ৰাষ্ট্ৰসংঘৰ অধিবেশনত ৫৫ দেশৰ ধৰ্মগুৰুৱে মানৱতা আৰু প্ৰকৃতি ৰক্ষাৰ সংকল্প গ্ৰহণ কৰে

Story by  atv | Posted by  [email protected] • 15 d ago
বাকু সন্মিলনত দাউদী বহৰা মুছলমানৰ প্ৰতিনিধি কিনানা জামালুদ্দিন আৰু স্বামী জ্যোতিৰ্ময়
বাকু সন্মিলনত দাউদী বহৰা মুছলমানৰ প্ৰতিনিধি কিনানা জামালুদ্দিন আৰু স্বামী জ্যোতিৰ্ময়

বাকু (আজাৰবাইজান)

আজাৰবাইজানৰ ৰাজধানীত বাকুত অলপতে অনুষ্ঠিত সেউজ পৃথিৱীৰ বাবে বিশ্ব ধৰ্ম (World Religions for a Green Planet) শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশ্বৰ কমেও ৩০০ ধৰ্মগুৰুয়ে মানৱতা আৰু প্ৰকৃতি ৰক্ষাৰ পণ গ্ৰহণ কৰে।
 
তেওঁলোকে বিশ্বৰ সকলো ধৰ্মীয়, ৰাজহুৱা সংগঠন আৰু ধৰ্মগুৰুসকলক আহ্বান জনাইছে যে মানৱ জীৱন আৰু প্ৰকৃতিৰ পবিত্ৰতাক আমি সকলোৱে স্বীকৃতি দিয়া উচিত। সকলো জীৱ আৰু প্ৰকৃতিৰ সুৰক্ষাৰ মূল্যবোধক সন্মান কৰা, আৰু পৰিৱেশ সমতা আৰু ন্যায়ৰ পোষকতা কৰিবলৈও ধৰ্মগুৰুসকলে আহ্বান জনায়।
 
জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ এক সন্মিলনৰ ২৯ সংখ্যক অধিবেশনৰ অংশ হিচাপে দুদিনীয়াকৈ ধৰ্মীয় নেতাসকলৰ মাজত এই সন্মিলনৰ আয়োজন কৰা হয়।
 
ভাৰতৰ বিশিষ্ট আধ্যাত্মিক গুৰু স্বামী জ্যোতিৰ্ময়ে আমাৰ গ্ৰহটোক ৰক্ষা কৰিবলৈ সকলো ধৰ্মীয় সম্প্ৰদায়ক একত্ৰিত হ’বলৈ আবেগিকভাৱে আহ্বান জনায়। স্বামী জ্যোতিৰ্ময়ে বহনক্ষম ভৱিষ্যতৰ সমাধান বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “ভৱিষ্যতে সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত বহুপক্ষীয় সম্পৰ্ক স্থাপন কৰাটো অতি গুৰুত্বপূৰ্ণ। গতিকে ধৰ্মীয় ধৰ্মগোষ্ঠীসমূহৰ ঐক্য, বৈজ্ঞানিক তথ্যৰ আদান-প্ৰদান, তথ্য বিনিময় আদি অতি প্ৰয়োজনীয় বিষয় হৈ পৰিছে।”
৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই সন্মিলনত আগশাৰীৰ ধৰ্মীয় প্ৰতিষ্ঠানৰ মুৰব্বী, ভেটিকান আৰু আল-আজহাৰৰ বিষয়া, ৫৫খন দেশ আৰু ৩০টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিকে ধৰি বিভিন্ন বিশ্বাস আৰু ধৰ্মৰ প্ৰায় ৩০০ বিশিষ্ট নেতা উপস্থিত থাকে। 
 
