মহম্মদ আক্ৰাম / নতুন দিল্লী
মুছলমান সমাজত ল'ৰা-ছোৱালীৰ বয়স বৃদ্ধিৰ বাবে বিবাহ পলম হোৱাৰ প্ৰত্যাহ্বান লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। প্ৰায়ে দেখা যায় যে ছোৱালীয়ে সময়মতে বিয়া হ'ব নোৱাৰিলে, উপায় নাপাই বয়সতকৈ অধিক ডাঙৰ ল'ৰাৰ সৈতে বিয়াত বহিবলৈ বাধ্য হয়, যাৰ ফলত সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হয়। বহু ক্ষেত্ৰত যৌতুকৰ দাবীও এটা ডাঙৰ সমস্যা হৈ পৰে।
এনে সময়তে দিল্লীৰ ওখলা অঞ্চলৰ চৈয়দ মেহাৰ আফছানে (মৰমেৰে ‘বাজী’ নামেৰে জনপ্ৰিয়) যোৱা ৩৫ বছৰ ধৰি সমাজত যৌতুকমুক্ত বিবাহৰ আয়োজনত আগভাগ লৈ আহিছে। এতিয়ালৈকে তেওঁৰ চাৰি হাজাৰতকৈ অধিক দম্পতীক যৌতুক অবিহনে বিয়া কৰাই দি বহু মুছলমান পৰিয়ালৰ বাবে প্ৰেৰণাদায়ক হৈ পৰিছে। তেওঁৰ এই প্ৰেৰণাদায়ক যাত্ৰাৰ বিষয়ে জানো আহক।
চৈয়দ মেহাৰ আফছান
‘বাজী’ৰ মিছন কেনেকৈ আৰম্ভ হ’ল?
আজিৰ পৰা প্ৰায় ৩৫ বছৰ আগতে চৈয়দ মেহাৰ আফছান যেতিয়া শহুৰেকৰ ঘৰলৈ আহিছিল, তেতিয়া তেওঁ নাৰীৰ হৃদয়ৰ বেদনা অনুভৱ কৰিছিল। তেওঁ উপলব্ধি কৰিছিল যে বহু মহিলাই নিজৰ ছোৱালীৰ বিয়াক লৈ চিন্তিত হৈ পৰে। যৌতুকৰ দাবী বা ছোৱালীৰ বয়স বৃদ্ধিৰ বাবে তেওঁলোকৰ বিয়াৰ সম্পৰ্কবোৰ ঠিক হৈ উঠা নাই।
সমাজৰ এই সমস্যাবোৰক তেওঁ প্ৰেৰণা হিচাপে ব্যৱহাৰ কৰি এটা গোট গঠন কৰিলে আৰু ল’ৰা-ছোৱালীৰ মাজত সম্পৰ্ক স্থাপনৰ মহান কাম আৰম্ভ কৰে। বাজীৰ মতে, সমাজত সন্তুলিত আৰু যৌতুকমুক্ত বিবাহ এক সুখী জীৱনৰ আধাৰ। সময়ৰ লগে লগে এশৰো অধিক লোকে তেওঁৰ এই প্ৰচেষ্টাত যোগ দিলে, আৰু তেওঁক এই উদাৰ কামত সহায় কৰিলে।
কিমান বয়সৰ ল’ৰা-ছোৱালী বাজীৰ কাষলৈ আহে?
