ছাংহাই সন্মিলনত অংশ ল'বলৈ পাকিস্তানলৈ যাব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ

Story by  atv | Posted by  [email protected] • 1 d ago
বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ
বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ
 
নতুন দিল্লী

১৫-১৬ অক্টোবৰত ইছলামবাদত অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থা (SCO)ৰ বৈঠকত অংশগ্ৰহণৰ বাবে পাকিস্তানলৈ যাব ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।

ইয়াৰ পূৰ্বে, ৩০ আগষ্টত ভাৰতে প্ৰকাশ কৰিছিল যে ইছলামবাদত অনুষ্ঠিত হ’বলগীয়া আগন্তুক এছ চি অ’ কাউন্সিল অৱ গভৰ্ণমেণ্টৰ বৈঠকৰ বাবে পাকিস্তানৰ পৰা ভাৰত চৰকাৰে আমন্ত্ৰণ লাভ কৰিছে।

পাকিস্তানে এছ চি অ’ কাউন্সিল অৱ হেডছ অৱ গভৰ্ণমেণ্টৰ (চি এইচ জি) ঘূৰণীয়া অধ্যক্ষ পদ গ্ৰহণ কৰে। সেই অনুসৰি, দেশখনে অক্টোবৰ মহত দুদিনীয়া ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ মুৰব্বীসকলৰ বৈঠক (SCO Heads of Government meeting) আয়োজন কৰিব।

ইছলামবাদ শীৰ্ষ সন্মিলনৰ বৈঠকৰ পূৰ্বে মন্ত্ৰীসভাৰ বৈঠক আৰু এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক, আৰ্থ-সাংস্কৃতিক আৰু মানৱীয় সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জ্যেষ্ঠ বিষয়াসকলৰ মাজত কেইবাটাও ৰাউণ্ডত বৈঠক অনুষ্ঠিত হ’ব।
 
উল্লেখ্য যে, ২০০১ চনত ছাংহাইত অনুষ্ঠিত হোৱা এখন শীৰ্ষ সন্মিলনত ৰাছিয়া, চীন, কিৰ্গিজ ৰিপাব্লিক, কাজাখস্তান, তাজিকিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিয়ে এই এছ চি অ’ প্ৰতিষ্ঠা কৰিছিল।
 
২০১৭ চনত ভাৰত আৰু পাকিস্তান ইয়াৰ স্থায়ী সদস্য হিচাপে পৰিগণিত হয়। যোৱা বছৰৰ জুলাই মাহত ভাৰতত আয়োজিত গ্ৰুপিঙৰ ভাৰ্চুৱেল সন্মিলনত ইৰাণ এছ চি অ’ৰ স্থায়ী সদস্য হিচাপে পৰিগণিত হয়। প্ৰভাৱশালী অৰ্থনৈতিক আৰু নিৰাপত্তা গোট হিচাপে এছ চি অ’ই অন্যতম বৃহৎ আঞ্চলিক আন্তঃৰাষ্ট্ৰীয় সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে।

ভাৰতে যোৱা বছৰ ভাৰ্চুৱেলভাৱে আয়োজন কৰিছিল এছ চি অ’ শীৰ্ষ সন্মিলন। ইয়াত ভিডিঅ’ লিংকৰ জৰিয়তে অংশগ্ৰহণ কৰিছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে।