বিভিন্ন ধৰ্মানুষ্ঠানত দান দি ভাল পোৱা তফিজুল ইছলাম

Story by  atv | Posted by  Munni Begum • 1 Months ago
তফিজুল ইছলাম আৰু তেওঁৰ পৰিয়াল
তফিজুল ইছলাম আৰু তেওঁৰ পৰিয়াল
 
মুন্নী বেগম / গুৱাহাটী
 
তাহানিতে হিন্দু আৰু মুছলমানৰ মাজত ভাতৃত্ববোধৰ ভাব বিলাই যোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰৰ আদৰ্শ আজিও অসমত বিৰাজমান হৈ আছে। কিয়নো অসমত এনে বহু উদাহৰণ আছে যিয়ে হিন্দু-মুছলমানৰ ঐক্য আৰু সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ চছলবাসী ৰাইজে দুয়োজনা মহাপুৰুষৰ আদৰ্শ দাঙি ধৰিছে। ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ছয়মাইলস্থিত চছল ৰাজহুৱা নামঘৰলৈ আৰ্থিক অনুদান আগবঢ়াইছে চছলৰ নিবাসী তফিজুল ইছলামে। নামঘৰটিৰ নিৰ্মানৰ বাবে প্ৰায় ৮০ হাজাৰ টকাৰ বৰঙণি আগবঢ়াইছে তফিজুল ইছলামে।   
 
এই সন্দৰ্ভত আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক কথোপকথনত চছল ৰাজহুৱা নামঘৰৰ সভাপতি নৱ নাহৰ ডেকাই কয়, "ভাৰতবৰ্ষখন হৈছে এখন ধৰ্ম নিৰপেক্ষ দেশ। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। অতীজৰে পৰাই ইয়াত হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টিয়ান আদি সকলো ধৰ্মৰ লোকে কোনো ধৰনৰ ধৰ্মীয় ভেদা-ভেদ নোহোৱাকৈয়ে সমিল-মিলেৰে বসবাস কৰি আহিছে। সেই সমিল-মিলৰ এক উদাহৰণ আজি দেখিবলৈ পোৱা যায় আমি বাস কৰা চছল অঞ্চলত। আমাৰ এই অঞ্চলত জাতি-ধৰ্মক লৈ কোনো ধৰনৰ ভেদা-ভেদ দেখিবলৈ পোৱা নাযায়। ইয়াত হিন্দু-মুছলমানকে ধৰি বিভিন্ন ধৰ্মালম্বী লোকে বসবাস কৰি আহিছে। বিহু, পূজা, ঈদ আদি সকলো অনুষ্ঠানে সকলোৱে একত্ৰিত হৈ সহযোগিতা আগবঢ়াই আহিছে। অলপতে আমাৰ চছল ৰাজহুৱা নামঘৰটো নিৰ্মান কৰিবলগীয়া হৈছিল, তেতিয়া আমাৰ এই অঞ্চলৰ বাসিন্দা তফিজুল ইছলামে ৮০ হাজাৰ টকাৰে টিনপাতৰ ব্যৱস্থা কৰি দিছিল। তেওঁৰ এই মহান অনুদানৰ বাবে আমি অতি গৌৰৱবোধ কৰিছো।"   
 
চছল ৰাজহুৱা নামঘৰত তফিজুলৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱা এক দৃশ্য
 
শিৱসাগৰ জিলাৰ এগৰাকী উদাৰ ব্যক্তি প্ৰয়াত লৱকান্ত গোহাঁইৰ প্ৰচেষ্টাত মহানগৰীৰ মহাপুৰুষ মাধৱদেৱ পথত থকা তেওঁৰ প্ৰায় দহ লেচা ভূমিত এটি ৰাজহুৱা নামঘৰ নিৰ্মান কৰিবলৈ চছলৰ ৰাইজক দান কৰিছিল। সেইমতে ৰাইজে নামঘৰ নিৰ্মান কমিটি গঠন কৰি বাঁহ, বেত আৰু টিনৰ চালিৰে এটি সৰুকৈ চছল ৰাজহুৱা নামঘৰটিৰ নিৰ্মান কৰিছিল।       
 
সভাপতি ডেকাই কয়, "চছল ৰাজহুৱা নামঘৰটিত ভকত, বাপ আৰু আইসকলে নাম-প্ৰসংগ আৰু কীৰ্তন ভাগৱত পাঠ কৰি এক সুন্দৰ বাতাৱৰণৰ সৃষ্টি কৰিছিল। কিন্তু সময় আগুৱাই যোৱাৰ লগে লগে নামঘৰৰ সদস্যসকলে বাঁহ-বেতেৰে নিৰ্মিত নামঘৰটিৰ ঠাইত এটি পকীঘৰ নিৰ্মানৰ কথা চিন্তা কৰিলে আৰু তাত বাঁহ-বেতৰ নামঘৰটি ভাঙি এটি দুমহলীয়া পকী ঘৰ নিৰ্মান কৰা হৈছিল। নামঘৰটিৰ তলৰ মহলাত ভকত-বাপ আৰু আইসকলৰ সভাগৃহ আৰু ওপৰৰ প্ৰথম মহলাত মণিকূট আৰু নামঘৰ নিৰ্মান কৰা হৈছিল। দুমহলীয়া এই নামঘৰটি নিৰ্মানত অধিকাংশ ৰাইজৰ অনুদান আছিল, যদিও দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাৰ অনুগ্ৰহত চৰকাৰৰ পৰা তিনিলাখ টকা লাভ কৰিছিলো। কিন্তু ইমানৰ পিছতো নামঘৰটিৰ ২য় মহলাৰ বাবে ধনৰ নাটনি হৈছিল, সেয়েহে এই মহলাটি নিৰ্মানৰ বাবে ৮০ হাজাৰ টকা খৰচ কৰি তফিজুলে টিনপাত লগাই দিয়ে।"    
 
