অনাগত বছৰবোৰত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সৈতে মোকাবিলা কৰিব লাগিব ছৌদি আৰৱৰ হজ প্ৰশাসনে

Story by  atv | Posted by  [email protected] • 8 d ago
প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি ছাতিৰ তলত হজযাত্ৰী
প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি ছাতিৰ তলত হজযাত্ৰী
 
নতুন দিল্লী

ছৌদি আৰৱত এই বৰ্ষৰ পবিত্ৰ হজযাত্ৰাৰ অন্ত পৰিছে। ইছলামৰ অনুগামী হিচাপে ১৮ লাখ হজযাত্ৰীয়ে এই বাধ্যতামূলক ধৰ্মীয় কৰ্তব্য পালন কৰে। ছৌদি আৰৱ চৰকাৰে সৰ্বোত্তম ব্যৱস্থা কৰিলেও অত্যন্ত গৰমৰ বাবে এই বছৰৰ হজযাত্ৰাত ১৩০০ তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে।
 
এনে পৰিস্থিতিত এই বছৰৰ বাৰ্ষিক হজযাত্ৰাই ছৌদি আৰব চৰকাৰৰ বাবে এক ভয়ংকৰ ইংগিত বহন কৰিছে। হজযাত্ৰা আৰু উমৰাহৰ পৰা আহৰণ কৰা দেশখনৰ ৰাজহ (জিডিপিৰ ৭.০ শতাংশ)তো বিৰূপ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ পাইছে।
 
ফিউচাৰ মাৰ্কেট ইনচাইটছ (এফএমআই)ৰ মতে, ২০২২ চনত হজ আৰু উমৰাহ পৰ্যটন বজাৰে ১৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ ৰাজহ লাভ কৰাৰ আশা কৰা হৈছিল আৰু ২০৩২ চনত ৩৫০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। কেৱল ছৌদি আৰবেই নহয়, তীৰ্থযাত্ৰী পঠোৱা আন দেশসমূহেও ইয়াৰ সৈতে জড়িত অৰ্থনৈতিক কাৰ্যকলাপ বিশেষকৈ ভ্ৰমণ, বিমান পৰিবহণ আৰু আতিথ্য উদ্যোগৰ বাবে এই সুবিধা লাভ কৰিছে।
 
বিশ্বৰ বাকী অংশৰ দৰেই গোলকীয় উষ্ণতা বৃদ্ধিয়ে আৰব উপদ্বীপ আৰু হজযাত্ৰাতো প্ৰভাৱ পেলাইছে। এয়া নিশ্চিতভাৱে ১৪০০ বছৰ আগৰ হজৰত মহম্মদৰ সময়ৰ উষ্ণতাতকৈ বহু বেছি। ৱাশ্বিংটনৰ মিডল ইষ্ট ইনষ্টিটিউটৰ মতে, জলবায়ু পৰিৱৰ্তনৰ ফলত তেল সমৃদ্ধ উপমহাদেশখনত যোৱা চাৰি দশকত গ্ৰীষ্মকালীন গড় উষ্ণতা ২.৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে।
 
হজযাত্ৰালৈ যোৱা এজন ভাৰতীয় মুছলমান
 
ৱাশ্বিংটন পোষ্ট আৰু অলাভজনক সংস্থা কাৰ্বন প্লেনৰ মতে ২০৫০ চনৰ ভিতৰত মক্কাত বছৰৰ প্ৰায় ১৮২ দিন বিপজ্জনকভাৱে গৰম বতৰ থাকিব। ইয়াত অনুমান কৰা হৈছে যে ইয়াৰে ৫৪ দিন এনেকুৱা হ’ব যেতিয়া ছাঁত থিয় হৈ থাকিলেও মানুহৰ বাবে গৰম সহ্য কৰাটো অসম্ভৱ হ’ব।
 
উল্লেখ্য যে, এইবাৰ হজযাত্ৰাৰ সময়ত মৃত্যু হোৱা অধিকাংশ তীৰ্থযাত্ৰী ইজিপ্তৰ হোৱাৰ বিপৰীতে ৫৮জন ভাৰতৰ। ঠিক তেনেদৰে ১৯৮৫ চনত যেতিয়া ছৌদি আৰৱত তীৰ্থযাত্ৰাৰ সময়ত গ্ৰীষ্ম প্ৰবাহ বৈছিল, তেতিয়া ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।
 
ছ’চিয়েল মিডিয়াৰ এই যুগত মৃত্যুৰ বাতৰি দ্ৰুতগতিত বিয়পি পৰিছে আৰু এইবোৰৰ আঁৰৰ কাৰণসমূহৰ ওপৰত মতামত আৰু প্ৰতিক্ৰিয়াও দ্ৰুতগতিত প্ৰচাৰ হৈছে। বহু নেটিজেনে তীৰ্থযাত্ৰীসকলৰ বাবে দুৰ্বল ব্যৱস্থাৰ বাবে ছৌদি চৰকাৰক সমালোচনা কৰে।
 
ছৌদি আৰৱ চৰকাৰে হজত যোৱা পাঁচ দিনত ১৩০০ লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। ইয়াত কোৱা হৈছে যে মৃতসকলৰ অধিকাংশই উপযুক্ত পঞ্জীয়ন অবিহনে তীৰ্থযাত্ৰাত যোগদান কৰা বৃদ্ধ লোক। তেওঁলোকে হজ ভিছাত অহাৰ পৰিৱৰ্তে ভিজিট ভিছাতহে ছৌদিলৈ আহিছিল। লগতে, তেওঁলোক কোনো চৰকাৰী সমৰ্থন নোহোৱাকৈ বা কোনো গোটৰ সদস্য নোহোৱাকৈ তীৰ্থযাত্ৰলৈ আহিছিল।
 
