নতুন দিল্লী
আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত "ৰাম মন্দিৰ সদৃশ" বিবাদ উত্তাল কৰি তোলাৰ বাবে উচ্চাকাংক্ষী হিন্দু নেতাসকলক কঠোৰ সমালোচনা কৰে। বৃহস্পতিবাৰে তেওঁ কয় যে ভাৰতক সৰ্বাংগীনতা আৰু সমন্বয়ৰ আদৰ্শ হিচাপে দাঙি ধৰিব লাগে। ভাৰতৰ বহুত্ববাদী সমাজৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে স্বামী ৰামকৃষ্ণন মিছনত বৰদিন পালন কৰা হয় বুলি উল্লেখ কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে "আমি হিন্দু হোৱাৰ বাবেহে এইধৰণৰ উদাৰ কাম কৰিব পাৰো। আন ধৰ্মৰ ভগৱানক অসন্মান কৰাটো কেতিয়াও হিন্দুৰ সংস্কৃতি নহয়।"
‘আমি দীৰ্ঘদিন ধৰি একতা, সম্প্ৰীতি আৰু মিলা-প্ৰীতিৰে জীয়াই আছো। যদি আমি এই সম্প্ৰীতি বিশ্ববাসীক প্ৰদান কৰিব বিচাৰো তেন্তে ইয়াৰ আৰ্হি তৈয়াৰ কৰিব লাগিব। ৰাম মন্দিৰ নিৰ্মাণৰ পিছত একাংশই ভাবে যে নতুন ঠাইত একেধৰণৰ বিতৰ্ক উত্থাপন কৰি হিন্দুৰ নেতা হ’ব পাৰে। এইটো গ্ৰহণযোগ্য নহয়।’- মোহন ভাগৱতে এইদৰে কয়।
আৰএছএছৰ মূৰব্বীগৰাকীয়ে পুনৰ কয় যে অযোধ্যাৰ ৰাম মন্দিৰ সকলো ৰাজনৈতিক প্ৰেৰণা পৰিহাৰ কৰি নিৰ্মাণ কৰা হৈছিল, যিহেতু সকলো হিন্দুৰ বাবে ই এক বিশ্বাসৰ বিষয় আছিল। কোনো দল-সংগঠনৰ নাম উল্লেখ নকৰাকৈ তেওঁ কয়, ‘প্ৰতিদিনে এটা এটা নতুন বিষয় (বিবাদ) সৃষ্টি কৰা হৈছে। ইয়াৰ অনুমতি কেনেকৈ দিব পাৰি? দেশ এনেকৈ চলি থাকিব নোৱাৰে। ভাৰতে দেখুৱাব লাগিব যে আমি একেলগে থাকিব পাৰো।"
Pune, Maharashtra: RSS chief Mohan Bhagwat says, "Coming to the question of devotion. There should be a Ram Temple and it indeed happened. That is a site for the devotion of Hindus...But raking up new issues every day for disdain and enmity should not be done. What is the… pic.twitter.com/RCFDNv7vaT
— ANI (@ANI) December 20, 2024
"বিশ্বগুৰু ভাৰত" বিষয়ক এক বক্তৃতা অনুষ্ঠানৰ অংশ হিচাপে পুনেত ভাষণ দি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতীয়সকলে পূৰ্বৰ ভুলৰ পৰা শিকিব লাগে আৰু নিজৰ দেশক বিশ্বৰ বাবে আদৰ্শ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিব লাগে।
উল্লেখ্য যে, শেহতীয়াকৈ লুকাই থকা মন্দিৰ উন্মোচন কৰিবলৈ মছজিদসমূহৰ জৰীপৰ বাবে কেইবাটাও দাবী আদালতৰ সন্মুখত উত্থাপন কৰা হৈছে যদিও ভাগৱতে তেওঁৰ বক্তৃতাত কোনো এটাকে নিৰ্দিষ্টভাৱে উল্লেখ কৰা নাই।তেওঁ কয় যে কিছুমান বাহিৰৰ গোটে নিজৰ আগৰ শাসন পুনৰ ঘূৰাই আনিবলৈ নিজৰ লগত দৃঢ় সংকল্প লৈ আহিছে। কিন্তু এতিয়া সংবিধান অনুসৰি দেশ চলি আছে। এই ব্যৱস্থাত মানুহে চৰকাৰ চলাবলৈ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰে। আধিপত্যৰ সেই দিনবোৰ এতিয়া নাই।
STORY | India gets advice on minorities; we now see what happens in other countries: RSS chief Mohan Bhagwat
— Press Trust of India (@PTI_News) December 20, 2024
READ: https://t.co/aO3LurD4Ok
VIDEO:
(Full video available on PTI videos - https://t.co/n147TvrpG7) pic.twitter.com/6GWPAMhQ0s
মোগল সাম্ৰাজ্যৰ দুটা উদাহৰণ লৈ আৰ এছ এছৰ মুৰব্বীয়ে কয় যে যদিও মোগল সম্ৰাট ঔৰংজেব তেওঁৰ অনমনীয় আনুগত্যৰ বাবে বিশেষভাৱে পৰিচিত, কিন্তু তেওঁৰ বংশধৰ বাহাদুৰ শ্বাহ জাফৰে ১৮৫৭ চনত গৰু বধ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।‘অযোধ্যাৰ ৰাম মন্দিৰ হিন্দুক দিব লাগে বুলি সিদ্ধান্ত লোৱা হৈছিল যদিও ইংৰাজে ইয়াক সলনি কৰি দুয়োটা সম্প্ৰদায়ৰ মাজত বিভাজনৰ সৃষ্টি কৰিছিল। তেতিয়াৰ পৰাই এই বিচ্ছিন্নতাবাদৰ ভাৱ আৰম্ভ হ’ল। ফলত পাকিস্তানৰ অস্তিত্ব আহিল।’-মোহন ভাগৱতে কয়।
আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে "প্ৰভুত্বৰ ভাষা"ক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, “যদি সকলোৱে নিজকে ভাৰতীয় বুলি পৰিচয় দিয়ে তেন্তে ইয়াৰ উদ্দেশ্য কি? কোন সংখ্যালঘু, আৰু কোন সংখ্যাগৰিষ্ঠ? ইয়াত সকলো সমান। এই দেশৰ পৰম্পৰা হ’ল সকলোৱে নিজৰ নিজৰ পূজা-অৰ্চনাৰ ধৰণ অনুসৰণ কৰিব পাৰে।একমাত্ৰ প্ৰয়োজনীয়তা হ’ল মিলাপ্ৰীতিৰে জীয়াই থকা আৰু আইন-কানুন মানি চলা।’