প্ৰকাশ সাম্পুৰকাৰ / ফজল পাঠান
‘জনসেৱা হৈছে ঈশ্বৰৰ সেৱা’-এয়া সকলো ধৰ্মৰে মূল। বহু সামাজিক সংগঠনে এই নীতিৰ কথা মনত ৰাখি নিজৰ কাম-কাজ অব্যাহত ৰাখিছে। তাৰ ভিতৰত মহাৰাষ্ট্ৰৰ সোলাপুৰৰ তানজীম-ই-হামদর্দ-ইনছানিয়াত অন্যতম। এই সংস্থাটোৱে এতিয়ালৈকে সোলাপুৰত বহুতো উদ্ভাৱনীমূলক কাম-কাজ হাতত লৈছে। এই কাৰ্য্যসূচীৰ জৰিয়তে সংগঠনটোৱে আৰ্তজনক সহায় কৰাৰ সমান্তৰালকৈ যুৱক-যুৱতীসকলক সজাগ কৰি একতা-সম্প্ৰীতিৰ ভাৱধাৰা বিস্তাৰ কৰিছে।
তানজীম-ই-হামদৰ্দ-ইনছানিয়াতৰ অৰ্থ হৈছে ‘মানৱতাৰ যত্ন লোৱা সংগঠন’। সংগঠনটোৰ নামৰ পৰাই তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্যৰ ধাৰণা অনুভৱ কৰিব পাৰি। তনজীম-ই-হামদর্দ-ইনছানিয়াত ২০১৯ চনত আৰ্তজনক সহায় কৰাৰ উদ্দেশ্যেৰে প্ৰতিষ্ঠা কৰা হৈছিল।
মৌলানা গিয়াছ আহমেদ সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি আৰু মুফতি অনিছুৰ ৰহমান আঞ্চলিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। এই সংগঠনটোৰ ৫০টাতকৈও অধিক শাখা আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় হায়দৰাবাদত অৱস্থিত।
হাফিজ মেহবুব নাদাফে আৰম্ভণিৰে পৰাই সংগঠনটোৰ সৈতে জড়িত হৈ আছে। বৰ্তমান তেওঁ সংগঠনটোৰ সোলাপুৰ চহৰৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সংগঠনটোৰ বিষয়ে তেওঁ কয়, “মই নিজেই দৰিদ্ৰতাৰ অভিজ্ঞতা লাভ কৰিছো। সেয়ে, দৰিদ্ৰতাৰ বেদনা মই ভালদৰে উপলব্ধি কৰো। কোনেও দুখীয়া হ’ব নালাগে। কিন্তু আমি নিঃস্ব জনতাক সহায় কৰাৰ চিন্তাৰে তনজীম-ই-হামদর্দ-ইনছানিয়াত স্থাপন কৰিছো।"
উল্লেখ্য যে, তনজীম-ই-হামদর্দ-ইনছানিয়াতে আৰম্ভণিৰে পৰা সামাজিক খণ্ডত কাম কৰি আহিছে। কিন্তু সংগঠনটো কেনেকৈ আৰম্ভ হ’ল তাৰ কাহিনীও অতি আকৰ্ষণীয়। হাফিজ নাদাফে কয়, “কেৱল ভাল উদ্দেশ্যই যথেষ্ট নহয়। এটা সংগঠন চলাবলৈ টকাৰো প্ৰয়োজন হয়। আমাৰ হাতত আৰ্থিক সম্পদ নাছিল, কিন্তু সমাজ সেৱা কৰাৰ প্ৰবল ইচ্ছা আছিল। সেয়ে তেওঁলোকে অঞ্চলটোৰ নাগৰিকক আহ্বান জনাইছিল যে সকলোৱে নিজৰ ঘৰৰ পেলনীয়া সামগ্ৰী যেনে স্ক্ৰেপ, লোহা, ইলেক্ট্ৰনিক সামগ্ৰী, প্লাষ্টিক সংস্থাটোক দিব লাগে।
এই আবেদনৰ প্ৰতি সঁহাৰি জনাইছিল নাগৰিকে। এই সামগ্ৰীসমূহ বিক্ৰী কৰি লাভ কৰা ধনেৰে সংগঠনটোৱে সামাজিক কাম-কাজ আৰম্ভ কৰে। "আমাৰ বাবে যথেষ্ট সংগ্ৰামৰ সময় আছিল। কিন্তু ভগৱানে দুৱাৰ মুকলি কৰিলে আৰু আজি শ শ লোকৰ সহায়ত সমাজসেৱাৰ এক ডাঙৰ পদক্ষেপ ল'ব পৰা হৈছে। এতিয়া সংগঠনটোৱে দহটাতকৈও অধিক মানৱীয় কাম-কাজ আৰম্ভ কৰিছে।"-হাফিজ নাদাফে জানিবলৈ দিয়ে।
