প্ৰজ্ঞা শিন্দে
“২০০৯ চনৰ কথা। মনত আছে সেইদিনা স্কুলত পূজা আছিল, সেয়ে আমি খুৱ আনন্দ, ফূৰ্তিত আছিলোঁ। আহি থাকোতে হঠাতে এজন চিনাকী দাদাই মোক গাড়ীত উঠাই আমাৰ ঘৰলৈ লৈ যোৱাৰ প্ৰস্তাব দিছিল। মই তেওঁক সৰুৰে পৰা জানিছিলো। তেওঁৰ ককাক আমাৰ গাঁৱত বাস কৰিছিল। তেওঁ আমাক গাড়ীৰে ঘৰলৈ লৈ যাব বুলি কোৱাত আমি বৰ আনন্দৰে সন্মত হৈছিলো৷ আৰু সেই এটা ঘটনাই মোৰ জীৱনটো সলনি কৰি দিলে। আমি যেতিয়া চেতনা ঘূৰাই পাইছিলো তেতিয়া আমি আছিলোঁ এক অচিনাকি ঠাইত। আমি ক'লৈ গৈ আছো গম পোৱা নাছিলো।" এইয়া নাছীমা গেইনৰ জীৱনৰ এটা ঘটনা যিয়ে আপোনাৰ গাৰ নোম শিঁহৰাই তোলাব।
১৩ বছৰ বয়সত মানৱ সৰবৰাহৰ বলি হোৱা নাছীমা গেইনে আজি ৪০০০ৰো অধিক মহিলাক উদ্ধাৰ কৰি স্বাভাৱিক জীৱন যাপন কৰাত সহায় কৰিছে। আজিৰ বিশেষ লেখাটোত নাছীমাৰ প্ৰেৰণাদায়ক আৰু দুঃসাহসিক যাত্ৰাৰ বিষয়ে জানো আহক।
উল্লেখ্য যে, আৰ্থিক লাভৰ বাবে প্ৰতাৰণা, ভাবুকি, হেঁচা, জোৰ-জবৰদস্তি বা অন্যান্য গালি-গালাজৰ মাধ্যমেৰে কোনো ব্যক্তিক এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা বা প্ৰলোভিত কৰা অবৈধ প্ৰক্ৰিয়াক মানৱ সৰবৰাহ বুলি কোৱা হয়। মানৱ সৰবৰাহৰ ভিতৰত পৰে শিশু সৰবৰাহ (সৰু ল’ৰা-ছোৱালীক অপহৰণ কৰি শিশু শ্ৰম, ভিক্ষা বা যৌন শোষণৰ বাবে ব্যৱহাৰ কৰা হয়), নাৰী সৰবৰাহ (মিছা প্ৰতিশ্ৰুতিৰে মহিলাক বিক্ৰী কৰা বা দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰোৱা, বলপূৰ্বক বিবাহ বা ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়), শ্ৰমিক সৰবৰাহ (পুৰুষ বা মহিলাক জোৰকৈ কৰা বা কম দৰমহাত কষ্টকৰ পৰিস্থিতিত কাম কৰিবলৈ প্ৰতাৰণামূলকভাৱে বাধ্য কৰা), অংগ সৰবৰাহ (আৰ্থিক লাভৰ বাবে অংগ আঁতৰোৱা আৰু বিক্ৰী কৰা), অপৰাধমূলক সৰবৰাহ (চুৰি, ড্ৰাগছ সৰবৰাহ, কাৰোবাক জোৰ-জবৰদস্তি বা ভাবুকি দি সন্ত্ৰাসবাদী কাৰ্য্য সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা)।
পশ্চিম বংগৰ মছলেণ্ডপুৰত জন্মগ্ৰহণ কৰা নাছীমা গেইনৰ শৈশৱ সুখী আছিল যদিও তেৰ বছৰটো তেওঁৰ বাবে অতি কঠিন আছিল। এজন চিনাকি ব্যক্তিয়ে ১৩ বছৰীয়া নাছীমাক অপহৰণ কৰি মানৱ সৰবৰাহত ব্যৱহাৰ কৰে। সৌভাগ্যক্ৰমে ১০ মাহৰ পিছত তেওঁ মুক্তি লাভ কৰে। কিন্তু ঘৰলৈ উভতি অহাৰ পিছত তেওঁৰ প্ৰতি মানুহৰ মনোভাৱ সম্পূর্ণ সলনি হৈছিল৷
নাছীমাৰ সাহস আৰু প্ৰেৰণাত নতুন জীৱন আৰম্ভ কৰা একাংশ যুৱতী
