ভাৰতবৰ্ষত হিন্দু-মুছলমানে একত্ৰিত হৈ কাম কৰা আৰু বসবাস কৰাৰ পৰম্পৰা আছে: অমৰ্ত্য সেন

Story by  atv | Posted by  Munni Begum • 1 Months ago
নবেল বঁটা বিজয়ী অমৰ্ত্য সেন আৰু হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰ ছবি
নবেল বঁটা বিজয়ী অমৰ্ত্য সেন আৰু হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰ ছবি
 
আৱাজ-দ্য ভইচ' অসম ব্যুৰো
 
নবেল বঁটা বিজয়ী অমৰ্ত্য সেনে শনিবাৰে কয় যে ভাৰতবৰ্ষত হিন্দু আৰু মুছলমানে একত্ৰিত হৈ কাম কৰা আৰু একেলগে বসবাস কৰাৰ পৰম্পৰা চলি আহিছে।    
 
বিখ্যাত অৰ্থনীতিবিদ সেনে আলিপুৰ জেল সংগ্ৰহালয়ত পিছপৰা যুৱক-যুৱতীসকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে কয়।
 
গুৱাহাটীৰ চছল ৰাজহুৱা নামঘৰত এটি মুছলমান পৰিয়ালক সম্বৰ্ধনা জনোৱা এক দৃশ্য
 
তেওঁ কয়, "আমাৰ দেশৰ ইতিহাস অনুসৰি, হিন্দু আৰু মুছলমান লোকসকলে যুগ যুগ ধৰি নিখুঁত সমন্বয় আৰু সহযোগিতাৰে কাম কৰি আহিছে। ক্ষীতিমোহন সেনে তেওঁৰ গ্ৰন্থত আলোকপাত কৰা এইটোৱেই হৈছে 'জুক্তোসাধনা'। আমি বৰ্তমান সময়ত 'জুক্তোসাধনা'ৰ এই ধাৰণাটোৰ ওপৰত গুৰুত্ব দিব লাগিব।" 
 
তেওঁ "ধৰ্মীয় সহনশীলতা" শব্দটোক উন্মোচন কৰি কয় যে সেইটোৱেই একমাত্ৰ গুৰুত্ব দিব নালগা বিষয়। যিটো বিষয়ে কেৱল অন্য সম্প্ৰদায়ক জীয়াই থাকিবলৈ দিয়াই নহয়, ই কোনো সম্প্ৰদায়ৰ লোকৰ ওপৰতে কোনো ধৰনৰ আক্ৰমণ নকৰাৰ দৰে হয়। হয়তো বৰ্তমান পৰিস্থিতিত মানুহক মাৰপিট কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ এক প্ৰয়োজনীয়তা আহি পৰিছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সকলোৱে একত্ৰিত হৈ কাম কৰি যোৱাটো।"   
 
প্ৰতিনিধিত্বমূলক ছবি
 
উদাৰ মতামতৰ বাবে পৰিচিত সেনে কয় যে, শিশুসকলৰ মাজত সহনশীলতাৰ মূল্যবোধৰ বীজ সিঁচাৰ কোন প্ৰয়োজন নাই, কিয়নো তেওঁলোক কোনো 'বিভাজনকাৰী বিষবাষ্প'ৰ দ্বাৰা প্ৰভাৱিত নহয়। তেওঁলোকৰ সদায়ে বন্ধু হিচাপে বিকশ ঘটে, কিয়নো তেওঁলোকক বেয়া শিক্ষা প্ৰদান কৰা নহয়, যি তেওঁলোকৰ মনক বিষাক্ত কৰিব পাৰে।  
 
‘জুক্তোসাধনা’ৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি সেনে কয় যে, ই ৰাজনীতি, সামাজিক কাম, শিল্পত প্ৰকাশ পায়। তেওঁ লগতে কয়, "আপোনালোকে উস্তাদ আলী আকবৰ খান আৰু পণ্ডিত ৰবি শংকৰৰ মাজত তেওঁলোকৰ ধৰ্মীয় পৰিচয়ৰ ভিত্তিত পাৰ্থক্য কৰিব পাৰিব নে? তেওঁলোক তেওঁলোকৰ নিজৰ শাস্ত্ৰীয় সংগীতৰ ধাৰাটোৰ বাবেহে পাৰ্থক্য কৰিব পাৰি।" 
 
তাজমহল
 
ভাৰতৰ বহুত্ববাদী চৰিত্ৰ বিকৃত কৰাৰ যিকোনো প্ৰচেষ্টাৰ বিৰুদ্ধে সতৰ্ক কৰি তেওঁ কয় যে, উপনিষদসমূহ ফাৰ্চী ভাষালৈ অনুবাদ কৰা কেইজনমানৰ ভিতৰত মুমতাজৰ পুত্ৰ দাৰা শিকোহ অন্যতম আছিল।  
 
সেনে কয়, "ইয়াৰ পৰা বুজা যায় যে, তেওঁ হিন্দু শাস্ত্ৰ আৰু সংস্কৃত ভাষাৰ সৈতে সুপৰিচিত আছিল। আৰু এতিয়া দুটা চিন্তাধাৰাই আমাৰ গৌৰৱ আৰু মুমতাজ বেগমৰ স্মৃতিত নিৰ্মিত সম্পদ তাজমহলৰ বিৰুদ্ধে কিছুমান বিশেষ মন্তব্য আগবঢ়াইছে। কিছুমান লোকে তাজমহলৰ সৌন্দৰ্য আৰু গৰিমা  বিৰোধী, আনহাতে আন কিছুমানে আকৌ কীৰ্তিচিহ্নটোৰ সৈতে জড়িত মুছলমান শাসক পৰা ইয়াক বিচ্ছিন্ন কৰাৰ বাবে ইয়াৰ নাম সলনি কৰিব বিচাৰিছে।"