আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ সৈতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান
চণ্ডীগড়
ভাগৱত ভাৰতৰ সাংস্কৃতিক ইতিহাসৰ উত্তৰাধিকাৰ আৰু সকলো মানৱতাৰ কল্যাণৰ শাস্ত্ৰ বুলি কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে প্ৰকাশ কৰিছে। নৱম আন্তঃৰাষ্ট্ৰীয় গীতা সন্মিলনত তেওঁ ‘শ্ৰীমদ্ভাগৱত আধাৰিত সুষম প্ৰকৃতি-বিশুদ্ধ পৰিবেশ’ (Balanced Nature-Pure Environment Based on Srimad Bhagavad Gita) শীৰ্ষক এক আলোচনা চক্ৰত ভাষণ প্ৰদান কৰে। কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ অংশ হিচাপে হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত এই অনু্ষ্ঠান আয়োজন কৰা হৈছে। খানে কয়, ‘ই ভাৰতৰ ঐক্য আৰু অখণ্ডতাক প্ৰতিফলিত কৰে।
ভাষণ দিয়াৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ চ্যান্সেলৰ দত্তত্ৰেয় আৰু অন্যান্য গণ্যমান্য ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰি সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উত্তৰাখণ্ডৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল গুৰমিত সিঙে (অৱসৰপ্ৰাপ্ত) ভাষণত কয় যে গীতাই সমগ্ৰ মানৱতাৰ বাবে জীৱন দৰ্শনৰ সাৰমৰ্মক প্ৰতিনিধিত্ব কৰে।
গুৰমিত সিঙে উল্লেখ কৰে যে কুৰুক্ষেত্ৰই তেওঁৰ অন্তৰলৈ সম্পূৰ্ণতাৰ এক অনুভূতি কঢ়িয়াই আনে। হাৰিয়ানা চৰকাৰৰ উদ্যোগত ১৮ দিনীয়া আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ জৰিয়তে বিশ্ববাসীয়ে গীতাৰ শিক্ষা বুজিবলৈ সহায় কৰিব বুলিও তেওঁ কয়। সিঙে কয়, ‘গীতাৰ জ্ঞানে আমাক জীৱনৰ সঠিক পথত পৰিচালিত কৰে। বিভ্ৰান্তি, দ্বিধাদ্বন্দ্ব, সন্দেহ দূৰ কৰাত গীতাই আমাক সহায় কৰে। গীতা হৈছে এক ধৰ্মীয় আৰু নৈতিক গ্ৰন্থ যিয়ে শক্তি, স্পষ্টতা, সংকটৰ সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰে।
ইফালে, গীতাৰ পণ্ডিত স্বামী জ্ঞানানন্দ মহাৰাজে কয় যে ভাগৱতত পৰিৱেশ সুৰক্ষাৰ এক বিশ্বব্যাপী বাৰ্তা আছে। গীতাৰ পবিত্ৰ ভূমি কুৰুক্ষেত্ৰ এই শিক্ষাৰ জন্মস্থান। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ভাৰসাম্যতা অতি প্ৰয়োজনীয়, আৰু গীতাই সকলো সমস্যাৰ সমাধান প্ৰদান কৰে বুলিও তেওঁ কয়।
সন্মিলনত তাঞ্জানিয়াৰ তথ্য, যুৱ, সংস্কৃতি আৰু ক্ৰীড়া মন্ত্ৰী টাবিয়া মৌলিদ মুইটাই কয় যে শিক্ষা আৰু কৃষিৰ ক্ষেত্ৰত ভাৰত আৰু তাঞ্জানিয়াৰ মাজত গভীৰ সংযোগ আছে। “কুৰুক্ষেত্ৰৰ পবিত্ৰ ভূমিতেই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত গীতাৰ বাৰ্তা প্ৰেৰণ কৰিছিল। এনে অনুষ্ঠানে তাঞ্জানিয়া আৰু ভাৰতৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিব, যাৰ ফলত সংস্কৃতি, কৃষি, স্বাস্থ্য, বাণিজ্য, শিক্ষা, আৰু গৱেষণাৰ দৰে ক্ষেত্ৰসমূহ উপকৃত হ’ব।’-মন্ত্ৰীগৰাকীয়ে কয়।
ইয়াৰ পূৰ্বে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীয়ে কুৰুক্ষেত্ৰৰ ব্ৰহ্মসৰোবৰৰ পাৰত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ (আই জি এম) আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ২৮ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱত তাঞ্জানিয়া অংশীদাৰ ৰাষ্ট্ৰ হোৱাৰ বিপৰীতে উৰিষ্যা অংশীদাৰ ৰাজ্য। ৫ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এই মহোৎসৱৰ মূল অনুষ্ঠান।
ইফালে, হাৰিয়ানাৰ ৰাজ্যপাল দত্তত্ৰেয়ে বৃহস্পতিবাৰে ব্ৰহ্মসৰৱৰৰ পবিত্ৰ পাৰত অৱস্থিত পুৰুষোত্তমপুৰা বাগত হাৰিয়ানা মণ্ডপ উদ্বোধন কৰে। কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় আৰু কুৰুক্ষেত্ৰ উন্নয়ন ব’ৰ্ডৰ (কেডিবি) যৌথ তত্বাৱধানত স্থাপন কৰা এই মণ্ডপটোক ৰাজ্যপালগৰাকীয়ে “হাৰিয়ানৱী সংস্কৃতিৰ দাপোন” হিচাপে প্ৰশংসা কৰে, য’ত ৰাজ্যখনৰ সজীৱ লোকশিল্প আৰু ঐতিহ্য প্ৰদৰ্শন কৰা হয়।
দত্তত্ৰেয়ে হাৰিয়ানৱী সংস্কৃতিৰ প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে। তেওঁ মন্তব্য কৰে যে আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ উদযাপনৰ অংশ হিচাপে বিশ্ববিদ্যালয় আৰু কুৰুক্ষেত্ৰ উন্নয়ন ব’ৰ্ডে হাৰিয়ানাৰ লোক পৰম্পৰাৰ সাৰমৰ্মক বিশ্বব্যাপী দৰ্শকৰ মাজলৈ সফলতাৰে কঢ়িয়াই আনিছে।