আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব সুনীতা উইলিয়ামছে

Story by  atv | Posted by  [email protected] • 4 d ago
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সুনীতা উইলিয়ামছ আৰু বাচ উইলমাৰ
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সুনীতা উইলিয়ামছ আৰু বাচ উইলমাৰ
 
ৱাশ্বিংটন ডি চি
 
নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ উইলমাৰে নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ভোটদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে, কিয়নো মহাকাশত তেওঁলোকৰ থকাৰ সময়সীমা অন্ততঃ ২০২৫ চনৰ ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে।
 
নিউয়ৰ্ক পোষ্টৰ বাতৰি অনুসৰি, জুন মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ অভিযানৰ সংগী বাচ উইলমাৰে শুকুৰবাৰে পৃথিৱীৰ পৰা ২৫০ মাইল ওপৰত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰাই এখন সংবাদমেলত অংশগ্ৰহণ কৰে। ষ্টাৰলাইনাৰ (Starliner)খন পৃথিৱীলৈ ঘূৰি অহাৰ এসপ্তাহৰ পাছত এই সংবাদমেলখন অনুষ্ঠিত হয়। 
 
উল্লেখ্য যে, ৫ জুনত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত উঠি তেওঁলোকে ৬ জুনত মহাকাশ কেন্দ্ৰত উপস্থিত হৈছিল।
 
ষ্টাৰলাইনাৰখনক ক্ৰু অবিহনে পৃথিৱীলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হয় আৰু মহাকাশযানখনে তিনিমাহতকৈ অধিক সময় মহাকাশত থকাৰ পিছত ৬ ছেপ্টেম্বৰত সফলতাৰে ধৰাৰ বুকুলৈ উভতি আহে। নিউ মেক্সিকোৰ হোৱাইট ছেণ্ডছ স্পেচ হাৰ্বাৰত মহাকাশযানখনে নিৰাপদে অৱতৰণ কৰে।
মহাকাশচাৰীদ্বয়ে এক্সপেডিচন ৭১/৭২ৰ ক্ৰুৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত নাছাৰ স্পেচএক্স ক্ৰু-৯ মিছন (NASA's SpaceX Crew-9 mission)ৰ অংশ হিচাপে আন দুজন ক্ৰুৰ সৈতে স্পেচএক্স ড্ৰেগন মহাকাশযান (SpaceX Dragon spacecraft )ত উঠি পৃথিৱীলৈ উভতিব।
 
মহাকাশচাৰীদ্বয়ে ভোটাদানক নাগৰিকৰ গুৰুত্বপূৰ্ণ অধিকাৰ বুলি অভিহিত কৰি বেলটৰ বাবে অনুৰোধ জনোৱা বুলি কয়। উইলমাৰে কয়, "আজি মই মোৰ বেলটৰ বাবে অনুৰোধ প্ৰেৰণ কৰিছো, আৰু তেওঁলোকে দুসপ্তাহমানৰ পিছত আমাৰ ওচৰলৈ বেলট পেপাৰ পঠিয়াব। নিৰ্বাচনত অংশগ্ৰহণ কৰাটো নাগৰিক হিচাপে এক গুৰুত্বপূৰ্ণ কৰ্তব্য আৰু নাছাই আমাৰ বাবে এই দায়িত্ব পালন কৰাটো অতি সহজ কৰি তুলিছে। মহাকাশৰ পৰা আমি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অত্যন্ত উৎসাহিত।"
 
উল্লেখযোগ্য যে, ১৯৯৭ চনৰ পৰা মহাকাশচাৰীসকলে মহাকাশৰ পৰা ভোটদান কৰি আহিছে। তেতিয়া টেক্সাছৰ বিধায়িনী দলে নাছাৰ কৰ্মচাৰীসকলক মহাকাশৰ পৰা ভোটদানৰ অনুমতি দিয়া বিধেয়ক গৃহীত কৰিছিল বুলি নিউয়ৰ্ক পোষ্টে প্ৰকাশ কৰিছে।
 
সেই বছৰ নাছাৰ মহাকাশচাৰী ডেভিদ উলফে Mir Space Stationত থাকি মহাকাশৰ পৰা ভোট দিয়া প্ৰথমজন আমেৰিকান হিচাপে পৰিগণিত হৈছিল। ২০২০ চনত নাছাৰ মহাকাশচাৰী কেট ৰুবিন্সেও মহাকাশৰ পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল।
মহাকাশ কেন্দ্ৰত থকা সুনীতা উইলিয়ামছে কয় যে মহাকাশ কেন্দ্ৰত সময় কটোৱাটো তেওঁলোকৰ বাবে ইমান কঠিন নহয়, কাৰণ তেওঁলোকে আগতে তাত বহু সময় পাৰ কৰিছে।
 
পুনৰ মহাকাশত থাকিবলগীয়া হোৱাত তেওঁলোক নিৰাশ কৰিছে নেকি বুলি সোধাত উইলমাৰে কয়, “একেবাৰে নহয়, কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিলে আমাৰ মনত বহু পৰিমাণে ধৈৰ্য্য আৰু দৃঢ়তা গঢ়ি উঠে। আমাক দায়িত্ব দিয়া হৈছে আৰু আমি কথাবোৰ শিকো আৰু সকলো ধৰণৰ পৰিস্থিতি চম্ভালিবলৈ প্ৰশিক্ষণ লাভ কৰো। আৰু এইটো কেৱল নাছাত নহয়, মই সমগ্ৰ কেৰিয়াৰত এইবোৰ কৰি আছো।"
 
নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি সম্প্ৰতি উইলিয়ামছ আৰু উইলমৰে আন সাতজন মহাকাশচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত বাস কৰি আছে।