অসম সাহিত্য সভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলা; পাঠশালা অধিৱেশনত ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শনী

Story by  atv | Posted by   Imtiaz Ahmed • 1 d ago
পাঠশালা সাহিত্য সভা ভৱনত বিজ্ঞান প্ৰদৰ্শনী উপসমিতিৰ সংবাদ মেল, বৃহস্পতিবাৰে
পাঠশালা সাহিত্য সভা ভৱনত বিজ্ঞান প্ৰদৰ্শনী উপসমিতিৰ সংবাদ মেল, বৃহস্পতিবাৰে
আৱাজ দ্য ভইচ ব্যুৰো 

অসমৰ জাতীয় জীৱন আৰু ভাষা-সাহিত্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভা। পদ্মনাথ গোহাঞিবৰুৱা আৰু শৰৎ চন্দ্ৰ গোস্বামীয়ে আৰম্ভ কৰি থৈ যোৱা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি বাৰ্ষিক অধিৱেশন অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব শিক্ষা নগৰী পাঠশালাত।

১৯৮৭ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে পাঠশালাত অনুস্থিত হ'বলগীয়া সাহিত্য সভাৰ অধিবেশনত প্ৰথম বাৰৰ বাবে এক নতুন ইতিহাসৰ সৃষ্টি কৰি সূচনা কৰা হ'ব  বিজ্ঞান মেলাৰ৷ 

সচৰাচৰ অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰত্যক্ষ কৰি অহা বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান আৰু সাহিত্যৰ মাজত যোগসূত্ৰ স্থাপনৰ উদ্দেশ্যে এইবাৰ অনুষ্ঠিত হ'ব  বিজ্ঞান মেলা। এই মেলাখন উচৰ্গা কৰা হ'ব ৰেলৰ বাবে ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বলৈ অনবদ্য অৱদান আগবঢ়োৱা বৰপেটাৰ সুযোগ্য সন্তান বিশিষ্ট বৈজ্ঞানিক কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ নামত৷

আজি পাঠশালা সাহিত্য সভা ভৱনত বিজ্ঞান প্ৰদৰ্শনী উপসমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰে। 

সংবাদমেলত অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পাঠশালা অধিৱেশনত বিজ্ঞান মেলা আয়োজন  সন্দৰ্ভত সবিশেষ ব্যক্ত কৰে৷ 

বিজ্ঞান প্ৰদৰ্শনী মেলা উপ সমিতিৰ সভাপতি ড° হিৰণ্য কুমাৰ শৰ্মা, কাৰ্যকৰী সভাপতি ড৹ ৰূপম পাটগিৰি, সম্পাদকদ্বয় ড৹ উপকুল মহন্ত আৰু ড° কৌস্তুভমনি পাটোৱাৰীৰ উপস্থিতিত সংবাদ মেলখনত আদৰণি সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে প্ৰায় ৫৫ হাজাৰ বৰ্গফুট এলেকা আগুৰা এই বিজ্ঞান মেলাত ৫০০ কোটিতকৈও অধিক মূল্যৰ সামগ্ৰী প্ৰদৰ্শিত হব৷

ইয়াৰ ভিতৰত প্ৰায় ৯০০ বৰ্গফুট এলেকাত ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ অন্তৰ্গত ভাৰতীয় সেনাৰ সকলো প্ৰকাৰৰ অস্ত্ৰ প্ৰদৰ্শন কৰাৰ লগতে অস্ত্ৰৰ বিবৰ্তনৰ প্ৰদৰ্শনী থাকিব, যি প্ৰদৰ্শনী হয়তো অসমৰ কোনো ঠাইতে অদ্যপি হোৱা নাই৷ 

