বাৰাণসীৰ উদয় প্ৰতাপ মহাবিদ্যালয় চৌহদত মছজিদক লৈ প্ৰতিবাদ; আঁতৰোৱাৰ দাবী ছাত্ৰ-ছাত্ৰীৰ

Story by  atv | Posted by   Imtiaz Ahmed • 18 d ago
বাৰাণসীৰ উদয় প্ৰতাপ মহাবিদ্যালয়ত মছজিদক লৈ প্ৰতিবাদ
বাৰাণসীৰ উদয় প্ৰতাপ মহাবিদ্যালয়ত মছজিদক লৈ প্ৰতিবাদ
বাৰাণসী

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ উদয় প্ৰতাপ মহাবিদ্যালয়ৰ ভিতৰত অৱস্থিত এটা মছজিদ আঁতৰোৱাৰ দাবীত শুকুৰবাৰে ছাত্ৰ-ছাত্ৰীৰ এটা বৃহৎ দলে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশ ৱাকফ ব’ৰ্ডে মহাবিদ্যালয়খনৰ মাটিৰ মালিকীস্বত্ব দৃঢ়তাৰে দাবী উত্থাপন কৰিছিল। অৱশ্যে এই দাবী মহাবিদ্যালয় প্ৰশাসনে নাকচ কৰে।

মহাবিদ্যালয়ৰ গেটত প্ৰায় ৫০০ ছাত্ৰ ছাত্ৰীয়ে "জয় শ্ৰী ৰাম" ধ্বনি দি গেৰুৱা পতাকা উৰুৱাই সমবেত হয়। চৌহদত প্ৰৱেশৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে তেওঁলোকক ৰখাই দিয়ে। মঙলবাৰে মছজিদৰ ওচৰত ‘নমাজ’ পঢ়াৰ সময়ত কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে হনুমান চালিছা পাঠ কৰাৰ পিছত উত্তেজনা জগাই তুলিছিল, ফলত আৰক্ষীয়ে সাতজন ব্যক্তিক কিছু সময়ৰ বাবে আটক কৰি ৰাখিছিল।

সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ছাত্ৰ নেতা বিবেকানন্দ সিঙে উল্লেখ কৰিছে যে যদি মছজিদৰ মাটি ৱাকফ ব’ৰ্ডৰ নহয় তেন্তে গাঁথনিটো আঁতৰাই দিব লাগে। তেওঁ লগতে কয় যে যদি সমাধিস্থলত নমাজ পঢ়িব পাৰি ছাত্ৰ-ছাত্ৰীসকলকো তাত হনুমান চলিছাও পাঠ কৰিবলৈ দিয়া উচিত।

কেণ্টনমেণ্টৰ সহকাৰী আৰক্ষী আয়ুক্ত বিদুষ ছাক্সেনাই কয়, "মহাবিদ্যালয়ৰ গেটত পৰ্যাপ্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ দল এটাই নিজৰ মতামত প্ৰকাশ কৰিবলৈ আহিছিল, তাৰে কিছুমানে অলপ আগ্ৰাসী হৈ পৰিছিল। কিন্তু আৰক্ষীয়ে তেওঁলোকক শান্ত কৰিছিল।"

মহাবিদ্যালয়খনত চলি থকা উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে আৰক্ষীয়ে চৌহদত বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি কেৱল বৈধ পৰিচয় পত্ৰ থকা ছাত্ৰ-ছাত্ৰীকহে অনুমতি প্ৰদান কৰে। এচিপিয়ে নিশ্চিত কৰে যে একাংশ দুষ্কৃতিকাৰীক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইয়াৰ প্ৰত্যুত্তৰত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে "ছাত্ৰ আদালত" গঠন কৰি উত্তৰ প্ৰদেশ ৱাকফ ব'ৰ্ডলৈ ১১ দফা পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁলোকে মছজিদৰ মৰ্যাদা আৰু মালিকীস্বত্বক লৈ ১৫ দিনৰ ভিতৰত সঁহাৰিৰ দাবী জনাইছে।

চলিত সপ্তাহৰ আৰম্ভণিতে ৱাকফ সংশোধনী বিধেয়কৰ ওপৰত আলোচনাই ১১৫ বছৰীয়া মহাবিদ্যালয়খনক লৈ ৱাকফ ব’ৰ্ডৰ দাবীৰ প্ৰতি পুনৰ দৃষ্টি আকৰ্ষণ কৰে। কিন্তু মহাবিদ্যালয় প্ৰশাসনে এই দাবী দৃঢ়তাৰে খাৰিজ কৰি কয় যে এই মাটি ব’ৰ্ডৰ নহয়, দান হিচাপেহে মহাবিদ্যালয়ে পাইছিল।