‘তানজীম-ই-হামদর্দ-ইনছানিয়াত’ৰ জৰিয়তে প্রতিবছৰে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে আৰ্তজনক সহায় কৰা আৰু ধৰ্মীয় সম্প্ৰীতি বজাই ৰখা।
এই সন্দৰ্ভত নাদাফে কয়, “যেতিয়া সংগঠনটো প্ৰতিষ্ঠা হৈছিল তেতিয়া ক'ভিড মহামাৰী চলি আছিল। ক'ভিডৰ ভয়ত পৰিয়ালৰ লোকে ইজনে সিজনক সহায় কৰা নাছিল। তেতিয়া আমাৰ সংগঠনৰ কৰ্মীসকল আগবাঢ়ি আহিল। আমি একেলগে দিনটোত দুবাৰকৈ শ শ নাগৰিকক খাদ্য আৰু শস্যৰ কিট বিতৰণ কৰিলোঁ।"
২০২২ চনত চিপলুন, কলহাপুৰ আৰু মহাৰাষ্ট্ৰৰ অন্যান্য চহৰত প্ৰচণ্ড বৰষুণৰ ফলত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছিল। বানত আবদ্ধ হৈ পৰে হাজাৰ হাজাৰ নাগৰিক। খাদ্য-পানীৰ অভাৱত তেওঁলোকৰ অৱস্থা অতি বেয়া হৈছিল। সেই সময়ত সংগঠনটোৰ কৰ্মীসকলে বানাক্ৰান্তক সহায়ৰ বাবে উদ্যোগ লৈছিল। তেওঁ নাগৰিকৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছিল। নাগৰিক বিশেষকৈ মুছলমান সমাজে এই আহ্বানৰ প্ৰতি ব্যাপক সঁহাৰি জনাইছিল।
উল্লেখ্য যে, সংগঠনটোৰ কৰ্মীসকলে বানাক্ৰান্ত অঞ্চলত ছহাজাৰৰো অধিক শস্যৰ কিট বিতৰণ কৰিছে।
তেওঁ আৰু কয়, “বহু নিঃস্ব মানুহে মন্দিৰ আৰু মছজিদৰ বাহিৰৰ মুকলি ঠাইত ঠাণ্ডাত শুই আছিল। এনে অসহায় লোকক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ আমি নিয়মিতভাৱে কম্বল বিতৰণ অভিযান চলাইছো। আজিও সমাজত এনে বহু পৰিয়াল আছে যাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে ছোৱালীৰ পঢ়া-শুনা আৰু বিবাহ। আমাৰ সংগঠনে এনে পৰিয়ালৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত সহায় কৰে আৰু লগতে দৰিদ্ৰ পৰিয়ালৰ ছোৱালীৰ বিবাহত সহায় কৰে।"
সংস্থাটোৰ অন্যান্য কাৰ্য্যকলাপৰ বিষয়ে উল্লেখ কৰি সংগঠনটোৰ সোলাপুৰ চহৰৰ সভাপতি হাফিজ নাদাফে কয়, “আমি বস্তিবাসীসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু হিজাম থেৰাপি শিবিৰৰ আয়োজন কৰোঁ। ইয়াৰ লগতে আমি সময়ে সময়ে ৰক্তদান শিবিৰৰো আয়োজন কৰোঁ। সাম্প্ৰতিক সময়ত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা বাঢ়িছে। এনে সময়ত মানুহৰ জীৱন অসংগঠিত হৈ পৰে। বহু লোক গৃহহীন হৈ পৰে। আমি এনে হাজাৰ হাজাৰ লোকক বিনামূলীয়াকৈ খাদ্য কিট আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰো। আমি বহু দৰিদ্ৰ আৰু অসহায় পৰিয়ালক প্ৰতিমাহে ২০ হাজাৰ টকা পৰ্যন্ত সূত নোহোৱাকৈ সহায় কৰোঁ। নতুন শিক্ষাবৰ্ষ আহিলে আমি ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ সামগ্ৰী বিতৰণ কৰোঁ।”
