মঙলদৈত ঈদৰ নামাজত বিৰল দৃশ্য; শ শ মুছলমান মহিলাৰ ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ

Story by  atv | Posted by  Munni Begum • 1 d ago
ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ মহিলা নামাজীৰ
ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ মহিলা নামাজীৰ
 
আছাদ আলী / মঙলদৈ
 
অসমত সাধাৰণতে অতীজৰে পৰাই ইছলাম ধৰ্মাৱলম্বী মহিলাসকলক মছজিদত প্ৰৱেশ কৰাকে ধৰি ৰাজহুৱাকৈ ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা হৈ আহিছে। এনেধৰণৰ অভিযোগৰ মাজতে মঙলদৈ চহৰৰ নিকটৱৰ্তী বান্দিয়া ঈদগাহ ময়দানত পৱিত্ৰ উৎসৱ ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজত এইবেলিও দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য।
 
সোমবাৰে বান্দিয়া ঈদগাহ ময়দানত ঈদৰ নামাজ আদায় কৰিবলৈ সমবেত হ'ল বৃহত্তৰ বান্দিয়াৰ বাঘপৰি, গা-ধোৱা চাপৰি আদি অঞ্চলৰ শ শ মহিলাই। মহিলাসকলে বোৰ্খা, হিজাব আদি ইছলামী পোছাক পৰিধান কৰি শৃংখলাবদ্ধভাৱে পুৱাৰে পৰাই ঈদগাহ ময়দানত সমবেত হয়।  
 
 
মহিলাই ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰিব নোৱাৰে বুলি প্ৰচলিত তথাকথিত পৰম্পৰা আৰু ৰক্ষণশীলতা পৰিহাৰ কৰি ওলাই আহে স্থানীয় সহস্ৰাধিক মহিলাই। লক্ষ্যনীয়ভাৱে ঈদগাহ ময়দানত পুৰুষ নামাজী আৰু মহিলা নামাজীসকলৰ বাবে পৃথকে পৃথকে বহাৰ ব্যৱস্থা কৰা হয়। সেইমতে পুৰুষ নামাজীসকল বহা ময়দানৰ নাতিদূৰত অৱস্থিত এখন পৃথক ময়দানত স্ক্ৰীণ, টেণ্ট আদিৰে সম্পূৰ্ণ পৃথকভাৱে পেণ্ডেলৰ ব্যৱস্থা কৰা হয়। স্ক্ৰীণ দি পৰ্দাৰ ব্যৱস্থা কৰা ময়দানত মহিলা নামাজীসকলে শৃংখলাবদ্ধভাৱে নামাজত অংশ লয়। উল্লেখযোগ্য যে, উক্ত ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজত ইমামতি কৰে মৌলানা দিলোৱাৰ হুছেইনে।  
 
স্মৰ্তব্য যে, বান্দিয়া ঈদগাহ ময়দানত মহিলাসকলে সমূহীয়াভাৱে নামাজ পঢ়াৰ পৰিৱেশ সৃষ্টি হৈছিল প্ৰায় কুৰি বছৰ পূৰ্বেই। বান্দিয়া ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক হাফিজুৰ ৰহমানে জনোৱা মতে প্ৰথম অৱস্থাত মহিলাসকলে গাঁৱৰে কোনো নিৰ্দিষ্ট স্থানত কেৱল মহিলাসকলে আছুতীয়াকৈ ঈদৰ নামাজ পঢ়িছিল। কিন্তু পাছলৈ ঈদগাহ কমিটিয়ে উদ্যোগ লৈ ঈদগাহ ময়দানত মহিলাসকলৰ বাবে পৃথকে পেণ্ডেল-পৰ্দাৰ ব্যৱস্থা কৰাত মহিলাসকলে উৎসাহিত হৈ ঈদৰ সমূহীয়া নামাজত পুৰুষৰ সমানে এইদৰে অংশগ্ৰহণ কৰে।
 
ঈদগাহ ময়দানত পুৰুষ নামাজী
 
উল্লেখযোগ্য যে, বান্দিয়া ঈদগাহ ময়দানত প্ৰায় ছয়-সাত খন গাঁৱৰ মহিলাসকলে এইদৰে ঈদৰ নামাজত সমূহীয়াভাৱে কৰা অংশগ্ৰহণে অন্যান্য অঞ্চলৰ বাবে নিদৰ্শন হৈ পৰিছে। ফলস্বৰূপে দৰং জিলাৰ যোগীপাৰা ঈদগাহ ময়দান, দৈপাম ঈদগাহ ময়দান, পদোপৰী ঈদগাহ ময়দানতো অনুৰূপ ধৰণে মহিলাসকলে ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। তদুপৰি বান্দিয়া বৰ মছজিদত সাপ্তাহিক জুম্মা (শুক্ৰবাৰ)ৰ নামাজতো মহিলাসকলে অংশগ্ৰহণ কৰি আহিছে বুলি জানিব পৰা গৈছে। 
 
স্মৰ্তব্য যে, বান্দিয়া বৰ মছজিদত ইয়াৰ বাবে দুটাকৈ মছজিদ গৃহ নিৰ্মাণ কৰা হৈছে। পশ্চিম দিশৰ গৃহত পুৰুষ আৰু পূৱ দিশে থকা গৃহত মহিলা নামাজীসকলে নামাজ আদায় কৰে। এইক্ষেত্ৰত স্থানীয় বৰ্ষীয়ান মৌলানা আব্দুৰ ৰহিম দেহলৱী, ডঃ নৱাব আলী, জ্যেষ্ঠ নাগৰিক নবীৰ আলী আদিয়ে কোৰাণ হাদিছৰ উদ্ধৃতি দি কয় যে, ইছলামত মহিলাসকলে শুকুৰবাৰৰ জুম্মাৰ নামাজ কিম্বা ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰি নামাজ আদায় কৰিব পাৰে। এইক্ষেত্ৰত ধৰ্মীয় কোনো ধৰণৰ বাধা নিষেধ নাই বুলি তেওঁলোকে দৃঢ়তাৰে উল্লেখ কৰে।
 
ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণৰ বাবে যোৱা মহিলা নামাজীসকলৰ এক দৃশ্য
 
প্ৰসঙ্গত উল্লেখনীয় যে, আমাৰ দেশৰ কেৱল কেৰালা ৰাজ্যৰ ঠাই বিশেষে হে মুছলিম সম্প্ৰদায়ৰ মহিলাসকলক সমূহীয়া নামাজত অংশগ্ৰহণ কৰিবলৈ দিয়া হয়। দেশৰ অন্য প্ৰান্তত মুছলমান মহিলাসকলৰ সমূহীয়া নামাজত অংশগ্ৰহণৰ ঘটনা বিৰল। 


শেহতীয়া খবৰ