সামাজিক বাধা-বিঘিনি অতিক্ৰম কৰি লক্ষদ্বীপৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী হ'ল শ্বাবিনা এম

Story by  atv | Posted by  [email protected] • 1 d ago
জলজ কৃষি আৰু অণুজীৱ বিজ্ঞান বিষয়ৰ থিছিছৰ সৈতে শ্বাবিনা এম (সোঁমাজত)
জলজ কৃষি আৰু অণুজীৱ বিজ্ঞান বিষয়ৰ থিছিছৰ সৈতে শ্বাবিনা এম (সোঁমাজত)
 
 
ভক্তি চলিক

আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াৰ সমালোচনা অতিক্ৰম কৰি শ্বাবিনা এম (Shabeena M) লক্ষদ্বীপ দ্বীপপুঞ্জৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে। যোৱা মাহত তেওঁ জলজ কৃষি আৰু অণুজীৱ বিজ্ঞান(Aquaculture and Microbiology) বিষয়ৰ ওপৰত পি এইচ ডি থিছিছ সম্পূৰ্ণ কৰে। ৩৫ বছৰীয়া ছাবিনাক লক্ষদ্বীপ প্ৰশাসনে ইয়াৰ বাবে সম্বৰ্ধনা জনাইছে।
 
তেওঁৰ গৱেষণাৰ বিষয় আছিল ‘লক্ষদ্বীপ উপদ্বীপত শেলাইৰ বিভিন্ন প্ৰজাতিৰ গঠন, গুৰুত্ব আৰু বৈচিত্ৰ্য’। গৱেষণাৰ জৰিয়তে লক্ষদ্বীপৰ সামুদ্ৰিক জীৱৰ নতুন দিশ দেখুওৱাৰ বাবে বিষয়াসকলে ছাবিনাক ভূয়সী প্ৰশংসা কৰে।
 
ভাৰতীয় মূল ভূখণ্ডৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মনোমোহা দ্বীপ লক্ষদ্বীপৰ মহিলা শ্বাবিনাই অদম্য সাহস আৰু অধ্যৱসায়ৰ জৰিয়তে এই অবিশ্বাস্য ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপৰ অন্যতম বসতিপ্ৰধান দ্বীপ এণ্ড্ৰথ (Androth)ত ডাঙৰ দীঘল হোৱা শ্বাবিনাই কলেজীয়া দিনত সন্মুখীন হোৱা এটা সাধাৰণ প্ৰশ্ন আছিলঃ “আপুনি এগৰাকী মহিলা হিচাপে জলজ কৃষি আৰু অণুজীৱবিজ্ঞান অধ্যয়ন কৰি কি কৰিব?”
 

সাগৰীয় উদ্ভিদ আৰু জীৱৰ ওপৰত গৱেষণাৰ এক প্ৰতিনিধিত্বমূলক ফটো
 
চলিত বৰ্ষৰ ৫ নৱেম্বৰত তেওঁ ‘Zonation patterns, composition and diversity of macroalgal communities in the Lakshadweep Archipelago’ শীৰ্ষক থিছিছখন সফলতাৰে সম্পূ্ৰ্ণ কৰি লক্ষদ্বীপৰ পৰা সাগৰীয় বিজ্ঞানত পি এইচ ডি লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে। এইটোৱেই আছিল তেওঁৰ সকলো সমালোচকলৈ উপযুক্ত উত্তৰ। সম্বৰ্ধনা অনুষ্ঠানত ছাবিনে কয় যে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ২০১৪ চনত এণ্ড্ৰথৰ এখন স্থানীয় বিদ্যালয়ত মীন বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰে।
 
