ডুবাই চেৰিটি এছ’চিয়েশ্যনৰ মহাসচিব খালিদ আল ওলামালৈ চেক প্ৰদানৰ সময়ত ফিৰোজ মাৰ্চেণ্ট (বাওঁফালে)
নতুন দিল্লী
মুম্বাইত জন্মগ্ৰহণ কৰা ভাৰতীয় ব্যৱসায়ী ফিৰোজ মাৰ্চেণ্টে বৃক্ক ৰোগীক সহায় কৰাৰ লগতে কয়দীক মুকলি কৰি দিয়াৰ বাবে ডুবাই চেৰিটি এছ’চিয়েশ্যনলৈ ১০ লাখ ডিৰহা (প্ৰায় ২.২৫ কোটি টকা) অনুদান আগবঢ়াইছে। দানবীৰ ফিৰোজ হৈছে ডুবাইৰ পিউৰ গোল্ড গ্ৰুপ (Pure Gold Group)ৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। এই অনুদান ডুবাই চেৰিটি এছ’চিয়েশ্যনত ডায়েলাইছিছৰ বাবে ব্যৱহাৰ কৰাৰ লগতে নিৰ্ধাৰিত জৰিমনা ভৰিব নোৱাৰাৰ বাবে জেলত আৱদ্ধ হৈ থকা কয়দীসকলৰ জৰিমনা পৰিশোধ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব।
ডুবাই চেৰিটি এছ’চিয়েশ্যনৰ সদস্য তথা মহাসচিব খালিদ আল ওলামাই ফিৰোজ মাৰ্চেণ্টৰ চেৰিটিৰ বিষয়ে এই কাহিনী ইনষ্টাগ্ৰামত পোষ্ট কৰে। তেওঁ ফিৰোজক ধন্যবাদ জনাই কয় যে তেওঁৰ এই দান বৃক্ক ৰোগীসকলৰ বাবে যথেষ্ট সহায়ক হ’ব।
তেওঁ কয় যে, "এই অনুদান কেৱল আৰ্থিক অনুদান নহয়। ই পিউৰ গোল্ড গ্ৰুপৰ সামাজিক দায়বদ্ধতা আৰু সম্প্ৰদায়ৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক। এই গ্ৰুপৰ সহযোগিতাৰ বাবে আমি গৌৰৱান্বিত। ইউ এ ইত মানৱীয় কামৰ বাবে তেওঁলোকৰ অবিৰত সহায়ৰ বাবে আমি কৃতজ্ঞ। এই সহযোগিতাই আমাক স্বাস্থ্যসেৱা সেৱা সম্প্ৰসাৰণ কৰিবলৈ আৰু অধিক ৰোগীক সহায় কৰিবলৈ সাহস দিছে।”
ডুবাই চেৰিটি এছ’চিয়েশ্যনলৈ দান দিয়াৰ পিছত ফিৰোজ মাৰ্চেণ্টে কয়, “মানৱীয় কামত ডুবাই চেৰিটি এছ’চিয়েশ্যনে তেওঁলোকৰ অবিৰত নিষ্ঠাৰ বাবে ধন্যবাদ জনাইছো। মই বিশ্বাস কৰোঁ যে পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসা সেৱা লাভ কৰাৰ মৌলিক অধিকাৰ সকলোৰে আছে। মই সুখী যে এই সমাজ সেৱাত মই অৰিহণা যোগাব পাৰিলোঁ।”