কিন্তু নাছীমা ভাগি পৰা নাছিল। আজি একেগৰাকী নাছীমাই মানৱ সৰবৰাহৰ বলি হোৱা শ শ ছোৱালীক জীৱনৰ মান উন্নত কৰাত সহায় কৰি আছে। উত্তৰণ কালেকটিভ আৰু আই এল এফ এ টি (ইণ্ডিয়ান লিডাৰশ্বিপ ফ’ৰাম এগেইনষ্ট ট্ৰেফিকিং)ৰ দৰে তেওঁৰ বিভিন্ন পদক্ষেপে ৪০০০ৰো অধিক ছোৱালীক নিজৰ জীৱন পুনৰ আৰম্ভ কৰাত সহায় কৰিছে।
ঘটনাটো বৰ্ণনা কৰি নাছীমাই কয়, “তেওঁ মোক আৰু মোৰ এজন বন্ধুক সুধিছিল যে আমি গাড়ীত উঠি ঘৰলৈ যাব বিচাৰো নেকি? তেওঁৰ লগত গাড়ীত আন এজন মানুহ আছিল। তাৰ উদ্দেশ্য নাজানি আমি গাড়ীত বহিলোঁ। তেওঁ আমাক এখন নিৰ্জন ঠাইলৈ লৈ গ’ল আৰু কিছু সময়ৰ পিছত ঘূৰি আহিম বুলি আমাক এৰি থৈ গ’ল। কিছু সময়ৰ পাছত আন এখন গাড়ীত এজন মানুহ আহি আমাক ঘৰলৈ নমাই দিব বুলি ক’লে। তেতিয়া আন্ধাৰ আছিল, গতিকে আমি তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ। কিন্তু ই আমাৰ জীৱন সলনি কৰি দিলে।”
সেই মানুহবোৰে নাছীমা আৰু তেওঁৰ বান্ধৱীক বিক্ৰী কৰি বিহাৰ পালেহি। সৰবৰাহৰ পিছৰ জীৱনৰ বিষয়ে নাছীমাই কয়, “তেওঁলোকে আমাক নাচ-গান শিকাইছিল। যদি কোনোবাই তেওঁলোকৰ কথা নামানে, তেন্তে মাৰপিট, মানসিক নিৰ্যাতন কৰিছিল আৰু ভোকত থাকিব দিছিল। আমি ঘৰলৈ উভতি অহাৰ সকলো আশা হেৰুৱাই পেলাইছিলো।”
নাছীমা আৰু তেওঁৰ দৰে আন বহু ছোৱালীৰ বাবে হিংসা, নিৰ্যাতন আৰু অনাহাৰে থকাতো দৈনন্দিন পৰিঘটনা আছিল। এই সকলোবোৰ পৰিস্থিতিত যেতিয়া নাছীমা আৰু তেওঁৰ বন্ধুক ঘৰত কাম কৰা ছোৱালী হিচাপে বিক্ৰী কৰা হ’ল, তেতিয়া তেওঁলোকৰ জীয়াই থকাৰ আশা পুনৰ সজীৱ হৈ উঠিল। নাছীমাই কয় যে যিজন মানুহৰ বাবে তেওঁ দাসী হিচাপে কাম কৰি আছিল, তেওঁ এগৰাকী অধ্যাপক।
নাছীমাই আৰম্ভ কৰা এনজিঅ'টোৰ সদস্যসকল, এক অনুষ্ঠানত
নাছীমাই কয়, “লাহে লাহে মই তেওঁলোকৰ ভাষা বুজিবলৈ আৰম্ভ কৰিলোঁ। এদিন মই সাহস কৰি তেওঁক মোৰ কাহিনীৰ বিষয়ে ক'লো। কেনেকৈ মোক প্ৰতাৰণা কৰি বিক্ৰী কৰা হৈছিল আৰু এতিয়া মই নিজৰ ঘৰলৈ উভতি যাব বিচাৰো। এই ক্ষেত্ৰত আপুনি আমাক সহায় কৰক।" নাছীমাই অধ্যাপিকগৰাকীক এইটোও ক’লে যে যদি তেওঁ তেওঁলোকক সহায় নকৰে, তেন্তে তেওঁলোকক এজেন্সীলৈ ঘূৰাই পঠিয়াই দিয়ক। তাত তেওঁলোক পুনৰ নিৰ্যাতনৰ সন্মুখীন হ’ব আৰু তেওঁলোকক পুনৰ বিক্ৰী কৰা হ’ব।