বাজীৰ কাষলৈ বিভিন্ন বয়স গোটৰ ল'ৰা-ছোৱালী বিয়াৰ সম্পৰ্ক বিচাৰি আহে। তেওঁ কয়, "ছোৱালীৰ বয়স সাধাৰণতে ২৫ৰ পৰা ৪০ বছৰৰ ভিতৰত হয়, আনহাতে ল'ৰাৰ বয়স ৩৫ৰ পৰা ৫৫ বছৰৰ ভিতৰত হয়। ২৫-৩০ বছৰৰ ভিতৰত বয়সৰ ছোৱালীৰ বিয়া সোনকালে হয়। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে তেওঁলোকৰ বিবাহ জীৱনত অসুবিধাৰ সৃষ্টি হ’বলৈ ধৰে। একেদৰে ৪০ বছৰীয়া ল’ৰাৰ বাবেও সঠিক সম্পৰ্ক বিচাৰি উলিওৱাটো প্ৰত্যাহ্বানজনক।”
প্ৰতিনিধিত্বমূলক ছবি
মুছলমান সমাজত বিবাহত সন্মুখীন হোৱা সমস্যাঃ
বাজীয়ে কয় যে মুছলমান সমাজত বিবাহৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সৃষ্টি হয়। এফালে, যৌতুক দাবী বহু পৰিয়ালৰ বাবে বাধা হৈ পৰে, আনফালে বয়স বৃদ্ধিয়েও সমস্যাৰ সৃষ্টি কৰে। তেওঁ কয়, ‘ল’ৰাবোৰে যৌতুকৰ ৰূপত বিভিন্ন দাবী উত্থাপন কৰে। দৰিদ্ৰ ছোৱালীৰ পৰিয়ালে এনে দাবী পূৰণ কৰিবলৈ অক্ষম আৰু সম্পৰ্ক ভাঙি যায়। সমাজখনক আমি সচেতন কৰিব লাগিব যে সম্পৰ্কত শিক্ষা আৰু সম্পত্তিতকৈ পাৰস্পৰিক বুজাবুজি আৰু অনুভৱ বেছি গুৰুত্বপূৰ্ণ।"
যুৱক-যুৱতীসকলৰ মাজত পশ্চিমীয়া সভ্যতাৰ প্ৰতি বৃদ্ধি পোৱা প্ৰৱণতাঃ
আজিৰ যুৱক-যুৱতীসকলে ভাৰতীয় সংস্কৃতি পৰিত্যাগ কৰি পশ্চিমীয়া সভ্যতাক গ্ৰহণ কৰাক লৈও বাজীয়ে উদ্বেগ প্ৰকাশ কৰিছে। বিশেষকৈ ছোৱালীবোৰে বেছি বয়সত বিয়া হৈ আৰামদায়ক জীৱন যাপন কৰাৰ সপোন দেখে, কিন্তু বিয়াৰ সময় আহিলে সম্পৰ্কত বুজাবুজিৰ অভাৱ অনুভৱ কৰে। তেওঁৰ মতে উচ্চ শিক্ষা লাভ কৰিব লাগিব। ইয়াৰ লগতে বিবাহৰ বয়সৰ কথাও মনত ৰাখিব লাগে যাতে বিবাহৰ পিছত সম্প্ৰীতি বজাই ৰাখিব পৰা যায়।
প্ৰতিনিধিত্বমূলক ছবি
যৌতুকমুক্ত বিবাহঃ নতুন দিশৰ উন্মোচন
চৈয়দ মেহেৰ আফছানে নিজৰ মিছনত যৌতুকমুক্ত বিবাহক অগ্ৰাধিকাৰ দিছে। তেওঁ কয়, “যৌতুক দাবী কৰা সম্পৰ্কবোৰৰ কথা মই কেতিয়াও নকওঁ। ল'ৰাৰ মাক-দেউতাকে যদি যৌতুক বিচাৰে তেন্তে মই সম্পূৰ্ণ নাকচ কৰো।" আফছানৰ মতে যৌতুকমুক্ত বিবাহে সঁচাকৈয়ে সমাজখনক এক নতুন দিশ দিব পাৰে। অৱশ্যে কিছুমান ক্ষেত্ৰত ল'ৰাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ দাবীত অটল থাকে। আৰু ছোৱালীৰ পৰিয়ালে নিজৰ দূৰ্বলতাৰ বাবে যৌতুকৰ দাবী পূৰণ কৰিবলৈ বাধ্য হয়।
চৈয়দ মেহৰ আফছানৰ এই কাম কেৱল মুছলমান সমাজতেই নহয়, আন ধৰ্মৰ বাবেও এক আদৰ্শ হৈ পৰিছে। যৌতুকমুক্ত আৰু সৌহাদ্যপূৰ্ণ বিবাহৰ বাবে তেওঁৰ প্ৰচেষ্টাই পৰিয়ালসমূহক আৰ্থিকভাৱেই নহয় সামাজিকভাৱেও সকাহ দিছে। ওখলাৰ এই সাহসী মহিলাগৰাকীৰ অৱদান আমাৰ সমাজৰ বাবে এক প্ৰেৰণা, যিয়ে যৌতুকৰ দৰে সামাজিক ব্যাধিৰ মোকাবিলা কৰি এখন সুন্দৰ সমাজ গঢ়াত মূল্যৱান অৰিহণা আগবঢ়াইছে।