কেইমাহমানৰ আগতে সোলাপুৰ চহৰত ‘তানজীম-ই-হামদর্দ-ইনছানিয়াত’ সংগঠনে এক অভিযান চলাইছিল৷ এই অভিযানৰ বিষয়ে অঞ্চলটোত বিশেষভাৱে চৰ্চিত হৈছিল।
এই সন্দৰ্ভত তেওঁ কয়, “আমাৰ সকলোৰে এক স্বভাৱ আছে যে কাজিয়াৰ সময়ত বা ধেমালিৰ সময়ত প্ৰায়ে আমি মা-ভনীক ধৰি গালি-গালাজ কৰো। সমাজত এইবোৰ ইমানেই গভীৰভাৱে শিপাই আছে যে বেছিভাগ সময়তে ইয়াত কোনেও আপত্তিজনক একো বিচাৰি নাপায়। সমাজ এখন গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাৰীৰ সংগ্ৰামৰ বিষয়ে বহু পুৰুষৰ জ্ঞান কম। সেয়ে এই অভিযানৰ জৰিয়তে আমি যুৱক-যুৱতীসকলক সজাগ কৰিলো আৰু মা-ভনীক অপমান নকৰিবলৈ সকলোকে আহ্বান জনাও। এই অভিযানে নাগৰিকৰ পৰা স্বতঃস্ফূৰ্ত সঁহাৰি লাভ কৰিছিল। সকলোৱে এই পদক্ষেপৰ বাবে আমাৰ সংগঠনৰ শলাগ লৈছিল। এই মুহূৰ্তটো আমাৰ বাবে অবিস্মৰণীয় আছিল। এই সঁহাৰিয়ে আমাক আৰু অধিক কষ্ট কৰিবলৈ অনুপ্ৰাণিত কৰিলে।”
ইফালে, সংগঠনটোৰ আগন্তুক কাম-কাজৰ বিষয়ে সোধাত হাফিজ নাদাফে কয়, “আজি সমাজত ধৰ্মীয় উত্তেজনা বাঢ়িছে। সমাজত প্ৰেম আৰু সম্প্ৰীতি কমি আহিছে। মানুহৰ মাজত অনাস্থা আৰু ভয় বাঢ়িছে। ভৱিষ্যতে সোলাপুৰ চহৰত এটা মছজিদ নিৰ্মাণৰ সংকল্প লৈছো, যিটো সকলো ধৰ্মৰ সামাজিক কাম-কাজৰ কেন্দ্ৰবিন্দু হ’ব। চিকিৎসা শিবিৰ আৰু যুৱক-যুৱতীসকলৰ বাবে কেৰিয়াৰ গাইডেন্স আৰু অন্যান্য কাৰ্যসূচীও আয়োজন কৰা হ’ব।"
প্ৰতিটো জাতি-ধৰ্মৰ লোক এই কামবোৰৰ দ্বাৰা উপকৃত হ’ব। সংগঠনটোৰ উদ্দেশ্য হৈছে এই মছজিদৰ জৰিয়তে ধৰ্মীয় সম্প্ৰীতি আৰু সামাজিক ঐক্য-সংহতি বজাই ৰখা।
উল্লেখ্য যে, বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত যুৱক-যুৱতীসকলে দ্ৰুতগতিত অনলাইন গেমিঙৰ ফান্দত পৰে। সেয়ে ‘অনলাইন জুৱা আঁতৰাওক, দেশৰ যুৱক-যুৱতীক বচাওক’ শীৰ্ষক এক অভিযান চলাই আছে সংগঠনটোৱে।
এই পদক্ষেপ সন্দৰ্ভত নাদাফে কয়, “ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ বৃদ্ধিৰ ফলত দেশৰ যুৱক-যুৱতীসকল ড্ৰাগছ আৰু জুৱাৰ প্ৰতি আসক্ত হৈ পৰিছে। অনলাইন গেমিঙে অন্যমনস্ক কৰি তুলিছে যুৱ প্ৰজন্মক। অনলাইন গেমিংৰ ফান্দৰ পৰা যুৱক-যুৱতীসকলক উলিয়াই আনিবলৈ অহা মাহত সংস্থাটোৱে ‘অনলাইন জুৱা আঁতৰাওক, দেশৰ যুৱক-যুৱতীসকলক বচাওক’ শীৰ্ষক এক অভিনৱ পদক্ষেপ ৰূপায়ণ কৰিবলৈ সাজু হৈছে।"
সংগঠনটোৰ মূলমন্ত্ৰ হৈছে ‘ইমদাদ আপকি, খিদমত হামাৰী, খিদমত তুম্হাৰী’ (আপোনাৰ সহায়, আমাৰ সেৱা, দুখীয়াৰ উপকাৰ) আৰু সেই অনুসৰি সংগঠনটোৱে দৰিদ্ৰ লোকক দাতব্য ৰূপত সেৱা আগবঢ়াই আছে। আৱাজ-দ্য ভইচৰ তৰফৰ পৰা তানজীম-ই-হামদাৰ্ড-ইনছানিয়াতক তেওঁলোকৰ মানৱসেৱাৰ কাম-কাম আৰু আগন্তুক সকলো পদক্ষেপৰ বাবে শুভেচ্ছা জনালোঁ।