মৌলানা নুৰুল আমিন কাছিমী
আজি পৱিত্ৰ ঈদ-উল ফিতৰ। মুছলমান সকলে মাহজোৰা সাধনাৰ অন্তত মহান আল্লাহৰ পৰা পুৰস্কাৰ লাভৰ এক মহানন্দ দিৱস। ঈদ মানে যদিও আনন্দ হয়, কিন্তু এই আনন্দৰ ধৰণ অপল সুকীয়া। এই আনন্দ বাহ্যিক ৰং ৰহইচৰ আনন্দ নহয়, নতুন কাপোৰ পিন্ধি ফুৰিবলৈ যোৱাৰ আনন্দও নহয়। এয়া হ'ল আত্মিক আনন্দ, আধ্যাত্মিকতাৰ আনন্দ।
মহান সৃষ্টিকৰ্তাৰ আদেশ আৰু ৰচুলৰ নীতি নিয়ম অনুসৰি সম্পূৰ্ণ এটা মাহ আত্মনিয়ন্ত্ৰণ কৰি মহান আল্লাহৰ সান্নিধ্য লাভৰ আনন্দ। বাধ্যতামূলক দান জাকাত, চদকা-ফিৎৰা আদায় ৰীতি মতে আদায় কৰি দুখীয়া নিচলাক সহায় কৰাৰ আনন্দ। যিয়ে এই প্ৰকৃত আনন্দ লাভ কৰিব পাৰিছে তেওঁ ভাগ্যবান।
ঈদ কাৰ বাবে?
ঈদৰ দিনা এলেকাৰ সকলো মুছলমান মছজিদ বা ঈদগাহত জমা হয়গৈ। ঈদৰ দিনা পুৱা ভাগত সমবেত হৈ দুই ৰাকাত নামাজ আদায় কৰাটো ওৱাজিব বা জৰুৰী। এই ওৱাজিবৰ আনন্দ প্ৰকৃততে সেই সকলৰ বাবে যিসকলে সম্পূৰ্ণ মাহটো ৰোজা আদায় ধৰিছে, তাৰাৱীহ আদায় কৰিছে, পাচৱাক্ত নামাজ জামাতেৰে আদায় কৰিছে, পৰাপক্ষত শেষ দহদিনৰ এতেকাফ কৰিছে। খানকাহত অনবৰতে আল্লাহৰ জিকিৰত মচগুল হৈ থকা সকলতো আছেই।
ঈদৰ নামাজত আৱেগিক এগৰাকী ইছলামধৰ্মী লোক
হয়তো বহুতেই নাজানে, ঈদৰ দিনা ঈদৰ নামাজৰ পাছত ইমাম চাহাবে যিটো খুৎবা (আৰবী ভাষাত বিশেষ ভাষণ) প্ৰদান কৰে তাত কোৱা হয়- "লাইচাল ঈদ লিমান আকালা ৱা শ্বাৰিবা, ৱালাকিন্নাল ঈদ লিমান খাফাল ৱাঈদ"। অৰ্থাৎ ঈদ সেইসকলৰ বাবে নহয়, যিয়ে ৰোজাৰ মাহত আৰামত খাই বৈ থাকিল, কিন্তু ঈদ সেইসকলৰ বাবে যিসকলে আল্লাহৰ আজাবক ভয় কৰিলে আৰু ৰমজান মাহটো আল্লাহৰ মৰ্জি মতে অতিবাহিত কৰিলে। এইটো কিমান ডাঙৰ কথা আমি কেতিয়াবা চিন্তা কৰি চাইছো জানো?
তাৰ পৰিৱৰ্তে ৰমজানৰ মাহত ৰোজা নাৰাখি, তাৰাৱীহ নপঢ়ি খাই বৈ ৰং তামাচাত অতিবাহিত কৰি থকা সমাজৰ মুধাফুটা লোকৰ পৰা আৰম্ভ কৰি একাংশ বিশেষ শ্ৰেণীৰ লোকৰ বাবে ঈদৰ দিনা প্ৰথম কাতাৰত ঠাই পোৱা নাযায়। ৰমজানৰ ৰোজা নামাজৰ সৈতে কোনো সম্পৰ্ক নথকা ডেকা গাভৰু, ছোৱালী বোৱাৰীবোৰৰ পৰা ঈদৰ কিছুদিন আগৰ পৰা দোকানত সোমাব নোৱাৰি। এয়া হৈছে আজিৰ একাংশ মুছলমান সমাজৰ বাস্তৱ ছবি।
ঈদৰ দিনা আনন্দ-উল্লাসেৰে এসাজ খাইছে এটা পৰিয়ালে
আচলতে ৰমজানৰ মাহটো হৈছে এক অনুশীলনৰ মাহ। বাকী ১১টা মাহ আল্লাহৰ মৰ্জি অনুযায়ী চলাৰ এয়া এক ট্ৰেইনিং বা প্ৰশিক্ষণৰ মাহ। সমাজৰ আৰ্থিকভাৱে দুৰ্বল সকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই, দিনৰ ভাগত আহাৰ পানীৰ পৰা বিৰত থাকি দুৰ্ভিক্ষত পৰা সকলৰ ভোক অনুভৱ কৰি তেওঁলোকক সহায় কৰাৰ মানসিকতা গঢ়ি তোলাৰ অনুশীলনৰ মাহ।
গতিকে এই মাহক আমি প্ৰশিক্ষণ হিচাপে লোৱা উচিত। বাকী ১১ টা মাহ এই প্ৰশিক্ষণ মতে নিজকে পৰিচালিত কৰিব পাৰিব লাগিব। তেতিয়াহে সফল হ'ব পৱিত্ৰ ৰমজান আৰু ঈদৰ প্ৰকৃত উদ্দেশ্য। গতিকে আঁহক ৰমজান আৰু ঈদৰ প্ৰকৃত উদ্দেশ্য সফল কৰোঁ।
(লেখক তেজপুৰস্থিত Islamic Study & Research Academy Assamৰ সভাপতি)