বহু দেশৰ দূতাবাসে এই কথা নিশ্চিত কৰিছে। এনেধৰণৰ পঞ্জীয়নবিহীন পৰ্যটকৰ অধিকাংশই হজ আৰম্ভ হোৱাৰ কেইবামাহো আগতেই ছৌদি আৰৱলৈ আহিছিল। হজ ভিছাত অহা সকলোৰে বাবে উপলব্ধ উপযুক্ত থকাৰ ব্যৱস্থা, খাদ্য, আৰু যাতায়তৰ সুবিধা নোহোৱাকৈয়ে তেওঁলোকে হজ কৰিছিল।
 
টিউনিছিয়াই নিশ্চিত কৰিছে যে হজৰ সময়ত মৃত্যু হোৱা অধিকাংশ নাগৰিকেই পৰ্যটন, উমৰা, ভ্ৰমণ ভিছাৰ জৰিয়তে ছৌদি আৰৱত উপস্থিত হৈছিল। একেদৰে মৃত বা নিৰুদ্দেশ হোৱা জৰ্ডানৰ সকলো তীৰ্থযাত্ৰী তেওঁলোকৰ দেশৰ চৰকাৰী হজ প্ৰতিনিধি দলৰ অংশ নাছিল। তেওঁলোকে পৰ্যটক আৰু ভ্ৰমণৰ ভিছাত আৰু হজৰ অনুমতি অবিহনে ছৌদি আৰৱত প্ৰৱেশ কৰিছিল।
 
কিন্তু তীৰ্থযাত্ৰীসকলৰ মৃত্যু বা অসুস্থ অনুভৱৰ সাধাৰণ কাৰণটো আছিল যে তেওঁলোকে পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত নিজৰ কোঠাৰ পৰা ওলাই নাযাবলৈ দিয়া নিৰ্দেশ অমান্য কৰিছিল। সম্ভৱতঃ তেওঁলোকে ঐশ্বৰিক আশীৰ্বাদ লোৱাৰ উত্তেজনা আৰু আৱেগৰ বাবে প্ৰচণ্ড ৰ'দৰ মাজত বাহিৰলৈ ওলাই যায় আৰু ইয়াৰ বাবে তেওঁলোকে গধুৰ মূল্য ভৰিবলগীয়া হয়।
 
হজযাত্ৰাৰ সামৰণিত আৱেগিক এগৰাকী হজযাত্ৰী
 
তীৰ্থযাত্ৰীসকলে চৰকাৰী নিৰ্দেশনাক আওকাণ নকৰিলে হয়তো মৃত্যুৰ সংখ্যা বহুত কম হ’লহেঁতেন। এই ট্ৰেজেডীৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল মৃত্যু হোৱা লোকসকলৰ অধিকাংশই আছিল ৬০ বছৰৰ ওপৰৰ বৃদ্ধ। ভাৰতৰ হজ কমিটীয়ে ৭০ বছৰৰ ওপৰৰ হজযাত্ৰীসকলৰ লগত এজন ব্যক্তি থকাটো বাধ্যতামূলক কৰিছিল।
 
অৱশ্যে, আন দেশৰ হাজাৰ হাজাৰ বৃদ্ধ লোক অকলে আহিছিল। বিশেষজ্ঞসকলে কয় যে হজটো তেনেকুৱা ব্যক্তিৰ ক্ষেত্ৰতহে বাধ্যতামূলক, যিয়ে শাৰিৰীকভাৱে সামৰ্থ্যৱান আৰু নিৰোগী। কিন্তু বাস্তৱ কথাটো হ’ল বহু লোকে নিজৰ তীৰ্থযাত্ৰাৰ বাবে ধন সঞ্চয় কৰি অৱসৰৰ পিছত (৬-৭০ বছৰ বয়সত) হজ কৰাৰ সিদ্ধান্ত লয়।
 
উল্লেখ্য যে, অহৰহ তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে হজ কৰ্তৃপক্ষৰ বাবে এক প্ৰত্যাহ্বান। ছৌদি আৰৱ চৰকাৰে হিট ষ্ট্ৰ’ক আৰু অন্যান্য স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ ৩২ হাজাৰৰো অধিক স্বাস্থ্যকৰ্মীক নিয়োগ কৰিছিল। আৰক্ষী আৰু স্বেচ্ছাসেৱকে তীৰ্থযাত্ৰীসকলক গৰমৰ পৰা ৰক্ষা কৰিবলৈ পানী ছটিয়াই দিয়াৰ লগতে বিনামূলীয়া পানীৰ বটলো বিতৰণ কৰে।
 
কিন্তু বিশেষজ্ঞসকলে কয় যে বায়ুমণ্ডলৰ উষ্ণতা ৩৫ ডিগ্ৰী চেলছিয়াছৰ তলত হ’লেহে হিট ষ্ট্ৰ’ক প্ৰতিৰোধৰ ক্ষেত্ৰত পানী স্প্ৰে’ কৰাটো ফলপ্ৰসূ হয়। ছৌদি আৰবে অতি উত্তাপৰ সৈতে মোকাবিলা কৰিবলৈ বিশদ ব্যৱস্থা কৰিছিল। ইয়াৰ ভিতৰত আছিল এক লাখৰো অধিক শীততাপ নিয়ন্ত্ৰিত তম্বু, বিনামূলীয়াকৈ পানী আৰু ছাতি বিতৰণ, পানী ছটিয়াই দিয়া যন্ত্ৰ ব্যৱহাৰ ইত্যাদি।