পেলেষ্টাইন ৰাষ্ট্ৰ গঠন নোহোৱালৈকে ইজৰাইলৰ সৈতে কোনো কূটনৈতিক সম্পৰ্ক স্থাপন নকৰোঃ ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স

Story by  atv | Posted by  [email protected] • 19 h ago
ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহম্মদ বিন ছালমান আল ছৌদ
ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহম্মদ বিন ছালমান আল ছৌদ
 
ৰিয়াধ

ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহম্মদ বিন ছালমান আল ছৌদে কয় যে পূব জেৰুজালেমক ৰাজধানী হিচাপে লৈ এখন স্বতন্ত্ৰ পেলেষ্টাইন ৰাষ্ট্ৰ গঠন নকৰালৈকৈ ছৌদি আৰবে ইজৰাইলৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন নকৰে। বুধবাৰে ছৌদি শ্বুৰা কাউন্সিলৰ নৱম অধিৱেশনৰ প্ৰথম বছৰৰ মুকলি অনুষ্ঠানত দিয়া ভাষণত তেওঁ এই এই মন্তব্য আগবঢ়ায়। পেলেষ্টাইন বিষয়টো ছৌদি আৰৱৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ হৈয়েই আছে বুলি মহম্মদ বিন ছালমান আল ছৌদে উল্লেখ কৰে।
 
ক্ৰাউন প্ৰিন্সে কয়, "পেলেষ্টাইনী জনসাধাৰণৰ বিৰুদ্ধে ইজৰাইলৰ আগ্ৰাসী চৰকাৰে কৰা অপৰাধক আমি আকৌ এবাৰ প্ৰত্যাখ্যান কৰিছো আৰু ইয়াক তীব্ৰ নিন্দা কৰিছো, যিয়ে আন্তঃৰাষ্ট্ৰীয় আৰু মানৱীয় আইনক অৱজ্ঞা কৰে। ছৌদি আৰৱৰ ৰজা ছলমান বিন আব্দুলজিজ আল ছৌদৰ হৈ তেওঁ পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়া সকলো দেশৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু আন দেশসমূহক এয়া অনুসৰণ কৰিবলৈ আহ্বান জনায়।
ভাষণত ক্ৰাউন প্ৰিন্সে আলোকপাত কৰে যে ছৌদি আৰবে বিশ্ব সম্প্ৰদায়ৰ সকলো সক্ৰিয় ৰাষ্ট্ৰৰ সৈতে সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
 
“আমি বিশ্বাস কৰোঁ যে মানৱতাৰ মংগল আৰু আমাৰ উমৈহতীয়া সভ্যতাকেন্দ্ৰিক মূল্যবোধৰ সংৰক্ষণ উজ্জ্বল ভৱিষ্যতৰ বাবে একেলগে কাম কৰাৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ বাবে দেশসমূহৰ স্বাধীনতা আৰু মূল্যবোধৰ প্ৰতি পাৰস্পৰিক সন্মান, ভাল চুবুৰীয়া আৰু হস্তক্ষেপহীনতাৰ নীতি ৰক্ষা কৰা, আৰু বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰা আদিৰ অতি প্ৰয়োজন হৈ পৰিছে।"