ইয়াৰ ভিতৰত কিনানা জামালুদ্দিনৰ নেতৃত্বত দাউদী বহৰা মুছলমান সম্প্ৰদায়ৰ এটা প্ৰতিনিধি দল আৰু হিন্দু ধৰ্মগুৰু স্বামী জ্যোতিৰ্ময়ো আছিল। ভাষণত জামালুদ্দিনে ‘পৃথিৱীৰ ওপৰত মৰমেৰে খোজ কঢ়া’ (walking softly upon the Earth) কোৰানৰ ধাৰণাটোক প্ৰকৃতিৰ সৈতে সুসম সহাৱস্থানৰ উপমা হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ হজৰত মহম্মদৰ শিক্ষাৰ উদ্ধৃতি দি কয়, "সৃষ্টি সকলো আল্লাহৰ ওপৰত নিৰ্ভৰশীল পৰিয়াল। তেওঁৰ বাবে সৃষ্টিৰ আটাইতকৈ প্ৰিয়জন হ'ল যিয়ে তেওঁৰ পৰিয়ালক আটাইতকৈ বেছি উপকাৰ কৰে।"
 
মানৱতাৰ মৰমৰ ঘৰ পৃথিৱীৰ প্ৰতি আমাৰ কৰ্তব্য সম্পৰ্কে চৈয়দনা চাইফুদ্দিনৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি তেওঁ এই সিদ্ধান্তত উপনীত হয় যে আজি আমাৰ সামূহিক কাৰ্য্যই ভৱিষ্যত প্ৰজন্মক প্ৰভাৱিত কৰিব। যেতিয়া বৈচিত্ৰময় সম্প্ৰদায়সমূহে একেলগে কাম কৰো, তেতিয়া তেওঁলোক পৰিৱেশ পৰিৱৰ্তনৰ বাবে এক শক্তিশালী মাধ্যম হ’ব পাৰে। 
 
দুদিনীয়া এই সন্মিলনত জলবায়ু সংকটৰ ওপৰত ধৰ্মীয় দৃষ্টিভংগী, পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ধৰ্মীয় সংগঠনৰ ভূমিকা, আন্তঃধৰ্মীয় আৰু আন্তঃসভ্যতাবাদী আলোচনাৰ জৰিয়তে আস্থা গঢ়ি তোলাকে ধৰি কেইবাটাও জটিল বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ইয়াৰ উপৰিও সন্ত্ৰাসবাদ, ধৰ্মীয় আৰু বৰ্ণগত অসহিষ্ণুতা, আৰু যুদ্ধৰ ক্ষতিকাৰক প্ৰভাৱ, শান্তিপূৰ্ণ সহাৱস্থান আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ ওপৰতো অন্বেষণ কৰা হয়।
দাউদী বহৰাৰ প্ৰতিনিধিসকলে বৃক্ষৰোপণ, পানী সংৰক্ষণ, খাদ্য আৰু প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত তেওঁলোকৰ সম্প্ৰদায়ৰ Project Riseৰ কাৰ্য্যকলাপৰ বিষয়ে আলোচনা কৰাৰ লগতে বহনক্ষম উপাসনা স্থান আৰু যুৱক-যুৱতীসকলৰ পৰিৱেশ শিক্ষাৰ ক্ষেত্ৰত অন্যান্য বিশ্বাস গোটসমূহৰ উদ্ভাৱনী পদ্ধতিৰ পৰা শিকিছিল।
 
এই ভাৱৰ আদান-প্ৰদানত আলোকপাত কৰা হৈছিল যে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ে আধুনিক পৰিৱেশ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ পৰম্পৰাগত পদ্ধতিসমূহক কেনেদৰে খাপ খুৱাই, বিশ্বাসভিত্তিক পৰিৱেশ পৰিচালনাৰ সামূহিক বুজাবুজি সমৃদ্ধ কৰে।
 
এই সন্মিলনৰ সামৰণি পৰে বাকু ঘোষণাপত্ৰ গ্ৰহণ আৰু জলবায়ু সংকটৰ সৈতে মোকাবিলা আৰু গ্ৰহটোক সুৰক্ষিত কৰাৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ বাবে বিশ্ব সমাজলৈ ধৰ্মগুৰুসকলে জনোৱা আহ্বানেৰে।