নতুন দিল্লী
মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ মুৰব্বী ৰাজ থাকৰেই ঔৰংজেবৰ সমাধি স্থানক লৈ শেহতীয়াকৈ এক দুষ্ট চক্ৰই সাম্প্ৰদায়িক উত্তেজনা জগাই তোলাৰ প্ৰচেষ্টাক গৰিহণা দিছে। তেওঁ ৰাইজক ইতিহাস জানিবলৈ হোৱাটছএপ নহয়, গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
মুম্বাইত আয়োজিত গুড়ী পৰ্বৰ এক অনুষ্ঠানত ভাষণ দি তেওঁ কয়, "আমি বিশ্ববাসীক জনাব নিবিচাৰোনে যে এই লোকসকলে মাৰাঠাক ধ্বংস কৰিব বিচাৰিছিল কিন্তু তাৰ পৰিৱৰ্তে ইয়াক মচি পেলোৱা হৈছিল। হোৱাটছএপত ইতিহাস পঢ়া বন্ধ কৰক আৰু বৰঞ্চ ইতিহাসৰ কিতাপত ডুব যাওক।"
সদ্য মুক্তি পোৱা চিনেমা Chhaavaৰ কথা উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে, "বৰ্তমান সময়ৰ আচল ইছ্যুবোৰ আমি পাহৰি গৈছো। চিনেমা এখনৰ পিছত জাগ্ৰত অনুভৱ কৰা হিন্দুসকলৰ কোনো কাম নাই। বিকি কৌশলৰ বাবে সম্ভাজী মহাৰাজৰ বলিদানৰ কথা আৰু অক্ষয় খান্নাৰ কাৰণে ঔৰংগজেবৰ বিষয়ে জানিব পাৰিলা নেকি।"
থাকৰেই উল্লেখ কৰে যে বিজাপুৰৰ জেনেৰেল আফজল খানক শিৱাজী মহাৰাজৰ অনুমতি সাপেক্ষে প্ৰতাপগড় দূৰ্গৰ ওচৰত সমাধিস্থ কৰা হৈছিল, যিয়ে ইয়াৰ ঐতিহাসিক প্ৰসংগক উজ্জ্বল কৰি তুলিছে। শেহতীয়াকৈ নাগপুৰৰ ছত্ৰপতি সম্ভাজিনগৰ জিলাৰ ঔৰংজেবৰ সমাধিস্থল আঁতৰোৱাৰ দাবীক লৈ হিংসাত্মক ঘটনাৰ সৃষ্টি হোৱাৰ মাজতে থাকৰেই এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।
তেওঁ গুজৰাটৰ দহোদত জন্মগ্ৰহণ কৰা ঔৰংজেবৰ কথা আঙুলিয়াই দি ৰাজনৈতিক লাভালাভৰ বাবে ইতিহাসৰ হেতালি খেলাসকলক সমালোচনা কৰে। কেৱল ধৰ্মৰ ওপৰত এখন দেশ আগবাঢ়িব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ তুৰস্কক সফল সংস্কাৰ আৰু আধুনিকীকৰণৰ উদাহৰণ হিচাপে উল্লেখ কৰে।
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মন্ত্ৰী শম্ভুৰাজ দেশাইয়ে তেওঁৰ শাসকীয় শিৱসেনা দলে ছাত্ৰপতি সম্ভাজিনগৰ জিলাত থকা ঔৰংজেবৰ সমাধিৰ ‘সংৰক্ষিত স্মৃতিসৌধ’ৰ মৰ্যাদা বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে এই বিতৰ্কৰ সূচনা হয়।