Tue Apr 01 2025 9:46:51 AM
  • Follow us on
  • Subcribe

বীৰ শিৱাজীৰ যুদ্ধ মোগলৰ বিৰুদ্ধেহে আছিল, মুছলমানৰ বিৰুদ্ধে নহয়; সৰ্বধৰ্মীয় ইফটাৰত প্ৰতিধ্বনিত হ'ল সমন্বয়ৰ বাৰ্তা

Story by  atv | Posted by  sarmamukut98@gmail.com • 8 d ago
সৰ্বধৰ্মীয় ইফতাৰৰ এক দৃশ্য, পুনেত
সৰ্বধৰ্মীয় ইফতাৰৰ এক দৃশ্য, পুনেত

ভক্তি চালক

মাৰাঠীসকলৰ বীৰ যোদ্ধা ছত্ৰপতি শিৱাজী মহাৰাজৰ উত্তৰাধিকাৰক প্ৰায়ে ভুলকৈ উপস্থাপন কৰা হয় আৰু তেওঁক মুছলমান বিৰোধী বুলি প্ৰচাৰৰ চেষ্টা কৰা হয়। ৰাজনৈতিক আখ্যানে সুবিধা অনুযায়ী তেওঁৰ ভাবমূর্তি গঢ় দিয়ে যদিও ঐতিহাসিক প্রমাণে এই কথা নিশ্চিত কৰে যে তেওঁ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি স্বৰাজ্য গঢ়ি তুলিছিল।

শেহতীয়াকৈ পুনেৰ এটা সংগঠনে শিৱাজীৰ ধৰ্মীয় সমন্বয়ৰ দৃষ্টিভংগীক ৰক্ষা কৰাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। পুনেৰ নৱ জাগৰুতি মিত্ৰমণ্ডলে বাজমে তাহা ইয়ং চাৰ্কল, বাজমে ৰাহেবৰ ইয়ং চাৰ্কল, ইউনিটি ফ্ৰেণ্ড চাৰ্কল, ফৈজানে ৰাজা ইয়ং চাৰ্কল, আৰু জিয়ান ফ্ৰেণ্ড চাৰ্কলৰ সহযোগত মংগলৱাৰ পীঠত এক বৃহৎ আন্তঃধৰ্মীয় ইফতাৰৰ আয়োজন কৰে।
 
নৱ জাগৰুতি মিত্ৰমণ্ডলৰ সভাপতি ৰাহুল শৰ্মাই কয়, "ছত্ৰপতি শিৱাজী মহাৰাজৰ যুদ্ধ মোগলৰ বিৰুদ্ধেহে আছিল, মুছলমানৰ বিৰুদ্ধে নহয়। তেওঁ সকলো জাতি-ধৰ্মৰ লোকক একত্ৰিত কৰি স্বৰাজ্য প্ৰতিষ্ঠা কৰিছিল, তেওঁ কেতিয়াও মুছলমান বিৰোধী নাছিল। আমাৰ শিৱ জয়ন্তীৰ ধাৰণা ‘ভক্তি’ আৰু ‘শক্তি’ৰ সংমিশ্ৰণৰ পৰা অনুপ্ৰাণিত। এই বছৰ আমি আমাৰ মুছলমান ভাই আৰু ৱাৰকাৰী পন্থাৰ সদস্যসকলক একত্ৰিত কৰি ইফতাৰ উদযাপন কৰাৰ সিদ্ধান্ত লৈছো।"
 
উল্লেখ্য যে ৱাৰকাৰী হৈছে মহাৰাষ্ট্ৰৰ সৈতে জড়িত বৈষ্ণৱী হিন্দু ধৰ্মৰ ভক্তি আধ্যাত্মিক পৰম্পৰাৰ অন্তৰ্গত এক ধৰ্মীয় আন্দোলন। ইয়াৰ অনুগামীসকলে বিষ্ণু বা কৃষ্ণৰ এক ৰূপ বিট্টল (Vitthal)ক পূজা কৰে।
 
তেওঁৰ ৰাজত্বকালত ছত্ৰপতি শিৱাজী মহাৰাজে ভক্তি-শক্তিৰ ধাৰণাটো সফলতাৰে ৰূপায়ণ কৰিছিল আৰু স্বৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ শক্তি প্ৰয়োগ কৰি ধৰ্মীয় ঐক্য আৰু সমতা বিস্তাৰ কৰিবলৈ ভক্তি ব্যৱহাৰ কৰিছিল। সমাজ সংস্কাৰ, সমতা আৰু ন্যায়ৰ পোষকতাত ৱাৰকাৰী পন্থাই মূল ভূমিকা পালন কৰিছিল। এই দৰ্শনৰ পৰা অনুপ্ৰাণিত হৈ আয়োজকসকলে একে মূল্যবোধক প্ৰতিফলিত কৰিবলৈ ইফতাৰ পাৰ্টীৰ আয়োজন কৰিছিল।
 
