স্থানীয় মুছলমান সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিবলৈ পুনে আৰক্ষীয়ে আয়োজন কৰিলে ইফতাৰ পাৰ্টী

Story by  atv | Posted by  [email protected] • 1 d ago
আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰে উপবাসে থকা দুগৰাকী কণমানি ছেৱালীক খেজুৰ খুৱাই ৰোজা ভংগ কৰিছে
আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰে উপবাসে থকা দুগৰাকী কণমানি ছেৱালীক খেজুৰ খুৱাই ৰোজা ভংগ কৰিছে
পুনে

স্থানীয় মুছলমান সম্প্ৰদায়ৰ সৈতে একতা, সম্প্ৰীতি আৰু আস্থা গঢ়ি তোলা তথা সম্পৰ্ক শক্তিশালী কৰাৰ এক আন্তৰিক প্ৰচেষ্টা হিচাপে পুনে আৰক্ষীয়ে ৰমজানৰ সময়ত চহৰখনৰ অন্যতম বৃহৎ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল কোন্দৱাৰ কৌছৰবাগ (Kondhwa’s Kausarbaug)ত এক বিশেষ ইফতাৰ সমাৱেশৰ আয়োজন কৰে। কৌছাৰবাগ মছজিদৰ চৌহদত অনুষ্ঠিত "দোৱাত-ই-ইফতাৰ" নামেৰে পৰিচিত এই ইফতাৰ অনুষ্ঠানটো পুনেৰ আটাইতকৈ ডাঙৰ ইফতাৰ পাৰ্টী হিচাপে চিহ্নিত হৈছে। ইয়াত প্ৰায় ৮০০ৰ পৰা ১০০০ লোক উপস্থিত থাকে।

পুনেৰ আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰ, যুটীয়া আয়ুক্ত ৰাজকুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত (পূব) মনোজ পাটিল, আৰু অনুষ্ঠানৰ মুখ্য আয়োজক জ’ন ৫ৰ ডিচিপি ৰাজকুমাৰ শ্বিণ্ডেকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়াই এই অনুষ্ঠানৰ শোভা বঢ়ায়।
 
উল্লেখ্য যে, খাদ্য সংস্কৃতিৰ বাবে কৌছাৰবাগ বিখ্যাত আৰু ৰমজানৰ সময়ত সমগ্ৰ পুনেৰ পৰা মানুহক ই আকৰ্ষিত কৰে। অৱশ্যে আইন-শৃংখলাৰ উদ্বেগৰ বাবেও অঞ্চলটো বাতৰিৰ শিৰোনাম দখল কৰাৰ ফলত ধৰ্মীয় উৎসৱৰ সময়ত আৰক্ষীয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে। বছৰ বছৰ ধৰি আৰক্ষীয়ে মুছলমান সমাজৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি বিভিন্ন পদক্ষেপৰ জৰিয়তে শান্তি আৰু নিৰাপত্তাৰ প্ৰসাৰৰ কাম কৰি আহিছে। ইফতাৰ অনুষ্ঠানটো আছিল শক্তিশালী সম্প্ৰদায়ৰ সম্পৰ্ক গঢ়ি তোলাৰ এই চলি থকা প্ৰচেষ্টাৰ এক অংশ।
 
শেহতীয়াকৈ আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে নিযুক্তি পোৱা মুছলমান যুৱতী তাহছিন বেগে এই অনুষ্ঠানৰ আঁত ধৰে। অনুষ্ঠানৰ সময়ত আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰে মুছলমান সমাজৰ সহায় আৰু অংশগ্ৰহণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ড্ৰাগছ সেৱন আৰু দলীয় হিংসাৰ দৰে বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ আৰক্ষী আৰু মুছলমান সম্প্ৰদায়ৰ সহযোগিতাৰ গুৰুত্বৰ বিষয়ে কয়। তেওঁ স্থানীয় ব্যৱসায়ী আৰু বাসিন্দাসকলক আশ্বাস দিয়ে যে ৰমজানৰ সময়ত কৌছাৰবাগলৈ অহা বিশাল জনসমাগম পৰিচালনা কৰাত আৰক্ষীয়ে তেওঁলোকক সম্পূৰ্ণৰূপে সহায় কৰিব।
 
