অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীসকলক খাদ্য পৰিবেশন কৰি আহিছে মুছলমান সম্প্ৰদায়ৰ লোকে

Story by  atv | Posted by  Munni Begum • 1 Months ago
ৱাফা ফাউণ্ডেশ্যনৰ উদ্যোগত মুছলমান সম্প্ৰদায়ৰ লোকে অমৰনাথ যাত্ৰাত তীৰ্থযাত্ৰীসকলক খাদ্য পৰিবেশন কৰাৰ এক মূহুৰ্ত
ৱাফা ফাউণ্ডেশ্যনৰ উদ্যোগত মুছলমান সম্প্ৰদায়ৰ লোকে অমৰনাথ যাত্ৰাত তীৰ্থযাত্ৰীসকলক খাদ্য পৰিবেশন কৰাৰ এক মূহুৰ্ত
 
আৱাজ দ্য ভইচ / নতুন দিল্লী
 
অমৰনাথ যাত্ৰাই সমগ্ৰ দেশতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা বিলাই আহিছে। কাশ্মীৰী মুছলমানসকল বিগত শ শ বছৰ ধৰি এই পবিত্ৰ অমৰনাথ যাত্ৰাৰ অংশ হৈ আহিছে। প্ৰতিবছৰৰ দৰে এইবাৰো মুছলমান সম্প্ৰদায়ৰ লোকসকলে লংগৰ আয়োজন কৰি হিন্দু তীৰ্থযাত্ৰীসকলক খাদ্য পৰিবেশন কৰিছে।  
 
ৱাফা ফাউণ্ডেশ্যনৰ উদ্যোগত মুছলমান সম্প্ৰদায়ৰ লোকে পবিত্ৰ তীৰ্থস্থান অমৰনাথ অভিমুখে গৈ থকা তীৰ্থযাত্ৰীসকলক ভাত, খিৰ পৰিবেশন কৰিছে। ৱাফা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক পাৰভেজ আলী ৱাফাই কয় যে, ৰাজ্যখন বিশেষকৈ জম্মু অঞ্চলত বিগত সময়ছোৱাত বহু পৰিমানে এক শান্তিপূৰ্ণ বাতাৱৰনে বিৰাজ কৰি আহিছে। তেওঁ কয়, "জম্মু-কাশ্মীৰত ধৰ্ম নিৰপেক্ষ ভাৰতৰ প্ৰকৃত বহুত্ববাদী নীতি-নিয়ম প্ৰতিফলিত হয়, য'ত বিভিন্ন সম্প্ৰদায়ৰ লোকে প্ৰেম আৰু সম্প্ৰীতিৰে একত্ৰিত হৈ বসবাস কৰাৰ প্ৰয়াস কৰি আহিছে, এক কথাত কবলৈ গলে দৈনন্দিন জীৱনত ইজনে আনজনৰ পৰিপূৰক।" 
 
জম্মুৰ স্থানীয় ব্যক্তি শ্বব্বিৰ আহমেদে প্ৰতি বছৰে অমৰনাথ যাত্ৰাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকে। কিয়নো কাশ্মীৰত প্ৰৱেশ কৰা তীৰ্থযাত্ৰীসকলক আদৰিবলৈ তেওঁ প্ৰতিবছৰে এখন ষ্টল স্থাপন কৰি আহিছে, যত তেওঁ তীৰ্থযাত্ৰীসকলক খাদ্য পৰিবেশন কৰি আহিছে। যাৰ বাবে গংগা-জামুনি সংস্কৃতি স্পষ্টকৈ প্ৰতিফলিত হৈ আহিছে।
 
অমৰনাথ যাত্ৰাৰ পথত তীৰ্থযাত্ৰীৰ বাবে ছেলিম ঠাকুৰে স্থাপন কৰা এখন নিৰামিষ আহাৰৰ বিপণিৰ ফলক
 
উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে কানৱাৰ যাত্ৰা পথৰ হোটেল আৰু ৰাজপথৰ ব্যৱসায়ীসকলক দোকানৰ স্বত্বাধিকাৰীৰ নামত নাম  ফলক লগোৱাৰ নিৰ্দেশ দিয়া হৈছিল। এই বিষয়ত যোগী চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ দিছে উচ্চতম ন্যায়ালয়ে। আদালতে কয় যে ব্যৱসায়ীসকলে নিজৰ পৰিচয় প্ৰকাশ কৰিব নালাগে আৰু দোকানৰ স্বত্বাধিকাৰীয়ে নিজৰ নাম প্ৰকাশ কৰিব নালাগে। আদালতে কয় যে দোকানৰ স্বত্বাধিকাৰীসকলে খাদ্যৰ ধৰণহে কোৱাৰ প্ৰয়োজন নাম নহয়। আদালতে স্পষ্টকৈ কৈছে যে, দোকানত লিখিব লাগে যে দোকানত নিৰামিষ খাদ্য পোৱা যায়, এয়া নিৰামিষ খাদ্য।
 
ইফালে সংঘাতগ্ৰস্ত কাশ্মীৰ অঞ্চলত অমৰনাথ গুহা মন্দিৰলৈ চলি থকা বাৰ্ষিক তীৰ্থযাত্ৰাই হিন্দু তীৰ্থযাত্ৰী আৰু স্থানীয় মুছলমান সম্প্ৰদায়ৰ মাজত সমন্বয়ৰ সৃষ্টি কৰি আহিছে। 
 
দৰাচলতে কাশ্মীৰ এনে এক অঞ্চল যিটো দশক দশক ধৰি ভাৰত চৰকাৰ আৰু কাশ্মীৰী উগ্ৰপন্থীৰ মাজত সশস্ত্ৰ সংঘৰ্ষত জুৰুলা হৈ আহিছে। জম্মুৰ স্থানীয় মুছলমান ব্যক্তি শ্বব্বিৰ আহমেদে তীৰ্থযাত্ৰীসকলক উত্তৰ ভাৰতৰ জনপ্ৰিয় খাদ্য ৰাজমা চাৱাল পৰিবেশন কৰে। যাৰ বাবে বন্ধুত্ব বৃদ্ধি পায় আৰু ভাগ-বতৰা কৰা বিশ্বাসৰ ওপৰত গুৰুত্ব দিয়া হয়। বছৰ বছৰ ধৰি তেওঁ বন্ধুত্ব গঢ়ি তুলিছে আৰু তেওঁলোকৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। আহমেদৰ মতে, "আমি প্ৰত্যেকে হয়তো ভিন ভিন ধৰ্মত বিশ্বাস কৰোঁ, কিন্তু বিশ্বাস সাৰ্বজনীনভাৱে একে।"
 
১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ সময়ত কাশ্মীৰ ভাৰতৰ সৈতে একত্ৰিত হয়। সাংবিধানিক বিধানৰ অধীনত মুছলমানসকলে পাকিস্তানত একত্ৰিত হোৱা নাই। যাৰ ফলত কাশ্মীৰত অৰ্ধ স্বায়ত্তশাসিত শাসনৰ অনুমতি দিয়া হৈছিল। কিন্তু  কাশ্মীৰৰ এটা অংশ এতিয়াও পাকিস্তানৰ শাসনৰ অধীনত আছে।
 
পবিত্ৰ অমৰনাথ গুহা পৰিদৰ্শন কৰিবলৈ যোৱা তীৰ্থযাত্ৰীৰ দীঘলীয়া শাৰী
 
কাশ্মীৰ উপত্যকাত বসবাস কৰা প্ৰায় ৭০ লাখ লোকৰ ভিতৰত ৯৭% মুছলমান সম্প্ৰদায়ৰ লোক। চৰকাৰী তথ্য অনুসৰি বিগত তিনিটা দশকত মূলতঃ ভাৰতীয় নিৰাপত্তা বাহিনী আৰু কাশ্মীৰী উগ্ৰপন্থী বিচ্ছিন্নতাবাদীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত প্ৰায় ৪৭ হাজাৰ লোক নিহত হৈছিল। নব্বৈৰ দশকত বহু কাশ্মীৰী হিন্দু সম্প্ৰদায়ৰ লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে পলায়ন কৰি উপত্যকাৰ বাহিৰত বসতি স্থাপন কৰিছিল। অঞ্চলটোত অস্থিৰতাৰ মাজতো হিন্দু তীৰ্থযাত্ৰীক মালা পিন্ধোৱাকে ধৰি আহমেদে আদৰণি জনোৱাৰ ধৰন, সেয়া ভাৰতৰ মুছলমান আৰু হিন্দুৰ মাজত বিভাজন আৰু ঘৃণাৰ ভাৰতীয় সংবাদ মাধ্যমৰ আখ্যানৰ সম্পূৰ্ণ বিৰোধী। 
 
