ছৌদি আৰৱৰ নতুন বিনিয়োগ নীতিয়ে মুছলমান আৰু ইছলামৰ ক্ষতি কৰিব; ক্ষুব্ধ মুছলমান বিশ্ব

Story by  atv | Posted by  [email protected] • 1 d ago
পবিত্ৰ মক্কাত কাবাৰ সন্মুখত নামাজ পঢ়াৰ এক দৃশ্য (প্ৰতিনিধিত্বমূলক ফটো)
পবিত্ৰ মক্কাত কাবাৰ সন্মুখত নামাজ পঢ়াৰ এক দৃশ্য (প্ৰতিনিধিত্বমূলক ফটো)

আৱাজ দ্য ভইচ অসম ব্যুৰ'

শেহতীয়াকৈ ছৌদি আৰবে এক বৃহৎ নীতি পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে, যাৰ ফলত বিদেশী কোম্পানী আৰু ব্যক্তিয়ে দেশখনত বিনিয়োগ কৰিব পাৰিব। বিভিন্ন সংস্কাৰমূলক পদক্ষেপেৰে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰি থকা ছৌদি আৰব চৰকাৰৰ এই সিদ্ধান্তই কিন্তু মুছলমান বিশ্বই কঠোৰ সমালোচনা কৰিছে।

ছোদি আৰৱৰ প্ৰধানমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰা ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ এই যুগান্তকাৰী সিদ্ধান্তই পাকিস্তানকে ধৰি মুছলমান বিশ্বৰ বহু লোকক ক্ষুব্ধ কৰি তুলিছে আৰু বহু পাকিস্তানী যুৱতীয়ে ছৌদি ৰাজকুমাৰৰ এই সিদ্ধান্তক সমালোচনা কৰিছে। এই সিদ্ধান্তই দীৰ্ঘম্যাদীভাৱে মুছলমান আৰু ইছলামৰ ক্ষতি কৰিব বুলি তেওঁলোকে দাবী কৰিছে।

পাকিস্তানী ইউটিউবাৰ নিমৰা আহমেদে ছৌদি আৰব চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিয়া কেইবাগৰাকীও যুৱতীৰ সৈতে কথা পাতি দৃঢ়তাৰে কয় যে ছৌদি আৰবে উপলব্ধি কৰা উচিত যে সমগ্ৰ বিশ্বতে মুছলমানসকলে বৈষম্যৰ সন্মুখীন হৈছে, আৰু সেইবাবেই ইছলামিক দেশসমূহে এনে নীতি গ্ৰহণ কৰিব নালাগে, যিয়ে মুছলমান সম্প্ৰদায়ৰ অধিক ক্ষতি কৰিব পাৰে।

ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানে আধুনিক নীতি গ্ৰহণ আৰু ছৌদি অৰ্থনীতিক এক ভাল নীতিগত সিদ্ধান্তকাৰী দেশ হিচাপে মুকলি কৰাৰ সিদ্ধান্তৰ সৈতে একমত প্ৰকাশ কৰাৰ বিপৰীতে পাকিস্তানী যুৱতীকেইজনীয়ে ইছলামৰ দুখন পবিত্ৰ চহৰ মক্কা আৰু মদীনাত বিনিয়োগৰ অনুমতি দিয়াৰ বাবে তেওঁৰ এই পদক্ষেপক সমালোচনা কৰে আৰু দাবী কৰে যে ইয়াৰ ফলত এই চহৰসমূহত অমুছলমানৰ প্ৰভাৱ বৃদ্ধি পাব।
"ছৌদি আৰব মুছলমান সংখ্যাগৰিষ্ঠ দেশ হোৱাৰ উপৰিও মুছলমানসকলৰ বাবে ইয়াৰ এক বিশেষ তাৎপৰ্য আছে, কাৰণ ই হৈছে ইছলামৰ জন্মস্থান, আৰু আমাৰ আটাইতকৈ পবিত্ৰ চহৰ মক্কা আৰু মদিনা ইয়াতে অৱস্থিত। এই পবিত্ৰ চহৰসমূহত অ-মুছলমানক অনুমতি দিয়া উচিত নহয়।"-ভিডিঅ’টোত এগৰাকী যুৱতীয়ে এইদৰে কোৱা দেখা গৈছে।

আন এগৰাকী যুৱতীয়ে উল্লেখ কৰে যে হজৰত মহম্মদে দীৰ্ঘদিনীয়া যুদ্ধ কৰিছিল, আৰু মক্কা আৰু মদিনাত ইছলাম প্ৰতিষ্ঠা কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল, আৰু অমুছলমান “কাফিৰ”ক এই ঠাইবোৰত মুক্তভাৱে বিনিয়োগ কৰিবলৈ দিয়াটোৱে হজৰত মহম্মদৰ জীৱনৰ কাম আৰু ইছলামৰ বাবে কৰা ত্যাগক বিপদাপন্ন কৰিব। আন এগৰাকী যুৱতীয়ে কয়, "যদি মক্কা আৰু মদিনাত অমুছলমানসকলক মুক্ত প্ৰৱেশৰ অনুমতি দিয়া হয়, তেন্তে তেওঁলোকে ইছলামৰ পবিত্ৰ চহৰসমূহত নিজৰ ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰিব পাৰে।"

তেওঁলোকে এই কথাত একমত হয় যে সকলো দেশে ইখনে-সিখনৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজন, কিন্তু অমুছলমানৰ মালিকানাধীন বিদেশী কোম্পানীক মক্কা আৰু মদিনাত ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ দিয়া উচিত নহয়। কেইবাগৰাকীও যুৱতীয়ে ইজৰাইলৰ প্ৰতি মৰুৰ দেশখনৰ স্থিতিৰ বিষয়েও প্ৰশ্ন উত্থাপন কৰি কয় যে ছৌদি আৰৱৰ আমেৰিকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে তেওঁলোকে মুছলমান বিৰোধী শক্তিৰ সৈতে মিলি নিজৰ সুনাম নষ্ট কৰি আছে।