উৰ্দু কবি, সাহিত্যিক অঞ্জুম বাৰাবাংকৱীৰ ৰাম গজলক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 10 h ago
অঞ্জুম বাৰাবাংকৱী আৰু প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলৈ লিখা চিঠিখন
অঞ্জুম বাৰাবাংকৱী আৰু প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলৈ লিখা চিঠিখন
 
আব্দুল ৱাছিম ​​আনছাৰী / ভূপাল

উৰ্দু কবি আৰু সাহিত্যিক ড০ অঞ্জুম বাৰাবাংকৱীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এখন পত্ৰ লাভ কৰি আচৰিত হৈ পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ অঞ্জুমৰ ৰাম গজলক প্ৰশংসা কৰি এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰত প্ৰধানমন্ত্ৰীয়ে অঞ্জুম বাৰাবাংকৱীৰ ৰাম গজলক ভূয়সী প্ৰশংসা কৰে।
 
বাৰাবাংকৱী এগৰাকী মুছলমান ব্যক্তি আৰু তেওঁ মধ্যপ্ৰদেশৰ ভূপালৰ বাসিন্দা। তেওঁৰ ৰাম-গজলত ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু বিশ্বাসৰ প্ৰতীক শ্ৰীৰামৰ ব্যক্তিত্বক উৰ্দু কবিতাৰ জৰিয়তে উপস্থাপন কৰা হৈছে। অঞ্জুম বাৰাবাংকৱীৰ গজলে শেহতীয়াকৈ সাহিত্য জগতত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। তেওঁ ৫০টা গজলৰ সংকলন প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছে। অঞ্জুম বাৰাবাংকৱীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ প্ৰশংসাই তেওঁক অনুপ্ৰাণিত কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা লাভ কৰা প্ৰশংসাক লৈ সুখ প্ৰকাশ কৰি ড০ অঞ্জুম বাৰাবাংকৱীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ গজলৰ শলাগ লোৱাটো তেওঁৰ বাবে এক গৌৰৱৰ বিষয়। "দেশৰ প্ৰধানমন্ত্ৰীয়ে মোৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি দি মোৰ গজলৰ শলাগ লোৱাটো মোৰ বাবে এক বৃহৎ সন্মানৰ কথা।  মোৰ কবিতা আৰু গজলসমূহ কেৱল সাহিত্যিক দৃষ্টিকোণৰ পৰাই নহয়, সাংস্কৃতিক আৰু ধৰ্মীয় বিশ্বাসৰ প্ৰেক্ষাপটতো গুৰুত্বপূৰ্ণ।"-তেওঁ কয়।
 
এই গজলৰ আঁৰৰ প্ৰেৰণাৰ বিষয়ে সোধাত অঞ্জুম বাৰাবাংকৱীয়ে কয়, "ৰামৰ চৰিত্ৰক লৈ অধিক ৰচনা সৃষ্টি কৰা উচিত। তেওঁ আমাৰ দেশৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। মোৰ আগৰ বহু মহান কবিয়ে ৰাম আৰু কৃষ্ণৰ ওপৰত ৰচনা সৃষ্টি কৰিছে। অৱশ্যে মই প্ৰথমবাৰৰ বাবে শ্ৰীৰামক লৈ গজল লিখিছো।"
 
এখন কবি সন্মিলনত উৰ্দু কবি, সাহিত্যিক অঞ্জুম বাৰাবাংকৱী
 
উল্লেখ্য যে, যোৱা এটা বছৰৰ ভিতৰত শ্ৰীৰামক লৈ ১০টা গজল সৃষ্টি কৰা অঞ্জুমে অহা ২৫ নৱেম্বৰৰ ভিতৰত আৰু ৫০ টা গজল সৃষ্টি কৰি ইয়াক কিতাপৰ ৰূপত প্ৰকাশৰ পৰিকল্পনা কৰিছে। তেওঁ প্ৰধানমন্ত্ৰীৰ সন্মুখত ইয়াক উপস্থাপন কৰিব। ড০ অঞ্জুমে কয় যে ৰামৰ ভাতৃ, স্বামী, পুত্ৰৰ চৰিত্ৰই সকলোৰে বাবে প্ৰেৰণা হিচাপে কাম কৰে। "মই এজন মুছলমান, আমাৰ নবীৰ ওপৰত যেতিয়া লিখোঁ তেতিয়া গভীৰ আৱেগেৰে লিখোঁ। ঠিক তেনেদৰে ৰামৰ বিষয়ে লিখি থাকোঁতে তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু বিশ্বাসেৰে লিখো। সৃষ্টিৰ পথত ধৰ্ম কেতিয়াও বাধা নহয়।"-ড০ অঞ্জুমে উল্লেখ কৰে। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্জুম বাৰাবাংকৱীলৈ লিখা চিঠিখনত লিখিছে, "অযোধ্যা ধামত ভগৱান শ্ৰীৰামৰ প্ৰাণ-প্ৰতিষ্ঠাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ বাবে 'ৰাম গজল' লিখি সুখ প্ৰকাশ কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আপুনি 'ৰাম গজল'ত ভগৱান শ্ৰীৰামৰ প্ৰতি থকা আপোনাৰ প্ৰেমক সুন্দৰকৈ প্ৰকাশ কৰিছে।" 
 
প্ৰধানমন্ত্ৰী মোদীয়ে গজলৰ জৰিয়তে শ্ৰীৰামৰ ব্যক্তিত্বৰ সৌন্দৰ্য্য স্বীকাৰ কৰি কয় যে "ভগৱান শ্ৰী ৰাম ধৰ্ম আৰু কৰ্তব্যৰ জীৱন্ত মূৰ্তি। আমাৰ বাবে ৰামৰ আদৰ্শই আমাক প্ৰতিটো পৰিস্থিতিত ধৈৰ্য্য, অধ্যৱসায়, সাহস, সত্যতা আৰু সমতা বজাই ৰাখিবলৈ শিকাইছে।"