ধ্বংসাৱশেষত পৰিণত হ'ল বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ঐতিহাসিক ঘৰ; বাংলাদেশত অস্থিৰতাৰ নতুন ঢৌ

Story by  atv | Posted by  [email protected] • 18 h ago
বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ঐতিহাসিক ঘৰত ধ্বংসলীলা
বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ঐতিহাসিক ঘৰত ধ্বংসলীলা
 
আৱাজ দ্য ভইচ / নতুন দিল্লী / ঢাকা

বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ সৈতে জড়িত ঐতিহাসিক স্থান ৩২ নং ধানমণ্ডী (বংগবন্ধু সংগ্ৰহালয়) বুধবাৰে নিশা একাংশ হিংসাত্মক ছাত্ৰৰ দল আৰু উন্মত্ত লোকে ভাঙি ছুৰমাৰ কৰে। এই সময়ছোৱাত ধানমণ্ডীস্থিত শ্বেখ হাছিনাৰ বাসগৃহ ‘সুধাসদন’তো জুই লগাই দিয়া হয়। এই ভয়াবহ ঘটনাই বাংলাদেশৰ ৰাজনীতিত এক নতুন মোৰ কঢ়িয়াই আনিছে। 
 
বাংলাদেশৰ মুক্তি যুদ্ধ আৰু স্বাধীনতা আন্দোলনৰ সাক্ষী এই ঐতিহাসিক ঘৰটো ক্ৰেন, খনন মেচিন আৰু বুলডজাৰ ব্যৱহাৰ কৰি সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে। তিনিমহলীয়া অট্টালিকাটোৰ এটা অংশহে এতিয়া থিয় হৈ থকাৰ বিপৰীতে চাৰিওফালৰ সকলো ঘৰ ধ্বংসাৱশেষলৈ পৰিণত হৈছে।
 
বৃহস্পতিবাৰে পুৱা ঘটনাস্থলীত ভঙা চাল, লোহাৰ ৰড আৰু অন্যান্য অৱশিষ্ট সিঁচৰতি হৈ থকা অৱস্থাত উদ্ধাৰ হয়। একাংশ স্থানীয় লোকে ধ্বংসাৱশেষৰ পৰা তীখা আৰু লোহাৰ টুকুৰা সংগ্ৰহ কৰা দেখা গৈছে, আন কিছুমানে হাতুৰীৰে অট্টালিকাৰ সৰি পৰা দেৱাল ভাঙিবলৈ ব্যস্ত হৈ পৰিছে।
উল্লেখ্য যে, বুধবাৰে নিশা প্ৰায় ৮ বজাৰ পৰা পুৱা ৫:৩০ বজালৈকে ঘৰ ভগা কাৰ্য চলি থাকে। নিশা প্ৰায় ১১ বজাত ক্ৰেন আৰু খন্দা মেচিন আনি বংগবন্ধুৰ ঘৰৰ সন্মুখত ৰখাই দিয়া হয়, তাৰ পিছত ঘৰটো ভাঙি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। মাজনিশা আৰু দুখন বুলডজাৰ আহে আৰু ইয়াৰ সহায়ত উন্মত্ত ছাত্ৰৰ দলটোৱে বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ সৈতে জড়িত ঐতিহাসিক স্থানৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ঘৰটোও ভাঙিবলৈ আৰম্ভ কৰে।
 
আন এটা উল্লেখনীয় দিশ হ’ল যে এফালে বংগবন্ধুৰ ঘৰ ভাঙি পেলোৱাৰ কাম চলি আছিল আৰু আনফালে এটা মুকলি স্থানত ‘জুলাই বিদ্ৰোহ’ৰ আধাৰত নিৰ্মিত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হৈছিল। তাত উপস্থিত থকা লোকসকলে এটা ঘোষণা কৰিছিল যে–"যিসকলে এই অট্টালিকাটো ভাঙি পেলাব বিচাৰে, আগবাঢ়ি আহি ভাঙি পেলাওক।"
 
যোৱা নিশাৰ ধ্বংসলীলাৰ পিছৰ ছবি
 
এই ঘটনাৰ সময়ত আন্দোলনকাৰী ছাত্ৰসকলে ‘দিল্লী অথবা ঢাকা, আবু ছাইদ-মুগ্ধা, যুদ্ধ এতিয়াও শেষ হোৱা নাই’, ‘সকলোকে কওক, মুজিবাবাদক কবৰ দিয়ক’, ‘নাৰায় তকবীৰ, আল্লাহ আকবৰ’, ‘জিয়াৰ সৈন্য, একত্ৰিত হওক আৰু যুঁজ দিয়ক’ আদি শ্লোগান উত্থাপন কৰে।
 