সৰ্বধৰ্মীয় ইফতাৰত অংশ লৈছে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে
 
ৰাহুল শৰ্মাই কয়, ‘যোৱা চাৰি বছৰ ধৰি আমি ইফতাৰৰ আয়োজন কৰি আহিছো। পূৰ্বতে হনুমান জয়ন্তীৰ সময়ত ৰমজান মাহ পৰিছিল, তেতিয়াও আমি দুয়োটা উৎসৱ একেলগে পালন কৰিছিলো। এইবাৰ যিহেতু শিৱ জয়ন্তী পবিত্ৰ ৰমজান মাহৰ ভিতৰত পৰিছে, গতিকে আমাৰ মুছলমান বন্ধুসকলে দুয়োটা উদযাপন একত্ৰিত কৰাৰ পৰামৰ্শ দিলে। সেইদৰেই এই পদক্ষেপটো জীৱন্ত হৈ উঠিল।"
 
সম্প্ৰদায়টোৰ সঁহাৰিৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয়, “যেতিয়া আমি প্ৰথমবাৰৰ বাবে ৱাৰকাৰী সম্প্ৰদায়ৰ সৈতে আমাৰ পদক্ষেপৰ কথা আলোচনা  কৰিছিলো, তেতিয়া তেওঁলোকে বিভিন্ন পটভূমিৰ মানুহ একত্ৰিত হ’ব নেকি সেই বিষয়ে সন্দেহ কৰিছিল। অৱশ্যে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত তেওঁলোকে গভীৰভাৱে আৱেগিক হৈ আমাৰ এই পদক্ষেপক আন্তৰিকতাৰে প্ৰশংসা কৰে। তেওঁলোকৰ প্ৰশংসাই আমাৰ প্ৰচেষ্টাক সফল কৰি তুলিছে।"
 
ইফতাৰ অনুষ্ঠানত উপস্থিতসকলৰ ভিতৰত অন্যতম পাৰবীন তাম্বোলিয়ে কয়, "শিৱাজী মহাৰাজৰ জন্ম বাৰ্ষিকী উপলক্ষে আয়োজিত এই অনুষ্ঠান সঁচা অৰ্থত প্ৰশংসনীয়। ভাৰতত হিন্দু আৰু মুছলমানসকল মিলাপ্ৰীতিৰে সহাৱস্থান কৰে, আৰু এই কাৰ্যসূচীয়ে প্ৰতি বছৰে সেই ঐক্যক অধিক শক্তিশালী কৰি তোলে। মহাৰাষ্ট্ৰত হিন্দু আৰু মুছলমানক বিভাজিত কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিয়ে প্ৰতিৰোধৰ সন্মুখীন হ’ব লাগিব। মই ইয়ালৈ আহিছিলো মোৰ ৰোজা ভংগ কৰিবলৈ, কাৰণ মই বিশ্বক দেখুৱাব বিচাৰো যে 'হিন্দু আৰু মুছলমান এক'।"
 
পুনে জিলা খুচুৰা ব্যৱসায়ী সন্থাৰ উপ-সভাপতি ৰিজৱান খানে কয় যে, ‘এই অনুষ্ঠানত মই প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিলো, আৰু যিখিনি প্ৰত্যক্ষ কৰিছিলো তাত মই আপ্লুত হৈ পৰিছো। গংগা-জামুনি সংস্কৃতিৰ এক সুন্দৰ সংগম। হিন্দু, মুছলমান, ৱাৰকাৰী পন্থাৰ সদস্যসকলে একত্ৰিত হৈ সঁচা অৰ্থত এক পবিত্ৰ পৰিৱেশৰ সৃষ্টি কৰিলে। এনে পদক্ষেপ সকলোকে অনুসৰণ কৰা উচিত। মোৰ সহযোগী ব্যৱসায়ীসকলৰ সৈতে একেধৰণৰ অনুষ্ঠান আয়োজন কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ।"
 
অনুষ্ঠানটোৰ অন্যতম আয়োজক ইছমাইল খানে এই পদক্ষেপৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, "শিৱ জয়ন্তী (শিৱাজী মহাৰাজৰ জন্ম বাৰ্ষিকী) উপলক্ষে আমি এই ইফতাৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছো। বিগত চাৰি বছৰ ধৰি আমাৰ চাৰিটা গোটে হিন্দু আৰু মুছলমান উভয়ৰে বাবে খাদ্য অভিযান আৰু ইফতাৰ সমাৱেশৰ আয়োজন কৰি আহিছে। আমাৰ লক্ষ্য হৈছে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি থকা হিন্দু-মুছলমান ঐক্যক সংৰক্ষণ আৰু শক্তিশালী কৰা।"