শৈশৱৰ পৰা যথেষ্ট কষ্ট আৰু সংগ্ৰাম কৰি ডাঙৰ হোৱা শ্বাবিনা যেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছিল, তেতিয়া তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। পৰিয়ালৰ মুৰব্বীগৰাকীৰ মৃত্যুত শ্বাবিনাৰ শিক্ষা অনিশ্চিত হৈ পৰিছিল, কিন্তু জটিল পৰিস্থিতিৰ মাজতো তেওঁ স্নাতক ডিগ্ৰীৰ লগতে স্নাতকোত্তৰ শিক্ষাও সম্পূৰ্ণ কৰিছিল। লক্ষদ্বীপত স্নাতকোত্তৰ ডিগ্ৰীত মাত্ৰ চাৰিগৰাকী শিক্ষাৰ্থীৰ ভিতৰত তেওঁ আছিল একমাত্ৰ ছোৱালী। পঢ়া-শুনা সমাপ্ত কৰি ২০১৪-১৫ চনত মীন শিক্ষয়িত্ৰী হিচাপে স্থানীয় বিদ্যালয় এখনত শ্বাবিনাই যোগদান কৰে।
 
লক্ষদ্বীপত অতি সীমিত সুযোগৰ বাবে পি এইচ ডি কৰাটো শ্বাবিনাৰ বাবে এক ভাবিব নোৱাৰা কথা আছিল। কিন্তু জলজ জীৱবিজ্ঞান আৰু মাইক্ৰ’বায়’লজীৰ প্ৰতি শ্বাবীনাৰ আগ্ৰহ দেখি লক্ষদ্বীপ ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজিৰ জলজ জীৱবিজ্ঞানী ইদ্ৰিছ বাবু আৰু কেৰেলা মালয়ালম ইউনিভাৰ্চিটি অৱ মেৰিন বায়’লজীৰ অধ্যাপক সুৰেশ কুমাৰে তেওঁক পি এইচ ডিৰ বাবে গাইড কৰিলে। ডাঃ এছ সুৰেশ কুমাৰেও শ্বাবিনাক সহায় কৰিছিল। ২০১৬ চনত শ্ববিনাই পি এইচ ডিৰ বাবে নামভৰ্তি কৰিছিল আৰু ২০১৭ চনৰ পৰা গৱেষণাৰ কাম আৰম্ভ কৰিছিল।
 
লক্ষদ্বীপৰ প্ৰথমগৰাকী পিএইডি শ্বাবিনা এম
 
লক্ষদ্বীপৰ বিভিন্ন দ্বীপলৈ গৈ তেওঁ গৱেষণাৰ বাবে সাগৰীয় উদ্ভিদ আৰু শেলাইৰ বিভিন্ন নমুনা সংগ্ৰহ কৰিবলগীয়া হৈছিল। শ্বাবিনাই দুটা জনবসতিহীন দ্বীপকে ধৰি ১২টা দ্বীপত সাগৰীয় উদ্ভিদ আৰু শেলাইৰ প্ৰজাতিৰ বিষয়ে অধ্যয়ন আৰু গৱেষণা কৰিছিল। তেওঁৰ কেঁচুৱা কন্যাক বিশ্ববিদ্যালয়ৰ গৱেষণাৰ বাবে কোচিলৈ লৈ গৈছিল। তাত তেওঁ প্ৰায় দুমাহ থাকি থিছিছৰ কাম কৰিছিল। ইফালে স্বামী, আৰু শহুৰেকৰ সহযোগ অবিহণে এই সফলতা অৰ্জন কৰাটো সম্ভৱ নহ'লহেতেন বুলি তেওঁ স্বীকাৰ কৰে।
 
উল্লেখ্য যে, শ্বাবিনাৰ গৱেষণাৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ নতুন দিশ উন্মোচিত হৈছে। এসময়ত লক্ষদ্বীপ দ্বীপপুঞ্জত থকা ১৮২টা প্ৰজাতিৰ শেলাইৰ ভিতৰত মাত্ৰ ৯৬টা প্ৰজাতিহে জীয়াই থকা দেখা গৈছে। তেওঁলোকে সাগৰীয় খনন আৰু কাছৰ ছালৰ বাবে শেলাইৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবে এই প্ৰজাতিটোৰ অৱনতিৰ ওপৰত আলোকপাত কৰে। আমোদজনকভাৱে লক্ষদ্বীপৰ জলসীমাত প্ৰথমবাৰৰ বাবে সাতটা নতুন প্ৰজাতিৰ উদ্ধাৰ হয়।