বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ; মুছলিম ৰাষ্ট্ৰীয় মঞ্চই উদযাপন কৰিব মানৱ অধিকাৰ সপ্তাহ

Story by  atv | Posted by  Munni Begum • 12 h ago
নতুন দিল্লীৰ পাহাৰগঞ্জত থকা মঞ্চৰ কাৰ্যালয় কালাম ভৱনত অনুষ্ঠিত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ বিষয়া আৰু কৰ্মীৰ বৈঠক
নতুন দিল্লীৰ পাহাৰগঞ্জত থকা মঞ্চৰ কাৰ্যালয় কালাম ভৱনত অনুষ্ঠিত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ বিষয়া আৰু কৰ্মীৰ বৈঠক
 
আৱাজ দ্য ভইচ/নতুন দিল্লী
 
বাংলাদেশত হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা হিংসাই মানৱতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত গভীৰ আঘাত হানিছে। এই ঘটনা সন্দৰ্ভত মুছলিম ৰাষ্ট্ৰীয় মঞ্চই শক্তিশালী স্থিতি গ্ৰহণ কৰি ন্যায়ৰ দাবী জনাইছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিষয়টো উত্থাপন কৰিবলৈ অভিযান আৰম্ভ কৰিছে।
 
মুছলিম ৰাষ্ট্ৰীয় মঞ্চই স্পষ্ট কৰি দিছে যে, এতিয়া কোনো ধৰণৰ অন্যায়ৰ বিৰুদ্ধে মৌনতা অৱলম্বন কৰা নহব। ইয়াৰ সমান্তৰালকৈ মঞ্চই সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ লেতেৰা ৰাজনীতিক সম্ভলত সংঘটিত হিংসা আৰু মৃত্যুৰ বাবে জগৰীয়া কৰিছে। সম্ভল আৰু আজমেৰৰ ক্ষেত্ৰত মঞ্চই ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু সংবিধান আৰু ন্যায়পালিকাৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনাইছে।  
 
বাংলাদেশৰ হিন্দু সংখ্যালঘুৰ প্ৰতিবাদ
 
গুৰুত্বপূৰ্ণ বৈঠকত কঠোৰ সিদ্ধান্ত 
 
নতুন দিল্লীৰ পাহাৰগঞ্জত থকা মঞ্চৰ কাৰ্যালয় কালাম ভৱনত নিশা অনুষ্ঠিত এক  বৈঠকত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ (এমআৰএম) বিষয়া আৰু কৰ্মীসকলে বিভিন্ন জ্বলন্ত বিষয়ৰ ওপৰত আলোচনা কৰে। বৈঠকত মহম্মদ আফজল, শ্বাহিদ আখতাৰ, ড০ মজিদ তালিকোটি, শালিনী আলী, চৈয়দ ৰাজা হুছেইন ৰিজৱী, গিৰীশ জুয়াল, ইমৰান চৌধুৰী, হাফিজ চাব্ৰিন, শাকিৰ হুছেইন, ৱিৰাগ পঞ্চপীৰ, ফাৰুক খান, ঠাকুৰ ৰাজা ৰইছ, এছ কে মুদ্দিন, আবু বকৰ নকৱী, শ্বাহিদ ছাইদ, আলতামাছ বিহাৰী, ইৰফান আলী পীৰজাদাকে ধৰি অন্যান্য কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত হোৱা ঘটনা সন্দৰ্ভত ভাৰতীয় নাগৰিকক সজাগ কৰা হ'ব বুলি সকলোৱে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে। 
 
বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত হোৱা আক্ৰমণ চিন্তনীয়

বাংলাদেশত হিন্দু সমাজৰ ওপৰত অত্যাচাৰ, মন্দিৰ ধ্বংস, নাৰীৰ ওপৰত হোৱা হিংসা আৰু সামাজিক অসহিষ্ণুতাৰ দৰে ধাৰাবাহিক ঘটনা সংঘটিত হৈ আছে। এম আৰ এমৰ ৰাষ্ট্ৰীয় আহ্বায়ক শ্বাহিদ ছাইদে ইয়াক 'মানৱতাৰ বিৰুদ্ধে অপৰাধ' বুলি অভিহিত কৰিছে। তেওঁ কয়, "এয়া কেৱল ধৰ্মীয় বিষয় নহয়, ই মানৱ অধিকাৰ আৰু মানৱীয় মূল্যবোধ ৰক্ষাৰ বিষয়। বাংলাদেশত সংঘটিত হৈ থকা অত্যাচাৰসমূহ ভাৰতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰিব লাগিব।"     
 
এম আৰ এমৰ ৰাষ্ট্ৰীয় আহ্বায়ক মহম্মদ আফজালে কয় যে, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উপলক্ষে ১০ ডিচেম্বৰৰ পৰা মুছলিম ৰাষ্ট্ৰীয় মঞ্চই মানৱ অধিকাৰ সপ্তাহ উদযাপন কৰিব। এই সময়ছোৱাত এই মঞ্চই কেৱল ভুক্তভোগীসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰাই নহয়, বিশ্ব পৰ্যায়ত এই গুৰুতৰ সমস্যাৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব।   
 
সম্ভলত সংঘটিত হিংসাৰ এক প্ৰতিনিধিত্বমূলক ছবি
 
ভাৰত চৰকাৰৰ ওচৰত মুখ্য দাবীসমূহ

১) বাংলাদেশত হিন্দু সংখ্যালঘুৰ সুৰক্ষা: ভাৰত চৰকাৰে মন্দিৰ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ বাংলাদেশ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা উচিত।
 
২) আন্তঃৰাষ্ট্ৰীয় সজাগতাঃ বাংলাদেশত সংঘটিত হোৱা মানৱ অধিকাৰ উলংঘাৰ বিষয়ে বিশ্বব্যাপী মঞ্চত উত্থাপন কৰা উচিত।

৩) ভুক্তভোগীসকলৰ বাবে সাহায্য প্ৰচেষ্টাঃ বাংলাদেশৰ ক্ষতিগ্ৰস্ত হিন্দু পৰিয়ালসমূহক মানৱীয় সাহায্য প্ৰদান কৰিব লাগে। 

মানৱ অধিকাৰ সপ্তাহ: ন্যায় আৰু ঐক্যৰ প্ৰতীক
 
মানৱ অধিকাৰ সপ্তাহক ন্যায় আৰু ঐক্যৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছে এম আৰ এম। মঞ্চই কয় যে, এই অভিযান কেৱল সহানুভূতি প্ৰকাশৰ বাবেই নহয়, ন্যায় নিশ্চিত কৰাৰ বাবেহে। এই অভিযানৰ লক্ষ্য হৈছে মানৱতা আৰু ন্যায় ৰক্ষাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা।  

হিংসা আৰু নিৰীহ লোকৰ মৃত্যুৰ বাবে দায়ী সমাজবাদী আৰু কংগ্ৰেছ
 
সম্ভলত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বাবে মুছলিম ৰাষ্ট্ৰীয় মঞ্চই সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছক জগৰীয়া কৰিছে। নিৰ্বাচনত পৰাজয়ৰ ক্ষোভ প্ৰকাশ কৰিবলৈ সমাজবাদী আৰু কংগ্ৰেছে মানুহক উচটনি দিছিল, উৰাবাতৰি বিয়পাইছিল, সংঘৰ্ষ সৃষ্টিৰ ষড়যন্ত্ৰ  ৰচিছিল আৰু চহৰখনক হিংসাৰ জুইত আগুৰি ধৰিছিল বুলি মঞ্চই অভিযোগ উত্থাপন কৰিছে। 
 
ৰাষ্ট্ৰীয় সমন্বয়ক শ্বাহিদ আখতাৰে এই  ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ৰাইজক শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ সংবিধান আৰু ন্যায়পালিকাৰ প্ৰতি সন্মান বজাই ৰখাৰ বাৰ্তা প্ৰদান কৰে যাতে সমাজত শান্তি আৰু স্থিৰতা অক্ষুণ্ণ থাকে। 
 
আজমেৰ দৰগাহক লৈ বিতৰ্কঃ সংযম আৰু শান্তি বজাই ৰাখিবলৈ আহ্বান 

আবু বকৰ নাকৱীয়ে আজমেৰ দৰগাহৰ সৈতে জড়িত বিবাদক লৈ শান্তি বজাই ৰাখিবলৈ আবেদন জনায়। তেওঁ কয় যে, আজমেৰ দৰগাহ ভাৰতৰ সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যৰ প্ৰতীক। ইয়াত সকলো ধৰ্মৰ মানুহৰ আস্থা জড়িত হৈ আছে। তেওঁ এই সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 
মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ বিষয়া আৰু কৰ্মীৰ বৈঠক
 
এম আৰ এমে হিংসাৰ উচটনি দিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে এনে ঘটনা ৰোধৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। উৰাবাতৰি আৰু ৰাজনৈতিক ষড়যন্ত্ৰ পৰিহাৰ কৰি দেশৰ শান্তি আৰু ঐক্যৰ বাবে কাম কৰিবলৈ মঞ্চই আহ্বান জনায়।

সমাজত শান্তি, সম্প্ৰীতি আৰু ধৰ্মীয় স্থানৰ গুৰুত্ব
 
ৰাষ্ট্ৰীয় সমন্বয়ক ড০ শালিনী আলীয়ে কয় যে, আজমেৰ শ্বৰীফৰ দৰে পবিত্ৰ ধৰ্মীয় স্থান আৰু সমাজৰ শান্তিৰ বাবে কৰা প্ৰচেষ্টা দুয়োটা ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু ধৰ্মীয় সহনশীলতাৰ প্ৰতীক। এই স্থানসমূহ আধ্যাত্মিকতা আৰু ভক্তিৰ কেন্দ্ৰ, যিয়ে সমাজত ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰদান কৰি আহিছে। কুটিলতা আৰু অপ্ৰয়োজনীয় বিবাদে এই স্থানসমূহৰ পবিত্ৰতাক আঘাত কৰাই নহয়, সমাজৰ ঐক্য আৰু উন্নয়নত বাধাৰো সৃষ্টি কৰিছে।

ধৰ্মীয় ধৰ্মান্ধতাৰ বিৰুদ্ধে একত্ৰিত হৈছিল 
 
মুছলিম ৰাষ্ট্ৰীয় মঞ্চই ৰাইজক ধৰ্মীয় উন্মাদনাৰ বিৰুদ্ধে মৰম আৰু মানৱতাৰে থিয় দিবলৈ আহ্বান জনাইছে। মঞ্চৰ মতে এই সময়ত সমাজৰ সকলো শ্ৰেণীয়ে একত্ৰিত হৈ শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে ঘৃণাৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ প্ৰয়োজন। সম্ভলৰ দৰে ঘটনাই মৌলবাদৰ আশংকাক উদঙাইছে।
 
এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ শিক্ষা, সজাগতা, আলোচনা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে সমন্বয় স্থাপন কৰাটো প্ৰয়োজনীয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমাজত শান্তি বজাই ৰখা আৰু ভাৰতৰ ধৰ্মনিৰপেক্ষতাবাদ আৰু 'বৈচিত্ৰ্যত ঐক্য'ৰ পৰিচয় শক্তিশালী কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। ঘৃণাৰ প্ৰতি মৰমেৰে সঁহাৰি জনোৱা আৰু কুসংস্কাৰৰ প্ৰতি সহনশীলতাৰে সঁহাৰি দিয়াটোৱেই আমাৰ সংস্কৃতিৰ প্ৰকৃত পৰিচয়।