জেহাদক ভুলকৈ বুজা হৈছে আৰু ভুলকৈ ব্যাখ্যা কৰা হৈছে

Story by  atv | Posted by  [email protected] • 11 d ago
গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ এক মুহূৰ্ত
গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ এক মুহূৰ্ত
 
নতুন দিল্লী

মৌলবাদী আৰু সন্ত্ৰাসবাদীয়ে ইছলামিক শিক্ষাৰ ভুল ব্যাখ্যা কৰিছে আৰু ইয়াক ভুল উদ্দেশ্যত ব্যৱহাৰ কৰিছে। জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্য অধ্যাপক মহম্মদ ছাকিল কাজোৱে এক আলোচনা চক্ৰত ভাষণ দি এইদৰে কয়। এই উপলক্ষে ড° জীশান আহমেদ মিছবাহীৰ তফহীম ই জেহাদ (অণ্ডাৰষ্টেণ্ডিং জেহাদ) নামৰ গ্ৰন্থখনো উন্মোচন কৰা হয়।
 
নতুন দিল্লীৰ খুছৰো ফাউণ্ডেচনৰ দ্বাৰা গ্ৰন্থখন প্ৰকাশ পাইছে। অধ্যাপক কাজোৱে কয় যে ইছলামিক শিক্ষা সন্দৰ্ভত বহু ভুল ধাৰণা আছে যিবোৰ আঁতৰোৱাৰ প্ৰয়োজন আছে আৰু খুছৰো ফাউণ্ডেশ্যন এই অভিযানত নিয়োজিত হৈ আছে।
 
খুছৰো ফাউণ্ডেশ্যনে অতি কম সময়ৰ ভিতৰতে বিষয়টোৰ ওপৰত বহু গ্ৰন্থ প্ৰকাশ কৰা বুলি উল্লেখ কৰি জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্য অধ্যাপক মহম্মদ ছাকিল কাজোৱে কয় যে তেওঁলোকৰ প্ৰতিষ্ঠানেও এনে প্ৰচেষ্টাত সহযোগিতা আগবঢ়াবলৈ সদায় সাজু হৈ আছে। তাফহীম জেহাদ হৈছে জেহাদ সম্পৰ্কে দ্ৰুতগতিত বিয়পি পৰা ভুল ধাৰণাসমূহ আঁতৰোৱাৰ এক প্ৰয়াস।
 
আলোচনা চক্ৰত ভাষণ দি ইছলামিক অধ্যয়ন বিভাগৰ ড০ ইকতাৰ মহম্মদ খানে কয় যে জামিয়া মিলিয়া ইছলামিয়া জাতীয় ঐক্য আৰু ধৰ্মনিৰপেক্ষতাৰ নামত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল দেশত একতা সৃষ্টি আৰু হিন্দু, মুছলমান, শিখ, আৰু দেশত বসবাস কৰা সকলো শ্ৰেণীৰ মাজত সমন্বয় স্থাপন কৰা।
 
তেওঁ কয় যে প্ৰতিখন দেশতে কিছুমান সমস্যা সাময়িকভাৱে উদ্ভৱ হয়; কিছুমান ৰাজনৈতিক দলে ভোট আৰু ক্ষমতাৰ বাবে পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰে, কিন্তু জনসাধাৰণক হতাশ হোৱা উচিত নহয়। "প্ৰতিটো নিশাৰ পিছত পুৱা আহে। ঘৃণাৰ পৰিৱেশ সাময়িক, আচল কথাটো হ'ল প্ৰেম, যি চিৰদিনৰ বাবে থাকে।"-তেওঁ কয়।
 
 
জেহাদক কেন্দ্ৰ কৰি চলি থকা ভ্ৰান্ত ধাৰণা সন্দৰ্ভত তেওঁ কয় যে কোনো ধৰ্মই মানৱ জীৱন হত্যাৰ অনুমতি নিদিয়ে। "নিৰীহ লোকক হত্যা কৰাটো জেহাদ নহয়। ই সন্ত্ৰাসবাদ আৰু এক বৃহৎ অপৰাধ। জেহাদ সন্দৰ্ভত ভুল বুজাবুজি আঁতৰোৱাৰ প্ৰয়োজন আছে।"-ড০ ইকতাৰ মহম্মদ খানে কয়। 
 
তেওঁ লগতে উল্লেখ কৰে যে জেহাদৰ ধাৰণাটো সৃষ্টিৰ বাবে ইছলামৰ কোনো দোষ নাই যদিও ইয়াৰ বিষয়ে ভুল বুজাবুজিৰ বাবেই বহুতে ভুল পথত আগবাঢ়িছে। ধৰ্মৰ উদ্দেশ্য হৈছে পৰলোক সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু ইছলামেও এই সংযোগৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰিছে।
 
গ্ৰন্থখনৰ ওপৰত মন্তব্য কৰি ড° জিছান আহমেদ মিছবাহীয়ে জেহাদ আৰু সন্ত্ৰাসবাদৰ পাৰ্থক্য স্পষ্ট কৰি কয় যে এই বিষয়ে বহু ভুল ধাৰণা আছে। তেওঁ কয়, “মোৰো এই বিষয়ে আগতে কোনো স্পষ্ট চিন্তা নাছিল, কিন্তু গৱেষণা আৰু অধ্যয়নৰ অন্ততহে মই পাৰ্থক্যটো বুজি পালোঁ।”
 