বংগবন্ধুৰ ঘৰ ভাঙি পেলোৱাৰ সময়ত বাহিৰত থিয় হৈ থকা ৰাইজে সমগ্ৰ ঘটনাটো মোবাইলৰ কেমেৰাত বন্দী কৰি আছিল। বংগবন্ধু স্মাৰক ভৱন ভাঙি লণ্ডভণ্ড কৰাৰ সময়তে ধানমণ্ডী ৩২ (Dhanmondi 32)ত অৱস্থিত শ্বেখ হাছিনাৰ বাসগৃহ ‘সুধাসাদন’তো দৃষ্কৃতিকাৰীয়ে জুই লগাই দিয়ে।  নিশা ১০:৩০ৰ পৰা ১১:১৫ বজাৰ ভিতৰত বন্ধ ঘৰটোত প্ৰৱেশ কৰি একাংশ যুৱকে জুই লগাই দিয়ে।
 
উল্লেখযোগ্য যে ৫ আগষ্টৰ পৰা বাংলাদেশত ছাত্ৰ বিদ্ৰোহ আৰম্ভ হৈছিল। চৰকাৰী চাকৰিৰ সংৰক্ষণ আইনৰ সংস্কাৰক লৈ বৈষম্যৰ বিৰুদ্ধে আৰম্ভ হোৱা বৃহৎ আন্দোলনে হিংসাৰ ৰূপ ধাৰণ কৰিছিল আৰু শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতন ঘটিছিল। কাকতলীয়া ভাবে বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ ছমাহ সম্পূৰ্ণ হোৱা দিনাই বুধবাৰে নিশা বাংলাদেশত এই ভয়াৱহ ঘটনা সংঘটিত হয়। 
 
ইফালে, আৱামি লীগে হঠাতে ঘোষণা কৰে যে শ্বেখ হাছিনাই নিশা ৯ বজাত ছাত্ৰ লীগৰ ফেচবুক পেজত ভাৰ্চুৱেল অনুষ্ঠানত ভাষণ দিব। এই ঘোষণাই ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ আৰু অধিক তীব্ৰতৰ কৰি তুলে। বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ আহ্বায়ক হাছনাত আব্দুল্লাই ফেচবুক পোষ্টত লিখিছে, "আজি নিশা বাংলাদেশ ফেচিবাদৰ তীৰ্থস্থানৰ পৰা মুক্ত হ’ব।"
 
বংগবন্ধুৰ ঘৰ ভাঙি উন্মাদৰ দৰে ফটো উঠিছে একাংশ লোকে
 
ইয়াৰ পূৰ্বে কন্টেন্ট ক্ৰিয়েটৰ ইলিয়াছ হুছেইন আৰু পিনাকী ভট্টাচাৰ্যই ফেচবুকত 'ধানমণ্ডী ৩২ অভিমুখে বুলডজাৰ মাৰ্চ' ঘোষণা কৰিছিল। তেওঁ নিজৰ পোষ্টত লিখিছে–"হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ বিৰুদ্ধে গণহত্যা সংঘটিত কৰি দিল্লীলৈ পলায়ন কৰা হত্যাকাৰী হাছিনাৰ বাংলাদেশ বিৰোধী কাৰ্যকলাপৰ প্ৰতিবাদত আজি নিশা ৯ বজাত এই প্ৰতিবাদী অনুষ্ঠান আয়োজন কৰা হ'ব।"
 
বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম, মুক্তি আন্দোলন আৰু ১৯৭৫ চনৰ কৰুণ পৰিঘটনাৰ কেন্দ্ৰবিন্দু হৈ থকা ধানমণ্ডী ৩২ অট্টালিকাটো ২০২৫ চনত ইতিহাসৰ পৃষ্ঠা হৈ পৰে। বুধবাৰে নিশা উন্মত্ত ছাত্ৰ আৰু জনসাধাৰণে এই ঠাইখন সম্পূৰ্ণৰূপে ধ্বংস কৰি বাংলাদেশৰ ৰাজনৈতিক দিশ সলনি কৰি দিলে।
 
বৰ্তমান শ্বেখ হাছিনা ভাৰতত থকাৰ সময়তে সংঘটিত এই ঘটনাই তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰ, দল আৰু পৰিয়ালৰ নিৰাপত্তাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। এতিয়া প্ৰশ্ন উঠিছে, এই ঘটনাৰ পিছত বাংলাদেশৰ ৰাজনীতি কোন দিশে গতি কৰিব? এই ঘটনাই দেশত নতুন ৰাজনৈতিক যুগৰ আৰম্ভণিৰ ইংগিত দিছে নে এয়া সাময়িক অস্থিৰতাৰহে সংকেত? বাংলাদেশৰ ৰাজনৈতিক পৰিঘটনা আগন্তুক দিনত অতি লক্ষ্যণীয় হ’বলৈ গৈ আছে।


শেহতীয়া খবৰ