ডুবাই
ডুবাইত থকা ভাৰতীয় কনছুলেট জেনেৰেলে ডুবাই আৰু উত্তৰ আমিৰশ্বাহীত বসবাস কৰা ভাৰতীয় প্ৰবাসীসকলক ভিছা ক্ষমা কাৰ্যসূচীৰ সুবিধা লাভ কৰাত সহায় কৰাৰ বাবে কেইবাটাও ব্যৱস্থা ঘোষণা কৰিছে।
১ ছেপ্টেম্বৰ দেওবাৰৰ পৰা ২০২৪ চনৰ ৩০ অক্টোবৰলৈকে আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচীত ইউ এ ইত অবৈধভাৱে বাস কৰাসকলে নিজৰ বাসস্থানৰ স্থিতি নিয়মীয়া কৰিব পাৰিব বা জৰিমনাৰ সন্মুখীন নোহোৱাকৈ যাত্ৰা কৰিব পাৰিব।
যিসকলে দেশ এৰি যাবলৈ সিদ্ধান্ত লয়, তেওঁলোকে প্ৰৱেশ নিষেধাজ্ঞাৰ সন্মুখীন নহ’ব আৰু উপযুক্ত ভিছা লৈ উভতি আহিব পাৰিব। এই পদক্ষেপে পৰ্যটক আৰু ম্যাদ উকলি যোৱা, নথি-পত্ৰ অবিহনে জন্মগ্ৰহণ কৰা, পৃষ্ঠপোষকৰ পৰা পলায়ন কৰা লোককে ধৰি সকলো ধৰণৰ ভিছাৰ ক্ষমা প্ৰদান কৰে। অবৈধভাৱে দেশত প্ৰৱেশ কৰা ব্যক্তিসকলে ক্ষমাৰ বাবে আবেদন কৰাৰ যোগ্য নহয়।
৩১ আগষ্ট শনিবাৰে এক্সত প্ৰকাশ কৰা এক বিবৃতিত কনছুলেটে ভাৰতলৈ উভতি যাব বিচৰা অভাৰষ্টেয়াৰসকল (overstayers)ৰ বাবে ব্যৱস্থা আৰু হেল্পলাইন নম্বৰ প্ৰকাশ কৰে।
ভাৰতীয় প্ৰবাসীসকলৰ বাবে ইউ এ ই ভিছা ক্ষমা কাৰ্যসূচীৰ বাবে আবেদন কৰাৰ ব্যৱস্থাসমূহঃ
আবেদনকাৰীয়ে জৰুৰীকালীন প্ৰমাণপত্ৰ (ইচি)ৰ বাবে বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ডুবাইৰ ভাৰতীয় কনছুলেট জেনেৰেল আৰু আৱিৰ ইমিগ্ৰেচন চেণ্টাৰ দুয়োটাতে সুবিধা কাউণ্টাৰ স্থাপন কৰা হৈছে। ২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা ইউ এ ইৰ সময় অনুসৰি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কাউণ্টাৰসমূহ কাৰ্যক্ষম হ’ব।
আবেদনকাৰীয়ে আবেদন দাখিল কৰাৰ পিছত পিছদিনা ইউ এ ইৰ সময় অনুসৰি বিয়লি ২ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত কনছুলেটৰ পৰা ইচি সংগ্ৰহ কৰিব পাৰিব।
আবেদনকাৰীয়ে ডুবাই আৰু উত্তৰ আমিৰশ্বাহীৰ যিকোনো বিএলএছ কেন্দ্ৰত ৱাক-ইন হিচাপে যোগাযোগ কৰি শ্বৰ্ট ভেলিডিটি পাছপ’ৰ্টৰ বাবে আবেদন কৰিব পাৰে। কোনো পূৰ্বৰ নিযুক্তিৰ প্ৰয়োজন নাই।
ক্ষমাৰ সময়ছোৱাত (amnesty period) বিএলএছ কেন্দ্ৰসমূহ ইউএইৰ সময় অনুসৰি পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈকে সকলো দেওবাৰে কাৰ্যক্ষম হৈ থাকিব যাতে এম্নেষ্টী কাৰ্যসূচীৰ সুবিধা লাভ কৰিব বিচৰা আবেদনকাৰীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা যায়।
কনছুলেটে ইউ এ ইৰ সময় অনুসৰি পুৱা ৮ বজাৰ পৰা বিয়লি ৬ বজালৈ চলি থকা এটা নিৰ্দিষ্ট হেল্পলাইন— ০৫০-৯৪৩৩১১১, আৰু অধিক সোধা-পোছাৰ বাবে ২৪/৭ পিবিএছকে হেল্পলাইন— ৮০০-৪৬৩৪২ আগবঢ়াইছে।