আহমেদৰ মতে, "আমি প্ৰতি বছৰে অমৰনাথ তীৰ্থযাত্ৰা আৰম্ভ হ'লে তীৰ্থযাত্ৰীসকলৰ বাবে এটা সামূহিক ৰান্ধনীশালৰ আৰম্ভ কৰোঁ। এই তীৰ্থযাত্ৰা ভাতৃত্ববোধৰ প্ৰতীক। আমি সকলো মুছলমান বন্ধুৱে একত্ৰিত হৈ তীৰ্থযাত্ৰাৰ সময়ত হিন্দু তীৰ্থযাত্ৰীসকলৰ বাবে এই সামূহিক ৰান্ধনীশালটো স্থাপন কৰি তীৰ্থযাত্ৰালৈ যোৱাৰ আগতে তেওঁলোকক আহাৰ পৰিবেশন কৰোঁ। তেওঁলোক আমাৰ অতিথি, আৰু আমি তেওঁলোকক অন্তৰৰ পৰা আদৰণি জনাওঁ।"  
 
নিবনুৱা সমস্যা বৃদ্ধি হৈ থকা অঞ্চলত তীৰ্থযাত্ৰাও এক অৰ্থনৈতিক আশীৰ্বাদ। নিবনুৱা সমস্যাৰ ক্ষেত্ৰত জম্মু-কাশ্মীৰৰ স্থান প্ৰায়ে ভাৰতৰ শীৰ্ষত। ২০২৩ চনৰ মাৰ্চ মাহলৈকে জম্মু-কাশ্মীৰৰ নিবনুৱাৰ হাৰ ২৩%, আনহাতে ৰাষ্ট্ৰীয় গড় মাত্ৰ ৮%। ২০১৬ চনত কাশ্মীৰী সন্ত্ৰাসবাদী বুৰহান ৱানীক হত্যা কৰাৰ পিছৰ বছৰবোৰত ভাৰতীয় নিৰাপত্তা বাহিনীৰ সৈতে যুঁজিবলৈ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা কাশ্মীৰী যুৱকৰ সংখ্যা বৃদ্ধি পাইছিল।
 
২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত এজন কাশ্মীৰী আত্মঘাতী বোমাৰু আৰু পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ সদস্যই ৪০ জন ভাৰতীয় নিৰাপত্তাৰক্ষীক হত্যা কৰাৰ ফলত সমগ্ৰ ভাৰততে পাকিস্তানৰ বিৰুদ্ধে অধিক শক্তিশালী প্ৰতিৰক্ষাৰ আকাংক্ষাৰ সৃষ্টি হৈছিল। বিশ্লেষকসকলৰ মতে ই ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ ভাৰতীয় জনতা পাৰ্টিক পুনৰ নিৰ্বাচিত কৰাত সহায় কৰিছিল। আহমেদৰ ষ্টলত সৰুকৈ পুৱাৰ আহাৰ (ব্ৰেকফাষ্ট) হৈছে  অমৰনাথলৈ বাৰ্ষিক তীৰ্থযাত্ৰা আৰম্ভ কৰাৰ উপায় হিচাপে প্ৰতি বছৰে বহু হিন্দু তীৰ্থযাত্ৰীয়ে কৰা এক অনুষ্ঠান।
 
অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীসকলক পিঠিত কঢ়িয়াই নিয়া এক দৃশ্য
 
