ্ছী মহিলাৰ ভিতৰত এগৰাকী আৰু প্ৰতি পাঁচগৰাকী পাৰ্চী পুৰুষৰ ভিতৰত এজন অবিবাহিত হৈ আছে। জন্মৰ হাৰ ইমানেই হ্ৰাস পাইছে যে সম্পূৰ্ণ পাৰ্ছী পৰিয়ালৰ ৯টা পৰিয়ালৰ ভিতৰত মাত্ৰ এটাতহে ১০ বছৰৰ তলৰ সন্তান আছে। উল্লেখ্য যে, জৰদস্তি (Zoroastrians) বুলিও জনাজাত পাৰ্ছীসকলে ধৰ্মান্তৰকৰণৰ অনুমতি নিদিয়ে। ইয়াৰ বাবেই আন্তঃধৰ্মীয় বিবাহপাঁশত আৱদ্ধ হোৱা সন্তানক সমাজত গ্ৰহণ কৰা নহয়, যিটো তেওঁলোকৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ এটা অন্যতম কাৰণ। যদিও বহু মহিলা আৰু সমাজৰ সদস্যই পৰিৱৰ্তন বিচাৰে, তথাপি একাংশ ধৰ্মীয় নেতাই এতিয়াও বেলেগ ধৰ্মৰ লোকৰ সৈতে বিবাহ হোৱা মহিলাসকলক মন্দিৰত সেৱা কৰিবলৈ বা প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিবলৈ নিদিয়ে।
পাৰ্ছী সমাজত বিশেষকৈ মহিলাসকলে এই নিয়ম সলনি হোৱাটো বিচাৰে। তেওঁলোকৰ মতে সমাজখন নোহোৱা হোৱাৰ পৰা বচাবলৈ হ’লে ধৰ্ম আৰু সম্প্ৰদায়ৰ অংশ কোন হ’ব পাৰে, সেই সম্পৰ্কে নিয়মবোৰ অধিক নমনীয় হ’ব লাগে। উদাহৰণস্বৰূপে, তেওঁলোকে ভাবে যে আন্তঃধৰ্মীয় বিবাহৰ সন্তানক সমাজত যোগদান কৰিবলৈ দিয়া উচিত। কিন্তু ধৰ্মগুৰুসকলে এই পৰিৱৰ্তন কৰিবলৈ সন্মত হোৱা নাই। কাৰকাৰীয়ে যুক্তি আগবঢ়ায় যে যদি পাৰস্যৰ পৰা অহা পাৰ্ছীসকলৰ পূৰ্বপুৰুষসকলে ভাৰতৰ নতুন সংস্কৃতিৰ সৈতে পৰিৱৰ্তন আৰু খাপ খুৱাবলৈ সক্ষম হৈছিল, তেন্তে সম্প্ৰদায়টোৱে বিলুপ্তিৰ পৰা হাত সাৰিবলৈ নিজৰ নিয়ম সলনি কৰিব পাৰিব লাগে। তেওঁ আঙুলিয়াই দিয়ে যে পাৰ্ছীসকলৰ পূৰ্বপুৰুষসকলে নিজৰ জৰদস্তি বিশ্বাস ৰক্ষাৰ বাবে নিজৰ পাৰ্ছী পৰিচয় এৰি থৈ গৈছিল।
প্ৰতিনিত্বমূলক ছবি
এটা প্ৰব্ৰজিত সম্প্ৰদায়ে কেনেকৈ লাভৱান হ’ব পাৰে আৰু নিজৰ নতুন গৃহভূমিলৈ অৰিহণা যোগাব পাৰে তাৰ এক ডাঙৰ উদাহৰণ হিচাপে পাৰ্ছীসকলক গণ্য কৰা হয়। পাৰ্ছী সম্প্ৰদায়ৰ বিখ্যাত লোকসকলৰ ভিতৰত আছে ৰতন টাটা, গোড্ৰেজৰ দৰে ব্যৱসায়ী, বিজ্ঞানী ড° হোমি ভাভা, স্বাধীনতা সংগ্ৰামী বিকাজী কামা, সামৰিক নায়ক ছেম মানেক্সো, ননী পালকিৱালা আৰু সোলি সোৰবজীৰ দৰে আইনী বিশেষজ্ঞ, অভিনেতা বোমান ইৰানী আদি।
জিয়ো পাৰ্ছী (Jiyo Parsi ) আঁচনিৰ উন্নতিৰ বাবে চৰকাৰে এই প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰি তুলিবলৈ অনলাইন পৰ্টেল আৰম্ভ কৰিছে। হিতাধিকাৰীৰ পৰিচয় গোপন কৰি ৰখা হয় যদিও পূৰ্বে সেৱা প্ৰদানকাৰীক দিয়াৰ বিপৰীতে ধনখিনি পোনপটীয়াকৈ হিতাধিকাৰীলৈ স্থানান্তৰ কৰে।