নতুন দিল্লী
ঐতিহাসিক আজমেৰ শ্বৰীফ দৰগাহ এটা সময়ত শিৱ মন্দিৰ আছিল বুলি শেহতীয়াকৈ সৃষ্টি হোৱা অনাকাংক্ষিত বিতৰ্কই দেশৰ মুছলমান সমাজৰ মাজত তীব্ৰ প্ৰক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে শনিবাৰে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ আজমেৰ শ্বৰীফ দৰগাহত উপস্থিত হয় আৰু আনুষ্ঠানকিভাৱে চাদৰ অৰ্পণ কৰে।
ত্ৰয়োদশ শতিকাৰ চুফী সন্ত খোৱাজা মইনুদ্দিন চিষ্টিৰ বাৰ্ষিক উৰ্ছ উদযাপনৰ অংশ হিচাপে আজমেৰ শ্বৰীফ দৰগাহত চাদৰ আগবঢ়োৱাটো ৰিজিজুৱে ঐক্য আৰু ভাতৃত্ববোধৰ প্ৰতীক বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই মুহূৰ্তসমূহ শ্বেয়াৰ কৰি লিখিছে, “ই ভাৰতৰ চহকী আধ্যাত্মিক ঐতিহ্য, সম্প্ৰীতি আৰু মমতাৰ চিৰস্থায়ী বাৰ্তাৰ প্ৰতি গভীৰ সন্মানৰ প্ৰতিফলন।”
ইফালে, চাদৰ আগবঢ়োৱাৰ পূৰ্বে ৰিজিজুৱে আজমেৰ শ্বৰীফ দৰগাহ ভ্ৰমণৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "এই চাদৰে প্ৰধানমন্ত্ৰী মোদীৰ শান্তি, সম্প্ৰীতি, আৰু ঐক্যৰ বাৰ্তাক প্ৰতিনিধিত্ব কৰে। দৰগাহ হৈছে সকলো ধৰ্মৰ লোক একত্ৰিত হোৱা ঠাই, যিয়ে এক ঐক্যবদ্ধ ভাৰতৰ ধাৰণাক শক্তিশালী কৰে। আজি মোৰ ইয়ালৈ অহাৰ সৌভাগ্য হৈছে। আমি প্ৰধানমন্ত্ৰী মোদীৰ হৈ চাদৰ আনিছো। ভাতৃত্ববোধৰ লক্ষ্যৰে আমি সকলোৱে আমাৰ সমাজ, দেশ, বিশ্ব শান্তিৰ বাবে কাম কৰিম। আমি ইয়াত আশীৰ্বাদ বিচাৰিছিলো", মন্ত্ৰীগৰাকীয়ে লগতে কয়।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী হিচাপে ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী মোদীয়ে বছৰি আজমেৰ শ্বৰীফ দৰগাহলৈ ‘চাদৰ’ প্ৰেৰণ কৰাৰ পৰম্পৰা বজাই ৰাখিছে। সাংস্কৃতিক আৰু ধৰ্মীয় সংহতিৰ সেতু হিচাপে ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে এই উদযাপনত ১১ সংখ্যক বাৰৰ বাবে অংশগ্ৰহণ কৰিছে।
দৰগাহত প্ৰদান কৰা এক বাৰ্তাত ৰিজিজুৱে শান্তিপূৰ্ণ আৰু সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক স্পষ্ট কৰি কয় যে উৰ্ছৰ এই শুভ অনুষ্ঠানত আমি দেশত এক শান্তিপূৰ্ণ পৰিৱেশৰ আশা কৰিছো। দৰগাহত ধৰ্ম নিৰ্বিশেষে সকলোকে আদৰণি জনোৱা হয়। ই আমাৰ দেশৰ বৈচিত্ৰ্য আৰু ঐক্যৰ প্ৰতীক। এই অনুষ্ঠানত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ তীৰ্থযাত্ৰী আহি সাধুজনৰ প্ৰেম, মমতা আৰু সমতাৰ শিক্ষাক স্মৰণ কৰে। উৰ্ছৰ সময়ত প্ৰতি বছৰে এই মন্দিৰলৈ অহা লাখ লাখ লোকৰ বাবে তীৰ্থযাত্ৰাৰ অভিজ্ঞতা সৰল আৰু উন্নত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ ওপৰতো ৰিজিজুৱে আলোকপাত কৰে।
তেওঁ কয়, "দৰ্শনাৰ্থীসকলে যাতে তেওঁলোকৰ আধ্যাত্মিক যাত্ৰাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰক্ৰিয়াটো অধিক মসৃণ আৰু সুলভ কৰি তোলাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে।"
উল্লেখ্য যে, দিল্লীৰ নিজামুদ্দিন আউলিয়া দৰগাহত প্ৰাৰ্থনা আগবঢ়োৱাৰ পিছত মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজমেৰ শ্বৰীফ দৰগাহ ভ্ৰমণ কৰে। ৰিজিজুৰ সৈতে যোৱা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি জামাল ছিদ্দিকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগী পুনৰবাৰ উল্লেখ কৰে। তেওঁ কয়, "দৰগাহত চাদৰ আগবঢ়াই প্ৰধানমন্ত্ৰী মোদীয়ে বৈচিত্ৰময় ভাৰতত শান্তি, সহনশীলতা আৰু ঐক্যৰ বাৰ্তা দিব বিচাৰিছে।"
মন্দিৰ আৰু মছজিদক কেন্দ্ৰ কৰি দেশত শেহতীয়াকৈ চলি থকা আইনী আৰু মতাদৰ্শগত বিতৰ্কৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। শিৱ মন্দিৰৰ ওপৰত এই দৰগাহ নিৰ্মাণ কৰা বুলি দাবী কৰা আবেদনখনৰ বিষয়ে সোধাত ৰিজিজুৱে এই বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখি কয়, “মই ইয়াত চাদৰ আগবঢ়াবলৈ আহিছো আৰু প্ৰধানমন্ত্ৰীৰ সমন্বয়ৰ বাৰ্তা আগবঢ়াই নিবলৈ আহিছো। মোৰ ভ্ৰমণ বিবাদত লিপ্ত হোৱাৰ বাবে নহয়, বৰঞ্চ ঐক্যৰ মনোভাৱ ৰক্ষাৰ বাবেহে।"
যোৱা বছৰ ৮১২ সংখ্যক উৰ্ছৰ সময়ত প্ৰধানমন্ত্ৰীৰ হৈ মুছলমান সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা এটা প্ৰতিনিধি দলৰ সৈতে তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী আৰু জামাল ছিদ্দিকীয়ে এই দৰগাহত ‘চাদৰ’ উপহাৰ দিছিল।