ইছলামত ধৰ্ষণ এক অক্ষমনীয় অপৰাধ; শাস্তি ভয়ানক

Story by  atv | Posted by  Munni Begum • 4 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
  মৌলানা নুৰুল আমিন কাছিমী
 
মানৱ জীৱনৰ যিমানেই উন্নতি হৈছে, সিমানেই যেন একাংশ লোক মানৱতাৰ পৰা বহু যোজন দূৰত অৱস্থান কৰিছে। মানুহক হত্যা-হিংসা, অশান্তি তথা অন্যায়-অত্যাচাৰৰ পৰা মুক্তি প্রদানৰ বাবেই হৈছিল ধৰ্মৰ আবির্ভাৱ। বর্তমান সময়ত এই ধর্মীয় শিক্ষাবোৰ প্ৰচাৰ আৰু প্ৰসাৰ ব্যাপকভাৱে বৃদ্ধি হৈছে যদিও একাংশ লোক যেন অধিক ধৰ্ম-বিমুখ হৈ পৰিছে। কোনো ধর্মই কাকো বেয়া কথা নিশিকায়। 
 
সকলো ধৰ্মৰ শিক্ষা মানৱতা তথা শান্তি আৰু অহিংসা বাণীসমূহৰ ওপৰত আধাৰিত। তথাপিও একাংশ লোকে ধর্মই সমস্যাৰ সমাধান কৰিব পৰা নাই বুলি যুক্তি দাঙি নাস্তিকতাবাদত লিপ্ত হোৱাৰ বিপৰীতে একাংশই ধর্মত থাকিও ধর্মীয় ৰীতি-নীতি, সদাচাৰণক ভৰিৰে মোহাৰি কেতবোৰ অধর্মী কাণ্ডৰ দ্বাৰা পৃথিৱীত অশান্তি সৃষ্টি কৰি আছে।
 
সম্প্রতি দেশ তথা ৰাজ্য কঁপাই তোলা ধর্ষণ কাণ্ডসমূহৰ ক্ষেত্ৰত সচেতন নাগৰিকসকল বাৰুকৈয়ে চিন্তিত। বহুতেই ইয়াক নির্দিষ্ট ধৰ্মৰ আওঁতাত চাবলৈ ধৰিছে যদিও নিৰপেক্ষ দৃষ্টিভংগী ৰখা মহলে এইবোৰ এক অপৰাধ আৰু অপৰাধী হিচাপেই বিবেচনা কৰি আহিছে। সংখ্যাৰ হিচাপত একাংশ নামধাৰী মুছলমানৰ সংখ্যা এই ক্ষেত্রত অধিক বুলিও চর্চিত হৈছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
আমাৰ কথা হ'ল- যি ইছলাম ধর্মত হত্যা, হিংসা, ব্যভিচাৰ-ধর্ষণ, মদ-জুৱা আদিৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আছে সেই ধর্মত বিশ্বাসী লোকে কেনেকৈ এইবোৰত লিপ্ত হ'ব পাৰে? ইছলামত কোৱা হৈছে- তুমি য'তেই নাথাকা, যিয়েই নকৰা মনত ৰাখিবা- সৃষ্টিকর্তা আল্লাহে তোমাক সকলো সময়তে দেখি আছে। সুদ খোৱা, মদ খোৱাটো ইছলামত কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। ব্যভিচাৰ কৰিলে কঠোৰ শাস্তিৰ ঘোষণা কৰা হৈছে। ধৰ্ষণৰ কথাটো ইছলামত ভাৱিবই নোৱাৰি। জনসমাগমত শিৰচ্ছেদ কৰাৰ আদেশ কৰা হৈছে। তথাপিও একাংশই কেনেকৈ এইসমূহ কামত লিপ্ত হ'ব পাৰে আচলতে এই কামবোৰ কৰা বেছিভাগেই শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত হৈ আছে। 
 
এই সমস্যাৰ নির্মূলৰ বাবে চৰকাৰে এনেবোৰ অঞ্চলত শিক্ষাৰ হাৰ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিব লাগিব। বিশেষকৈ সংখ্যালঘু পূর্ববংগীয় মুছলমানসকলৰ মাজতে এতিয়া অপৰাধজনিত কর্মকাণ্ড অধিক হৈছে বুলি চর্চা হৈছে। এয়াতো সমগ্র জাতি তথা ইছলাম ধর্মটোকে সেইসকলে লজ্জানত কৰিছে। স্থানীয় সচেতন মহলে স্বেচ্ছাসেৱী সংগঠন আদিৱেও এই দিশত কিছু কাম কৰিব লাগিব।
 
মানুহৰ অসৎ মানৱীয় প্রবৃত্তিক দমন কৰি সংযমতা অৱলম্বন কৰি চলিবৰ বাবে কোৰাণ-কিতাপত কি কি নির্দেশনা আছে, সেয়া বর্তমান সময়ত কোনো লোকেই নজনা নহয়। তথাপিও একাংশই এইবোৰ কেৰেপ নকৰি জানি-বুজি অবাধে অপৰাধ কৰি গৈছে। যিবোৰে নিজৰ লগতে আনৰ বাবেও বিপদ মাতি আনিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এখন সুস্থ সমাজ সকলোৰে কাম্য। সুস্থ সমাজ গঠনৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোক সুস্থ হ'ব লাগিব, ভাল হ'ব লাগিব। সকলোৱে শান্তি-সম্প্রীতিৰে বসবাস কৰিব বিচাৰে। একাংশই যেতিয়া এই শান্তি ভংগ কৰিবলৈ অহৰহ চেষ্টা চলাই থাকিব তেতিয়া মানুহে জানো ভাল পাব? আমাক সকলোৱে বেয়া পায় বুলি কেরল কান্দিলেই হ'ব নে? সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এফাঁকি গীতৰ কলি এই মুহূর্তত মনলৈ আহিছে-
 
"তুমি বিশ্বৰ বুকুত পঙ্গু অংগ হ'লে.. 
 
বিশ্বই জানো ভাল পাব!.."
 
সেয়ে মই নিজকে, মোৰ জাতিটো ভাল বুলি ক'লেই নহ'ব। ভালটো কৰি দেখুৱাব লাগিব। ভাল কৰ্মৰ দ্বাৰা সৃষ্টিকর্তাৰ লগতে সমাজ, দেশ, বিশ্ববাসীৰ মন জয় কৰিব পাৰিব লাগিব। তেতিয়াহে ভিন্ন ধর্মী, ভিন্ন জাতি-গোষ্ঠীৰে বৈচিত্রময় এই দেশত মূৰ তুলি জীয়াই থাকিব পৰা যাব।
 
(লেখক এগৰাকী ইছলামিক পণ্ডিত আৰু তেজপুৰস্থিত Islamic Study & Research Academy Assamৰ সভাপতি)