অনুষ্ঠানটোত উপস্থিত থকা ড০ জিছান আহমেদ মিছবাহীয়ে ইয়াক লিখাৰ উদ্দেশ্যৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে ছাত্ৰ জীৱনৰ পৰাই ‘জিহাদ’ শব্দটো তেওঁৰ বাবে কৌতুহলৰ বিষয় হৈ আহিছে। ছাত্ৰ জীৱনত বন্ধু-বান্ধৱীৰ মাজত ধেমালিতে ব্যৱহাৰ কৰা ‘জিহাদ’ শব্দটোৱে তেওঁক এই গ্ৰন্থখন লিখিবলৈ বাধ্য কৰাইছিল। তেওঁ কয় যে তেওঁ সৰু আৰু ছাত্ৰ হৈ থাকোঁতে তেওঁৰ বাবে জেহাদৰ অৰ্থ আছিল "অন্য ধৰ্মৰ সম্পত্তি দখল কৰা।"
 
কিতাপখন লিখি থাকোঁতে ডাঃ মিছবাহীয়ে উপলব্ধি কৰিছিল যে ইয়াৰ বিষয়ে অজস্ৰ বিভ্ৰান্তি আৰু কেনেকৈ এই শব্দটোক ভুলকৈ ব্যৱহাৰ কৰি হিংসাৰ বাবে এক অস্ত্ৰ কৰি তোলা হৈছে। কোৰান আৰু হাদীছৰ উদ্ধৃতি দি তেওঁ জেহাদক বিগ জেহাদ, সৰু জেহাদ, আৰু মজলীয়া জেহাদ বুলি শ্ৰেণীভুক্ত কৰিছিল। জেহাদ-ই-আকবৰ অৰ্থাৎ ডাঙৰ জেহাদ হ’ল নিজৰ ইগো আৰু ইচ্ছাক নিয়ন্ত্ৰণ কৰা।
 
কোৰআনৰ উদ্ধৃতি দি তেওঁ কয়, "ইছলামত শত্ৰুৰ সন্ধান কৰাটো নিষিদ্ধ। ইছলামত জেহাদ হৈছে ইবাদত। জেহাদ আৰবী শব্দ, যাৰ অৰ্থ হৈছে ভাল প্ৰচেষ্টা। ইছলামত এটা আদেশ আছে যে কোনোবাই যদি আপোনাৰ কথা নুশুনে তেন্তে তেওঁক নিৰাপদ ঠাইত এৰি ঘূৰি আহক।"
 
তেওঁ কয় যে প্ৰকৃত জেহাদ হৈছে আত্ম-জিহাদ, যিটো ইছলামে মহান জেহাদ বুলি ঘোষণা কৰিছে। তেওঁ আশা কৰিছে যে গ্ৰন্থখনে এই সন্দৰ্ভত থকা ভুল বুজাবুজিবোৰ দূৰ কৰিব। 
 
এই উপলক্ষে ভাষণ দি গুলাম ৰছুল দেহলৱীয়ে কয় যে কোৰান আৰব ভাষাত প্ৰকাশ পাইছিল, ইজিপ্তত পঢ়োৱা হৈছিল, ভাৰতত বুজা হৈছিল আৰু এই প্ৰক্ৰিয়াত বহু ভুল বুজাবুজিৰ সৃষ্টি হৈছে, যিবোৰ আঁতৰোৱাৰ প্ৰয়োজন আছে।
 
মৌলানা হাছান ছাইদাঝাৰীয়ে কয় যে জেহাদৰ নামত মানুহক হত্যা কৰাটো সহজ আছিল, কিন্তু আন মানুহৰ হৃদয় জয় কৰাটো কঠিন। নিজামুদ্দিন আউলিয়াৰ উদ্ধৃতি দি তেওঁ কয়, "মানুহৰ হৃদয় জয়ৰ প্ৰচেষ্টা হ'ব লাগে। এইটোৱেই হৈছে চুফীসকলৰ পথ।"
 
 
খোছৰো ফাউণ্ডেশ্যনৰ আহ্বায়ক ড০ হাফিজুৰ ৰেহমানে কয় যে খোছৰো ফাউণ্ডেশ্যনৰ লক্ষ্য হৈছে সম্প্ৰীতি আৰু প্ৰেমৰ মনোভাৱ পুনৰ জগাই তোলা। তাফহীম ই জেহাদ (Tafheem e Jihad) গ্ৰন্থৰ পূৰ্বেও খুচৰো ফাউণ্ডেশ্যনে গাজৱা-ই হিন্দকে ধৰি কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিছে। এই গ্ৰন্থবোৰে পাঠকৰ ভাল সমাদৰ লাভ কৰিছে।
 
তেওঁ আৰু কয় যে প্ৰতিষ্ঠানটোৱে ভৱিষ্যতেও বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰিবলৈ ওলাইছে। ছিৰাজুদ্দিন কুৰেশ্বীৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ সামৰণি পৰে শান্তনু মুখাৰ্জীৰ ধন্যবাদ জ্ঞাপনেৰে। মুখাৰ্জী আৰু কুৰেশ্বী দুয়োজনেই খোছৰো ফাউণ্ডেশ্যনৰ পৰিচালক।
 
দুয়োজনে আশা কৰে যে ফাউণ্ডেচনে দেশত শান্তি-সম্প্ৰীতিৰ প্ৰসাৰৰ বাবে আৰু ভুল বুজাবুজিৰ সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিব। অনুষ্ঠানত জামিয়া মিলিয়া ইছলামিয়াৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী, বিশিষ্ট নাগৰিক, খোছৰো ফাউণ্ডেশ্যনৰ পৰিচালক ৰামবীৰ সিং, আৱাজ দ্য ভইচৰ মুখ্য সম্পাদক আতিৰ খান, জামিয়াৰ শিক্ষক ড° মহম্মদ আৰ্ছাদ, সাংবাদিক আহমেদ জাভেদ, ধৰ্মীয় পণ্ডিত মৌলানা মঞ্জাৰ মহছিন, মৌলানা আব্দুল মৈদ আজহাৰী আদি উপস্থিত থাকে।