অধ্যাপকগৰাকীয়ে নাছীমাক তেওঁৰ ঘৰৰ যোগাযোগ নম্বৰ দিবলৈ ক’লে। নাছীমাৰ মনত নাছিল কিন্তু তেওঁৰ বান্ধৱীগৰাকীয়ে টেলিফোন নম্বৰটো মুখস্থ কৰি ৰাখিছিল। মানৱদৰদী অধ্যাপকগৰাকীয়ে সেই নম্বৰত ফোন কৰি আৰক্ষীৰ সহায়ত দুয়োগৰাকী ছোৱালীক উদ্ধাৰ কৰে। অৱশ্যে আৰক্ষী আৰু পিতৃ-মাতৃ নাছীমা আৰু আনজনী ছোৱালীৰ ওচৰ পোৱাৰ আগতেই মানৱ সৰবৰাহকাৰীজনে এই বিষয়ে গম পালে। তেওঁ অধ্যাপকজনক ফোন কৰিছিল যিয়ে তেওঁলোকক নিৰাপত্তাৰ বাবে বিভিন্ন গোপন স্থানলৈ স্থানান্তৰিত কৰিছিল।
কেইবা সপ্তাহ ধৰি সিহঁতক অনুসৰণ কৰাৰ পিছত অৱশেষত ১০ মাহৰ পিছত নাছীমা আৰু তেওঁৰ বান্ধৱীজনীয়ে মুক্তি পালে। নাছীমাই কয়, “তেওঁলোকক উদ্ধাৰ কৰি ঘৰলৈ লৈ যোৱা ক্ষণটো এতিয়াও তেওঁৰ অবাস্তৱ যেন লাগে। মই সকলো আশা হেৰুৱাই পেলাইছিলো, কিন্তু আমাৰ আৰু আৰক্ষীৰ প্ৰচেষ্টা সফল হ’ল। সেই অধ্যাপকগৰাকীৰ প্ৰতিও মই অতিশয় কৃতজ্ঞ।”
ইফালে, ঘৰলৈ উভতি অহাৰ পিছত পৰিয়ালটো ছোৱালীজনীক লৈ সুখী যদিও গাঁৱৰ মানুহে তেওঁক গ্ৰহণ কৰা নাছিল। এই সন্দৰ্ভত নাছীমাই কয়, “এয়া আমাৰ সমাজৰ দুখজনক সত্য। পৰিস্থিতিৰ বলি হৈছিলোঁ যদিও তেতিয়াও আমি বঞ্চিত আছিলোঁ। ল'ৰা-ছোৱালীৰ পিতৃ-মাতৃয়ে নিজৰ সন্তানক আমাৰ লগত কথা পতাত বাধা দিছিল।"
তেওঁ কয়, ‘সমাজে আমাক অস্বীকাৰ কৰাৰ বাবে আমাক স্কুললৈ যাবলৈও দিয়া নহ’ল। দহ মাহৰ অত্যাচাৰ আৰু তাৰ পিছত সমাজৰ পৰা এই ধৰণৰ আচৰণে মোক নিজৰ পৰা বিচ্ছিন্ন কৰি পেলাইছিল। পিছৰ পাঁচ বছৰ ঘৰৰ পৰা ওলোৱা নাছিলো। নাছীমাৰ সামাজিক অনিচ্ছা দেখি তেওঁৰ মাক-দেউতাকে তেওঁক এটা এন জি অ’লৈ লৈ গৈছিল। সেই এন জি অ’ৰ জৰিয়তে মানৱ সৰবৰাহৰ পৰা ৰক্ষা পোৱা লোকসকলৰ পৰামৰ্শ দিয়া হৈছিল।
নাছীমাই কয় যে কাউন্সেলিঙে তেওঁক বহুত মানসিক শক্তি দিছিল। নিজেই এন জি অ’টোৰ পৰামৰ্শ লৈ নাছীমাই নিশ্চিত হৈছিল যে এই অমানৱীয় পুতিগন্ধময় স্থানৰ পৰা জীৱন ৰক্ষা পোৱাসকলক তেঁৱো পৰামৰ্শ দিব পাৰিব। তাৰ পৰাই তেওঁ এনে ছোৱালী-মহিলাৰ সৈতে যোগাযোগ কৰি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে।
নাছীমাই কয়, “সাহস, আশা আৰু ভাগ্যক সাৰথি কৰি মই এটা নতুন জীৱন গঢ়িবলৈ চেষ্টা কৰিছো। মই এতিয়া আনক সহায় কৰি আছো। মোৰ দৰে অধিক ছোৱালীক সহায় কৰিবলৈ মই ২০১৬ চনত উত্থান কালেকটিভ (Utthan Collective)ৰ সৈতে কাম আৰম্ভ কৰিলোঁ, যিটো সংস্থাই ছোৱালী আৰু ভুক্তভোগীক প্ৰশিক্ষণ, পৰামৰ্শ আৰু সহায় আগবঢ়ায়।”