ইফতাৰ পাৰ্টীৰ এক মুহূৰ্ত
 
ইফতাৰৰ ঘোষণা হোৱাৰ লগে লগে আৰক্ষী আয়ুক্তই প্ৰতীকীভাৱে দুগৰাকী কণমানি ছোৱালীক খেজুৰ খুৱাই ৰোজা ভংগ কৰে। মঞ্চত থকা আন জ্যেষ্ঠ আৰক্ষী বিষয়াসকলেও ইফতাৰৰ সময়ত মুছলমান সম্প্ৰদায়ক সংগ দি অনুষ্ঠানটোক একতা আৰু সম্প্ৰীতিৰ প্ৰতীক হিচাপে গঢ়ি তুলে। অনুষ্ঠানৰ সময়ত উপায়ুক্ত অমিতেশ কুমাৰে তাহছিন বেগক মুছলমান যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ হিচাপে স্বীকৃতি দি বিশেষভাৱে সম্বৰ্ধনা জনায়। এই মুহূৰ্তৰ বিষয়ে কোৱাৰ সময়ত তাহছিনে কয় যে, "মোৰ সমাজৰ সন্মুখত আৰক্ষী আয়ুক্তই মোক যি সন্মান দিছে, সেই সন্মানে মোক আপ্লুত কৰিছে। মই সুখী আৰু অধিক দায়িত্ববোধ অনুভৱ কৰিছো।"
 
তেওঁ আৰু কয়, “মোৰ মনত এটা ধাৰণা আছিল যে সাধাৰণ মুছলমান পৰিয়ালৰ ছোৱালীয়েও কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ডাঙৰ সফলতা লাভ কৰিব পাৰে। আশাকৰোঁ ইয়াৰ দ্বাৰা সমাজৰ আন ছোৱালীসকল অনুপ্ৰাণিত হ’ব। এই স্বীকৃতিৰ বাবে মই মোৰ জ্যেষ্ঠ বিষয়াসকলৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিম। "
 
কৌছাৰবাগ মছজিদৰ ট্ৰাষ্টী তথা জ্যেষ্ঠ সমাজকৰ্মী চেলিম শ্বেইখে এই অনুষ্ঠানৰ তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা কৰে। "কোন্ধৱা পুনেৰ সৰ্ববৃহৎ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল। ইয়াৰ বৃহৎ জনসংখ্যাৰ বাবে মৌলিক আন্তঃগাঁথনি কেতিয়াবা অপৰ্যাপ্ত হয়। ইয়াৰ ফলত যান-বাহন আৰু নিৰাপত্তা পৰিচালনাৰ বাবে আমাক আৰক্ষীৰ সহায়ৰ প্ৰয়োজন হয়। একে সময়তে আইন-শৃংখলা বজাই ৰাখিবলৈ আৰক্ষীকো সমাজৰ সহযোগিতাৰ প্ৰয়োজন। ৰমজানৰ সময়ত এই অঞ্চললৈ অহা দৰ্শনাৰ্থীৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। আৰক্ষী বা সমাজে অকলে চম্ভালিব নোৱাৰে। দুয়োপক্ষক একেলগে কাম কৰিবলৈ উৎসাহিত কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।"
 
পুনে আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰে এছ আই তাহছিন বেগক সম্বৰ্ধনা জনাইছে
 
তেওঁ পুনৰ কয় যে-"মুছলমান সম্প্ৰদায়ৰ ভিতৰত আৰক্ষীৰ প্ৰতি প্ৰায়ে ভয় আৰু অনাস্থা দেখা যায়। অৱশ্যে আৰক্ষী বিভাগে মুছলমান সামাজিক সংগঠনৰ সমৰ্থনত সদায় এই ব্যৱধান দূৰ কৰিবলৈ চেষ্টা কৰি আহিছে। এই ইফটাৰ অনুষ্ঠান সেই পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ অংশ।"
 
শ শ স্থানীয় বাসিন্দাই স্বেচ্ছাই অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। কৌছাৰবাগ মছজিদৰ ট্ৰাষ্টী তথা জ্যেষ্ঠ সমাজকৰ্মী চেলিম শ্বেইখে লগতে কয় যে সমাজৰ প্ৰগতি আৰু আমাৰ সম্প্ৰদায় আৰু দেশৰ সুৰক্ষাৰ বাবে আৰক্ষী আৰু মুছলমান সম্প্ৰদায় দুয়োটাই এইদৰে সহযোগিতা আগবঢ়াই নিব লাগিব। পুনে আৰক্ষীয়ে ইফতাৰ সমাৱেশৰ আয়োজন কৰা পদক্ষেপ কমিউনিটি পুলিচিঙৰ এক উৎকৃষ্ট উদাহৰণ।
 
এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকে মুছলমান সমাজৰ সৈতে বিশ্বাস আৰু বুজাবুজি গঢ়ি তোলাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে। এই অনুষ্ঠানটো কেৱল এক সমাৱেশেই নহয়, এয়া আছিল ঐক্য, সংহতি আৰু সহযোগিতাৰ প্ৰতীক। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে যেতিয়া আৰক্ষী আৰু সমাজে একেলগে কাম কৰে, তেতিয়া তেওঁলোকে এখন নিৰাপদ, শক্তিশালী আৰু অধিক সুসম সমাজ গঢ়ি তুলিব পাৰে।