উল্লেখ্য যে, ফিৰোজ মাৰ্চেণ্টৰ সামাজিক কামে বহু দৰিদ্ৰ আৰু দুৰ্বল লোকৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিছে। ফিৰোজৰ ‘ফৰগটেন ছ’চাইটি’ (Forgotten Society) পদক্ষেপে ২০০৮ চনৰ পৰা ইউ এ ইত ২০ হাজাৰতকৈ অধিক কয়দীক মুকলি কৰি দিছে। ইয়াৰ বাবে তেওঁ বন্দীসকলৰ ঋণ পূৰণ কৰি তেওঁলোকক উৰাজাহাজেৰে নিজৰ দেশলৈ উভতি যোৱাৰ ব্যৱস্থা কৰে। ২০২৪ চনত তেওঁ ৰমজানৰ পূৰ্বে ৯০০ কয়দীক মুক্ত কৰিবলৈ কোটি কোটি টকা দান কৰিছিল।
২০১৭ চনত তেওঁ ইউ এ ইৰ পৰা বন্দীসকলক নিজৰ গৃহ দেশলৈ ঘূৰাই পঠোৱাৰ বাবে বাৰ্ষিক ১ লাখ ৩০ হাজাৰ ৭৯০ মাৰ্কিন ডলাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। সমাজৰ আৰ্তজনক সহায় কৰি ফিৰোজে নিজৰ সামাজিক দায়িত্ব পালন কৰি আছে। মুম্বাইত জন্মগ্ৰহণ কৰা ফিৰোজ মাৰ্চেণ্ট গহনা ব্যৱসায় আৰু মানৱ সেৱাৰ বাবে ইউ এ ইত বিশেষভাৱে সুপৰিচিত। প্ৰতি বছৰে ৰমজানৰ আগতে তেওঁ এনে কয়দীক ইউ এ ইৰ কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়ে যিসকলে কাৰাদণ্ড সম্পূৰ্ণ হোৱাৰ পিছতো আদালতে তেওঁলোকৰ ওপৰত আৰোপ কৰা জৰিমণা আদায়ৰ নিদিয়াৰ বাবে কাৰাগাৰত বন্দী হৈ আছে।
২০০৮ চনত ফিৰোজে ‘দ্য ফৰ্গটেন ছ’চাইটি’ স্থাপন কৰিছিল। প্ৰতি বছৰে ছ’চাইটিয়ে কয়দীক মুক্তিৰ বাবে জৰিমনা হিচাপে ইউ এ ই চৰকাৰক এটা নিৰ্দিষ্ট পৰিমাণৰ ধন গতাই দিয়ে। আৰ্থিক অসুবিধাৰ বাবে মাৰ্চেণ্টে স্কুল এৰিবলগীয়া হোৱাত তেওঁ ইউ এ ইলৈ গুচি যায় আৰু তাতেই তেওঁ কাম কৰি ক্ৰমান্বয়ে ব্যৱসায় প্ৰতিষ্ঠা কৰে।
ফিৰোজ মাৰ্চেণ্টে কয় যে কয়দীসকলে যাতে ৰমজানৰ পূৰ্বে নিজৰ ঘৰলৈ উভতি যাব পাৰে, তাৰ বাবে তেওঁ এই কাম কৰি আহিছে। ‘দ্য ফৰগটেন ছ’চাইটি’ই কয়দীৰ বিমান যাত্ৰাৰ বাবে টিকটৰ ব্যৱস্থা কৰে। ৬৬ বছৰীয়া ফিৰোজ মাৰ্চেণ্ট হৈছে ১৯৮৯ চনত ডুবাইত স্থাপন কৰা ‘পিউৰ গোল্ড জুৱেলাৰ্ছ’ৰ মালিক। তেওঁ নিজৰ গ্ৰাহকক কেৱল মানসম্পন্ন গহনাহে বিক্ৰী কৰে।
ফিৰোজ মাৰ্চেণ্টে কয় যে এক ব্ৰেণ্ডত পৰিণত হৈ ডুবাই আৰু পিছলৈ আবুধাবিৰ গহনা বজাৰত একচেটিয়া অধিকাৰ লাভ কৰাৰ পিছত তেওঁ নিজৰ নতুন ডিজাইনৰ গহনা ব্যৱসায় বিশ্বজুৰি সম্প্ৰসাৰণ কৰিব বিচাৰিছে। ‘পিউৰ গোল্ড জুৱেলাৰ্ছ’ৰ সকলো সুন্দৰ সোণ-হীৰা ডিজাইনাৰ গহনা অনলাইনত বিক্ৰীৰ বাবে উপলব্ধ।