অঞ্জুমান ইন্তেজামিয়া মছজিদ সমিতিৰ যুটীয়া সম্পাদক মহম্মদ য়াছিনে কয় যে তেওঁ মছজিদৰ স্থিতি পৰীক্ষা কৰিবলৈ মঙলবাৰে উত্তৰ প্ৰদেশ কেন্দ্ৰীয় ৱাকফ বোৰ্ডলৈ পত্ৰ লিখিছিল। য়াছিনে দাবী কৰে যে, "উত্তৰ প্ৰদেশ কেন্দ্ৰীয় ৱাকফ ব'ৰ্ডে স্পষ্ট কৰি দিছে যে মছজিদটোক ৱাকফৰ সম্পত্তি বুলি দাবী কৰা ২০১৮ চনৰ জাননীখন ২০২১ চনৰ ১৮ জানুৱাৰীত বাতিল কৰা হৈছিল। বৰ্তমানৰ বিতৰ্কৰ কোনো কাৰণ নাই।"

মছজিদত "বাহিৰৰ" লোকে নামাজ পঢ়াৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰাৰ লগে লগে উত্তেজনা বৃদ্ধি পায়, যাৰ ফলত মহাবিদ্যালয় চৌহদত অকৰ্তৃত্বশীলভাৱে প্ৰৱেশৰ উদ্বেগ প্ৰকাশ পায়।

স্থানীয় এজন বিষয়াই উল্লেখ কৰে যে কলেজ পৰিচালনা সমিতিয়ে চৌহদত প্ৰৱেশ কৰাসকলৰ পৰিচয় পৰীক্ষা কৰিবলৈ কৰ্তৃপক্ষৰ পৰা সহায় বিচাৰিছে। ইয়াৰ পিছতে আৰক্ষীয়ে অধিক অশান্তি ৰোধ কৰিবলৈ সতৰ্কতা বৃদ্ধি কৰিছে।

অধ্যক্ষ ডি কে সিঙে পূৰ্বে জনাইছিল যে ২০১৮ চনত উদয় প্ৰতাপ মহাবিদ্যালয়লৈ জাননী প্ৰেৰণ কৰা হৈছিল। জাননীখনত দাবী কৰা হৈছিল যে ইয়াৰ চৌহদত থকা মছজিদ আৰু মহাবিদ্যালয়ৰ মাটি টংকৰ নবাবে ৱাকফ ব’ৰ্ডক দান কৰিছিল, আৰু সেয়েহে, মহাবিদ্যালয় চৌহদ ৱাকফৰ সম্পত্তি।

"এই জাননীখন বাৰাণসীৰ বাসিন্দা ৱাছিম ​​আহমেদ খানৰ পৰা আহিছিল। মহাবিদ্যালয়খনৰ তেতিয়াৰ সম্পাদকে এই জাননীৰ প্ৰতি প্ৰতিক্ৰিয়া জনাই কয় যে মছজিদটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছে আৰু মহাবিদ্যালয়খনৰ সম্পত্তি এটা ট্ৰাষ্টৰ, যিটো কিনিবও নোৱাৰি, বিক্ৰীও কৰিব নোৱাৰি।" - সিঙে কয়।

তেওঁ আৰু কয় যে ২০২২ চনত ৱাকফ ব’ৰ্ডে মছজিদ নিৰ্মাণৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও মহাবিদ্যালয় প্ৰশাসনে অভিযোগ দিয়াৰ পিছত আৰক্ষীয়ে বাধা দিছিল। আনহাতে, মছজিদটোৱে মহাবিদ্যালয়খনৰ পৰা বিদ্যুৎ চুৰি কৰি অবৈধভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে অধ্যক্ষগৰাকীয়ে।

উপ আৰক্ষী আয়ুক্ত (বৰুণা মণ্ডল) চি কে মীনাই কয় যে এই বিষয়টো ২০২২ চনৰ পৰাই আৰম্ভ হৈছে যেতিয়া মহাবিদ্যালয় প্ৰশাসনে অভিযোগ দিয়াৰ পিছতে মছজিদ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়া হৈছিল।