দুটাকৈ তাৰকাগৃহ থাকিবলগীয়া বিজ্ঞান মেলাত ২২টা কৈ বিপণি সন্নিৱিষ্ট কৰা হব৷ অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় তেল শোধনাগাৰ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী তেল শোধনাগাৰ, আৰণ্যক এনজিঅ', আগাষ্ট্যা এনজিঅ', আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্বন চেণ্টাৰ, ভট্টদেৱ বিশ্ববিদ্যালয়, এন ই চাইঞ্চ মুভমেণ্ট, জল পৰিবহন বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, ASTEC, বায়'টেক পাৰ্ক আৰু ষ্টেট স্পেচ চেণ্টাৰ, IASST, ভাৰতীয় সেনা, ঔষধি উদ্ভিদ, বোম্বে নেচাৰেল হিষ্ট'ৰী ছোচাইটি, গুৱাহাটী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰকে আদি কেবাটাও অনুষ্ঠানৰ দ্বাৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হব৷ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অহা ৩১ জানুৱাৰীত উদ্বোধন কৰিবলগীয়া এই বিজ্ঞান মেলাৰ মঞ্চখন নামাকৰণ কৰা হব পদ্মশ্ৰী বিৰুবালা ৰাভাৰ নামেৰে৷

এই মঞ্চত প্ৰতিদিনে আয়োজন কৰা হ'ব কেবাটাও বিজ্ঞান বিষয়ক বক্তিতানুষ্ঠানৰ৷ ইয়াৰে ৩১ জানুৱাৰীৰ আবেলি ৩-৩০ বজাত ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উন্মোচন কৰিবলগীয়া পদ্মশ্ৰী বিৰুবালা ৰাভা মঞ্চত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকাই উন্মোচন কৰিবলগীয়া ৰাধানাথ ফুকন স্মাৰক বক্তৃতানুষ্ঠানত "বিজ্ঞানৰ ঈশ্বৰ আৰু ধৰ্মৰ বিজ্ঞান" বিষয়ত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ড° মৃত্যুঞ্জয় গুহ মজুমদাৰে৷ 

১ ফেব্ৰুৱাৰীৰ আবেলি 'গাণিতিক সৌন্দৰ্যঃ সাহিত্যৰ পৰিভাষাত অনুভৱৰ সম্ভাৱনা' শীৰ্ষক কামেশ্বৰ দাস স্মাৰক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান  কৰিব আই আই টি গুৱাহাটী অধ্যাপক অনুপম শইকীয়াই৷

২ফেব্ৰুৱাৰীত ড° নয়নজ্যোতি দাসে উন্মোচন কৰিবলগীয়া 'সাহিত্যই উম দিয়া মানৱ দৰদী চিকিৎসক' শীৰ্ষক ডা° ৰজনীপ্ৰভা শইকীয়ানী স্মাৰক বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট চিকিৎসক, সাহিত্যিক ডা° সুভ্ৰ কিংকৰ গোস্বামীয়ে৷ 

৩ ফেব্ৰুৱাৰীত মানস কুমাৰ চক্ৰৱৰ্তীয়ে উন্মোচন কৰিবলগীয়া 'বিদেশত আপোন বিজ্ঞানী' শীৰ্ষক কৰুণা সাগৰ দাস স্মাৰক বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট বিজ্ঞানী ড° ভাস্কৰ চৌধুৰীয়ে৷

৪ ফেব্ৰুৱাৰীত সৌৰভ কুমাৰ চলিহা স্মাৰক বক্তৃতানুষ্ঠানত 'বিজ্ঞানে গঢ়া সাহিত্যক' শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিব সাহিত্য অকাডমি পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট গল্পকাৰ, সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে৷ 

এই বিজ্ঞান মেলাত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হব৷ অসম সাহিত্য সভাৰ অধিৱেশনৰ  ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা এই বিজ্ঞান মেলাই সভাক এক নতুনত্ব প্ৰদান কৰিব বুলি আজিৰ সংবাদমেল যোগে সদৰি কৰি সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক এই বিজ্ঞান মেলা চোৱাৰ বাবে আহ্বান জনাইছে ৰণজিৎ কুমাৰ দাসে৷