তফিজুল ইছলামে কেৱল নামঘৰতে অনুদান দিয়াই নহয় তেওঁ বিহু-পূজা আদিৰ উপৰিও মন্দিৰ মছজিদ আদি নিৰ্মানত বৰঙণি আগবঢ়াই আহিছে আৰু ইছলাম ধৰ্মালম্বী লোকসকলৰ কবৰস্থানৰ বাবে ভূমিও দান কৰিছে। তেওঁ এনে কাৰ্যই আজিৰ সমাজত এক ভাতৃত্ববোধৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।    
 
চতুৰ্থবিংশতিতম ওপৰ চছল বিহু সন্মিলনৰ এক দৃশ্য
 
ডেকাই কয়, "তফিজুল ইছলামে কেৱল নামঘৰতে অনুদান দিয়াই নহয় তেওঁ বিহু-পূজা আদি সকলো অনুষ্ঠানতে আমাক সহযোগিতা কৰি আহিছে। তফিজুলে এইবেলি বহাগ বিহুৰ দিনা পুৱা চছলবাসী ৰাজইৰ বাবে দৈ-চিৰা, জলপানৰ ব্যৱস্থা কৰিছে। তেওঁৰ এই পদক্ষেপে সমাজলৈ ভাতৃত্ববোধৰ ভাৱধাৰাৰ সঞ্চাৰ কৰিছে। কিন্তু দূৰ্ভাগ্যজনক কথা যে, আমাৰ সমাজত বিভিন্ন সময়ত বিভিন্ন ধৰনৰ অপ্ৰীতিকৰ ঘনটনা সংঘটিত হৈ আহিছে। একাংশ সুবিধাবাদী লোকেই এনে ধৰনৰ ঘটনা সংঘটিত কৰাত সহযোগিতা কৰি আহিছে, যাতে আমাৰ সমাজখনে সুস্থিৰতা হেৰুৱাই বিশৃংখল হৈ পৰে। কিন্তু আমি সেই সকলোবোৰ আওঁকান কৰিব লাগে। কিয়নো মই ভাবো যে, আমি সকলোৱে বিভিন্ন কাৰনত এই পৃথিৱীলৈ আহিছো। সেয়েহে আমি যিমান দিন জিয়াই থাকো সকলোৱে সমিল-মিলেৰে থাকিব লাগে। আৰু আমাৰ চছলবাসী ৰাইজে সদায়ে এই ধাৰনাৰে বসবাস কৰি আহিছে।"       
 
হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান বুলি মন্তব্য কৰি তফিজুল ইছলামে কয়, "মই এনে এখন সমজত ডাঙৰ দীঘল হৈছো, যিখন সমাজত কেতিয়াও হিন্দু-মুছলমান বুলি একো ভেদা-ভেদ দেখা নাই। কিছু বছৰৰ পৰা একাংশই লোকে আমাক ভাগ ভাগ কৰাৰ চেষ্টা কৰি আহিছে। যদিও তেওঁলোক সফল হব পৰা নাই আৰু মই ভাবো তেওঁলোক কেতিয়াও সফল হব নোৱাৰে। আমাৰ ধৰ্মীয় অনুশীলনৰ প্ৰক্ৰিয়াহে পৃথক পৃথক কিন্তু আমাৰ সকলোৰে মনোভাৱ একেই। অতিজৰে পৰাই আমি সকলোৱে সদায়ে ভাতৃ-ভগ্নীৰ দৰে বসবাস কৰি আহিছো। আজি মোক চছলবাসী ৰাইজে মোক মুছলমান বুলি কেতিয়াও তুচ্ছ জ্ঞান কৰা নাই। বৰং তেওঁলোকে মোক অন্য এক আদৰ আৰু সন্মানহে দিছে। তেওঁলোকে তেওঁলোকৰ পবিত্ৰ নামঘৰৰ ভিতৰত শৰাই আৰু গামোছাৰে মোৰ লগতে মোৰ পাৰিয়ালক যি সন্মান আৰু হৰিদ্ধনিৰে আশীৰ্বাদ দিছে, সেয়া মোৰ বাবে চিৰস্মৰণীয় হৈ থাকিব। মহাপুৰুষ শংকৰদেৱে যৱন চান্দসাইক শৰণ দি একশৰণ নামধৰ্মত সম্প্ৰীতিৰ যি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছিল সেয়া চছল ৰাজহুৱা নামঘৰত প্ৰতিফলিত হৈছে।"