উল্লেখ্য যে, ভাৰতত মুক্তিৰ পিছতো অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হৈছে বৃহৎ সংখ্যক ভুক্তভোগীক। নাছীমাই এনে সকলো ভুক্তভোগীৰ বাবে এক নতুন পৰিচয় আৰু নতুন পৃথিৱী সৃষ্টি কৰিব বিচাৰে। ২০১৯ চনত তেওঁ সমগ্ৰ দেশতে একেধৰণৰ সৰবৰাহ বিৰোধী গোটৰ সৈতে সহযোগীভাৱে ইণ্ডিয়ান লিডাৰশ্বিপ ফ’ৰাম এগেইনষ্ট ট্ৰেফিকিং (Indian Leadership Forum Against Trafficking) প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনৰ কাম-কাজ ৯খন ৰাজ্যত বিয়পি পৰিছে। তেওঁ ৪৫০০ৰো অধিক ভুক্তভোগীৰ জীৱনক এক নতুন দিশ দিছে।
নাছীমাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এই সংস্থাটোৱে ভুক্তভোগীক বিভিন্ন দক্ষতাভিত্তিক চাকৰিৰ প্ৰশিক্ষণ দিয়ে আৰু জীৱিকা উপাৰ্জনত সহায় কৰে। নাছীমাই সংস্থাটোৰ বিষয়ে কয়, “আমি ভুক্তভোগীসকলৰ ওচৰলৈ যাওঁ আৰু তেওঁলোকক মানসিক স্বাস্থ্যৰ সহায় আৰু পৰামৰ্শ প্ৰদান কৰোঁ। আউটৰিচ প্ৰগ্ৰেমৰ জৰিয়তে তেওঁলোকৰ আঘাত আৰু দুখৰ সমভাগী হওঁ। ইয়াৰ দ্বাৰা তেওঁলোকৰ আগবাঢ়ি যোৱাত সহায় হয়।”
এনজিঅ'টোৰ ল'গ'ৰ সৈতে নাছীমা আৰু তেওঁৰ সহযোগীসকল
তেওঁ আৰু কয়, “এনে পৰিস্থিতিৰ মাজেৰে পাৰ হোৱা ব্যক্তিক বহুত যত্ন, মৰম আৰু সন্মানৰ প্ৰয়োজন। সৰবৰাহৰ প্ৰক্ৰিয়াত তেওঁলোকে সকলো আত্মসন্মান হেৰুৱাই পেলায়। তেওঁলোকক সমাজে প্ৰত্যাখ্যান কৰে আৰু বহুতকে নিজৰ পৰিয়ালেও প্ৰত্যাখ্যান কৰে। আমি তেওঁলোকক প্ৰয়োজনীয় সহায় আৰু আশ্ৰয় প্ৰদান কৰোঁ।”
তেওঁৰ কামৰ বিষয়ে সোধাত নাছীমাই কয়, “বহু সময়ত বিভিন্ন এন জি অ’ই মোৰ ওচৰলৈ আহে আৰু Indian Leadership Forum Against Trafficking আৰু Utthan Collective-এ কেনেকৈ কাম কৰে সেই বিষয়ে শিকে। মোৰ বাবে এইটো এক বৃহৎ প্ৰেৰণা আৰু জয়।"
তেওঁ লগতে কয়, “সংগঠনৰ সৈতে মই ভুক্তভোগীৰ বাবে এক নিৰাপদ পৰিৱেশ সৃষ্টি কৰিব বিচাৰো, অপৰাধীয়ে যাতে উপযুক্ত শাস্তি লাভ কৰে, আৰু জীয়াই থকা সকলো ছোৱালীয়ে যাতে পুনৰ সংস্থাপন লাভ কৰে।” সহকৰ্মীসকলৰ সৈতে নাছীমাই মানৱ সৰবৰাহৰ পৰা উদ্ধাৰ হোৱা ছোৱালীকেইজনীৰ মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে, ক্ষতিপূৰণ প্ৰদান কৰে, ছোৱালীকেইজনীক তেওঁলোকৰ দক্ষতাৰ প্ৰতি সচেতন কৰি তোলে আৰু প্ৰয়োজনীয় প্ৰশিক্ষণ দি তেওঁলোকক আগুৱাই নিয়ে। এই কামেৰে তেওঁ এতিয়া সমাজৰ সকলো স্তৰৰ লোকৰ পৰা শ্ৰদ্ধা আৰু সন্মান লাভ কৰে।
মানৱ সৰবৰাহকাৰীৰ পৰা পলায়ন কৰা ২৬ বছৰীয়া নাছীমাই কয়, “লোহা যিমানেই গৰম হ’ব সিমানেই ই শক্তিশালীও হৈ উঠে। জীৱনত লাভ কৰা সকলোবোৰ কঠিন সময়ে মোক আৰু শক্তিশালী কৰি তুলিছে। এগৰাকী সাধাৰণ কিশোৰী এতিয়া যোদ্ধা হৈ পৰিছো। মই দেশৰ পৰা মানৱ সৰবৰাহৰ অন্ত পেলোৱাৰ সংকল্প লৈছে।"