১৯৭১ চনৰ ২৫ মাৰ্চেই হ'ব অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষঃ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
অসমৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে ইতিহাসৰ পৃষ্ঠাত চিহ্নিত হৈ ৰ'ব। অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ বৃহস্পতিবাৰে পুৱা এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে ১৯৭১ চনৰ ২৫ মাৰ্চক বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে স্বীকৃতি দিয়ে।
 
উচ্চতম ন্যায়ালয়ে ৪:১ সংখ্যাগৰিষ্ঠতাৰে ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰা নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৬এৰ সাংবিধানিক বৈধতাক সমৰ্থন কৰি এই ঐতিহাসিক ৰায়দান কৰে। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত বিচাৰপীঠে এই ঐতিহাসিক ৰায় প্ৰদান কৰে। 
 
বাংলাদেশ সৃষ্টিৰ পিছত অসম চুক্তি অবৈধ প্ৰব্ৰজনৰ সমস্যাৰ ৰাজনৈতিক সমাধান আছিল বুলি উল্লেখ কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে ৬-এ ধাৰা এই সমস্যাৰ আইনগত সমাধান। ইফালে, ন্যায়াধীশ সূৰ্য্য কান্তে কয় যে আমি কোনো লোকক তেওঁলোকৰ ওচৰ-চুবুৰীয়াক বাছি ল’বলৈ দিব নোৱাৰো, আৰু ই তেওঁলোকৰ ভ্ৰাতৃত্ববোধৰ নীতিৰ বিৰোধিতা কৰিব। 
আদালতে লগতে কয় যে ৰাজ্য এখনত বিভিন্ন জাতি-জনগোষ্ঠী উপস্থিত থকাৰ অৰ্থ এইটো নহয় যে এই অনুচ্ছেদ ২৯(১) উলংঘা কৰা হয়। অনুচ্ছেদটোৱে এজন ব্যক্তিৰ নিজৰ সুকীয়া ভাষা, লিপি বা সংস্কৃতিৰ অধিকাৰ সুৰক্ষিত কৰে। উচ্চতম ন্যায়ালয়ে লগতে কয় যে অসমৰ স্থানীয় জনসাধাৰণৰ মাজত অনুপ্ৰৱেশকাৰীৰ শতকৰা হাৰ বাংলাদেশৰ সৈতে সীমান্ত ভাগ কৰা আন ৰাজ্যতকৈ বেছি আৰু সেয়েহে অসমৰ ক্ষেত্ৰত এই ৰায়দান একেবাৰে যুক্তিসংগত।
 
উল্লেখ্য যে, ৬(এ) ধাৰাক প্ৰত্যাহ্বান জনাই অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। মহাসংঘৰ এই গোচৰ সন্দৰ্ভত আজি পুৱা ৰায়দান কৰে মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া বিচাৰপীঠে। ৫৬২/২০১২ নম্বৰত বিচাৰাধীন হৈ আছিল এই বিষয়টো। মতিউৰ ৰহমানে দাখিল কৰা আবেদনৰ ভিত্তিতে ২০১৫ চনত তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈয়ে সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল এই গোচৰ।
২০২৩ চনৰ ১২ ডিচেম্বৰত ৫ জনীয়া বিচাৰপীঠে সংৰক্ষিত কৰি ৰাখিছিল ৰায়দান। অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে নিৰ্ধাৰিত ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিত্তিবৰ্ষক প্ৰত্যাহ্বান জনাই দাখিল কৰা হৈছিল এই গোচৰ।
 
উল্লেখ্য যে, বাংলাদেশৰ পৰা অসমলৈ অবৈধ অনুপ্ৰৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসম চুক্তিৰ অংশ হিচাপে ১৯৮৫ চনত নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬এ ধাৰা প্ৰৱৰ্তন কৰা হৈছিল। ইয়াত ১৯৬৬ চনৰ ১ জানুৱাৰীৰ আগতে অসমত প্ৰৱেশ কৰা ব্যক্তিক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয়, আৰু ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অহা লোকসকলক ১০ বছৰৰ অপেক্ষাৰ অন্তত নাগৰিক হিচাপে পঞ্জীয়ন কৰাৰ অনুমতি দিয়া হয়, য’ত তেওঁলোকে ভোট দিব নোৱাৰে।
 
একেদৰে, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহাসকলক ৰাজ্যৰ পৰা বিতাড়িত কৰিব লাগে। ৬-এ ধাৰাটো বিতৰ্কিত হৈ আহিছে আৰু জনগাঁথনিগত উদ্বেগৰ বাবে উচ্চতম ন্যায়ালয়ত ইয়াৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা হৈছিল।