দিল্লীৰ পৰা অহা তীৰ্থযাত্ৰী ৰাজেশ পালৰ মতে, "ইয়াত উপস্থিত হোৱাৰ পিছত মোৰ বৰ ভাল লাগিছে। মই প্ৰথমবাৰৰ বাবে অমৰনাথ যাত্ৰালৈ আহিছো। এই মুছলমান ব্যক্তিগৰাকীয়ে হিন্দু সম্প্ৰদায়ৰ লোকসকলক খাদ্য পৰিবেশন কৰা দেখিছোঁ। যি স্বৰ্গীয় অনুভূতি অনুভৱ কৰাৰ দৰে, মানুহে এই ঠাইখনক বদনাম কৰি আহিছে, কিন্তু ইয়াৰ মাটিৰ পৰিস্থিতি সম্পূৰ্ণ বিপৰীত। মই উত্তৰাখণ্ড আৰু অন্যান্য ঠাইলৈ কেদাৰনাথলৈ তীৰ্থযাত্ৰা কৰিবলৈ গৈছো, কিন্তু ইয়াৰ মানুহৰ পৰা যিমান মৰম আৰু সন্মান পাইছো, সেই মৰম ক'তো বিচাৰি পৱা নাই।" 
 
অমৰনাথলৈ যোৱাৰ পথত কাৰোবাক সেৱা কৰাটো স্থানীয় মুছলমান লোকসকলৰ বাবে এক বিশেষ অধিকাৰস্বৰূপ। এই তীৰ্থযাত্ৰা হিন্দু-মুছলমান ঐক্যৰ প্ৰতীক হৈয়েই আছে। ১৫০ বছৰতকৈও অধিক পূৰ্বে কাশ্মীৰী মুছলমান পৰিয়ালে এই গুহাটো আৱিষ্কাৰ কৰিছিল। ১৯৯৬ চনত হোৱা বৰফৰ ধুমুহাৰ সময়ত স্থানীয় মুছলমান লোক সকলে শ শ তীৰ্থযাত্ৰীক ৰক্ষা কৰিছিল, য’ত তীৰ্থযাত্ৰা পথত ২০০ জন লোকৰ মৃত্যু হৈছিল।
 
প্ৰায় ১৮৬ মাইল (৩০০ কিলোমিটাৰ) দূৰৈৰ গণ্ডাৰবলৰ যাত্ৰা বেছ কেম্পত প্ৰতি বছৰে হাজাৰ হাজাৰ কাশ্মীৰী মুছলমান সম্প্ৰদায়ৰ দোকানী আৰু কৰ্মচাৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অমৰনাথ তীৰ্থযাত্ৰীক আদৰণি জনায়। বহুতৰে বাবে এই খোজকাঢ়ি যোৱা যাত্ৰাটো কাশ্মীৰৰ বিখ্যাত আতিথ্য আপ্যায়ন অনুভৱ কৰাৰো সুযোগ। 
 
বাটত প্ৰতিটো ষ্টপেজতে মানুহ গোট খায়। ধৰ্ম কোনো বাধা নহয় বৰং কথা-বতৰাহে। তীৰ্থযাত্ৰীসকলে কয় যে বিশ্বাসৰ এই যাত্ৰাত চিনাকী লোকক আকোৱালি লোৱাৰ দৰে। প্ৰতি বছৰে সমগ্ৰ ভাৰতৰ পৰা হাজাৰ হাজাৰ হিন্দুধৰ্মালম্বী লোকে পিছল পাহাৰত উঠি ১৪ হাজাৰ ফুট উচ্চতাত অৱস্থিত গুহাটোৰ বৰফৰ স্তম্ভটোৰ আভাস লয়। য’ত ভগৱান শিৱৰ বাসস্থান বুলি বিশ্বাস কৰা হয়। ভাৰতৰ গৰম অঞ্চলৰ পৰা বেছিভাগেই অহা তীৰ্থযাত্ৰীসকলে গুহাত পূজা কৰিবলৈ পাহাৰ বগাই যায়।
 
পবিত্ৰ অমৰনাথ গুহাৰ বৰফৰ শিৱলিংগ
 
উত্তৰ কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ বালতালত তীৰ্থযাত্ৰীক ফাৰুক আহমেদে কাশ্মীৰী হস্তশিল্প বিক্ৰী কৰি আহিছে। দৰ্শনীয় সৌন্দৰ্য্যৰ বাবে পৰিচিত এই পৰ্যটন চহৰখনলৈ হিন্দু তীৰ্থযাত্ৰীক আদৰণি জনোৱা হাজাৰ হাজাৰ মুছলমান ব্যৱসায়ী আৰু দোকানীৰ ভিতৰত তেওঁ অন্যতম এগৰাকী।
 
তেওঁ কয়, "আমি তীৰ্থযাত্ৰীসকলৰ সৈতে যোগাযোগ আৰু ফোন নম্বৰ বিনিময় কৰোঁ, যিয়ে আমাক সংযোগ স্থাপন কৰাত সহায় কৰে। উৎসৱত আমি ইজনে সিজনক ফোন কৰো। আমি যোৱা ১৫ বছৰ ধৰি অবিৰতভাৱে এখন দোকান খুলি আহিছো। কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ স্থানীয় মুছলমানৰ ৮০ শতাংশ ব্যৱসায় এই তীৰ্থযাত্ৰাৰ ওপৰত নিৰ্ভৰশীল।"  
 
অমৰনাথ যাত্ৰাই ভাৰতৰ বাকী অংশৰ হিন্দু আৰু কাশ্মীৰৰ মুছলমানৰ মাজত মিলনৰ প্ৰসাৰ ঘটায়, হিংসাৰ দ্বাৰা বিভক্ত সম্প্ৰদায়সমূহক একত্ৰিত কৰাৰ অনুঘটক হিচাপে কাম কৰে। নব্বৈৰ দশকৰ সময়ছোৱাত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে লাখ লাখ কাশ্মীৰী হিন্দুৱে ঘৰ-দুৱাৰ হেৰুৱাই পলায়ন কৰিছিল।
 
তীৰ্থযাত্ৰা হিন্দু-মুছলমান ঐক্যৰ উৎস হৈ আহিছে, যদিও এই পবিত্ৰ গুহাটো হিন্দু ত্ৰিদেৱ অন্যতম ভগৱান শিৱৰ এগৰাকী মুছলমান ভক্তই আৱিষ্কাৰ কৰিছিল। বহু মুছলমান ব্যৱসায়ী এই পৰ্যটনৰ দ্বাৰা উপকৃত হৈ আহিছে। যোৱা কিছু বছৰত এই তীৰ্থযাত্ৰাত  সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাও সংঘটিত হৈছে। ২০১৭ চনত সংঘটিত আক্ৰমণৰ ফলত ৮ জন হিন্দু তীৰ্থযাত্ৰী নিহত হৈছিল। 
 
অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীসকল
 
মোডী নেতৃত্বাধীন চৰকাৰে জম্মু-কাশ্মীৰৰ অৰ্ধ স্বায়ত্তশাসনৰ অনুমতি দিয়া সাংবিধানিক বিধান ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ, কিছুদিন পূৰ্বে যোৱা আগষ্ট মাহত হঠাৎ তীৰ্থযাত্ৰা বন্ধ কৰি দিয়া হৈছিল। সেই নিৰ্দেশৰ কেইদিনমান পূৰ্বে চৰকাৰে পৰামৰ্শ জাৰি কৰি সকলো পৰ্যটক আৰু অমৰনাথ তীৰ্থযাত্ৰীক কাশ্মীৰ এৰি যাবলৈ অনুৰোধ জনাইছিল। প্ৰথম ২৪ ঘন্টাত ২০ হাজাৰৰো অধিক পৰ্যটকে উপত্যকা এৰি থৈ যায়।
 
দশক দশক ধৰি চলি থকা হিংসা আৰু ৰাজনৈতিক উত্তেজনাৰ পটভূমিত এই তীৰ্থযাত্ৰাই আন্তঃধৰ্মীয় সহযোগিতা আৰু অৰ্থনৈতিক সাহায্যৰ ৰেখাপাত হিচাপে কাম কৰি আহিছে। প্ৰতি বছৰে হাজাৰ হাজাৰ হিন্দু তীৰ্থযাত্ৰীয়ে অমৰনাথ গুহাত উপস্থিত হয়। সকলোৱে ইয়ালৈ অহাৰ সুযোগ পাওক তাৰেই প্ৰাৰ্থনা। কাশ্মীৰৰ জনসাধাৰণৰ লগত মই বহুত সুখী।